ফটাঢোল

দ্ৰোপদী : গীতাৰ্থী গোস্বামী

আদহীয়াৰো ওপৰৰ হ’ল। আলৰ হ’বলৈ কেইটামান বসন্তহে বাকী। বোৱাৰীয়েক লখিমীয়ে এদিন লক্ষ্য কৰিলে এই পকি, সৰিবলৈ ধৰা মানুহজনে অনবৰতে ফোনটো কাণত লগাই দেশৰ ছোৱালীবোৰৰ লগত কথা পাতি থাকে। ভৈয়াই ঐ! দেশখন ৰসাতলে গ’ল। কেইবাদিনো তাই কথাষাৰ মন কৰিলে। তাকো লুকাই চুৰকৈও কথা নাপাতে। একদম খোলাকৈ কথা পাতি ঢেকঢেকাই হাঁহেও। বোৱাৰী ওচৰত আছে বুলিও কেৰেপেই নকৰে। কথানো কি! বোলে সংগীতাই অমুকৰ ঘৰত চাহপানী খালেগৈ। কবিতা আজি নামলৈ নাযায়। বন্দিতাৰ সিদিনা নাম ধৰি থাকোঁতেই সৰুপানী চোৱা লাগিল।….

হে ভগৱান! বুঢ়া বয়সত এইজনৰ কি হ’ল বাৰু?


এদিন গধূলি পুতেক কামৰ পৰা অহাৰ পাছত চাহ-জলপান যতনাই লখিমীয়ে সকলো কথা ক’লে। হলধৰো আচৰিত। পিতা তেনে মানুহ নাছিল নহয়! কি হ’ল?
মনৰ দুখত হলধৰে পিছদিনা ছুটী ল’লে। পিয়’নৰ চাকৰি, ছুটী পোৱাই টান।
পুৱাৰ পৰা পিতাকৰ আশে-পাশে হলধৰ ঘূৰি ফুৰিলে। নাই ফোন অহাও নাই, কৰাও নাই। এপাকত কোৰখন লৈ পিতাক বাৰী পালেগৈ। হলধৰ পিছে পিছে গ’ল। কোৰখন লৈ শাকনিত এচাব মাৰোঁতেই আহিল নহয় ফোন!

: অ’ ৰশ্মিতা, এ নক’বা বুইছানে? আমাৰ হল আজি কামলৈ নগ’ল। দুইটাই বোলো শাকতলিখনকে উলিয়াওঁ। কি ক’লা? আজি নামলৈ ঘ’পিতা নাহে? কি কাৰণে? এ ক’বিতাক সুধিবলৈ পঠিয়াই দিবা। বাৰু মই যাম যাম। হ’ব, ৰাখোঁ।

হলধৰে যেন প্ৰকাণ্ড চোৰ এটাহে ধৰিলে! বোলে –

: পিতাই, লখিমীৰ কথাষাৰ মিছা বুলিহে ভাবিছিলোঁ। পিছে নিজে পৰমাণ পালোঁ। তইনো অতসোপা কোন ছোৱালী লগ পালি অ’? কাৰ লগত নাম ধৰাৰ নামত ৰাতি ৰাতি ঘূৰি ফুৰ?

পিতাকে প্ৰথমে কথাষাৰ বুজি পোৱা নাছিল। লাহেকৈ সকলো বুজি পাই তেওঁ কোৰখন থৈ মাটিতে বহি হাঁহিবলৈ ধৰিলে।

: হেৰ’ এই বয়সত বোলে মানুহে হাঁহি ফূৰ্তি কৰি থাকিব লাগে। আমিনো এই বয়সত কিহত ৰসডাল পাম? সকলো সমনীয়াই আলোচনা কৰি আমাৰ নামবোৰ সলাই পেলালোঁ। বিয়া পতাৰ পদ্ধতিক লৈ সকলোৰে নামবোৰ ৰাখিলোঁ।
ব’হাগত বিয়া পতাজন ব’বিতা, ঘৰৰ পৰা ছোৱালী চাই দিয়াজন ঘ’পিতা, কবিতা লিখি ছোৱালী পতোৱাজন কবিতা, সংগৰে এজনীক পলুৱাই অনাজন সংগীতা, সূৰ্য্যৰ ৰশ্মি পৃথিৱীত পৰোঁতেই ছোৱালী আনি ঘৰ সুমুৱাজন ৰশ্মিতা, বিহু মাৰি থাকোঁতে পলুৱাই অনাজন বিস্মিতা ….।

কৈয়েই ঢেকঢেকাই পিতাকে হাঁহিবলৈ ধৰিলে। হলধৰে মুখ মেলি তেওঁলৈ চাই থাকিল।

: পিচে, মোৰ নাম কি জাননে নাই? ‘দ্ৰোপদী’। ভাওনাত দোৰ্য্যোধনৰ পদবী লৈ মাৰক পতালোঁ কাৰণে মোৰ নাম তিলকে মানে চাইষ্টাই এইটো ৰাখিলে।

: চাইষ্টা?

: চাইকেলত পলুৱাই আনি বিয়া পাতিছিল আক’।

*****

Leave a Reply

Your email address will not be published. Required fields are marked *