ফটাঢোল

যুদ্ধৰ বাবে দায়ী ভাৰসাম্যহীন সম্পৰ্ক-বেবী সোনোৱাল হাজৰিকা 

সাম্প্ৰতিক সময়ৰ ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধই সমগ্ৰ বিশ্বৰ বাবেই অস্বস্তিকৰ পৰিবেশৰ সূচনা কৰিলে। যদিও মাজে-সময়ে ৰাছিয়াই যুদ্ধবিৰতি ঘোষণা কৰিছে আৰু দফাই দফাই আলোচনাও চলিছে তথাপি এই যুদ্ধ কেতিয়া অন্ত পৰিব তাৰ কোনো নিশ্চয়তা নাই। নতুবা প্ৰত্যক্ষ  যুদ্ধৰ অন্ত পৰিলেও ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ সম্পৰ্ক কি হ’ব সেই কথাত সকলো সন্দিহান। কিয়নো ৰাছিয়া, মাৰ্কিন যুক্তৰাষ্ট্ৰ তথা নাটোৰ সৈতে ইউক্ৰেইনৰ সম্পৰ্ক সম্পূৰ্ণ ভাৰসাম্যহীন। যাৰ বাবে আমাৰ ভাৰতবৰ্ষও এখন নিৰপেক্ষ দেশ হিচাবে অস্বস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে। কাৰণ মানবতাবাদী দেশ হৈও আজি ভাৰতে ইউক্ৰেইনক সমৰ্থন কৰিব পৰা নাই। আনহাতে ৰাছিয়াকো বন্ধু দেশ হিচাপে সমৰ্থন কৰিব পৰা নাই। আনহাতে আমেৰিকা আৰু নাটোৰ আহ্বানো স্বীকাৰ কৰিব পৰা নাই। এনে অৱস্থাত মোদী চৰকাৰ যেন ত্ৰিশঙ্কু অৱস্থাত পৰাৰ উপক্ৰম হৈছে। ভাৰতে সেয়ে কূটনৈতিকভাৱে সমস্যা সমাধান কৰি শান্তিৰ বাৰ্ত্তাত জোৰ দি আহিছে।

ৰাছিয়া আৰু আমেৰিকা দুয়োখন দেশৰ লগতে ভাৰতৰ কৌশলী অংশীদাৰিত্ব আছে। দুয়োখন দেশৰ পৰাই ভাৰতে সমৰাষ্ট্ৰৰ লগতে অন্যান্য বহুতো পণ্য  আমদানি কৰে। ৰাছিয়াৰ লগত ভাৰতৰ বহুদিনীয়া সম্পৰ্ক, আনহাতে কিছু  বছৰৰ পৰা আমেৰিকাৰ লগতো ভাৰতৰ সম্পৰ্ক বাঢ়িছে। কিন্তু বাইডেন প্ৰশাসনৰ ভাৰতৰ প্ৰতি মনোযোগ বৰ বেছি চকুত পৰা বিধৰ নহয়। বিশেষকৈ কাশ্মীৰ সমস্যাৰ লগতে পাকিস্তান আৰু চীনৰ লগত ভাৰতৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আমেৰিকাৰ মনোভাৱ দায়সৰা ধৰণৰ। তথাপি ভাৰতৰ বাবে আমেৰিকাক উলাই কৰাতো সম্ভৱপৰ নহয়। আনহাতে পুৰণি  বন্ধু ৰাষ্ট্ৰ   ৰাছিয়াৰ লগত ভাৰতৰ অস্ত্ৰচুক্তিকে ধৰি গেছ, তেলৰ আমদানিৰ লগতে নিৰাপত্তা  আদিৰ কথা জড়িত হৈ আছে। ইফালে বন্ধু ৰাষ্ট্ৰ হিচাবে পাকিস্তানৰ লগত যুদ্ধৰ পৰা আদি কৰি ৰাষ্ট্ৰসংঘতো বিভিন্ন বিষয়ত ৰাছিয়াই ভাৰতৰ পক্ষত থিয় দিয়ে। আনহাতে ইউক্ৰেইনৰ লগত পাকিস্তানৰ বিশেষ বন্ধুত্বই ভাৰতৰ প্ৰতি প্ৰশ্নচিহ্ন আনি দিয়ে।কাশ্মীৰৰ লগতে পাৰমাণবিক ক্ষেত্ৰত ইউক্ৰেইনৰ ভূমিকা চিন্তনীয়।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে বহুতেই আমেৰিকা তথা নাটোৰ প্ৰতি আঙুলি টোৱায়। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত গঠিত হোৱা  North Atlantic Treaty Organisation(NATO)ৰ উদ্দেশ্য  আমেৰিকা আৰু মিত্ৰ দেশসমূহৰ মাজত সামৰিক সাহাৰ্যৰ লগতে ৰাজনৈতিকভাৱে  সমৰ্থন কৰা। লগতে নাটোই এয়াও কয় যে,অহেতুক ৰক্তক্ষয় বা যুদ্ধ বন্ধ কৰাও ইয়াৰ লক্ষ্য। কিন্তু বাস্তৱত নাটো জোটৰ দ্বাৰা আমেৰিকাই সকলোতে নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিব খোজে। আমেৰিকা আৰু ৰাছিয়াৰ দ্বন্দ্বতো নাটোই অৰিহণা যোগাই আহিছে।আমেৰিকাই মিত্ৰ দেশসমূহৰ সহযোগত ৰাছিয়াৰ প্ৰতিবেশী দেশবিলাকক সদস্যপদ দি নাটোৰ আধিপত্য বিস্তাৰ কৰি আহিছে। যিটো কথাৰ ৰাছিয়াই সদায় বিৰোধিতা কৰি আহিছে যদিও নাটোৰ সংবিধানত এনে কথা নাই বুলি ৰাছিয়াক বুজনি দিবলৈ আমেৰিকাই চেষ্টা কৰি আহিছে। এসময়ৰ চোভিয়েট ৰাছিয়াৰে অংশ ইউক্ৰেইন যেতিয়া নাটোৰ মোহত পৰিল আৰু আমেৰিকাৰ সহযোগত পাৰমাণবিক পৰীক্ষা, আৰু অন্যান্য কাম-কাজ কৰিবলৈ ল’লে তেতিয়া ৰাছিয়াই নিজৰ নিৰাপত্তাৰ কথাত চিন্তিত হৈ পৰিল। ফলশ্ৰুতিত আজিৰ যুদ্ধ বিশ্বই দেখিবলৈ পালে। বৰ্তমান ইউক্ৰেইনে আমেৰিকাৰ সহযোগত জৈবিক অস্ত্ৰও নিৰ্মাণ কৰিবলৈ ওলাইছে। গতিকে  যুদ্ধৰ বাবে বহুতেই আমেৰিকা আৰু নাটোৰ সমালোচনা কৰিছে। 

আজি কিছু দিনৰ পৰা আমেৰিকাৰ বহু ক্ষেত্ৰত ব্যৰ্থতা দেখা গৈছে। চীনে  কৰ’না মহামাৰি বিয়পোৱাৰ বহুতো প্ৰমাণ থকা সত্ত্বেও আমেৰিকাই চীনৰ বিপক্ষে স্পষ্টভাৱে এটা শব্দও প্ৰক্ষেপ কৰিব নোৱাৰিলে। ৰাছিয়াৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ আমেৰিকাই সৃষ্ট লাডেন বাহিনীয়ে এদিন আমেৰিকাৰ গৌৰৱ টুইন টাৱাৰ ধ্বংস কৰিছিল। যাৰবাবে লাডেনক হত্যা কৰি তালিবানক নিয়ন্ত্ৰণ কৰিবলৈ আহি শেষত আফ্গানিস্তানৰ জনতাৰ ভাগ্য তালিবানৰ হাতত গতাই আমেৰিকা আঁতৰি গ’ল। এতিয়া ইউক্ৰেইন প্ৰায় ধ্বংস হৈ যোৱাৰ সময়ত আমেৰিকাৰ আলাস্কা ৰাছিয়াৰ পৰা মাত্ৰ ৫৫ মাইল দূৰত থকা সত্ত্বেও ৰাছিয়াক যুদ্ধত বাধা দিবলৈ আগবাঢ়ি নাহিল। ইউক্ৰেইনে চিঞৰি থকা “ন’ফ্লাই জ’ন” তো নাটোই সঁ‌হাৰি নিদিলে। মাত্ৰ  “তীব্ৰ নিন্দা” কৰি “বৰ বেয়া পৰিস্থিতি হ’ব” বুলি কৈ ৰাছিয়াৰ ওপৰত বিভিন্ন নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে বিশ্বক ৰাছিয়াৰ পৰা তেল আৰু গেছ নিকিনিবলৈ আহ্বান জনাইছে। লগতে আমেৰিকাত থকা ৰাছিয়াৰ সম্পত্তি অধিগ্ৰহণ কৰিছে। আচলতে এনেদৰে আমেৰিকাই ৰাছিয়াৰ অৰ্থনীতিক দুৰ্বল কৰাৰ লক্ষ্যত অগ্ৰসৰ হৈছে। আনহাতে ৰাছিয়াই আমেৰিকা আৰু ইউৰোপৰ বিভিন্ন নিষেধাজ্ঞা আৰু ভাবুকিক উলাই কৰি কৈছে যে বিশ্ব মানে কেৱল আমেৰিকা আৰু ইউৰোপ নহয়। এনেদৰে কথাবোৰ ক্ৰমাৎ জটিল হৈ পৰিছে। ফলত যুদ্ধৰ প্ৰভাৱে বিশ্ব অৰ্থনীতিৰ ক্ষতি কৰাতো নিশ্চিত। 

এইক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হৈছে, তেল ভাণ্ডাৰত তৃতীয় হৈও ৰাছিয়াই ইউৰোপৰ লগতে অন্যান্য বহু দেশলৈ কম দামত তেল আৰু গেছ যোগান ধৰে, অথচ বৰ্ধিত উৎপাদন খৰচৰ বাবে আমেৰিকাই বজাৰখন দখল কৰিব পৰা নাই। গতিকে এক নম্বৰ স্থানত থকা আমেৰিকাই কথাটো মানি ল’ব পৰা নাই।আনহাতে পৃথিৱীৰ সৰ্বাধিক পৰমাণু অস্ত্ৰধাৰী দেশ ৰাছিয়াৰ লগত প্ৰত্যক্ষভাৱে শত্ৰুতা কৰি আমেৰিকাই নিজৰ বিপদ মাতিবলৈও সাহস কৰিব নোৱাৰে। গতিকে ৰাজনীতিত অনভিজ্ঞ এসময়ৰ কমেডিয়ান জেলেনস্কিক নাটোৰ টোপেৰে ৰাছিয়া বিৰোধী কৰি নিজৰ ব্যৱসায়িক স্বাৰ্থ পূৰণ কৰাৰ সুযোগ ল’লে। এইক্ষেত্ৰত পুতিনেও এজন অভিজ্ঞ ৰাজনীতিবিদ হিচাবে সকলো জানিও যুদ্ধত লিপ্ত হৈ আমেৰিকাৰ ফান্দত একপ্ৰকাৰ ভৰি দিয়াৰ দৰে হ’ল। ফলত এতিয়া ৰাছিয়াৰ ওপৰত বিভিন্ন দেশৰ নিষেধাজ্ঞা আৰোপিত হ’ল। অৱশ্যে কিছু দেশ ৰাছিয়াৰ লগত আছে। ভাৰতৰ লগতে চীন, চৌদি আৰব, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা আদিয়েও নিৰপেক্ষ ভূমিকা পালন কৰিছে।

পুতিনে বেছি আগ্ৰাসী হৈ আন্তৰ্জাতিক প্ৰত্যাহ্বানক উলাই কৰি ইউক্ৰেইনৰ দৰে এখন  সাৰ্বভৌম দেশক দখল কৰিবলৈ যোৱাতো উচিত নহ’ল। ৰাছিয়াৰ এই কাৰ্যই চীনৰ শ্বি জিনপিং আৰু উত্তৰ কোৰিয়াৰ কিম জং উনৰ দৰে স্বৈৰাচাৰী শাসকসকলক তেনে পথ ল’বলৈ উৎসাহিত কৰাৰ সম্ভাৱনা বঢ়াই তুলিব পাৰে। এনেদৰে ভাৰতৰ ওপৰত চীনৰ আগ্ৰাসন বাঢ়ি যোৱাৰ আশংকাও অমূলক নহয়। ঠিক সেইদৰে তিব্বতৰ নিচিনাকৈ তাইৱানকো চীনৰ অন্তৰ্ভুক্ত কৰাৰ বাবে সম্ভাব্য আক্ৰমণো অনভিপ্ৰেত নহয়।

ভাৰতে নিৰপেক্ষতা অৱলম্বন কৰি ৰাছিয়া আৰু ইউক্ৰেইনক কূটনৈতিক পৰ্যায়ত আলোচনা কৰি সংকটৰ অৱসান ঘটোৱাৰ পোষকতা কৰিছে। যুদ্ধত ভাৰতে নিৰপেক্ষ থাকি বুদ্ধিমানৰ কাম কৰিছে। কিয়নো, প্ৰথম কথা, আমেৰিকা বা ৰাছিয়াৰ বিৰোধীতা কৰি সম্পৰ্ক নষ্ট কৰি ভাৰতে নিজৰ বিপদ চপাব নোৱাৰে।দ্বিতীয়তে, চীনেও যুদ্ধত নিৰপেক্ষ হৈ আছে। গতিকে ৰাছিয়া আৰু আমেৰিকাক জোকাই নলৈ চীনক চাপত ৰখাতো ভাৰতৰ বাবে অতি দৰকাৰী। সেয়ে  মানবতাবাদী দেশ হৈও ভাৰতে ৰাছিয়াৰ বিৰুদ্ধাচৰণ কৰিব নোৱাৰে। আনহাতে যুদ্ধত ভাৰতৰ কোনো হাত নাছিল। ইউক্ৰেইনেও যুদ্ধ বন্ধৰ বাবে ৰাছিয়াক সৈমান কৰিবলৈ ভাৰতৰ সহায় বিচাৰিছে। পুতিনেও ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আহ্বানত সহাৰি জনাই যুদ্ধ বিৰত ৰখাৰ লগতে ১৩০ খন বাচৰ ব্যৱস্থা কৰি আবদ্ধ নাগৰিকক উদ্ধাৰ কাৰ্যত সহায় কৰিছে। এয়া একপ্ৰকাৰ ভাৰতৰ কূটনৈতিক সফলতা বুলিও ধৰিব পাৰি। ভাৰতে নিজৰ দেশৰ লগতে পাকিস্তান, বাংলাদেশ, নেপাল আদি দেশৰ নাগৰিকক উদ্ধাৰ কৰি মানবতাৰ বাণী বিলাইছে। এইদেশসমূহৰ লগতে নাইজেৰিয়া, তুৰ্কী আদিৰ লোকেও ভাৰতৰ জাতীয় পতাকাৰ তলত আশ্ৰয় গ্ৰহণ কৰি প্ৰাণৰক্ষা কৰিছে। ইয়াৰ দ্বাৰা ভাৰতৰ মহানতা বিয়পি পৰাই স্বাভাৱিক।

ইউক্ৰেইন প্ৰাকৃতিক সম্পদত অতি চহকী দেশ। দেশখন ইউৰেনিয়ামৰ ক্ষেত্ৰত ইউৰোপৰ ভিতৰত প্ৰথম, টাইটানিয়ামৰ মজুতৰ ক্ষেত্ৰত দ্বিতীয় তথা বিশ্বৰ দশম, গেছৰ ক্ষেত্ৰত বিশ্বৰ ১৩ তম, কয়লা মজুতৰ ক্ষেত্ৰত বিশ্বৰ অষ্টম। আনহাতে সূৰ্যমুখী ফুল আৰু তেল ৰপ্তানিৰ ক্ষেত্ৰত বিশ্বৰ প্ৰথম। ভাৰতৰ মুঠ চাহিদাৰ ৬০ শতাংশ সূৰ্যমুখী তেল আমদানি কৰিবলগীয়া হয়। ইয়াৰ ভিতৰত ৰাছিয়া আৰু ইউক্ৰেইনৰ পৰাই বেছিভাগ আমদানি কৰা হয়। এই দুখন দেশেই বিশ্বৰ ৮০ শতাংশ সূৰ্যমুখী তেল ৰপ্তানি কৰে। বৰ্তমান ভাৰতত খোৱাতেল যেন মহাৰ্ঘ, লগতে এইবাৰৰ বাজেট মতে দাম আৰু বাঢ়িব। ইফালে যুদ্ধৰ ফলত ভাৰতৰ বাবে নিৰ্ধাৰিত কৰা ৩.৫ লাখ টন খোৱাতেল ৰাছিয়া-ইউক্ৰেইনৰ বিভিন্ন বন্দৰত আবদ্ধ হৈ আছে।

আনহাতে ভাৰতৰ উত্তৰপ্ৰদেশ, পঞ্জাব, গোৱা, গুজৰাট আৰু মনিপুৰৰ বিধানসভা নিৰ্বাচন  আৰু বিভিন্ন পৌৰসভাৰ নিৰ্বাচনৰ পাছত ইন্ধন জাতীয় তেল যেনে পেট্ৰল, ডিজেল আৰু গেছৰ দাম বৃদ্ধিৰ আশংকা বাঢ়িছিল। এতিয়া যুদ্ধকালীন পৰিস্থিতিত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম প্ৰতি বেৰেলত ১৩৯.১৩ ডলাৰলৈ বৃদ্ধি পাইছে। গতিকে এতিয়া মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহৰ হাহাকাৰ বৃদ্ধি কৰিব। একেদৰে সোণৰ দাম বৃদ্ধি আৰু শ্বেয়াৰ মাৰ্কেটৰ পতনেও অৰ্থনীতিত ব্যাপক প্ৰভাব পেলাব। বিভিন্ন দেশৰ আৰ্থিক নিষেধাজ্ঞাৰ ফলত যে কেৱল ৰাছিয়াহে ক্ষতিগ্ৰস্ত হ’ব এনে নহয়, আমেৰিকাকে ধৰি বিশ্বৰ প্ৰতিখন দেশেই ক্ষতিগ্ৰস্ত হ’ব।ইতিমধ্যেই আন্তৰ্জাতিক মুদ্ৰানিধিয়ে (আই. এম.এফ) এই যুদ্ধই বিশ্ব অৰ্থনীতিত গুৰুতৰ প্ৰভাৱ পেলাব বুলি সতৰ্ক কৰি দিছে। গতিকে অনতিপলমে  যুদ্ধৰ অৱসান ঘটাই পৰিস্থিতি স্বাভাৱিক কৰি তোলা প্ৰয়োজন।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *