ফটাঢোল

ফটা লিমাৰিক-ধনজিৎ বৰুৱা

১) 

একাল পঢ়িলোঁ একাল ভাবিলোঁ একাল বোলো কৰোঁ

কৰিবলৈ গৈ পালোঁ সেকাটো কোন ফালেনো ধৰোঁ 

লিখা পঢ়াবোৰ যথেষ্ট নহয়

সমস্যাবোৰো ভয়ানক হয় 

ভাৰসাম্য বজাই  কামবোৰৰ মাজত কোনটোনো এৰোঁ! 


২) 

বান্দৰ এটাই গছৰ ডালত আছিল দুপৰত পৰি

পঞ্চতন্ত্রৰ কিতাপখনৰ দুটামান কথা ধৰি 

পৃথিৱীৰ সকলো ভাল কথা 

জানিও নুবুজে বুজোৱা বৃথা 

পৰিৱেশ ভেদে জাঁপ সকলোৰে জ্ঞান বৃক্ষৰ জৰী। 


৩) 

মহামাৰীত বয় বস্তুৰ মূল্যবৃদ্ধি জনতা হৈছে কোঙা 

কৰ’ণাৰ পাছত আকৌ যুদ্ধ তেজৰ পাতে ডোঙা

জনা বুজাই পৃথিবী চলায় 

বৰ জনাই সকলো জনায়

স্বাৰ্থৰ মোনাত সকলোৱে তথাপি ৰাখে এক অস্ত্র জোঙা। 


☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *