ফটাঢোল

ফটালিমাৰিক : ধনজিৎ বৰুৱা

১)
একেখন কিতাপ পঢ়ি পণ্ডিত বৰ বৰ
নিজ পন্থাৰে ঈশ্বৰ পাব কৰে খৰধৰ
ইষ্ট গুৰু হায়ৰান
তৰ্কত পণ্ডিত যুযুধান
অধমে ক’লোঁ স্বৰ্গতে থাক সোনকালে মৰ।

২)
নাচনীৰ খোপাত উঠি কপৌৱে গোটেই চহৰ চালে
গায়ক ৰাইজক ওচৰৰ পৰা দেখি বহু চমক খালে
চুবুৰীয়া বহু বাই ভনী
সোপাই মানে ছিঙিলে আনি
চাৰিখনমান মঞ্চ পাৰ হৈ কপৌৱে শুলে নাচনীৰ তালে ।
৩)
বহাগ মাহত ভৈলা বৰষুণ দ্বিতীয় কিস্তি নাই
বাপুৰামে আঁচনিৰ ঘৰৰ পৰা জোন বিচাৰি চাই
শন খেৰৰ চাপৰিটো
বেদখল হৈ গ’ল
হুঁচৰিত তিতি সেৱা লৈ গঞাৰ বিহুৰ আনন্দ পায়৷

৪)
কূটনীতিত পৰিলে ভৰি প্রথমে ভাবে দামী জোতা
জোতাই ওলোটাই চোবাই ভৰি হাঁহি মৰাজন হোতা
দেশ জাতিৰ যুদ্ধ
প্ৰকৃতিও হয় ক্ৰুদ্ধ
নুবুজোঁ মানুহৰ ইতিহাস তেজৰ মন গহনত পোতা৷

*****

Leave a Reply

Your email address will not be published. Required fields are marked *