ফটাঢোল

ফটাপ্ৰশ্ন

১) জয়ন্ত কুমাৰ ডেকা:


মহাকাব্য বা আখ্যানসমূহৰ দুষ্ট চৰিত্ৰৰ নাৰীক চাইদ পাৰ্ট ভিলেইন বুলিহে কিয় স্থান দিয়া হ’ল? মানে মূল ভিলেইন বুলি সমাজে কিয় নাভাবিলে? নে নাৰী শাৰীৰিক যুদ্ধত অৱতীৰ্ণ নোহোৱাৰ বাবেই সমাজৰ চকুৰ পৰা বাচি গ’ল? 

উদাহৰণস্বৰূপে শূৰ্পনখা আৰু কৈকেয়ীৰ বাবেই গোটেই ৰামায়ণ হ’ল কিন্তু মেইন ভিলেইন বুলি বদনাম ৰাৱণৰে হ’ল। কৈকেয়ী আৰু শূৰ্পনখা শেষলৈ জীৱিত থাকিল।


উত্তৰ: তেওঁলোক সেইযুগৰে পৰাই ৰাজনীতিত ‘মাহিৰ’ আকৌ, মানে ধৰক আমাৰ নিৰ্দলীয় এম এল এ সকলে ৰুলিং পাৰ্টীক বাহিৰৰ পৰা চাপোৰ্ট দিয়ে কিন্তু বেয়া কামৰ বাবে বদনাম হয় ৰুলিং পাৰ্টী৷ 


২) ৰশ্মি ফুকন:

 “গছকত ভাঙি যাওঁ যঁতৰ”।

কেনেধৰণে গছকিলে যঁতৰ ভাঙে বাৰু? জনা সকলে জনাবচোন দেই।


উত্তৰ: আপোনাৰ ঘৰত যদি যঁতৰ আছে তেনেহ’লে বেলেগ বেলেগ এংগোলৰ পৰা গছকি চেষ্টা কৰিবচোন৷ ভাঙিবই৷ অৱশ্যে আগৰ মানুহৰ দৰে বল শকতি ক’ত থাকিব?


৩) কমলা দাস:

 

ক) আইৰ ঘৰলৈ যাম, হাঁহে মাহে খাম।

বিধাতাই বোলে ময়ো পাছে পাছে যাম। 

এই কথাষাৰ কোনে, কি প্ৰসঙ্গত কৈছিল?


উত্তৰ: ১১৩৭ চনত শিৱসাগৰ জিলাৰ বৰখলিহা গাঁৱৰ দৈৱকী বুলি মহিলা এগৰাকীয়ে কোৱা বুলি এইমাত্ৰ ফটহুৱানীয়ে কৈ গ’ল৷ পিচে আমাৰ এওঁ আকৌ বৰ মিছলীয়া বুলি সবে জানে৷ 


খ) গৰমকালি মহবোৰে জোতা চেণ্ডেলৰ ভিতৰত কিয় সোমাই থাকে বাৰু?


উত্তৰ: বজাৰৰ বস্তুৰ লিষ্ট লৈ আনিবলৈ পাহৰি পত্নীৰ পৰা গালি খোৱাৰ ভয়ত অকল পুৰুষ মহবোৰ লুকাই থাকে৷ 


৪)পঙ্কজ বৰুৱা:

কি বস্তু ফ্ৰিজত থ’লেও ঠাণ্ডা নহয় ?

উত্তৰ: অলপ ৰ’ব, মোৰ ডিমাগটো বৰ গৰম হৈছে, পানী এগিলাচ খাই আহোঁ৷ 


৫) নাৰায়ণী নাৰায়ণী:

অসমৰ কোনজন মানুহ জীৱনত কেতিয়াও বুঢ়া নহয়?


উত্তৰ: বেলেগৰ কথা নেজানো, কিন্তু মন্ত্ৰী এম এল এ আদি এবাৰ গাডীত বহি ল’লে বাৰে বাৰে টিকেট বিচাৰে৷ তেওঁলোকৰ অভাৰ কনফিডেন্স এটা আছে বুঢ়া নহয় বুলি৷ 


৬) বন্দিতা জৈন:

ৰামায়ণত বিভীষণে ভালৰ বাবেই ৰামৰ পক্ষ লৈ অসুৰক ধ্বংস কৰিছিল। কিন্তু তথাপিও আজিও বিভীষণক গালি পাৰে কিয় ঘৰ শত্ৰু বুলি?


উত্তৰ: ৰামক চাপোৰ্ট কৰিলেও ৰাৱণৰ শত্ৰু আকৌ? 


৭) ৰাজু কুমাৰ নাথ:

“আহিল কণা,গ’ল কণা,

খাগৰী কাটিলে তিনি অনা।”

এতিয়া কথা হ’ল, কাটিবলৈ আৰু বেলেগ বস্তু নাছিল নেকি?


উত্তৰ: এনেই মাখি মাৰি বহি আছিল চাগে, গতিকে ওচৰতে যি পাই তাকে কাটিলে আকৌ৷ 


৮) সুস্মিতা দাস:

হস্পিটেলত গৈ চিনাকি মানুহ লগ পালে কি খবৰ ভালনে, বুলি কিয় সোধে মানুহে?


উত্তৰ: কল্পনা কৰক, “কি খবৰ? বেয়ানে?” বুলি যদি আমাৰ ফটহুৱানীক সোধোঁ চিধা চেণ্ডেল এপাট মোৰ মুখলৈ দলিয়াব৷ গতিকে বুজিছেই নহয়৷


৯) পূৰ্ণময়ী মেধী :

চাধা মাৰিবলৈ চূণ কিয় লাগে? বেলেগ বহুত বস্তুওতো আছে!


উত্তৰ: আমাৰ ফালে বহুতে হোৱাইট চিমেণ্ট আৰু জ্বলকীয়া গুৰি মিহলাই খায়ো আৰাম পাই বুলি শুনি থাকোঁ৷


১০) সুশান্ত কুমাৰ শৰ্মা:

ক) “গড়গঞা মিতিৰৰ ভাও

মুখে বোলে থাক্  থাক্

ভৰিৰে হেঁচুকে নাও”

নলবৰীয়া মিতিৰৰ ক্ষেত্ৰত যোজনাটো কি হ’ব ?


উত্তৰ: হাউ, বুকুৰ বৈনী, ঘৰোত একফোটা চেনী নাই,

চাহ পাত আৰু গাখীৰ থাকলি চাহ একাপ খ’লো হয় এ বাপাহাৰে৷ 


খ) “শালে  শিঙিক হাঁহে”–

আন মাছক কিয় নাহাঁহে আৰু যদি হাঁহে তেন্তে কেনেকৈ হাঁহে ?


উত্তৰ: হাঁহেতো! কথাটো অন্য ৱেব পৰ্টেলত ওলায়৷ শাল, শিঙি আৰু তেওঁলোকৰ ফলৌৱাৰবোৰে সেই পৰ্টেলবোৰৰ সাংবাদিকসকলে একে কথাকে ঘূৰাই পকাই ব্ৰেকিং নিউজ দি থাকে বাবে “এভইদ” কৰে আকৌ৷


১১) নীলাঞ্জনা মহন্ত:

ক) ৰ’দ বৰষুণৰ পৰা বাচিবলৈ ঘৰৰ চালবোৰ উলোটা ভি (V) একোটাৰ দৰে গাঁথা হয়৷ ছাতিয়েও একেটা কামকে কৰে, মানে ৰ’দ বৰষুণৰ পৰা ৰক্ষা কৰে৷ কিন্তু ছাতিটো দেখিবলৈ উলোটা ভিটোৰ দৰে কিয় নবনায়, গোলাৰ্ধ কিয়?

মহেন্দ্ৰ দত্তদেৱক ফোনাই হ’লেও কোনোবাই কওকচোন জানে যদি৷  


উত্তৰ: আমাৰ ফটহুৱানীয়ে বেয়া পাব পাৰে ক’লে, তথাপি মনে মনে কৈ থওঁ, ইষ্টাইল আকৌ৷ 


খ) ঘৰৰ চালৰ তলত চিলিং থাকে ছাতিৰ তলত কিয় নাথাকে? কাম দেখোন চাল/ছাতিৰ একেই৷

ধন্যবাদসহ,

জনৈক সভাসদ,

ছাতিসংৰক্ষণ সজাগতা সমিতি


উত্তৰ: অকল চিলিং নহয়, একেবাৰে ছাতিৰ তলত ফল্চ চিলিং লগাই এল ই দি লাইটো লগাই দিব হেকাদাৰ দোকানত৷ লাগিলে কওক, হেকা দাক ফোন কৰি কওঁ৷


১২) সঞ্জীৱ কুমাৰ মহন্ত:

(ক) কথাতে কয়  ” কুকুৰ চিকুণ গৃহস্থৰ জহ”  পিচে মেকুৰী ক্ষেত্ৰত কি বুলিব ?


উত্তৰ: খোজ কাটলৰ পৰা ড্ৰেচিং চেন্সলৈ মেকুৰীবোৰ বৰ ষ্টাইল কনচিয়াচ৷ আত্মনিৰ্ভৰ মেকুৰী আকৌ৷

(খ) “বায়নৰ ঘৰত বোন্দায়ো ৰাগ টানে, কুকুৰে বা গৰুৱে কি কৰে  জনাবচোন !


উত্তৰ: কুকুৰেও ৰাগ টানে, কিন্তু সেইটো আমাৰ শাস্ত্ৰীয় সংগীতকাৰ সকলে এতিয়ালৈ স্বীকৃতি দিয়া নাই বাবে কুকুৰ ৰাজপথত আন্দোলন কৰিবলৈহে বাকী৷ জুবিনদাই কোৱা শুনিছোঁ তেওঁৰ কুকুৰটোৱেও বিভিন্ন সুৰত ভূকে বুলি৷

অৱশ্যে গৰু আৰু ছাগলী সংগীততকৈ খানা-পীনাতহে বেছি আগ্ৰহী৷

☆ ★ ☆ ★ ☆

6 Comments

  • ৰাজু কুমাৰ নাথ

    ফটহুকাই,উত্তৰ পাই সন্তুষ্টি লভিলো।

    Reply
  • কমলা দাস

    😂😂😂 ঠিকছে হাঁহিলো উত্তৰ বোৰ পঢ়ি।

    Reply
  • বাগ্মিতা

    এইবাৰ ঢেৰ প্ৰশ্ন আহিছে। ভাল লাগিছে উত্তৰবোৰ

    Reply
  • প্ৰশ্ন আৰু উত্তৰ বৰ ৰসোৰ্ত্তীণ 😆😆

    Reply
  • অৰবিন্দ গোস্বামী

    মজা প্ৰশ্ন…উত্তৰো বঢ়িয়া।ভাল লাগিল।

    Reply
  • কৰবী দেৱী

    বৰ সুন্দৰ প্ৰশ্নোত্তৰ। হাঁহিলো বহুত।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *