ফটাঢোল

সেই সময় -অসীমা দত্ত শইকীয়া

কলেজৰ ফাংশ্যনত ঘৰৰ পৰা যাবলে নিদিয়ে কোনোদিন। ফেচাৰ্চৰ দিনা দিনত যাবলে পাওঁ। ৰাতি ঘৰত নিদিয়ে। এদিন কিবাকে অনুমতি পালোঁ, লগৰজনীৰ ঘৰত থাকি ফাংশ্যন চাম। মায়ে কৈছে ফেঁচা চাৱ, হুদু চাৱ সোনকালে ঘূৰিবি।

লগৰজনীৰ ঘৰ গৈ পাই, দেউতাকজনৰ মতি গতি দেখি মই মনতে সেপ ঢুকিছোঁ। এইৰ বাপেকচোন আমাৰ মাৰ মানুহজনে পঢ়া কলেজৰ  প্ৰিঞ্ছিপাল হেৰৌ। এটুপি দিয়েও এইজনে। এইৰ মাকে কোনজন অপদেৱতাক জপ কৰি পালে  এইভাগ। কলেজ সিহঁতৰ ঘৰৰ পৰা বৰ দূৰত নহয়। বাপেকে কৈছে তহঁতদুজনীয়ে ফাংশ্যনত ভাও লোৱা নাই নহয় ……

টেবুল এখন লৈ যা পকৰি দোকান দিবি। তাৰ পৰাই চাবও পাৰিবি।

 মই থতমত খাই ৰৈ আছোঁ, কোনটো ধৰ্মৰ ভগৱানক য়াদ কৰোঁ। আমাৰজন এইটো পৰ্য্যায়লৈ নেযায়গৈ যদিও চিকটা। 

তাইৰ দেউতাকে ষ্ট’ভ এটা ৰেদি কৰিছে, মোক সুধিছে, বনাব জাননে নাই ঐ তই।

 মই নেজানো বুলি ক’লত কৈছে, হ’ব, ময়ে বনাম। তহঁত দুজনীয়ে বেচিবি। 

মই কাপোৰৰ বেগটো লৈ, মানুহজনক সুধিলোঁ, আপোনাৰ চাইকেলখনৰ চকা ঘূৰেনে। কাইলৈ দেতাৰ হাতত দি পঠাম, ঘৰলৈ যাওঁগে, মতা চাইকেল যদিও চলাব পাৰিম।

লগৰজনীয়ে দেউতাকক বকি জকি ষ্টভটো ভৰাই থ’লেগৈ। আমি সময়ত ওলালোঁ, মানুহজনে কৈছে, আঠটাত গৈছ, দহটাত ঘৰ পাবিহি। মাৰ নাই, মোমায়েৰৰ ঘৰত। মই দহটালৈ নেপালে দুইজনীকে চাবি।

লগৰজনীয়ে ক’লে,

: ফাংশ্যন আৰম্ভ ন টাত হ’বহে। এঘণ্টাত কি দেখিম।

বাপেকে কৈছে, 

: আঠটাত কি কৰিবলে যাৱ, পূৰ্ণানন্দৰ পুতেকৰ লগত লাইন মাৰিবলে যাৱ।

 মোক সুধিছে,

: তই কাৰ পুতেকক ভাল পাৱ।

এনেই ক’লোঁ,

: নিত্যানন্দৰ পুতেকক।

লগৰজনীয়ে মোক টানি আজুৰি লৈ গ’ল। দন হ’ব বুলি বাপেকৰ লগত।

বহি আছোঁ, ফাংশ্যন আৰম্ভ। চাৰে ন বজাত দেখোঁ, বহি থকা লাইনৰ মূৰলৈ হাত বাউল দি লগৰজনীৰ বাপেকটো। মই নেদেখাৰ ভাও ধৰিলোঁ। তেনেতে ওচৰলে আহিল, তাত ৰৈ থকা চিনিয়ৰ দাদা এজন। ভণ্টী তোমালোকক দেউতাই মাতিছে। মই ক’লোঁ, চিনি নেপাওঁ কোন। এনেই কৈছে। 

দাদাজন গ’লগৈ। অলপ পিছত অন্য এটা আহিছে, তোমালোকক মাতিছে। লগৰজনী সিফালে বহিছে,গম নেপাই একো, মাজত অন্য এজনী লগৰ বহিছে। মই মুখতে।সেইকোবত ক’লোঁ, তেখেতে ছোৱালী দেখিলে জীয়েক বুলি কয়। মাতি ফুৰে। আমাৰ ঘৰৰ ওচৰৰে। আই ওলাইছিল,ঘাটি লাগিল।

ল’ৰাজনে, অহ বেয়া লাগে  বুলি গুচি গ’ল। 

সি গৈ কি ক’লে নেজানো। অলপ পিছত তাক মাৰিবলে খেদি ফুৰিছে দৰ্শকৰ মাজে মাজে। পিন্ধনত ফটা লুঙী তেখেতৰ। তেনেতে জীয়েকক চকুত পৰিল। তেওঁ চোঁচা মাৰি আহিল,

: দহটাতে ঘৰলে যাবলে ক’লোঁ, বহি আছ লাইন মাৰি। এইটো কাৰ পুতেক, (অশ্লীল)। মই বোলে ছোৱালী দেখিলে হাত বাউল দিওঁ……মোৰ আইৰ ঘাটি লাগিল। ফাংশ্যনত দিগদাৰ দিবলে মানা কৰি ঘৰলে যাবলে কৈছে।

 মঞ্চত  চলি আছিল চল গৌৰি লে যাবু তকে মোৰ গাঁও……।।

সৱেই আমাৰ ফালে ঘূৰি ঘূৰি চাবলে লাগিল, যিমানক ঢুকি পাওঁ মূৰটো হাওলাই জনালোঁ, মোৰ বাপেক নহয় এইৰহে।   

লগৰজনীয়ে দেউতাকক ক’লে, 

: কি পিন্ধি আহিছে এইখন। ভালকে আহিব নোৱাৰিলে।

বাপেকে কৈছে,

: ওচৰতে ঘৰ, মখমলৰ পিন্ধি আহিম। ঘৰলে ব’ল বেগেতে।

মই যে সিহঁতৰ ঘৰত থাকিবগে পাৰিম জাতেকে আশা নেদেখি, ইটোক সুধো ফাংশ্যন পুৱালেকে হ’বনে,  সিটোক সুধো পুৱালেকে হ’বনে। যাতে ৰাতিপুৱালেই ঘৰলে যাবগে পাৰোঁ ফিল্ডৰ পৰাই।

তেনেতে দেউতাকে কৈছে,

: গেটৰ মুখতে টেবুলখন পাতি থৈ আহিছোঁ। লাগি মেলি, পকৰি বেচিম। বনাম ময়ে,তহঁত দুজনীয়ে লাগি দিবি।

 চেচ… চিকটা হ’লেও আমাৰজন এইটো আল্টিমেট লেভেলত নগৈছিল। এইৰ দেউতাকচোন কলেজীয়া আমাৰ মান ইজ্জ্বতৰ ওঁম শ্বাহা কৰিছে। পকৰী দোকান দিবলৈ মতা কথাটোত ওচৰৰবোৰে হাঁহিলেও কৰি খোৱাত কিহৰ লাজ বুলি গ’লোঁ। মোতকৈ আগত ষ্ট’ভটো মূৰত লৈ লগৰজনী ঘৰলে পোনাইছে পিছে পিছে দেউতাক। মই টেবুলখনৰ ওচৰতে ৰৈ আছোঁ। তেনেতে মামাই পাই লৈ গ’ল, মামাৰ ঘৰো ওচৰতে। মোক ক’লী বুলি মাতে বাবে সঁচ দেখিব নোৱাৰোঁ যদিও সেইদিনা ভগৱান যেন লাগিল।

☆ ★ ☆ ★ ☆

4 Comments

  • কমলা দাস

    মজা লাগিল পঢ়ি

    Reply
  • বন্দিতা জৈন

    বঢ়িয়া😂

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    হাঃ হাঃ

    Reply
  • দেৱীভক্ত উপাধ্যায়।

    খুহুতীয়া ৰচনাটিয়ে মনটো ভাল লগালে দেখুন। বঢ়িয়া হৈছে।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *