ফটাঢোল

চাৰো তৰফ গোপিয়া বীচ মেঁ কানহাইয়া-পংকজ কুমাৰ নেওগ

আমি মাস্কাট, ওমানলৈ অহা প্ৰায় ২০ বছৰেই হ’ব এতিয়া। বৰ্তমান আমি থকা ঘৰটোৰ মালিক এজন ওমানী ভদ্ৰলোক; অৱসৰৰ আগেয়ে তেখেতে ওমান ৰিফাইনেৰীত কাম কৰিছিল। চৌহদ বুলিবলৈ বিশেষ নাই যদিও ঘৰটো দুমহলীয়া আৰু কোঠাবোৰ বেছ আহল-বহল; আজি ৯ বছৰে এইটো ঘৰতে আছোঁ। ইয়াৰ আগৰ ঘৰটোত আছিলোঁ চাৰি বছৰ। কোনো এজন লোকৰ ব্যক্তিগত ঘৰ ভাড়া ল’লে এটাই সমস্যা; সৰু-সুৰা বা ডাঙৰ যিকোনো কামৰ বাবে ঘৰৰ মালিকক মাতি আনি মেৰামতি  কৰিবলগীয়া কামখিনি দেখুৱাব আৰু বুজাব লাগে আৰু সেইমতে তেওঁ পানী কলৰ মিস্ত্ৰী, বাঢ়ৈ বা বিদ্যুৎ কাৰিকৰ ইত্যাদিসকলক মাতি পঠিয়ায়। ‘ৰিয়েল এষ্টেট’ প্ৰতিষ্ঠানৰ পৰা ঘৰ ভাড়ালৈ ল’লে চিন্তা কৰিবলগীয়া একো নাই; তেওঁলোকৰ অফিচলৈ ফোন কৰি সমস্যাটো বুজাই দিলেই লগে লগে নিজ কোম্পানীৰ মিস্ত্ৰী বা কাৰিকৰ পঠিয়াই দিয়ে। কিছুমান নামজ্বলা আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানে তেওঁলোকৰ ভাড়াঘৰবোৰত ২৪ ঘণ্টাই সেৱা আগবঢ়ায়। ঘৰ বিচৰাৰ সময়ত মালিকৰ বৰ এটা বিচাৰ-খোচাৰ নকৰি ঘৰটো পছন্দ হোৱাত আমি লগে লগে ভাড়ালৈ ল’লোঁ। যোৱা ন বছৰৰ ভিতৰত চাৰি-পাঁচটামানৰ বাহিৰে তেনে কোনো ডাঙৰ মেৰামতিৰ কাম ওলোৱা নাই। সৰু সুৰা কম খৰচী মেৰামতিৰ আৱশ্যক হ’লে নিজৰ পইচাৰে কেতিয়াবা কৰাই লওঁ; কেতিয়াবা কামটো নিজে কৰাই উঠি মেকানিকে দি যোৱা বিলৰ পৰিমাণটো মালিকক জনালে সেইখিনি পইচা ঘৰভাড়াৰ পৰা অব্যাহতি দিয়ে। ডাঙৰ কিবা মেৰামতি কৰাবলগীয়া হ’লে কিন্তু ঘৰৰ মালিকক অৱধাৰিতভাৱে ফোন কৰি মাতি পঠিয়াওঁ।

এনে এটা কাৰণত ঘৰৰ মালিক চাইফ লাৱাতিক মাতি পঠিয়াইছিলোঁ। ওপৰ মহলাৰ আমাৰ শোৱনি কোঠাৰ সংলগ্ন টয়লেটটোৰ ‘ফ্লাছ’ বেয়া হৈছিল, এবাৰ ফ্লাছ কৰিলে পানী হুৰহুৰাই গৈয়েই থাকে। মাস্কাট পৌৰনিগমে নলেৰে পঠিওৱা পানী ‘ৱাটাৰ-মিটাৰ’ৰ যোগে ঘৰে ঘৰে প্ৰৱেশ কৰে আৰু খৰচ হোৱা পানীৰ পৰিমাণ মাহৰ শেষত হিচাব হৈ পৌৰনিগমৰ অফিচ পায়গৈ। সেয়েহে প্ৰতি টোপাল পানীৰ অপচয় মানে পইচাৰ ডাঙৰ অপচয়। ‘ফ্লাছ’টোৰ ভিতৰৰ সলনি কৰিবলগীয়া কিবা এটা বস্তুৰ মাপ ভালকৈ নোপোৱাত পানী কলৰ মিস্ত্ৰীজনৰ সৈতে চাইফ দুবাৰমান দোকানলৈ দৌৰাদৌৰি কৰিব লগা হ’ল যদিও অৱশেষত সমস্যাটোৰ সমাধান হ’ল। মন কৰিছিলোঁ প্ৰত্যেকবাৰ তেওঁ ‘বাথৰুম’ৰ পৰা ওলাই শোৱনি কোঠাটোৰ মাজেদি পাৰ হৈ যাওঁতে বেৰত ওলমাই থোৱা ডাঙৰ কেলেণ্ডাৰখনলৈ লক্ষ্য কৰি যায়। কেলেণ্ডাৰখনত আছে শিশু কৃষ্ণৰ এখন ছবি; মাটিৰ চৰু এটাৰ পৰা নৱনীত চুৰ কৰি আৰু গালে-মুখে সানি গো-গ্ৰাসে ভক্ষণ কৰি আছে। কেইবা বছৰৰ আগেয়ে তিনিচুকীয়ালৈ যাওঁতে কোনোবা ট্ৰেভেল এজেন্সী এটাই দিছিল। কেলেণ্ডাৰখন কিবা মৰম লগাত পেলাই নিদি শোৱনি কোঠাৰ বেৰতে ওলমাই থৈছিলোঁ। কাম-বন শেষ হৈ যোৱাৰ পিছত চাইফে মোক সুধিলে – “পংকজ, বেৰত ওলমাই থোৱা কেলেণ্ডাৰখনত যে শিশু এজনৰ ফটো দেখিছোঁ সেইখন কাৰ ফটো আৰু শিশুজনেনো কি কৰি আছে?” উত্তৰ দিলোঁ – “সেইজনা আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ শৈশৱৰ ফটো আৰু তেখেতে চৰুৰ দৈ আৰু মাখন চুৰ কৰি খাইছে!” চাইফে আচৰিত হৈ মোক সুধিলে – “কি? যদিহে তেখেত ভগৱান, চুৰ কৰি কিয় খাব লগা হ’ল?” 

মই কথাটো অলপ বুজাই ক’লোঁ – “চাওক, ভাৰতবৰ্ষত আমি শুনি অহা পুৰণি আখ্যানবোৰৰ মতে শ্ৰীকৃষ্ণ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ। তেখেতে সেইটো অৱতাৰত মনুষ্য ৰূপে জন্ম লভি গোপ-গোপীসকলৰ মাজত ডাঙৰ-দীঘল হৈছিল। শৈশৱৰে পৰা অলৌকিক শক্তি দেখুৱালেও শিশু হিচাবে তেওঁ মহা উৎপতীয়া আছিল। আখ্যানবোৰত পোৱা মতে শ্ৰীকৃষ্ণই নিজৰ ঘৰত মাকে তৈয়াৰ কৰা দৈ-মাখন ইত্যাদি খাই তহিলং কৰাৰ উপৰি ওচৰৰ বাকীবোৰ ঘৰৰ পৰাও দৈ-মাখন চুৰ কৰি খাইছিল আৰু লগৰীয়াবোৰকো বিলাইছিল। শ্ৰীকৃষ্ণৰ উৎপাতত অতীষ্ঠ হৈ মাকে তেওঁক এদিন উৰাল এটাত ৰচীৰে বান্ধি থ’লে; তৎসত্বেও উৰালটো চোঁচৰাই চোঁচৰাই তেওঁ গছ এজোপাৰ ফেৰেঙণিৰ মাজেৰে পাৰ হৈ গ’ল আৰু উৰালটো ফেৰেঙণিত লাগি ধৰাত এটা জোকাৰণিতে প্ৰকাণ্ড গছজোপা ভাঙি পেলালে। শ্ৰীকৃষ্ণৰ শৈশৱৰ এনে ধৰণৰ অনেক কীৰ্তি-কাহিনী আছে।”

মোৰ কথাবোৰ চাইফে মন দি শুনি আছিল কিন্তু তেওঁৰ মুখৰ আৱ-ভাৱবোৰ দেখি কথাবোৰ বিশ্বাস কৰিলে নে নাই, ভাল পালে নে বেয়া একো ধৰিব নোৱাৰিলোঁ। কিছুপৰ টলকা মাৰি থকাৰ পিছত অলপ অবিশ্বাসত মূৰটো লৰাই তেখেত যাবলৈ ওলাল। যোৱাৰ আগেয়ে ‘ফ্লাছ’টো সাৱধানে ব্যৱহাৰ কৰিবলৈ আৰু কিবা সমস্যা হ’লে লগে লগে তেওঁক ফোন কৰি জনাবলৈ সোঁৱৰাই দিলে। চাইফ ওলাই যোৱাৰ পাছত তেওঁক শুনোৱা শ্ৰীকৃষ্ণৰ শিশুলীলাৰ কথাখিনিকে পাগুলিয়াবলৈ ধৰিলোঁ। মানুহজনে আমাৰ ভগৱন্তৰ শিশুলীলাৰ কাহিনী শুনি মুঠেই আনন্দিত বা অভিভূত নহ’ল যেন লাগিল। হাজাৰ হওক, ভগৱানৰ কথা! শ্ৰীকৃষ্ণৰ কথা-কাণ্ডবোৰ তেনেই তৰাং যেন পালে নেকি তেখেতে? শিশু হ’ল বুলিয়েই ভগৱানে ইমান পিলিঙামি কৰিব লাগে নে? লগে লগে মোৰ মনত আৰু এটা কথা বিদ্যুৎ বেগেৰে খেলি গ’ল! শিশুলীলা শুনি যদি চাইফে সঁচাকৈয়ে ভাল নাপালে, তেখেতক শিশুলীলাৰ সৈতে শ্ৰীকৃষ্ণৰ যৌৱনলীলাও যদি শুনালোহেঁতেন তেনেহলে তেওঁৰ মানসিক অৱস্থা কি হ’লহেঁতেন? মই যদি ভগৱান শ্ৰীকৃষ্ণই পুষ্কৰিণীত স্নানৰতা গোপিনীসকলৰ বস্ত্ৰহৰণৰ কথা, আঠ গৰাকী প্ৰধান পত্নীৰ উপৰিও ষোল্লহাজাৰ উপ-পত্নী ৰখা আৰু পূৰ্ণিমা নিশাৰ মন-প্ৰাণ হৰি নিয়া ব্যাকুল পৰিবেশত সহস্ৰ গোপিনীৰ সৈতে কেলিত মগ্ন হৈ পৰা কাহিনীবোৰ কৈ শুনালোঁহেঁতেন, চাইফে বাৰু কি ভাবিলেহেঁতেন? মোৰ দৃঢ় বিশ্বাস, চাইফ ডাঙৰীয়া আমাৰ ঘৰতে মূৰ আচন্দ্ৰাই কৰি পৰিলেহেঁতেন আৰু আমি তেখেতক তেল-টেঙা আৰু বিছনিৰ বা দি হুঁচলৈ আনিব লগা হ’লহেঁতেন !

এইবোৰ কথাকে ভাবি-চিন্তি চ’ৰা ঘৰৰ দীঘল চ’ফাখনত পৰি ভাৱ সাগৰত বুৰ যাওঁতে চিলমিলকৈ টোপনি আহিল। সমাজিকতে দেখিলোঁ এটা অপূৰ্ব দৃশ্য – ফৰিংফুটা জোনাকত সমস্ত ধৰিত্ৰীয়ে শুভ্ৰতাৰে অৱগাহন কৰিছে; ৰিৱ ৰিৱ মলয়া বতাহত দূৰৈৰ পৰা অহা কোনোবা অজান পুষ্পৰ সদ্য প্ৰস্ফুটিত এটা স্নিগ্ধ গোন্ধৰে ধৰণী আপ্লুতা। পটভূমিত সু-সজ্জিতা বহুগৰাকী নৃত্যৰতা সুন্দৰী ললনা আৰু তেওঁলোক গভীৰ আগ্ৰহেৰে কোনোবা প্ৰিয়তমৰ বাবে যেন অপেক্ষাৰতা। এনেতে পটভূমিত বহু অপেক্ষাৰত সেই সুন্দৰ পুৰুষৰ আবিৰ্ভাৱ; তেখেতৰ শিৰত কিৰিটি আৰু হাতত বাঁহী। সুন্দৰ পুৰুষে বাঁহীত ফুঁ দিয়াৰ লগে লগে প্ৰকৃতি যেন অধিক মায়াময় বাঙ্ময় হৈ পৰিল, চন্দ্ৰমাৰ স্নিগ্ধালোক আৰু ৰহস্যঘন হৈ আহিবলৈ ধৰিলে। নৃত্যৰতা ললনাবৃন্দৰ নৃত্যৰ লহৰ আৰু মধুৰ হৈ আহিল; তেওঁলোকে সুন্দৰ পুৰুষক চক্ৰাকাৰে ঘেৰি স্বৰ্গীয় বাঁহীৰ সুৰত মোহাবিষ্টা হৈ নৃত্যৰতা হৈ ৰ’ল! মই কিছু আচৰিত হৈ এই সুন্দৰ পুৰুষলৈ ৰ লাগি চালোঁ – ক’ৰবাত যেন তেখেতক দেখিছোঁ, ক’ৰবাত যেন লগ পাইছোঁ! হঠাতে সেই সুন্দৰ পুৰুষজনাৰ পৰিচয় মোৰ সন্মুখত ফটফটীয়াকৈ উন্মোচিত হৈ পৰিল। উৱা, এখেত দেখোন আমি থকা ভাড়াঘৰটোৰ মালিকজন ! চাইফ লাৱাতিৰ শৰীৰ উজ্জ্বল গৌৰবৰ্ণৰ – কেতিয়াৰ পৰা তেওঁ বংশীধাৰী শ্যামকানু হ’ল? মুখমণ্ডল আৰু সমস্ত শৰীৰৰে পৰিৱৰ্তন ঘটি গোটেই মানুহজন চফল ডেকা হৈ পৰিছে। শিৰত উজ্জ্বল কিৰিটিৰে চাইফক চিনি পোৱাই টান হৈ পৰিছিল। এই সকলোবোৰ দৰ্শনৰ পশ্চাৎ নিজৰে মূৰ আচন্দ্ৰাই কৰিবলৈ ধৰিলে; মোকহে তেল-টেঙ্গা দি বিচনীৰ বা দিব লগীয়া হ’ল। বিৰবিৰাই প্ৰভু ঈশ্বৰক মাথোঁ প্ৰাৰ্থনা কৰিবলৈ ধৰিলোঁ – “হে প্ৰভু ! এইবোৰ কি মায়া ৰচিছা!” 

শ্ৰীকৃষ্ণলীলাৰ কৃষ্ণৰ বংশীবাদন আৰু নৃত্যৰতা গোপিনীসৱৰ নূপুৰৰ মধুৰ ধ্বনিয়ে হয়তো বহু নিশালৈ বিমল স্বৰ্গীয় আনন্দ নমাইছিল, কিন্তু মোৰ বাবে সেই মধুৰ ধ্বনি লাহে লাগে তাহানিতে শুনা হিন্দী চিনেমাৰ গানৰ কলি এফাঁকিলৈকে পৰিৱৰ্তিত হৈ বাৰে বাৰে কৰ্ণকুহৰত আঘাত কৰিবলৈ ধৰিলে – “বংশী বজাইয়ো বংশী বজাইয়া….. চাৰো তৰফ গোপিয়া বিচ মেঁ কানহাইয়া…

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *