ফটাঢোল

দক্ষিণ আফ্ৰিকাৰ ডায়েৰী : অগ্নিভ দত্ত

মাৰ্চ মাহত প্ৰায় ১৮-২০ দিন স্কুল বন্ধ থাকে, গতিকে কৰবাত নহয় কৰবালৈ ফুৰিবলৈ যোৱা হয়েই বিশেষ অসুবিধা নহলে৷ এইবাৰো তেনেকৈয়ে ভাবি থৈছিলো, প্ৰথমে প্লেন কৰিছিলো ড্ৰাইভ কৰি কেপটাউন যাম ৷ প্ৰায় ১৪০০ কিঃমিঃ ৰাস্তা৷ কিন্তু এইবছৰ ইমান বৰষুণ দিছে যে শেষত সেইটো প্লেন সলনি কৰি দুটা ভাগত ভাগ কৰি কেইদিনমান ক্লেৰেন্স আৰু কেইদিনমান হাটিবিচপুৰ্টত থকাকে যোৱাকে ঠিক কৰিলো৷

ক্লেৰেন্সটো প্ৰায় গৈ থকা হয় তাৰ বিশেষ পৰিবেশটোৰ বাবে, আৰু সেই অকনমানি ঠাইখন সদায় প্ৰিয়৷ এইবাৰো কেইদিনমানৰ বাবে গৈ একেই সকলো অৱসাদ দুৰ কৰি আহিলো৷ ক্লেৰেন্সৰ পৰা আহি আমাৰ প্লেন মতেই আগতীয়াকৈ বুক কৰি থোৱা হাটিবিচপুৰ্ট যোৱাৰ যা যোগাৰত লাগিলো৷ ঘৰৰ পৰা মাথো দুঘন্টাৰ বাট, তথাপিও কৰবাত থকাকে গলে ইটো সিটো যা যোগাৰ কৰিব লগা হয়েই৷ তাতে হাটিবিচপুৰ্টত আগতে থকাকে যোৱাও নাই৷ সৰু টাউন৷

আমি বুক কৰা ৰিজৰ্টটোত সোমোৱাৰ সময় ২ টা বজাত৷ আমাৰ প্লেন আছিল ১ টা মান বজাত ঘৰৰ পৰা ওলাম ৩ টাত ৰিজৰ্টত সোমামগৈ৷ কিন্তু সময়ত ওলাবলৈ গৈ ইটো সিটো কৰি থাকোতে প্ৰায় ১. ৪৫ য়েই হলগৈ ৷ ঘৰ দুৱাৰ বন্ধ কৰাৰ আগতে ফুলত, পাচলিত পানী দুনি দিয়া আদিৰ কামবোৰো কৰিব লগা হয়, নহলে আকৌ ওচৰৰ কাৰোবাক দিবলৈ কৈ যাব লাগিব৷ বেছি দিন হলে বাৰু কৈ যাঁও কিন্তু কেইদিনমানৰ বাবে গলে ভাল নালাগে৷

যি কি নহঁওক, ১. ৪৫ ত একদম ওলালো৷ অৰ্নি গাড়ী ষ্টাৰ্ট কৰোতেই নোশোঁও বুলি বহি ললে ভালদৰে, কিন্তু ১০ মিনিটো নালাগিল৷ টোপনীত লালকাল দিলে ৷ অকনমান বৰষুণ পৰিছিল যদিও কিছুদুৰ অহাৰ পাছতেই বৰষুণ বন্ধ হল ৷ এঘন্টা মান যোৱাৰ পাছতেই ওৱান ষ্টপ পেট্ৰল পাম্প এটা পোৱাত ফ্ৰেচ অকনমান হোৱাৰ লগতে কফি দুকাপো লৈ ললো৷সাধাৰণতে হাই ৱে বিলাকত ৫০ ১০০ কিঃমিঃ ৰ অন্তৰে অন্তৰে ওৱান ষ্টপ পেট্ৰল পাম্প কিছুমান থাকে৷ পেট্ৰল পাম্পৰ লগতে সৰু মিনি মল সদৃশ, ৰেষ্টুৰেণ্ট, দোকান আদি থাকে পেট্ৰল পাম্পৰ সংলগ্ন হৈ৷

তাৰ পৰা চিধা আমাৰ নিৰ্দিষ্ট ৰিজৰ্টখনলৈ বুলি ওলালো৷ ১০০, ১২০ ষ্পীডত গাড়ী চলি থাকিল, মাজে মাজে চহৰৰ সংলগ্ন অঞ্চলত ৰাস্তাত যথেষ্ট ভীৰো পালো৷ সেইবোৰ অঞ্চল আৱাসিক হোৱা বাবে বেছি জোৰটো গাড়ী চলাব নোৱাৰি, ৬০ কিঃমিঃতকৈ জোৰত চলোৱাত বাধা আছে ৷ তেনেকৈ গৈ গৈ আমাৰ ৰিজৰ্টখন পাঁওতে ঠিক ৪ টাই বাজিল ৷ আমি পোৱাৰ লগে লগে আমান্দা ওলাই আহিল৷ আধা ধন দিয়াই আছিল, বাকী আধা পোৱাৰ পাছত দিব লগা আছিল৷ সেইখিনি দিয়াৰ লগতে ৰূমৰ ছাবি আদি লাগতীয়াল বস্তুখিনি আগবঢ়াই দিলে৷

ৰাতিপুৱাৰ জলপান তাতে খোৱাৰ কথা৷ আমান্দাৰ মানুহজনক তাতে পাই দুই এটা কথা সোধাৰ লগতে খোৱা বোৱাৰ বাবে দুখনমান ৰেষ্টুৰেন্টৰ নামো জানি ললো৷ সৰু টাউনখন ৷২০, ২৫ হাজাৰ মান মানুহৰে সৰু টাউনখন ৷ গোটেই টাউনখন গঢ় লৈ উঠিছে এটা নদীবান্ধক কেন্দ্ৰ কৰি ৷ ককডায়েল নদীৰ ওপৰত এটা বান্ধ নিৰ্মান কৰা হৈছিল ১৯১৪ চন মানতে৷ বান্ধটো হয়তো মুকলি কৰি দিয়া হৈছিল ১৯২৫ চনত৷ সেই বান্ধটোৱেই ঠাইখনৰ বৰ্তমানৰ অৰ্থনৈতিক ভেটি৷

ৰূমৰ ছাবি কাঠি লৈ ৯ নম্বৰ ৰূমটোত সোমালোগৈ৷ আহল বহল ৰূমটো৷ বস্তুখিনি গাড়ীৰ পৰা নমাই অকনমান ফ্ৰেচ হৈ লগত লৈ যোৱা কেক, বিস্কুট, চেন্দুইচ আদিৰে চাহ একাপ একাপ খাই ললো৷ বাৰান্দাৰ পৰাই বান্ধটোৰ পানী দেখি থাকি৷ বান্ধটো আৰু আমাৰ ৰিজৰ্টখনৰ মাজত মাথো ৰাস্তাটো ৷ পৰিবেশটো বৰ সুন্দৰ ৷ চাহ খাই এনেয়ে এপাক গাড়ীখন লৈ ওলাই গলো টাউনখন পাক মাৰিবলৈ৷ বৰ সযতনে গঢ়ি তুলিছে সকলোবোৰ৷ ঘৰবোৰ বিশেষকৈ বৰ আটোমটোকাৰীকৈ বনোৱা৷ বেছিভাগ ঘৰেই পৰ্য্যটকৰ বাবে সুবিধা থকা৷

আমি ৰাস্তাই ৰাস্তাই ঘুৰি মন কৰিলো ৪, ৫ টা বজাত দোকান পোহাৰ প্ৰায় সকলো বন্ধ৷ ৰেষ্টুৰেন্টবোৰ অৱশ্যে খোলা৷ ৰেষ্টুৰেণ্টবোৰত পৰ্য্যটকে গিজগিজাই আছে৷ কভিডৰ নীতি নিয়মবোৰ উঠাই দিয়াৰ পাছত মানুহবোৰেও আৰু মুকলিমুৰীয়াকৈ ঘুৰা ফুৰা কৰিব লৈছে৷দুটা বছৰে মানুহবোৰক কমখন জ্বলাকলা খুওৱা নাই৷ অকনমান টাউনখন ঘুৰি ৰূমলৈ ঘুৰি আহিলো, ৰাতি কত খাম যাম তাকো ঠিক কৰি আহিলো ৷ ৰূমত আহি পাওতে ভাল আন্ধাৰেই হ’ল৷ মানুহবোৰে ৰূমৰ সন্মুখত বহি আদ্দা মৰাই আদ্দা মাৰিছে, মদিৰা খোৱাই মদিৰা গ্ৰহণ কৰিছে৷ বান্ধটোৰ ইটো পাৰে বিভিন্ন ৰঙৰ লাইটেৰে পৰিবেশটো বাংময় হৈ উঠিছে৷

বাহিৰৰ চকীতে বহি পৰিবেশটো উপভোগ কৰিলো ৷ কিবা যেন এক মায়াপুৰীতহে আছো তেনেকুৱা লাগি গল৷ এই দৰে সেই সুধা পান কৰি ৰূমৰ ভিতৰত বিচনা কেইখনত গাটো এৰি দিলো৷ দিনটোৰ ভাগৰখিনিয়ে যেন জুবুৰা মাৰি ধৰিলে৷ এনেদৰে কিছু সময় বিচনাৰ আমেজ লৈ ৮ মান বজাত ৩ কিঃমিঃ মান দুৰত থকা পৰ্তুগীজ ৰেষ্টুৰেন্ট এখনলৈ বুলি ওলাই গলো৷ গান বাজনাৰে পৰিবেশটো উত্তাল হৈ আছে, আমি বাহিৰৰ টেবুল এখনেই চাই ললো৷ লাইটৰ চকা মকা পোহৰ আৰু গান বাজনাৰে পৰিবেশটো একদম উৎসৱ মুখৰ হৈ পৰিছে, লগতে মানুহেৰে ভৰ্তি হৈ পৰিছে৷

খোৱাৰ বাবে মই মিছা মাছৰ আঞ্জাৰে ভাত ললো, ৰীমাই কুকুৰা মাংস ললে, অৰ্নীয়েও মাংস ললে৷ খোৱা বোৱাখিনি ভাল, তাতে পৰিবেশটোৱে খোৱা বোৱাখিনিতো হয়তো প্ৰভাৱ পেলাইছিল৷ খাই থাকোতেই পুৰণা সহকৰ্মী এজনকো পৰিয়াল আৰু বন্ধুৰ সৈতে তালৈ অহাত লগ পালো৷ তেখেতসকলো দুদিনমান থকাকে আহিছে৷ খাই বৈ ৰূমলৈ ঘুৰি যাঁওতে ১০ টা মানেই বাজিল৷ টাউনখন যেন শুই পৰিছে! ৰাস্তাত দুই এখন গাড়ী পোৱাৰ বাহিৰে যেন সকলো শুই নিঃপালি দিছে তেনে লাগিল৷

ৰূম পাই ইটো সিটো কৰি শোওতে ১২ টাই বাজিল ৷ ৰাতিপুৱা সোনকালে উঠি বান্ধৰ ফালে খোজ কাঢ়িবলৈ যোৱাৰ প্লেন কৰিলো ৷ ৬ টা বজাত ওলাই যোৱাৰ প্লেন কৰিছিলো যদিও আন্ধাৰ হৈ থকাত আৰু বিচনা এৰিব মন নোযোৱাত ওলাওতে ৬:৪৫ মানেই হলগৈ৷ ওলাই যাওতে দেখিলো ভাগে ভাগে মানুহে জগিং কৰাই জগিং কৰিছে, চাইক্লিং কৰাই চাইক্লিং কৰিছে৷ আমি খোজ কাঢ়ি আগবাঢ়িছো তাৰ মাজে মাজে৷ একদম ফ্ৰেচ বতাহ জাকে গা মন শিহৰিত কৰি গৈছে৷ ওচৰৰ পাহাৰে পৰিবেশটো যে কি অপূৰ্ব ৰূপত ডাঙি ধৰিছে কবলৈ ভাষা নাই৷ মাগালিজবাৰ্গ মাউনটেইন ৰেঞ্জত পৰে এই অঞ্চলটো৷

এক দেৰঘন্টা খোজ কাঢ়ি পৰিবেশ উপভোগ কৰি ৰূমত ফ্ৰেচ হৈ গা পা ধুই তলত থকা ঠাইকনত পুৱাৰ জলপান খাবলৈ আহিলো৷ ইমান ধুনীয়াকৈ সজাই তুলিছে খোৱাৰ ঠাইকন৷ তেনেতে এফালে মন কৰিলো কেইবাটাও জন্তুৰ মুখমণ্ডল ৱালত সুন্দৰকৈ সজাই থোৱা আছে৷ আমান্দা অহাত সুধিলো তাৰ বিষয়ে৷ আমান্দাই কলে, তেখেতৰ আগৰ স্বামীজন আঢ়ব্যন্ত কৃষক আছিল, তেখেতে চিকাৰ কৰা জন্তুৰে এইবোৰ৷ তেখেতৰ মৃত্যুৰ পাছত এই ৰিজৰ্টটো খোলোতে এইসমুহ তেখেতৰ সোৱৰণত সজাই থোৱা হয়৷ আমান্দাই কথাখিনি বুজাই থাকোতে তেখেতৰ বৰ্তমানৰ স্বামীয়েও আন কিছু কথা বুজাই দিলে৷

সুন্দৰকৈ সজাই দিয়া পুৱাৰ জলপানেৰে পেট ভৰি পৰিছিল ইতিমধ্যে ৷ খাই বৈ ঠিক কৰিলো প্ৰথম যাম হাটিবিচপুৰ্ট বান্ধলৈ৷ ৰাতিপুৱা কিছু ভীৰ কম থাকে, গতিকে সময় অলপ পাম কথা মতেই কাম৷ বান্ধটো বনোৱা অভিযন্তাজনৰ নামেৰেই বান্ধলৈ যোৱা পথটোৰ নাম, স্কটচ ৰড৷ বান্ধটোৰ ৱালৰ লগতে তাৰ ওপৰেদি যোৱা বিশেষ টানেলৰ অংশটো পৰ্য্যটকৰ বাবে আকৰ্ষণ৷ আমি গৈ পাঁওতে বৰ বিশেষ ভীৰ নাছিল, গতিকে নাতিদুৰত গাড়ী পাৰ্ক কৰি বান্ধটোৰ ৱালৰ ওপৰদি খোজ কাঢ়ি গোটেই পৰিবেশটো উপভোগ কৰিলো৷ এই নদীবান্ধটো ১০০ বছৰৰ আগতেই নিৰ্মাণ কৰা হৈছিল সেই অঞ্চলটোৰ জলসিঞ্চনৰ বাবে৷

ফটো, ভিডিঅ আদি হেপাঁহ পলোৱাই কৰি থাকোতেই অনুভৱ কৰিলো পৰ্য্যটকৰ ভীৰ লাহে লাহে বাঢ়ি আহিব ধৰিলে, গতিকে ভাবিলো লাহেকে ওলাই যোৱাই ভাল৷ তাৰপৰা অলপ দুৰত থকা বাঘ, সিংহ থকা সৰু চিৰিয়াখানা এখন চাবলৈ গলো৷ লগতে থকা আফ্ৰিকান মাৰ্কেটখনত প্ৰথম সোমাই ললো৷ তাতেই কিছু বজাৰ কৰি বাঘ, সিংহ চাবলৈ সোমালোগৈ৷ বাঘ, সিংহ, শিয়াল, কুকুৰনেচীয়া বাঘ, নেওল আদিকে ধৰি বিভিন্ন জন্তুৰে চিৰিয়াখানাখন৷ সেইখন ঘুৰি মেলি এইবাৰ ওলালো মাগালিজবাৰ্গ পাহাৰৰ ওপৰত থকা ‘কেৱলকাৰ’ লৈ৷

১৯৭৩ চনতে আৰম্ভ হোৱা এই ‘কেৱলকাৰ’ অৱশ্যে ২০১০ চনত নতুনকৈ সুন্দৰকৈ সজাই পৰাই তোলা হয়৷ মাগালিজ পাহাৰৰ ওপৰৰ পৰা নদীবান্ধটোকে ধৰি বিস্তৃত অঞ্চল ওপৰৰ পৰা উপভোগ কৰিব পাৰি৷ দিনটোত ৰাতিপুৱাৰ পৰা গধুলিলৈকে চলা সেই “কেৱলকাৰ”ত উঠি তাৰ পৰিবেশ উপভোগ কৰিবলৈ পৰ্য্যটকেৰে ভৰি থাকে৷ আমি পাহাৰৰ ওপৰলৈ গৈ তাত থকা ৩৬০ ডিগ্ৰী বোলা ৰেষ্টুৰেন্টখনতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ কথা৷ অন লাইন টিকেট লৈ যাঁওতে যাঁওতে ৩ বাজিলেগৈ প্ৰায় ওপৰ পাঁওতে৷ পেটেও কলমলাবলৈ আৰম্ভ কৰিছিল ইতিমধ্যে, গতিকে চিধাই গৈ ৰেষ্টুৰেন্টত সোমালো৷

ভালদৰে পেট ভৰাই খাইহে ওপৰৰ পৰা তলৰ দৃষ্টিনন্দন পৰিবেশ উপভোগ কৰিবলৈ ওলালো৷ বতৰটো যথেষ্ট ঠাণ্ডা, ফেৰফেৰিয়া বতাহজাকে গা মুৰ শিৰশিৰাই. নিছে৷ মানুহে ভৰি আছে, ফটো তোলাই তুলিছে, খোৱাই খাইছে তাত থকা দুযযোখন ৰেষ্টুৰেন্টত, খেলা ধুলা কৰাই তাকে কৰিছে৷ অতি সুন্দৰকৈ সকলো সুবিধা প্ৰদান কৰা হৈছে পৰ্য্যটকৰ সুবিধা অনুসৰি৷ ইয়াত এটা কথা মন কৰিছো যিমানবোৰ পৰ্য্যটনস্থলী আছে সকলোতে দেখো বস্তুবোৰৰ দাম আন ঠাইৰ তুলনাত বেছি নহয় মানে পৰ্য্যটকক লুটাৰ চেষ্টা কৰা নহয় বৰ এটা৷ অৱশ্যে সেইঠাইৰ বিশেষ উপহাৰ যোগ্য বস্তু আদিৰ কথা বেলেগ, তথাপিও যথেষ্ট ৰিজনেবল৷

তাৰপৰা নামি আহোতে মেলোতে ৫: ৩০ মানেই হলগৈ৷ দিনটো ৰাতিপুৱাৰে পৰা ঘুৰি ঘুৰি ভাগৰো লাগিছে, গতিকে ৰূমলৈ গৈ অকনমান আৰামকে কৰাটো ঠিক কৰিলো৷ ৰূম পাই ফ্ৰেচ হৈ চাহ একাপকৈ বনাই বিস্কুট, কেকেৰে চাহ কাপ খালো৷ ফ্ৰেচ লাগি গল৷ ৰেষ্ট লৈ ৮: ৩০ মানত গাৰ্ডেন ৰেষ্টুৰেন্ট এখনলৈ বুলি ৰাতিৰ আহাৰৰ বাবে গলো ৷ বাহিৰত ঠাণ্ডা হোৱাত ভিতৰতেই বহিলো৷ মই আকৌ মিছা মাছেই ললো, ৰীমাই হেক আৰু অৰ্নীয়ে মূৰ্গী মাংস ললে ভাতৰ লগত৷ খোৱাখিনি আগদিনাতকৈ ভাল পালো৷ নিৰিবিলি পৰিবেশত সুন্দৰকৈ সজাই দিয়া খোৱা বোৱাখিনি কৰি সোনকালেই ৰূমত সোমালোগৈ ৰাতিয়েই কাপোৰ কানি যিমান পাৰো সামৰি থলো, ৰাতিপুৱা বান্ধটোৰ আনটোফালে থকা কচমচ বুলি গাঁওখনলৈ যাম বুলি ভাবিলো৷ ২০ কিঃমিঃ মান দুৰ হয়৷

ৰাতিপুৱা ৬ টাত আকৌ আন্ধাৰ হৈ থকা বাবে ৬: ৩০ তহে ওলাই গলো৷ নিৰিবিলি ৰাষ্টাটোৰ গৈ থাকোতে বৰ ভাল লাগিল৷ গাড়ীও কম ৰাস্তাত! চাইক্লিং কৰা চাইক্লিং, দৌৰাই অৱশ্যে দৌৰি আছে ৰাস্তাত৷ আমি চাই থোৱা মতেই ৭ টা বজাত এখন ৰেষ্টুৰেন্ট খুলিব, তাতেই লাইট ব্ৰেকফাষ্ট কৰিম বুলি জিপিএচৰ মতেই সেইখিনি পালোগৈ৷ এই কচমচ গাঁওখন ১৯২০ চনতে বান্ধৰ লগতেই স্থাপন হোৱা৷ কচমচ নামটো ইয়াত ৰাস্তাৰ কাষে কাষে হোৱা ফুল এবিধৰ নামেৰে ৰখা৷ গাঁও নামতহে, সৰু টাউন এখন, বান্ধটোৰ কাষে কাষে গঢ়ি উঠা ঠাইখন সঁচাই বৰ মনোমোহা৷ কেৱল এটা বান্ধক কেন্দ্ৰ কৰি ইমানবোৰ অঞ্চলেই কেৱল গঢ়ি উঠা নাই তাৰ লগে লগে পৰ্য্যটনক কেন্দ্ৰ কৰি এক অৰ্থনীতিও গঢ়ি উঠিছে৷

আমি যাব লগা ৰেষ্টুৰেন্টখন এটা গলফ আৰু য়াৰ্ট ক্লাৱৰ মাজত অৱস্থিত লগতে তাৰ আশেপাশে অসংখ্য হলি ডে হোম৷ সেই অঞ্চলটোত মাটি ঘৰ আদিৰ দামো যথেষ্ট বেছি৷ যি কি নহঁওক কফি আৰু চেণ্ডুইচ অৰ্ডাৰ কৰি বান্ধটোৰ পাৰে পাৰে ফুৰিবলৈ ধৰিলো৷হিমশীতল বতাহ জাকে গা মন জুৰ পেলাই গল৷ কফি কাপ হাততলৈয়ে ভাল লাগি গল, গৰম কফি কাপ ফুৱাই ফুৱাই খাব ধৰিলো৷ সন্মুখত পানী কেৱল, ইফালে গলফ খেলি আছে তাত মেম্বাৰচীপ থকাখিনিয়ে, আনহাতে নাঁওবোৰ ইফালে ৰখাই থোৱা আছে৷ সেইখিনিতে অলপ সময় কটাই ৰূমলৈ আহি ফ্ৰেচ হৈ ব্ৰেকফাষ্ট কৰিবলৈ গলো৷

গাহৰিৰ মাংসৰ লগতে বাকী বাকী বস্তুখিনিৰে ব্ৰেকফাষ্ট যথেষ্ট হেভীয়েই হল ৷ব্ৰেকফাষ্ট কৰি তাৰ পৰা আমি ওলাই গলো আনএখন সৰু চিৰিয়াখানালৈ৷ অৰ্নীৰ ইচ্ছা আছিল তাত চীলৰ খেলা চোৱা৷ কিন্তু গৈ পোৱাৰ পাছতেই বৰষুণ আৰম্ভ হোৱাত হব লগীয়া চীল ‘শ্ব’ টো কেনচেল হল৷ তাত থকা বাঘ, সিংহ, চৰাই, সাপ আদি চাঁওতে প্ৰায় দেৰটাই বাজিলে৷ তাৰ পৰা ভভোতেলো বুলি খুব জনপ্ৰিয় ৰেষ্টুৰেন্ট এখনত দুপৰীয়াৰ সাজ খাবলৈ সোমালোগৈ৷ তাতে দুপৰীয়াৰ সাজ ভালকৈ খাই বৈ ওলাওতেই প্ৰায় তিনি বাজিল ইতিমধ্যে বৰষুণো এৰিলে৷ সৰু সুৰা বস্তু কেইটামান কিনি আমি লাহেকৈ তিনিদিনীয়া হাটিবিচপুৰ্ট ভ্ৰমণৰ সামৰণি মাৰি উভতনি যাত্ৰা আৰম্ভ কৰিলো৷

*****

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *