ফটাঢোল

বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াৰ সৈতে অন্তৰংগ আলাপ

অসমৰ অভিনয় জগতৰ এটা চিনাকি নাম, বিষ্ণু খাৰঘৰীয়া৷ কলাত্মক বা বাণিজ্যিক দুয়োটা ধাৰাৰে ছবিতে নিজৰ অভিনয়েৰে দৰ্শকৰ মাজত সমাদৰ লাভ কৰা এইগৰাকী বৰেণ্য অভিনেতাৰ মনৰ কথা জানিবলৈ আমি ঢাপলি মেলিছিলোঁ মৰাণত অৱস্থিত তেখেতৰ বাসগৃহলৈ৷

ফটাঢোল : চাৰ, প্ৰথমেই আপোনাক ‘ফটাঢোল’ গোটৰ সকলো সদস্যৰ তৰফৰ পৰা নমস্কাৰ আৰু অভিনন্দন জনাইছোঁ৷ ‘বিষ্ণু খাৰঘৰীয়া’ সমগ্ৰ অসমৰে পৰিচিত আৰু অতি আদৰৰ এটা নাম৷ আমি প্ৰথমেই জানিব বিচাৰিম ‘বিষ্ণু খাৰঘৰীয়া’ৰ শৈশৱৰ বিষয়ে৷ ক’ত তেখেতৰ জন্ম, কেনেদৰে অতিবাহিত হৈছিল তেখেতৰ শৈশৱ?

বিষ্ণু খাৰঘৰীয়া : শৈশৱ মানে একেবাৰে সাধাৰণ ধৰণেই অতিবাহিত হৈছিল৷ মোৰ জন্ম হৈছিল ডিব্ৰুগড়ৰ আমোলাপট্টিত৷ বৰ্তমান য’ত ছল্ট ব্ৰুক স্কুল আছে, সেইখিনিতে৷ ১৯৫৭ চন মানত আমি সৰু থাকোঁতে, সেইটো অঞ্চল এৰি ছিৰিং চাপৰিলৈ আমি গুচি আহিলোঁ আৰু তাতেই মই বাকী সময়খিনি পাৰ কৰিছোঁ৷ বহু কথা পাহৰিছোঁ, বয়সো হ’ল নহয়৷ ছল্ট ব্ৰুকৰ ওচৰত মই জন্মৰ পৰা ক্লাছ ফাইভ, ছিক্স মানলৈকে থাকিলোঁ৷ প্ৰাথমিক শিক্ষা আমোলাপট্টি চাৰিআলি বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত হৈছিলে৷ তাৰপিছত চৰকাৰী হাইস্কুলত৷ মেট্ৰিক পাছ কৰাৰ পিছত মই বিজ্ঞান শাখাত পঢ়িছিলোঁ৷ গ্ৰেজুৱেচন কৰাৰ পিছত বহুত কিবাকিবি কৰাৰ ইচ্ছা আছিলে, কিন্তু বিভিন্ন সমস্যাৰ কাৰণে হৈ নুঠিল৷ বিশ্ববিদ্যালয়ৰ শিক্ষাও আগবঢ়াই নিব নোৱাৰিলোঁ, তেনেতেই চাকৰি পালোঁ৷ সেই যে কয় ঘৰতে থাকিবা, বন বাৰী কৰিবা ধৰণে ভাবিছিলোঁ ডিব্ৰুগড়তে থাকিম, নাটক কৰিম কিন্তু পাছলৈ কথাবোৰ তেনেকুৱা হৈ নাথাকিল।

ফটাঢোল : অভিনয়ৰ ক্ষেত্ৰখনলৈ কেনেকৈ আহিল? স্কুলীয়া দিনতে আৰম্ভ হৈছিল নিশ্চয়?

বিষ্ণু খাৰঘৰীয়া : স্কুলত নহয়, কিন্তু কথাটো বিদ্যালয়ৰ লগত জড়িত৷ মানে সৰস্বতী পূজাত আমাৰ পাৰাৰ ল’ৰাবোৰে নাটক কৰে৷ পাৰা মানে মই আমাৰ চুবুৰিটোৰ কথা কৈছোঁ৷ কেইদিনমান আগতে এই পাৰা শব্দটোৰ বাবে মই শুধৰণি দিব লগা হৈছে৷ মই ভাবিছিলোঁ পাৰা মানে সকলোৱে জানেই৷ পাৰা বুলি ক’লে অৱশ্যে বাঙালী সমাজে বুজি পায়৷ তেওঁলোকৰ এইটো প্ৰচলিত শব্দ৷ আমাৰ ইয়াত সকলোৱে নাজানে৷ পাৰা শব্দটো এতিয়া অসমীয়া ভাষাত সোমাই গ’ল৷ বাৰু যি কি নহওক, আমাৰ পাৰাৰ ল’ৰাবোৰে সৰস্বতী পূজাত নাটক কৰো৷ আমি গোটেইবোৰে লগ হৈ ‘চাউথ আমোলাপটি বয়জ স্পৰ্টিং ক্লাৱ’ এটা খুলিলোঁ৷ আচলতে ক্লাৱটো খেলাধূলা কৰিবৰ বাবেই খুলিছিলোঁ যদিও সৰস্বতী পূজাত নাটক আদিও কৰিছিলোঁ৷ তাত জয়শ্ৰী সংঘ বুলি এটা অনুষ্ঠান আছিলে, সেইটো ছোৱালী, মহিলাসকলৰ গোট আছিল৷ পিছত তাৰ ছোৱালীসকলে বিয়াবাৰু হৈ গুচি যোৱাৰ বাবেই হওক বা আন কিবা কাৰণতে হওক, সেই সংঘৰ ঘৰটো এনেই পৰি আছিল৷ আমি তেতিয়া ঠিক কৰিলোঁ যে ঘৰটো এনেই পৰি থকাতকৈ আমি দেখোন ব্যৱহাৰ কৰিব পাৰোঁ৷ আমি পিছত সংঘৰ নামটো সলনি কৰিব নিবিচাৰিলোঁ, জয়শ্ৰী সংঘই হৈ থাকিল৷ এই জয়শ্ৰী সংঘৰ ল’ৰাবোৰ লগ হৈয়ে আমি নাটক কৰিবলৈ ঠিক কৰিলোঁ৷ সৰস্বতী পূজাত আন আন অনুষ্ঠানো হৈছিলোঁ, কিন্তু আমি নাটকত খুব জোৰ দিছিলোঁ৷ মুনীন দত্ত সেইসময়ৰ জনপ্ৰিয় নাট্যকাৰ আছিল, কানু মুখাৰ্জীয়ে সেইসময়ত গান গাবলৈ আহিছিল, তেওঁ আমাক গান শিকিইছিলে, যদিও গায়ক হোৱা নহ’ল, কিন্তু মোৰ অভিনয় জীৱন তেনেকৈয়ে আৰম্ভ হ’ল৷

ফটাঢোল : নাটকেৰে আপোনাৰ অভিনয় জীৱনৰ আৰম্ভণি হোৱা বুলি আমি গম পালোঁ চাৰ৷ কিন্তু চিনেমা জগতখনলৈ আপোনাৰ আগমন কেনেকৈ হ’ল সেইবিষয়ে জানিব বিচাৰিম৷ ১৯৭০ চনত নিৰ্মিত সমৰেন্দ্ৰ নাৰায়ণ দেবৰ ‘অৰণ্য’ আপোনাৰ প্ৰথম অভিনীত চিনেমা,১৯৭০ চনৰ পৰা এতিয়ালৈ অভিনয় জীৱনৰ আপোনাৰ যিটো পৰিক্ৰমা সেইবিষয়ে কওকচোন৷

বিষ্ণু খাৰঘৰীয়া : এইটো আচলতে এটা মজাৰ কথা৷ এদিন হঠাত্‍ মোলৈ এখন টেলিগ্ৰাম আহিল৷ অৰণ্য চিনেমাখনত ইতিমধ্যে বিজু ফুকন আৰু দেউটি বৰুৱা জড়িত হৈ পৰিছিল; দেউটি বৰুৱাই চিনেমাখনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ কৰিছিলে৷ তাত অপুদা মানে বিজয় শংকৰ, তেখেতক এটা গানত ‘লিপচ’ দিবৰ কাৰণে কৈছিল৷ গানটো আছিল ‘দিনৰ পোহৰ ৰঙচঙীয়া’৷ কিন্তু তেখেতে ‘কনফাৰ্ম’ কৰা নাছিল৷ তেতিয়া পৰিচালকে তাত কথাই কথাই ক’লে বোলে ‘মোক অপুদাৰ নিচিনা চেহেৰাৰ মানুহ এজন লাগে৷ তেতিয়া এজনে ক’লে বোলে ‘এজন ল’ৰা আছে বিষ্ণু বুলি’৷ বোলে ‘টেলিগ্ৰাম কৰ’৷ টেলিগ্ৰাম পালোঁ, ভাবিলোঁ চিনেমাৰ শ্বুটিং ইত্যাদি চোৱাও হ’ব, অলপ শিকাও হ’ব৷ গুচি আহিলোঁ৷ তাত গৈ যেতিয়া গম পালোঁ যে তেওঁলোকে অপুদাৰ নিচিনা মানুহ এজন বিচাৰিছে, তেতিয়া ভালো লাগিল অলপ৷ কাৰণ অপুদাৰ নিচিনা ধুনীয়া, টেলেণ্টেড মানুহ এজনৰ সৈতে মোক ৰিজাইছে বুলি ভাবি বৰ ভাল লাগিল৷ তেনেতেই ধৰা অহাকালিলৈ শ্বুটিং হ’ব, নিশা পৰিচালকে মোক গানটোৰ কথা, গানটোত কেনেকৈ কি কৰিব লাগিব বুজাই আছে, তেনেকুৱা সময়তে গাড়ী এখন আহি সোমাল৷ আৰু তাৰপিছত দেখিলোঁ মোক শিকাই বুজাই থকা মানুহবোৰ এজন এজনকে আঁতৰি যাব ধৰিছে৷ তেতিয়াই মই গম পালোঁ যে ‘ডাল মে কুচ কালা হে’৷ তাৰপিছত বিজু, দেউটি আহিল, কিন্তু সিহঁতো অলপ সময় থাকি আঁতৰি গ’লগৈ৷ পিছত গম পালোঁ সিহঁত দুইজনে বোলে কান্দিছে বোলে ‘আমি ইয়াক মাতি লৈ আহিলোঁ, এতিয়া ইয়াৰ কি হ’ব’! তেতিয়া সমৰেন্দ্ৰই ক’লে বোলে – মই বিষ্ণুক চিনেমাখনৰ তচদ্দুফ ইউছুফ, মানে যিজন চিনেমাখনৰ ভিলেইন, সেইজনৰ মহৰীৰ চৰিত্ৰটোৰ কাৰণে ভাবিছোঁ৷ পিছত মোক কথাটো ক’লে৷ মই ভালেই পালোঁ৷ ভাল পালোঁ এইকাৰণেই যে এই চৰিত্ৰটোত অন্ততঃ মোৰ মাতটো ওলাব, মই সংলাপ ক’ব পাৰিম৷ কেমেৰাৰ আগত কেনেকে ডায়লগ ক’ব লাগে, এই কথাটো মই শিকিম৷ মজাৰ কথা আৰু এটা আছে, মই প্ৰথম অভিনয় কৰা নাটকখনত যিটো চৰিত্ৰ মোক প্ৰথমে দিয়া হৈছিল, সেইটোও নাটকৰ আগেআগে আঁতৰাই দিয়া হৈছিল৷ সূৰ্য সিংহ নে কি কোনোবা সেনাপতিৰ চৰিত্ৰ আছিল, বিৰাট জোচ থকা সংলাপ আছিল, পিছত ক’লে বোলে তই এইটো চৰিত্ৰ কৰিব নালাগে, তই অন্য এটা ৰ’ল কৰ৷ তাৰপিছত মোক দূত নে প্ৰহৰী তেনে এটা চৰিত্ৰ কৰিবলৈ দিলে৷ মোৰ অলপ বেয়া লাগিল যদিও পিছত ভালেই পালোঁ৷ সেনাপতি এবাৰ নে দুবাৰহে ওলাব লাগে, কিন্তু দূত ওলায়েই থাকে, ওলায়েই থাকে৷ মোক ওলাই থাকিবহে লাগে৷ (হাঁহে)

ফটাঢোল : অৰণ্যৰ পৰা সাগৰলৈ বহু দূৰলৈ বহু চৰিত্ৰত আপুনি অভিনয় কৰিছে৷ তাৰ কিছুমান সংলাপ জনপ্ৰিয়ও হৈছে৷ বিশেষকৈ ‘ফিৰিঙতি’ চিনেমাখনৰ ‘এনিবডী চেলেঞ্জ’ বোলা সংলাপটো আমি প্ৰায়ে আওৰাইছিলোঁ৷ ‘সাগৰলৈ বহু দূৰ’ৰ বাবে আপুনি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত জুৰীৰ বিশেষ বঁটা লাভ কৰিছিল। ইয়াৰ বাদে আৰু কি ধৰণৰ বটাবাহন বা স্বীকৃতি আপুনি লাভ কৰিছে?

বিষ্ণু খাৰঘৰীয়া : যেতিয়া এটা ত্ৰিভুজৰ ভূমি যিমান বহল হৈ যাব, সেইটো যিমানে ওপৰলৈ নাযাওক কিয়, সেইটো ভাঙি পৰাৰ থল নাথাকে৷ মই ৰাজ্যিক চৰকাৰৰ তিনিটা বটা, ভাৰত চৰকাৰৰ দুটা বটা, আন্তৰাষ্ট্ৰীয় বটা এটা পাইছোঁ৷ এই তিনিওটা পুৰস্কাৰক দুটা বাহু বুলি যদি ধৰোঁ, তেন্তে এই ত্ৰিভুজটোৰ ভূমি মোৰ চিনেমাৰ সাধাৰণ দৰ্শকবোৰহে৷ সাধাৰণ দৰ্শকবোৰেই মোৰ পুৰষ্কাৰ৷

ফটাঢোল : বটাবাহন বা তেনেকুৱা স্বীকৃতিয়ে এজন শিল্পীক তেওঁৰ শিল্পকৰ্ম আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কিধৰণে সহায় কৰে বুলি ভাবে আপুনি চাৰ?

বিষ্ণু খাৰঘৰীয়া : বটাবাহন পালে ভাল লাগে, কিন্তু তাত যদি টকা কেইটামান থাকে তেন্তে বেছি ভাল লাগে দেই, এইটো সঁচা কথা৷ কিন্তু টকাপইছাৰ কথা কামৰ সময়ত মনলৈ নাহে, পৰিচালকে মোৰ পৰা কি বিচাৰিছে, সেইটো মই দিব পাৰিছোঁ নে নাই, সেইটোহে মোৰ কাৰণে গুৰুত্বপূৰ্ণ কথা৷ পুৰষ্কাৰ কিবা পাইছোঁ যদি পাইছোঁ আৰু, সেইটো তেনেকুৱা ডাঙৰ কথা বুলি মই নাভাবোঁ৷

ফটাঢোল : এজন সফল অভিনেতা হ’বলৈ হ’লে কোনকেইটা দিশ বা কেনে ধৰণৰ কথাবোৰত গুৰুত্ব দিব লাগে বুলি আপুনি ভাবে?

বিষ্ণু খাৰঘৰীয়া : মই সফল হৈছোনে নাই ক’ব নোৱাৰোঁ, কিন্তু মোৰ কথাটো হ’ল মই যিসকল পৰিচালকৰ লগত কাম কৰিছোঁ তেওঁলোক মোৰ কামৰ পৰা সন্তুষ্ট হৈছে নে নাই! বহুকেইজন পৰিচালকে হাঁহি এটা মাৰি তেওঁলোকৰ পিছৰ কামটোৰ কাৰণেও মোক মাতে, তাৰ কাৰণটো হ’ল যে নিশ্চয় তেওঁ বিচৰা ধৰণে চৰিত্ৰটো মই ৰূপ দিব পাৰিছোঁ৷ দুই চাৰিজন পৰিচালকে শ্বুটিং স্থলীত মোৰ কামৰ বাবে হাতচাপৰি বজাইছে৷ তাৰমানে বুজোঁ যে মোৰ কামখিনি তেওঁ বিচৰা ধৰণে পাইছে৷ জাহ্নু বৰুৱাই বনানিৰ শেষত কৈছে ‘গুড এক্টিং’, সেয়া মোৰ কাণত পৰিছে৷ পৰিচালকে বিচৰাখিনি দিব পৰাজনেই সফল অভিনেতা৷

ফটাঢোল : আপুনি মঞ্চ, চিনেমাৰ লগতে ৰেডিঅ’ৰ নাটকতো অভিনয় কৰিছে? এই তিনিওটা মাধ্যমৰ ভিতৰত কোনটো আপুনি বেছি সুবিধাজনক বুলি অনুভৱ কৰে?

বিষ্ণু খাৰঘৰীয়া : সুবিধা অসুবিধা বুলি একো নাই৷ কিছুমানে কয় মঞ্চত অভিনয় কৰা টান, চিনেমাত উজু, মই কিন্তু এইদৰে কেতিয়াও নাভাবোঁ৷ মই চৰিত্ৰ এটা ৰূপ দিব বিচাৰোঁ, সি যিটো মিডিয়াতে হওক লাগিলে৷ যদি ৰেডিঅ’ত অভিনয় কৰিবলগা হয়, তেন্তে অকল মোৰ কণ্ঠ প্ৰক্ষেপনাৰে সেই চৰিত্ৰটো ৰূপ দিব লাগিব আৰু চিনেমাত হলে খুব কম পৰিসীমাৰ ভিতৰত মুখৰ অংগীভংগীৰে সেই চৰিত্ৰটো ৰূপ দিব লাগিব আৰু মঞ্চত হলে মুখৰ লগতে শৰীৰৰ বাকী অংগপ্ৰত্যংগই সহযোগ কৰিব লাগিব৷ গতিকে কোনো এটা মাধ্যমে সহজ নহয়, অথবা টান নহয়৷৷

ফটাঢোল: আপুনি ভ্ৰাম্যমানতো অভিনয় কৰিছিল নেকি?

বিষ্ণু খাৰঘৰীয়া: হয় কৰিছো৷ কিন্তু মই চাকৰি কৰি থকা কাৰনে ভ্ৰাম্যমানত বেছিসময় দিব নোৱাৰিলো৷ বিহুৰ ভিচিডিবোৰ যে ওলাইছিলে, তাতো বহুত কৰিলো৷

ফটাঢোল: চাকৰি, সংসাৰ আৰু অভিনয়, এই তিনিটাৰ ভাৰসাম্যতা আপুনি কেনেকৈ বজায় ৰাখিছিল বাৰু?
বিষ্ণু খাৰঘৰীয়া: (হাঁহি) চাকৰি মই কৰিবই লাগিব, কাৰন সেটো মোৰ পেটৰ দায়৷ বিয়াবাৰু কৰাই সংসাৰ কৰিলো, গতিকে সেইটোৱো এটা দায়িত্ব৷ সংসাৰখন মই চলাব লাগিব, গতিকে তাৰকাৰনে চাকৰিটো কৰি থাকিবই লাগিব৷ ইফালে মোৰ মানসিক জগত এখন আছে, ক্ৰিয়েচন আছে, মানুহ হিচাপে সমাজৰ প্ৰতি দায়িত্ব আছে, গতিকে এই দায়িত্বটো মই অভিনয়ৰ জৰিয়তেই কৰিলো৷ এনেকুৱা চিন্তাৰেই চাকৰি, পৰিয়াল, অভিনয় সকলোখিনি কৰি গৈছো৷ কেতিয়াবা অলপ সপ্তাহটো মিলাই লবলগীয়া হয়৷ যেনেকৈ মই পৰিচালকক শনিবাৰ ৰবিবাৰে বেছিকৈ সময় দিও৷ শণিবাৰে লোকেশ্বনলৈ গুচি গলো, ৰবিবাৰে গোটেই দিনটো শ্বুটিং কৰিলো, সোমবাৰে আকৌ আহি অফিচত যোগদান কৰো৷ অৱশ্যে পৰিচালক যিকেইজন পাইছো তেওলোকেও মোৰ লগত অলপ এডজাষ্ট কৰি লব লগা হয়গৈ৷ খালী দুখ লগা কথা এটা হল, বেংকৰ চাকৰিয়াল হিচাপে বেংকৰ পৰা পৰিয়ালৰ লগত কটাবলৈ বা ফুৰাচকা কৰিবলৈ সুবিধা অলপ দিয়ে, সেইখিনি মোৰ পৰিয়ালৰ লগত কটোৱা আৰু নহয়গৈ৷

ফটাঢোল: চাৰ, পৰিয়ালৰ কথা ওলাল যেতিয়া, আপোনাৰ পৰিয়ালৰ বিষয়ে আমাক অলপ জনাওকচোন৷
বিষ্ণু খাৰঘৰীয়া: অ’ মোৰ ছোৱালী দুজনী আৰু লৰা এটা৷ ডাঙৰ ছোৱালীজনী শিৱসাগৰলৈ বিয়া দিছো, নাতিনী দুজনী৷ সৰুজনী যোৰহাটলৈ বিয়া হৈছে, তাইৰো এজনী ছোৱালী৷ লৰাটো সৰু,সি পঢ়া শেষ কৰি কলেজ এখনত সোমাইছে, লগতে অন্যান্য কিছু কাম কৰি আছে৷

ফটাঢোল: এনেকুৱা হৈছেনে চাৰ কেতিয়াবা, যে আপুনি ‘বিষ্ণু খাৰঘৰীয়া’ হিচাপে অসমৰ ৰাইজৰ মাজত পৰিচিত হোৱাৰ পিচত বেংকত সাধাৰণ মানুহ কোনোবা এজনে কিবা কাম লৈ আহিছে আৰু সন্মুখত আপোনাক দেখি কাম পাহৰি গৈছে বা থৰ লাগি ৰৈছে?
বিষ্ণু খাৰঘৰীয়া: তেনেকুৱা হৈছে৷ কিন্তু কেচ কাউন্টাৰত থাকো যেতিয়া মানুহ ওচৰলৈ আহোঁ বুলি ভাবিলেও পটককৈ সোমাই আহিব নোৱাৰে৷

ফটাঢোল: বেংকৰ চাকৰি কৰি অভিনয় কৰাটো মানে অভিনয়ৰ কাৰণে সময় মিলোৱাটো খুব সহজসাধ্য নহয়? আপুনি কেনেকৈ কৰে?

বিষ্ণু খাৰঘৰীয়া :কলো নহয় মই যেতিয়াই যিটো কাম কৰো সেইটো খুব মন লগায় কৰো, চিনচিয়াৰলি আৰু চিৰিয়াচলি কৰো৷ গতিকে বিশেষ অসুবিধা হোৱা নাই আজিলৈ৷

ফটাঢোল : চাৰ আপুনি আমাৰ শ্ৰদ্ধাৰ জাহ্নু বৰুৱা চাৰ, মুনিন বৰুৱা চাৰ আদিৰ অসমীয়া চিনেমাসমূহৰ ওপৰিও অন্য ভাষাৰ চিনেমা আপুনি কৰিছিল নে?

বিষ্ণু খাৰঘৰীয়া : মোক প্রথম অৱস্থাত হিন্দীৰ কথা হৈছিলে দেই। মোক কথাটো জাহ্নুৱে সুধিছিল যে মোক এনেকৈ সুধিবলৈ কৈছে। আপুনি কৰিব নেকি? মই বোলো চাওঁচোন। এটা কথা মই কৰিবলৈ হ’লে হিন্দী pronounciation মোৰ ভাল নহয়। যিহেতু হিন্দী pronounciation ৰ কাৰণেও কোনোবাই ডাব কৰি দিব। ডাব কৰি দিলে মই সেইটো কৰিবলৈ বৰ মন নাই। গ’ল কথা গুছিল। জাহ্নুৱে তেনেকৈ কৈ দিলে। কিন্তু পাছত এখন ছবি জাহ্নুৱে কৰিছিলে। জাহ্নুৱে মোক ফোন কৰি ক’লে এনেকুৱা কথা- একো কৰিব নালাগে। সৰু ৰোল এটা কৰিব লাগে। আহক আৰু কৰি দিয়কহি। মই কৰিলোঁ। তাৰ পাছত, হৈ যোৱাৰ পাছত মোক বহুৱাই লৈ ক’লে যে হেৰি নহয়, কমল হাছানেওতো হিন্দী নাজানে। তেওঁ কিন্তু বহুত হিন্দী ছবি কৰিছিল। মই বোলো হয়। সেইবিলাক ডাব কৰে। তেনেকুৱা ধৰণে কৰি দিয়াত কি আপত্তি আছে? মই বোলো তেনেকে হ’লে তো হয়। মই ভবা নাই আৰু। মই কমল হাছানে হিন্দী ক’ব পাৰে বুলি ভাবিছিলোঁ। যিহেতু সেই লাইনটোতে আছে। আৰু আমি ইয়াত থাকোঁ। বম্বেৰ পৰা বহুত দূৰ। বম্বে-মাদ্ৰাজ একেবাৰে গাতে লাগি আছে আৰু ধৰা। মই তেনেকে ভাবিলোঁ। গতিকে অসুবিধা একো নাই। কৰিব পাৰে। তেনেকুৱা ধৰণৰ কথা ভাবি পেলাই মই নকৰি থৈ আহিছিলোঁ। পাছত এখন কৰিলোঁ। পিচে দুৰ্ভাগ্য! ৰিলিজ নহ’ল। সেইখন জাহ্নু বৰুৱাৰে আছিলে। টিটলি বুলি।

ফটাঢোল : কভিড মহামাৰীয়ে কৰা বিশ্বব্যাপি কৰা ক্ষতি সম্পৰ্কে আমি সকলো অৱগত। এই বিগত দুটা বছৰৰ অচলাৱস্থাই অভিনয় জগতজগত তথা ইয়াৰ লগত জড়িত ব্যক্তিসকলৰ ওপৰত কেনে প্ৰভাৱ পেলাইছে বুলি ভাবে আপুনি?

বিষ্ণু খাৰঘৰীয়া : এইটো মানে, কথাটো হৈছে কি এই ধৰণৰ প্ৰভাৱ যিকোনো কাৰণতে হ’ব পাৰে। অফিছ- তফিছ বিলাকতো প্ৰায় বন্ধয়ে আছিল। তেনেকেই চলি গৈছে। এতিয়া আকৌ অফিছ আৰম্ভ হৈছে। ঠিক তেনেকুৱা ধৰণৰেই হ’ব। এতিয়া এই ক’ৰণাৰ ভেকচিন তেকচিন হোৱাৰ পিছত মানে পানী লগা জ্বৰৰ নিচিনা। বোলে কি হৈছে? সি আহিব পৰা নাই মানে ক’ৰণা হৈছে। গতিকে এই ঠিক তেনেকুৱা ধৰণৰ কথা হ’ব পাৰে। গতিকে এইটোত ইমান ভয় কৰিব লগা কথা নহয়। আৰু মই ভাবোঁ এইটো (অলপ হাঁহি) ভাল হৈ আহিবই সি। মানে অনবৰতেইতো এই বেয়া দিন চলি নাথাকে। ভাল দিন আহিবই।

ফটাঢোল : ছাৰ এনেয় আৰু (হাঁহি) বাস্তৱ জীৱনত অভিনয় কৰি পাইছে নে?

বিষ্ণু খাৰঘৰীয়া : বাস্তৱ জীৱনত অভিনয়….. কেতিয়াবা কৰিব লগা হয়, একো অস্বাভাৱিক নহয় আচলতে (হাঁহি)

ফটাঢোল : কেতিয়াবা অভিনয় কৰিবলগীয়া হৈছে নে তাৰ মানে?

বিষ্ণু খাৰঘৰীয়া : অ’ তেনেকুৱাতো নহয় আৰু .. বহুত কথা থাকে তেনেকুৱা অৱশ্যে ..

ফটাঢোল : বাৰু চাৰ, অভিনয় ক্ষেত্রখনৰ লগত জড়িত বা অন্য ধৰণৰো তেনেকুৱা কিবা কাহিনী বা অভিজ্ঞতা আছেনে যিটো সুঁৱৰি আপোনাৰ ভাল লাগে আৰু যিটো পঢ়ি আমাৰ পঢ়ুৱৈয়েও আমোদ পাব?

বিষ্ণু খাৰঘৰীয়া : অভিনয় মানে…. এতিয়া মই সাধাৰণ কথা এটা কওঁ শুনা। যেতিয়া মই এটা চৰিত্ৰত অভিনয় কৰোঁ, অভিনয় কৰিলোঁ। অভিনয় কৰাৰ পাছত সেইদিনা ঘৰলৈ আহিলোঁ, মুখ হাত ধুই বঢ়িয়া কৈ ভাত তাত খাই শুই গ’লোঁ। কিন্তু এইবিলাকতো একেধৰণৰ কথাই আৰু। অভিনয় জগতৰো। মানে খুব স্পষ্ট কৈ কৈ দিয়া নাই যদিও প্ৰেম-তেমৰ কৰি পাইছে নে জাতীয় তেনেকুৱা ধৰণৰ কিবা জানিব খোজা হৈছে নেকি বাৰু? (হাঁহি) তেনেকুৱা কথা অকণমান হ’ব পাৰে। একো আচৰিত কথা নহয়।

ফটাঢোল : হয় ছাৰ।

বিষ্ণু খাৰঘৰীয়া : সৰুৰ পৰা আমি ডাঙৰ হৈ আহোঁ। মানসিক স্তৰো অলপ বেলেগ হৈ যায়গে। এইবিলাক ক’ব নোৱাৰা কথা। তাতে খালী এই উদণ্ড হ’ব নালাগে।

ফটাঢোল : এতিয়া আজিকালিৰ অভিনেতাসকলৰ কথা ক’বলৈ গ’লে তেওঁলোকৰ যিটো পপুলাৰিটি বা জনপ্ৰিয়তাটো বেলেগ। নতুন চামৰ লগত তেনেকুৱা হয়। আপোনালোকৰ মাজত তেনেকুৱা কিবা….?

বিষ্ণু খাৰঘৰীয়া : নাই। তেনেকুৱা মানে আমি যিখিনি আছিলোঁ খুব কমে আছিলোঁ। ইটোৱে সিটোক যদি অকস্মাৎ লগ পাওঁ হৈ – হাল্লা আৰু। কেতিয়া আহিলি? কি কথা? কি বতৰা? এনেকুৱা আৰু। তাৰ বাহিৰে অন্য বিশেষ কিবা মই পোৱা নাই। অৱশ্যে এইটো কথা ঠিক আমাৰ বয়সৰ কাৰণে কথাবোৰ নতুনবিলাকৰ দৰে নহয় সিমান৷ পুৰণাখিনিতো পুৰণাই আৰু। কেইজনমানহে আছোঁ। গতিকে অকস্মাৎ দূৰৰ পৰা দেখিলে চিঞৰ বাখৰ অকণমান হয়। আৰু বাকীবিলাকে অলপমান সমীহ কৰিয়েই আঁতৰি যায়। ঠাইখিনিও এৰি দিয়ে। এনেকুৱা ধৰণৰ হয়। গতিকে বহুত কথা গম নোপোৱা কৈয়ে হয়।

ফটাঢোল : চাৰ, এনেয়ে মানে বেলেগৰ মুখত শুনা মোৰ মনত আছে। কিছুমান বিহু ভিচিডিত এনে কিছুমান চৰিত্ৰত আপুনি অভিনয় কৰিছে যিবিলাক অলপমান ধেমেলীয়া ধৰণৰ। কিন্তু সেইবিলাক চোৱা মানুহে এনেকৈ কয়- “বিষ্ণু খাৰঘৰীয়া মানুহজন কিন্তু বাস্তৱত সাংঘাতিক গহীন।” চাৰ, সেইটোও এটা কাৰণ হ’ব পাৰে যে পটককৈ আপোনাৰ ওচৰলৈ গৈ এটা কথা কৈ দিবলৈ হয়তো সাহস নকৰিব পাৰে। হ’লেও চাৰ তেনেকুৱা কিবা হাঁহি উঠা ঘটনা আছে নেকি? অকল অভিনয় ক্ষেত্রখনত বুলি নহয়। এনেয়ে কিবা?

বিষ্ণু খাৰঘৰীয়া : মই আগতেই কৈছোঁ। মই মানে সব চিৰিয়াচ হিচাপেই লওঁ। চিৰিয়াচৰ মাজত কমেডী নাহেই। গণ্ডগোলটো হ’ল সেইখিনিতে। মাজত যদি অকণমান হাঁহি উঠা কৈ দিয়ে সেই মজাটোও লওঁ আৰু। সেই মজাটো লৈ ভাল লাগে। আজি দুটামান দিন আগতে মোৰ লগৰ এজনে এটা মেচেজ দিছিলে যে বাক্য ৰচনা কৰ “মুখ পাতি ধৰ”। বিহুৰ সময়ত আৰু। উত্তৰ দিছে যে- মোৰ এখন হাতত মদৰ গিলাচটো আৰু এখন হাতত চিগাৰেট থকাৰ বাবে সি দিয়া মাংসৰ টুকুৰাটো মই মুখ পাতি ধৰিলোঁ। (হাঁহি) এই ধৰণৰ কথা কিছুমান। এই ধৰণৰ মজাটো মই লওঁ। এতিয়া তোমালোকক কৈছোঁ। হাঁহি উঠিছে। এনেকুৱা মজাবিলাক লৈ ভাল লাগে।

ফটাঢোল : অভিনেতা বিষ্ণু খাৰঘৰীয়া নোহোৱা হ’লে কি হ’বলৈ ভাল পালেহেঁতেন?

বিষ্ণু খাৰঘৰীয়া : কি হ’বলৈ ভাল পালোঁহেঁতেন ক’ব নোৱাৰোঁ। কিন্তু ইমান ডাঙৰ, ওখ, শকত আবত ইমানটো মানুহ এটা হ’লোঁহেঁতেন সেইটো খাটাং।

ফটাঢোল : আপোনাৰ লগত কথা পাতি খুব ভাল লাগিল৷ ফটাঢোলক ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ৷

বিষ্ণু খাৰঘৰীয়া : ধন্যবাদ

(ফটাঢোল ই-আলোচনীৰ হৈ সাক্ষাৎকাৰটি যুগুতালে জীমণি গগৈ আৰু অঞ্জন সাধনিদাৰে)

*****

6 Comments

  • আদিত্য

    বঢ়িয়া লাগিল । এইটো বৰ ভাল কাম এটা হ’ল ।

    Reply
  • ভাল লাগিল৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    বৰ বঢ়িয়া৷

    Reply
  • ৰিণ্টু

    খুব ভাল লাগিল। আমাক এইকণ সুবিধা দিয়াৰ বাবে বিষ্ণু খাৰঘৰীয়া চাৰলৈ অশেষ ধন্যবাদ।

    ধন্যবাদ অঞ্জন আৰু জীমণি

    Reply
  • কৰবী দেৱী

    চাৰৰ কথাবোৰে মুগ্ধিত কৰিলে। চাৰৰ কুশল কামনা কৰিলো।

    Reply
  • চন্দন গগৈ

    চাৰৰ পৰিচালনাত ভ্ৰাম্যমানত থাকোঁতে এখন নাটক কৰিছিলো, কেতিয়াও নাপাহৰো সেই দিনবোৰ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *