ফটাঢোল

“বাগান শ্ব”ৰ পৰা “নেত্ৰ কাই”লৈ- অৰুণ হাজৰিকা

‘অৰুণ হাজৰিকা’ নামটো অসমৰ প্ৰায় প্ৰতিজন নাট্যপ্ৰেমী,চিনেমাৰ প্ৰতি আগ্ৰহ থকা দৰ্শকৰ বাবে এটা চিনাকি নাম৷ ব্যংগ অভিনয়ক সম্পূৰ্ণ অকৃত্ৰিম আৰু বাস্তৱিক ৰূপত প্ৰতিফলিত কৰি শ্ৰোতা-দৰ্শকৰ মন জয় কৰা অৰুণ হাজৰিকাক আমি লগ ধৰিছিলো তেখেতৰ বোকাখাটত থকা নিজা বাসগৃহত৷ খুব সৰল,নিৰহংকাৰী অৰুণ দাক আমাৰ আগমণৰ কথা কৈ আৰম্ভ কৰিছো আলাপ,তেখেতৰ জীৱনৰ সকলো দিশ সামৰি৷

ফটাঢোল : দাদা,নমস্কাৰ জনালোঁ৷ 

অৰুণ হাজৰিকা: নমস্কাৰ৷

ফটাঢোল: দাদা, একেবাৰে আৰম্ভনিৰ পৰা জানিবলৈ বিচাৰিম আপোনাৰ জীৱনটোৰ কথা৷ আজিৰ অৰুণ হাজৰিকা হোৱাৰ আগতে শৈশৱ,আপোনাৰ ঘৰখন,পঢ়া-শুনা আৰু দুষ্টামিবোৰৰ কথা৷

অৰুণ হাজৰিকা: মোৰ পিতৃ এজন খেতিয়ক আৰু মা গৃহিনী আছিল৷ আমি তিনিজন ককাই ভাই৷ আমাৰ বংশ পৰিয়াল ডেৰগাঁৱৰ গাঁৱৰ ঘৰত আছিল৷ তাৰ পৰা দেউতাই আহি বোকাখাতত নিজৰ ঘৰ বনাই বসবাস কৰিবলৈ আৰম্ভ কৰে৷ মোৰ তেতিয়া বয়স প্ৰায় পাছ বছৰ৷ সেইখিনি সময়ত ডেৰগাঁৱৰ ককাৰ ঘৰত থাকি মই বিদ্যালয়ত নাম ভৰ্তি কৰিছোঁ৷ মোৰ পঢ়াৰ জীৱনটোত বৰ লটিঘটি হৈছিল৷ তেতিয়া মোক ঠেলি হেঁচি বিদ্যালয়লৈ পঠিয়াব লগা হৈছিল৷ সেইখিনি সময়তে বৰ মজাৰ ঘটনা এটা ঘটিছিল৷ মোৰ ডাঙৰ বাইদেউৰ  তুলনী বিয়া হৈছিল৷ বিদ্যালয়ৰ শ্ৰেণীত পঢ়ি থকা সময়তে আমাৰ ঘৰৰ ৰভাতলীত মাইকত বজোৱা প্ৰয়াত দিপালী বৰঠাকুৰ বাইদেউৰ গীত “চেনাই মই যাও দেই” বাজি উঠিল৷ বছ,মোক আৰু কোনে পায়! একে জাপে স্কুলৰ পৰা পথাৰৰ মাজেৰে ঘৰলৈ বাট ল’লো৷ সেইখন বিদ্যালয়ত শিক্ষাৰ সিমানতে অন্ত পৰিল৷ 

তাৰ পৰা আহি বোকাখাতত দেউতাই গড়মুৰ প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্টি কৰাই দিলে৷ সেইখিনি সময়ত পিছে মোৰ পঢ়া শুনাতকৈ খেলা ধুলা কৰা,কেটেপা মৰা ইত্যাদি চিন্তাবোৰেহে মন মগজু ভৰাই ৰাখিছিল৷ মোতকৈ বয়সত ডাঙৰ এজনৰ লগত বিদ্যালয়লৈ যোৱা বুলি কৈ প্ৰায়ে ৰাষ্ট্ৰীয় ঘাই পথৰ নিৰ্মিয়মান দলঙৰ তলত থকা ডাঙৰ পাইপৰ ভিতৰত সোমাই থাকি বা খেলি দিনটো পাৰ কৰিছিলো৷ দ্বিতীয় শ্ৰেণীত পঢ়ি থকা সময়ত বিদ্যালয়লৈ যোৱাৰ পূৰ্বে প্ৰায় সদায়েই পিন্ধি যাব লগা চোলাটোত পানী ছটিয়াই দিছিলো,যাতে বিদ্যালয়লৈ যোৱাৰ পৰা ৰেহাই পাওঁ৷ বিশেষকৈ গণিতৰ পাঠদান থকাৰ দিনা এই ঘটনাটো বেছিকৈ হয়৷ এবাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে প্ৰশ্ন কৰোতে নোৱাৰাত,মোক খুব পিটিন দিলে। মই শ্ৰেণীৰ খিৰিকীৰে পলাই সেইখন বিদ্যালয় তাতেই বাদ দিলোঁ৷ পাছত দেউতাৰ ওচৰত আহি ক’লো যে মই সেইখন বিদ্যালয়ত নাযাওঁ, তাত মোক খুব পিটন দিয়ে৷ ইয়াৰ পাছত দেউতাই মোক অন্য এখন বিদ্যালয়ত নাম ভৰ্তি কৰি দিলে৷ সেইখনত বৰ বিশেষ অসুবিধা নোপোৱাকৈ মোৰ শিক্ষা আগবাঢ়িল।

ফটাঢোল: আপোনাৰ অভিনয়ৰ লগত প্ৰেম কেনেকৈ ক’ৰ পৰা আৰম্ভ হ’ল ? আমি জনাত এই বিষয়টোৰ সৈতে আপোনাৰ জীৱন সংগ্ৰামৰো সম্পৰ্ক আছে!

অৰুণ হাজৰিকা: উমলি জামলি বাটৰ ধূলি উৰুৱাই এনেকৈ গৈ গৈ এদিন সপ্তম শ্ৰেণীত ভৰি দিলোঁ৷ তেতিয়াৰ সময়ত মই ডাঙৰ ল’ৰাৰ শাৰীত পৰিছো বুলি কব পাৰি৷ সেইখিনি সময়ত বোকাখাত চাহ বাগিচাত “বাগান শ্ব” নামৰ চিনেমা প্ৰদৰ্শনৰ মাহেকত এবাৰকৈ এটা অনুষ্ঠান হৈছিল৷ শুকুৰবাৰৰ দিনটোত বোকাখাত চাহ বাগিচাত সাপ্তাহিক বজাৰ এখন বহে৷ মই বিদ্যালয়ৰ শ্ৰেণী শেষ হোৱাৰ পাছত কটা তামোল পাণ,মায়ে ভাজি দিয়া বুট আদিৰ সমাহাৰেৰে সৰু দোকান এখন দিয়াৰ ব্যৱস্থা কৰিলোঁ৷ ইয়াৰ লগতে ঘৰৰ বাৰীত হোৱা দুই এপদ শাক-পাচলিও আছিল৷ কিন্তু মই বিড়ি চিগাৰেট জাতীয় নিচাযুক্ত সামগ্ৰী বিক্ৰী কৰা নাছিলোঁ৷ মই আজিও চিগাৰেটৰ গোন্ধ সহ্য কৰিব নোৱাৰোঁ৷ তাৰ পাছত সেই তামোল পাণ বিক্ৰী কৰিয়েই ঘৰৰ প্ৰয়োজনীয় দুই এপদ সামগ্ৰী কিনি আনো, এই ধৰা মাছ অকণমান,তেল অলপমান৷ এইখিনি কৰাৰ পাছতো মোৰ হাতত দুটকামান থাকি যায়৷ সেইখিনিৰে ৰবিবাৰৰ মেটিনি শ্ব’ চাও৷ দেওবাৰৰ দিনটোত চিনেমাৰ লগতে কেটেপা বনোৱাকে ধৰি বহুত কামত ব্যস্ত থকা যায়৷ বজাৰৰ এই চিনেমা প্ৰদৰ্শন কৰা গাড়ীখনৰ কাষতে মোৰ দোকানখন পাতো৷ সন্ধিয়া চিনেমা আৰম্ভ হোৱাৰ লগে লগে কাগজৰ নুৰিয়া এটাৰে লগত লৈ যোৱা লেম্পটো ঢাকি দি মই চকীৰ ওপৰত ঠিয় হও,চিনেমা চাবৰ বাবে৷ এনেকৈয়ে মোৰ চিনেমাৰ লগত যোগসূত্ৰ স্থাপন হৈছিল৷

ফটাঢোল: চিনেমাৰ কথা আহিছে যেতিয়া আমি নাটকৰ কথাও অলপ পাতিব খুজিম৷ প্ৰথম নাটকৰ লগত ক’ৰ পৰা কেনেকৈ সম্পৰ্কটো গঢ় লৈ উঠিছিল৷

অৰুণ হাজৰিকা: দশম মান শ্ৰেণীত পঢ়ি থকা সময়ৰ কথা৷ তেতিয়া মই বোকাখাত “বইজ হাইস্কুলত” ত পঢ়ি আছোঁ৷ তেতিয়া আমি অবিভক্ত শিৱসাগৰ জিলাৰ অন্তৰ্গত৷ বোকাখাত হাইস্কুলৰ প্ৰেক্ষাগৃহত কেইজনমান ছাত্ৰয়ে তেতিয়া জিলাত হ’ব লগীয়া একাংক নাট প্ৰতিযোগিতাৰ বাবে নাটকৰ ‘ৰিহাৰ্চেল’ কৰিবলৈ আৰম্ভ কৰিছিল৷ মোৰ সহপাঠী এজনৰ বাবে মই শ্ৰেণী সমাপ্ত  হোৱাৰ পাছত তাতে ৰৈ দিব লগীয়া হৈছিল৷ অৱশ্যে মোৰ তেতিয়া নাটকৰ প্ৰতি কোনো আকৰ্ষণ বা সহপাঠীক ঘূৰি আহোতে লগ দিব লগা কথাটোৰ প্ৰতিও কোনো বিশেষ দ্বায়বদ্ধতা নাছিল৷ মোৰ তেতিয়া কেৱল চিন্তা আছিল,বিদ্যালয়ৰ সমীপৱৰ্তী “বামুনী বুঢ়ী”ৰ চৌহদত শাওনমহীয়া মোক খা,মোক খা কৈ লাগি থকা ফলমূলবোৰক লৈহে৷ বিদ্যালয়ৰ শ্ৰেণী শেষ হোৱাৰ পাছত নাটৰ আখৰ আৰম্ভৰ লগে লগে বামুনী বুঢ়ী কোনো ছাত্ৰ ছাত্ৰী নাই বুলি শুবলৈ যায়,আৰু তেতিয়াই মোৰ অভিযান আৰম্ভ হয়৷ এনেকৈ পোন্ধৰ দিন মান গ’ল৷ আখৰা পূৰ্ণোদ্যমে চলি আছে৷ নাট প্ৰতিযোগিতাৰ আগদিনা,এজনৰ বসন্ত ৰোগ ধৰা পৰিল৷ যিহেতু ইমানদিনে মই আখৰাৰ নিয়মীয়া দৰ্শক আছিলোঁ,সকলোৱে সেয়ে মোকেই কুটুৰিলে অভিনয়ৰ বাবে৷ মোৰ বহুত আপত্তিক নেওচি অৱশেষত অভিনয়ৰ বাবে নামটো ঠিক কৰিলে৷ মোৰ অভিনয়ৰ সুবিধাৰ বাবে সংলাপত কেঁচি চলাই মাত্ৰ এটা সংলাপ ৰাখি দিলে৷ সংলাপটো আছিল “মহাজন”,দৃশ্যটোত মই আৰু নায়কে মহাজনক লাখুটিৰে আক্ৰমণৰ ভংগীমা এটা গ্ৰহণ কৰিব লাগে৷ মহাজনে ভ্ৰীতিগ্ৰস্ত হোৱা যেন দেখুৱাই আৰু নাটকখনৰ ইমানতেই অন্ত পৰে৷ অভিনয় কৰিলো জীৱনৰ প্ৰথমখন নাটক “তেজে ৰোৱা ধান”,যিখন নাটকে সেইবাৰ শ্ৰেষ্ঠ দলৰ পুৰস্কাৰ পাবলৈ সমৰ্থ হ’ল৷ সেইবাৰ তৌফিক দাহঁতেও অভিনয় কৰিছিল৷ পিছদিনা আমাৰ প্ৰধান শিক্ষক মহোদয়ে আমাৰ বিদ্যালয় চুটিৰ পাছত আমাৰ অভিনয় গোটৰ সকলোকে মাতি আনি প্ৰশংসা কৰাৰ লগতে ষ্টুডিঅ’ত নি ফটো উঠাৰো ব্যৱস্থা কৰিলে৷ পাছত আমাৰ এই কৃতকাৰ্যতাৰ কথা বাতৰি হিচাপে জনমভূমি কাকততো প্ৰকাশ হৈছিল,যি আমাৰ বাবে অফুৰন্ত উৎসাহ আৰু প্ৰেৰণাৰ সম্ভাৰ আছিল৷ এনেদৰেই নাটকৰ যাত্ৰা আৰম্ভ হৈছিল৷

ফটাঢোল: আপোনাৰ নাট্য বা অভিনয়ৰ যাত্ৰাটো আপোনাৰ বয়স বঢ়াৰ লগে লগে ক্ৰমশ: পূৰ্ণতা প্ৰাপ্তিৰ ক্ষেত্ৰত উত্তৰণৰ সেই পথচোৱা আপুনি কেনেদৰে নিৰূপণ কৰিছিল? 

অৰুণ হাজৰিকা:  সেই “তেজে ৰোৱা ধান” ৰ পাছত মোৰ নাট্য অভিনয়ৰ প্ৰতি ধাউতি বাঢ়িল৷

মোৰ অভিনয়ৰ যাত্ৰাটোত ভাওনাৰ অভিনয়ো আছিল দেই৷ মই লক্ষ্মণৰ ভাও আৰু ভাই দুটায়ে ভৰত শত্ৰুঘ্নৰ ভাও কৰিছিলোঁ৷ সেইখিনি সময়তো মোৰ কটা তামোল পানৰ দোকান দিয়া তথা মেটিনি শ্ব চোৱা চলি আছিল৷ আজিৰ দিনতো কৰবালৈ গাড়ীৰে যাওতে মই পুৰণা হিন্দী গীতবোৰহে শুনি যাওঁ৷ 

উচ্চতৰ মাধ্যমিকত পঢ়ি থকা সময়তে নাটকৰ কৰ্মশালাত ৰফিকুল হুছেইন দেৱক লগ পালোঁ, আৰু মই তাত যোগদান কৰিলোঁ৷ তাৰে পৰাই তেওলোকৰ লগত বিভিন্ন প্ৰতিযোগিতাত সহায়কাৰী হিচাপে যাবলৈ আৰম্ভ কৰিলোঁ,কিন্তু অভিনয় তেতিয়ালৈকে কৰাৰ সুযোগ লাভ কৰা নাছিলোঁ৷ কৰ্মশালাত থাকোতেই অনুষ্ঠানটোৰ অন্তত এখন নাটকত সৰু চৰিত্ৰ এটাত অভিনয়ৰ সুযোগ পালোঁ৷ কোৰাচ গোষ্ঠীৰ লগত এনেদৰে ঘূৰি ফুৰাৰ সময়তেই আমাৰ মহাবিদ্যালয়ৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহৰ নাট্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ঠিৰাং কৰিলোঁ৷ কিন্তু সমস্যাটো হ’ল আমাৰ সকলো সদস্য ল’ৰা আৰু নাৰী চৰিত্ৰ ৰূপায়ণ কৰিবলৈ কোনো নাই৷ গতিকে কেৱল পুৰুষ চৰিত্ৰৰে ৰূপায়ণ কৰিব পৰা নাটক “আলি হাইদৰ” নামৰ নাটকখন ডেৰগাঁৱৰ কুৰালগুৰিৰ পৰা আনিবলৈ গ’লো৷ নাটকখন গণেশ ঘোষ নামৰ এজন ব্যক্তিৰ পৰা সংগ্ৰহ কৰি কুৰালগুৰিৰ পৰা ডেৰগাঁৱলৈ খোজকাঢ়ি আহি আৰু পাছৰখিনি কুঁহিয়াৰ কঢ়িওৱা এখন ট্ৰাকত আহি ঘৰ পালোঁ৷ মোৰ পৰিচালনাৰে সেইবাৰ “আলি হাইদৰে” শ্ৰেষ্ঠ নাট,শ্ৰেষ্ঠ পৰিচালক আদি বহুকেইটা শিতানত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ লগতে ভাৰ্চিটি উইক আদিতো পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলোঁ৷ সেইখিনি সময়ত আচাম ভেলি কাউণ্টাৰ নামৰ বাছৰ টিকেট দিয়া সেৱা আগবঢ়াইয়ো নিজৰ খৰচৰ জোৰা মাৰিছিলোঁ৷ সেইখিনি সময়ত আমাৰ লগত সংগীতৰ কাম কৰা যতীন শৰ্মা(মাইনা) কো বহুতবাৰ বাছত উঠাই দিছিলোঁ৷ লাহে লাহে নাটক কৰ্মশালাত অংশগ্ৰহণ কৰি প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰোঁ৷ শ্ৰদ্ধাৰ অখিল চক্ৰৱৰ্তী দেৱৰ দৰে কেইজন মান সংস্কৃতিৰ প্ৰতি দায়বদ্ধ ব্যক্তিৰ যত্নত জন্মলাভ কৰা অসম নাট্য সন্মিলনত মই শাৰিৰীক প্ৰশিক্ষক হিচাপে বিভিন্ন ঠাইত প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰোঁ৷ মই এই দিশটোত নতুনত্ব অনাৰ বাবে আসন,প্ৰাণায়াম আদিৰ লগতে পশ্চিমীয়া সংগীতৰ লগত কচৰৎ কৰাবলৈ আৰম্ভ কৰোঁ৷ সেই বাবে মোৰ জনপ্ৰিয়তাও বৃদ্ধি পায়৷ এইবোৰত কেতিয়াবা পাচশ বা হাজাৰ টকা মাননিও লাভ কৰিছিলোঁ৷

ফটাঢোল: চিনেমাৰ জগতৰ লগত সংযোগ কেনেকৈ ঘটিল?

অৰুণ হাজৰিকা: চিনেমাৰ লগত সংযোগ প্ৰথম আৰম্ভ হৈছিল,১৯৯০ চনত৷ প্ৰয়াত শ্ৰদ্ধাৰ অতুল বৰদলৈ দেৱৰ চিনেমা চিঞৰৰ মাধ্যমৰে৷ প্ৰযোজনাত আমাৰ বোকাখাতৰে দুই চাৰিয়ে আগভাগ লৈছিল৷ অতুল দায়ে ক’লে চিনেমা কৰিবলৈ মন আছে নেকি! মোৰ সঁহাৰি পাই ক’লে তুমি সহকাৰী পৰিচালক হ’ব লাগিব,তেনেকৈয়ে চিনেমাৰ জগতত ভৰি দিলোঁ৷ কোনটো দৃশ্যত আগদিনাৰ দৃশ্যগ্ৰহণ শেষ হৈছিল বা নায়কে কোনটো চোলা পিন্ধি আছিল,কেইটা বুটাম চাৰ্টৰ খোলা আছিল- এনেকুৱা প্ৰতিটো খুটি নাটিয়ে টুকি গৈছিলো৷ সহ পৰিচালকৰ অভিজ্ঞতায়ে বহুখিনি পুৰঠ কৰি তুলিলে৷ অতুল দায়ে বহুত কথা শিকাইছিল৷ 

ইয়াৰ পৰৱৰ্তী সময়ত অতুল দাৰ অন্য এখন ছবি গ্ৰহণৰ সহকাৰী পৰিচালক হোৱাৰো দ্বায়িত্ব পালোঁ৷ পৰিচালনা কৰি থাকিলেও মাজে মাজে অভিনয় কৰিবলৈকো মন গৈ থাকে,কাৰণ মই মানুহজন অভিনয়ৰ হে৷ সেই সুযোগো খুব সোনকালেই আহিল৷ চিত্ৰগ্ৰহণ হৈ থাকোতেই এবাৰ এজন সহ অভিনেতা অনুপস্থিত আছিল৷ বহু সময় ৰৈ ৰৈ অতিষ্ঠ হৈ অতুল দায়ে মোক নিৰ্দেশ দিলে “অৰুণ,তুমি দাড়ি খুৰাই লোৱা৷ অভিনয় কৰিব লাগিব৷” উল্লেখযোগ্য যে সেই সময়ত গা পা ধোৱাৰ কাম নিয়াৰিকৈ কৰিলেও দাড়ি খুৰাই চিকুণ হৈ থাকিবলৈ সময় একেবাৰে নাছিল৷ প্ৰথমে হেঁহোনেহোঁ কৰিলেও অৱশেষত অতুল দাৰ কথা পেলাব নোৱাৰি মেকআপ লৈ প্ৰয়াত বিদ্যুত চক্ৰৱৰ্তীৰ লগত অভিনয়ৰ বাবে কেমেৰাৰ আগত ঠিয় দিলোঁ৷ সেয়া কেমেৰাৰ আগত মোৰ প্ৰথম অভিনয়৷ ভয়ত আৰু উৎকণ্ঠাত মোৰ জীৱটো হাতৰ মুঠিত লৈ দিয়া শ্বটতো এবাৰতে অ’কে হ’ল৷ ইয়াৰ পাছত দৃষ্টি বুলি আন এখন ছবিতো অভিনয় কৰিছিলোঁ৷ তেনেকৈয়ে চিনেমাৰ লগত জড়িত হৈ পৰিলোঁ৷

ফটাঢোল: গুৱাহাটীলৈ আগমণ কেনেদৰে হ’ল,অৰ্থাৎ গুৱাহাটীৰ সাংস্কৃতিক জগতখনৰ লগত কিদৰে জড়িত হ’ল?

অৰুণ হাজৰিকা: গুৱাহাটীলৈ আহিছিলো ৰবিন্দ্ৰ ভৱনত বাহাৰুল ইচলামৰ এখন নাটক চাবলৈ, আমাৰ চিঞৰ ছবিৰ অভিনেতা অলক নাথৰ লগত৷ আমি আগষ্টৰ শেষৰ ফালে নাটকখন চাবলৈ গ’লোঁ,১৯৯১ চনৰ কথা৷ উৰুখা নামৰ নাটকখনত অনুপ হাজৰিকা আৰু পাকিজা বেগমে অভিনয় কৰিছিল৷ তেতিয়া অলক নাথে গুৱাহাটীত ভাৰাঘৰ এটা লৈছে,তেখেতৰ ৰুমতে থাকি নাটক চাবলৈ কাপোৰ দুযোৰ লৈ গুৱাহাটী পালোগৈ৷ নাটক চালোঁ,চোৱাৰ পাছত অলক নাথে ক’লে “ব’লক চিনাকি কৰি দিওঁ”, তাতে গৈ চিনাকি হওতেই অনুপ হাজৰিকায়ে মাত দিলে৷ ইয়াৰ পূৰ্বে কিশলয় নামৰ নাট্যগোষ্ঠীৰ কৰ্মশালাত মোৰ নাট্য প্ৰশিক্ষণৰ পদ্ধতি অনুপ হাজৰিকায়ে প্ৰত্যক্ষ কৰিছিল৷ অনুপ হাজৰিকায়ে প্ৰস্তাৱ দিলে প্ৰয়াত ইন্দ্ৰ বণিয়া দেৱৰ তত্বাৱধানত মুকলি হ’ব লগা অসম অভিনয় প্ৰতিষ্ঠানত এক ঘণ্টাকৈ প্ৰশিক্ষণ দিবৰ বাবে৷ মই প্ৰথমে মান্তি হোৱা নাছিলোঁ,কাৰণ মই গৈছিলো দুদিনৰ বাবে৷ লগতে ঘৰতো খবৰ দিয়া হোৱা নাই, চেপ্টেম্বৰৰ তিনি তাৰিখে বুলিলে বহুতেই দৌৰাদৌৰি হৈ যায়৷ অলকক কথাখিনি কোৱাত সি ঘৰত খবৰ দিয়াৰ দায়িত্ব ল’লে৷ গুৱাহাটীৰ নিজৰাপাৰত থকা প্ৰশিক্ষণ প্ৰতিষ্ঠানত গৈ তিনি তাৰিখে ভৰি দিলোঁ৷ প্ৰয়াত সাহিত্যিক লক্ষ্যধৰ চৌধুৰী দেৱে উদ্ধোধন কৰা এই অনুষ্ঠানটো সেইদিনা লোকে লোকাৰণ্য হৈ পৰিছিল৷ মোক এচুকত বহি থকা দেখি অনুপ হাজৰিকায়ে মাতি আনি বাহাৰুল ইচলাম আৰু ইন্দ্ৰ দাৰ লগত চিনাকি কৰাই দিলে৷ প্ৰথম এক মাহৰ বাবে ১০০০ টকা মাননিৰ বিনিময়ত মই প্ৰশিক্ষণৰ দ্বায়িত্ব গ্ৰহণ কৰিলোঁ৷ সেইখিনি সময়ত মোৰ শুবলৈ বিচনা বা পিন্ধিবলৈ কাপোৰ নাছিলেই, এটায়েই টি-চাৰ্ট৷ সেইটো দিনত পিন্ধি শ্ৰেণীত পাঠদান কৰোঁ আৰু ৰাতি ধুই ফেনৰ তলত শুকাবলৈ দিও৷ মজিয়াত পাটি এখন পাৰি শুব লাগে৷ এনেকৈ গৈ গৈ একমাহ শেষ হ’ল৷ অন্তিম দিনা বিদায় ল’ব খোজোতেই ইন্দ্ৰ দা,অনুপ হাজৰিকা,বাহাৰুল ইচলাম,মৃদুল চুতীয়া আদি সকলোৱে অনুৰোধ কৰিলে অনাগত ছয়মাহৰ বাবে পাঠদান কৰি যাবলৈ৷ ইন্দ্ৰ দায়ে মোৰ মাননি এক হেজাৰৰ পৰা বৃদ্ধি কৰি দুই হাজাৰ কৰি দিলে৷ এনেকৈ ছয় মাহ  হোৱাৰ সময়তে মোক ইন্দ্ৰ দায়ে নাট্য অনুষ্ঠানৰ সম্পাদকৰ দায়িত্ব দিলে৷ সেই খিনি সময়ত এইবোৰৰ মাজতে জাহ্নু বৰুৱা দেৱ,পুলক গগৈ দাক লগ পালো, ইয়াৰ লগে লগে চিনেমাত অভিনয়ৰ সংযোগ ঘটিল৷ 

ফটাঢোল: বৰ্তমানলৈকে কিমান ছবি,ভিচিডি আদিত অভিনয় কৰিলে?

অৰুণ হাজৰিকা: ভিচিডি আৰু ধাৰাবাহিকৰ সীমা সংখ্যা নাই৷ চিনেমাও যথেষ্ট সংখ্যক কৰিছোঁ,প্ৰায় ৩০ খনমান লেখত ল’ব লগীয়া৷ শেহতীয়াকৈ আহিব লগা ছবিৰ ভিতৰত ড° বেজবৰুৱা,বেলকণিত ভগৱান,ৰঘূপতি,লখিমি ইত্যাদি৷

ফটাঢোল: বৰ্তমানৰ পটভূমিত যদি কেৱল ব্যংগ বিষয়টোক লৈ এখন অসমীয়া ছবি নিৰ্মাণ কৰা হয়,সফল হ’ব নে?

অৰুণ হাজৰিকা: নিশ্চয় হ’ব৷ মানুহে খুব আন্তৰিকাতৰে আদৰি ল’ব৷ দৰ্শকে মনোৰঞ্জন বিচাৰে৷ মই অভিনয় কৰা জোনবাই নামৰ ভিচিডি ছবিখনৰ নেত্ৰকাই চৰিত্ৰটোৰ বাবে মোক অসমৰ গাঁৱে ভু়ঞে অৰুণ হাজৰিকা নামতকৈ নেত্ৰকাই নামটোৰেহে ভালকৈ চিনি পায়৷ ব্যংগ চৰিত্ৰ মই নিজেও খুব ভাল পাও,কিন্তু স্থুল ৰসৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ পক্ষপাতী নহও৷ মই চিৰিয়াচ চৰিত্ৰও কৰিছো৷ মঞ্জু বৰাৰ লাজ নামৰ চলচিত্ৰখনত,বা জাহ্নু বৰুৱা দেৱৰ চিনেমাতো চিৰিয়াচ চৰিত্ৰত অভিনয় কৰিছোঁ৷ প্ৰকৃততে দৰ্শকে ছবি এখনত মনোৰঞ্জনৰ মাধ্যমেৰে নিজৰ চিনাকি চৰিত্ৰ,কাহিনী বা পৰিৱেশৰ প্ৰতিফলন চাই ভাল পায় আৰু এই ক্ষেত্ৰত ব্যংগ ছবিৰ উপস্থাপনে সবল ভূমিকা গ্ৰহণ কৰে৷ 

ফটাঢোল: আজিলৈকে আপুনি অভিনয় কৰা সকলো চৰিত্ৰৰ ভিতৰত সকলোতকৈ আপোনাৰ কোনটো চৰিত্ৰ প্ৰিয়,নেত্ৰ কাইৰ কথা যদি বাদ দিয়া যায়!

অৰুণ হাজৰিকা: মঞ্জু বৰাৰ লাজ ছবিৰ মাছ মৰীয়া চৰিত্ৰটো৷ প্ৰয়াত মুনিন বৰুৱাৰ ছবিত অভিনয় কৰা প্ৰায়বোৰ চৰিত্ৰয়ে মোৰ প্ৰিয়৷ তেখেতৰ ছবিত চৰিত্ৰবোৰৰ খুব গুৰুত্বপূৰ্ণ ভূমিকা থাকে৷ যাক আমি “কেৰেক্টাৰ এচটাব্লিচমেণ্ট” বুলি কও,সেয়া খুব ভাল৷ জাহ্নু বৰুৱা দেৱৰ ছবি ‘কুশল’ত অভিনয় কৰা কুলীন বিহাৰী বৰুৱা নামৰ চৰিত্ৰটোও মোৰ খুব প্ৰিয়৷

ফটাঢোল: আপুনি অভিনয় কৰা দুটা খুব জনপ্ৰিয় গীত হ’ল “তিৰিশ তিৰিশ” আৰু “বয়সৰে ভটিয়নি”৷ আমাৰ প্ৰশ্নটো আপোনাৰ সাংসাৰিক বা ব্যক্তিগত জীৱনক লৈ নহয়৷ ত্ৰিশ বা তেনে কোনো বিশেষ এটা বয়সতেই জীৱনৰ অশ্বমেধ গতি স্থবিৰ হৈ যায় নেকি? আপুনি আত্মনিৰ্ভৰশীলতাৰ এক সুন্দৰ নজিৰ স্থাপন কৰি এখন ফাৰ্ম সুকলমে পৰিচালনা কৰি আছে৷ কি ক’ব,এই সম্পৰ্কত!

অৰুণ হাজৰিকা: মই মানুহটো “তিৰিশ তিৰিশ” গীতটোৰ সম্পূৰ্ণ বিপৰীত৷ মোৰ মতে মানুহ বয়স বঢ়াৰ লগে লগে আৰু অধিক সজীৱ,উদ্যমী আৰু প্ৰাণৱন্ত হোৱা উচিত৷ অসুখ বা জীৱনৰ বাধা বিঘিনী নেওচি আগবাঢ়ি যাব লাগে৷

মই খেতিয়কৰ ল’ৰা,খেতি মোৰ তেজত আছে৷ গতিকে আন কোনোবাই কিবা কৰি দিব,এইটোলৈ আশা পালি ৰৈ নাথাকি মই নিজৰ পৰিসৰত যি পাৰো কৰি আছোঁ৷

ফটাঢোল: আমাৰ সাক্ষাৎকাৰ প্ৰায় শেষ হৈ আহিছে৷ এটা অলপ স্পৰ্শকাতৰ বিষয়ক লৈ প্ৰশ্ন কৰিব খুজিছোঁ৷ শিল্পী এজনৰ স্থিতি সামাজিক ৰাজনৈতিক বিষয়ত কেনে হোৱা উচিত? ৰাজনীতিত জড়িত হৈ শিল্প সৃষ্টিক পাহৰাৰ আশংকা নতুবা কেৱল শিল্পৰ লগতে জড়িত হৈ থাকি সামাজিক বিষয়বোৰৰ পৰা দূৰত্ব বজাই ৰখা৷ 

অৰুণ হাজৰিকা:  সমাজক বাদ দি শিল্পীজনৰ কোনো অস্তিত্ব নাই,সমাজৰ মাজতেই শিল্পীজন জীয়াই থাকিব লাগিব৷ কিন্তু শিল্পীৰ মোহৰটো লগাই শিল্পীৰ নাম লৈ ৰাজনীতিলৈ যাব নালাগে৷ মই যদি ব্যক্তি হিচাপে অৰুণ হাজৰিকা আৰু শিল্পী হিচাপে নেত্ৰ কাই; তেন্তে মই কেৱল অৰুণ হাজৰিকা হিচাপেহে ৰাজনীতিত নমা উচিত৷ শিল্পী হিচাপে নহয়৷ 

ফটাঢোল: একেবাৰে শেষত আমাৰ পাঠকৰ বাবে কি ক’ব!

অৰুণ হাজৰিকা: প্ৰথম কথা,মোৰ তোমালোকৰ গোট তথা আলোচনীৰ নামটোৱেই খুব ভাল লাগিছে- ফটাঢোল৷ বৰ্তমানৰ সামাজিক তথা ৰাজনৈতিক পৰিবেশটোও ফটাঢোল কোবাই সত্যৰ অপলাপ কৰি থকাৰ দৰে হোৱা নাই নে!

তোমালোকে ইমানবোৰ শিল্পী সাহিত্যিকৰ জীৱন তথা সংগ্ৰামৰ কাহিনীক সাক্ষাৎকাৰৰ মাধ্যমেৰে উপস্থাপনৰ এখন মঞ্চ দিছা,ব্যংগ সাহিত্যৰ ধাৰা টোক আগবঢ়াই লৈ গৈ আছা৷ ফটাঢোল পৰিয়াললৈ মোৰ অভিনন্দন আৰু কৃতজ্ঞতা থাকিল৷

ফটাঢোল: আমাক ইমানখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ৷

(সাক্ষাৎকাৰটো যুগুত কৰিলে সঞ্জীৱ ভট্টাচাৰ্য আৰু দেৱজিত শৰ্মায়ে)

☆ ★ ☆ ★ ☆

9 Comments

  • ভাল লাগিল৷

    Reply
  • অৰবিন্দ গোস্বামী

    ব্যক্তিগতভাৱে অৰুণ হাজৰিকাৰ অভিনয় বৰ ভাল পাওঁ।সাক্ষাৎকাৰটো সম্পূৰ্ণকৈ পঢ়িলো আৰু বৰ ভাল লাগিল।তেখেতৰ ব্যক্তিগত জীৱনৰ কাহিনীটো এক প্ৰেৰণাদায়ক জীৱন সংগ্ৰামৰ কাহিনী।’সাক্ষাতকাৰ’ শিতানটো এইবাৰ বৰ সুন্দৰ হ’ল।

    Reply
  • Jayshree Sarmah

    বৰ ভাল লাগিল তেখেতৰ বিষয়ে জানিব পাৰি।

    Reply
  • ডলী তালুকদাৰ

    বৰ ভাল লাগিল প্ৰিয় অভিনেতা জনৰ সাক্ষাতকাৰটো পঢ়ি। কুশলে থাকক তেওঁ সদায়

    Reply
  • কৰবী দেৱী

    সুন্দৰ সাক্ষাৎকাৰ। মোৰ খুবেই প্ৰিয় শিল্পী গৰাকীলৈ সশ্ৰদ্ধা জনালোঁ। ভাল লাগিল তেখেতৰ সংগ্ৰামমুখী জীৱনৰ প্ৰতিটো শব্দ। আজিৰ যুব প্ৰজন্মৰ বাবে তেখেতৰ এই সংগ্ৰামমুখী যাত্ৰা বিশেষ নিদৰ্শন হৈ ৰ’ব।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ ভাল পালোঁ সাক্ষাৎকাৰ টি। তেখেতৰ বিষয়ে জানি ভাল লাগিল।

    Reply
  • নীলাঞ্জনা

    খুব ভাল লাগিল৷ তেখেতৰ দৃষ্টিভঙ্গী কিছুমানৰ বিষয়ে জানিব পাৰি আগতকৈও বেছি শ্ৰদ্ধা উপজিছে৷ সাক্ষাৎকাৰৰ প্ৰশ্নকেইটাও খুব বঢ়িয়া হৈছে৷ ধন্যবাদ জনাইছোঁ সকলোকে৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    খুউৱ ভাল লাগিল৷

    Reply
  • মানসী

    বৰ ভাল লাগিল..

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *