ফটাঢোল

ড্ৰেগন ভক্ষণ : ৰঞ্জিত কুমাৰ শৰ্মা

: দেউতা, ৰঙা ৰঙা এইবোৰেই ড্ৰেগন নেকি?

কন্যাৰ প্ৰশ্নত মোৰ চকুদুটা ফলৰ দোকানখনত সজাই থোৱা ড্ৰেগনকেইটাত পৰিল৷ দোকানখনৰ সন্মুখত থিয় হৈ কি কি ফল আছে তাকে চকু ফুৰাওঁতে ছোৱালীয়ে প্ৰশ্নটো কৰিলে৷ ৰঙা ৰঙেৰে একপ্ৰকাৰ জিলিকি থকা ড্ৰেগনকেইটা সঁচাকৈয়ে গ্ৰাহকক আকৰ্ষণ কৰিব পৰা হৈ আছে৷

: খাবা নেকি? খোৱা যদি লওঁ দুটামান৷

ছোৱালীক ক’লোঁ৷

: নালাগে নেকি! দাম বা কিমান হয়?

তাই লাহেকৈ ক’লে৷

: দামটো সুধিম বাৰু৷ খোৱা যদি কোৱা৷

: খাবলৈ বা কেনেকুৱা লাগে?

তাই দোধোৰ-মোধোৰত পৰাৰ কাৰণ মই নুবুজা নহয়৷ ড্ৰেগনৰ দাম বেছি বুলি তাই হয়তো কৰবাত শুনিছে৷ নাইবা হয়তো ভাবিছে, খাবলৈ যদি বেয়া লগা হয় তেতিয়াতো টকাকেইটা পানীত পৰিব৷ ড্ৰেগন ফ্ৰুইট আগতে যিহেতু খাই পোৱা নাই, গতিকে সোৱাদক লৈ সন্দেহ হোৱাটো স্বাভাৱিক৷

: বেছি ভাবিব নালাগে৷ খাবলৈ মন আছে যদি কোৱা৷

ছোৱালীক সিদ্ধান্ত ল’বলৈ কিছু সুবিধা কৰি দিয়াৰ বাবে ক’লোঁ৷

তাই লাহেকৈ ক’লে,

: দামটো সোধাচোন৷

: ড্ৰেগন কি দামত দিছা?

দোকানীজনক সুধিলোঁ৷

: কিলো পাঁচশকৈ দিছোঁ ছাৰ৷

দোকানীৰ আগ্ৰহী উত্তৰ৷

: পাঁচ শ…?

একপ্ৰকাৰ উচপ খায়েই উঠিলোঁ৷

: হয় ছাৰ৷ লওক ছাৰ৷ খাই বৰ ভাল পাব৷ আজি আহিছে গুজৰাটৰ পৰা৷

দোকানীজনে ক’লে৷

দোকানীজনৰ কথাত এনেকুৱা লাগিল যেন পাঁচশটকীয়া ফলবিধ নিজে আগতে ভক্ষণ কৰি লৈহে সি ড্ৰেগনৰ সোৱাদৰ প্ৰশংসা কৰিছে৷ আৰু এই ইংৰাজে দি যোৱা ‘ছাৰ’ শব্দটো দোকানীবোৰে পইচা ঘটাৰ স্বাৰ্থত বৰকৈ প্ৰয়োগ কৰে যেন লাগে৷ আমাৰ দৰে নিম্ন মধ্যবিত্ত এচামৰ বাবে আকৌ এই ‘ছাৰ’ শব্দটো মোহিনী বাণৰ দৰে৷ গতিকে এই বাণপাট চালাক বেপাৰীয়ে এৰে কেনেকৈ! অৱশ্যে এনেকুৱাও হ’ব পাৰে যে পাঁচশটকীয়া ড্ৰেগন কিনিবলৈ ওলোৱাজন নিশ্চয় কোনোবা বিভাগৰ ‘ছাৰ’য়েই হ’ব বুলি বদ্ধমূল ধাৰণা এটা দোকানীজনে লৈয়েই লৈছে৷ দোকানীজনে আৰু এটা কৌশল খটুওৱা যেন লাগিল৷ সি গুজৰাটৰ নামটো ল’লে৷ আজিকালি আকৌ গুজৰাট শব্দটো শুনিলেই অসমবাসীৰ বৰ আপোন আপোন ‘ফিলিং’ এটাও আহি যায় নহয়! তথাপি মনটোত সন্দেহৰ ঘণ্টা টিলিংকৈ বাজি উঠাত দোকানীজনক সুধিলোঁ—

: গুজৰাটতো এইটো ফল হয় নেকি? মই আকৌ টেলেংগানাতহে ভাল খেতি হয় বুলি শুনিছিলোঁ!

: গুজৰাটতো হয় ছাৰ৷ গুজৰাটৰ পৰা ভাল মাৰ্কেটিঙো হয়৷

দোকানীজনে উৎসাহেৰে ক’লে৷

মনতে ভাবিলোঁ, মাৰ্কেটিং গুজৰাটৰ পৰা নহৈ আৰু এই জকাইচুকীয়াৰ পৰা হ’বনে? সেইবাবে হয়তো আশীটকীয়া ড্ৰেগনৰ দাম পাঁচশ টকা শুনিবলগা হৈছে…৷

: কওক ছাৰ৷ কিমান দিম?

দোকানীৰ মাতত ভাৱৰ যতি পৰিল৷

: নালাগে দিয়া দেউতা, ইমান দাম?

ছোৱালীজনীয়ে লাহেকৈ ক’লে৷

পাঁচশটকীয়া কিলোৰ ফল কিনি খুৱাবলৈ দেউতাকৰ ধনৰ বল কিমান তাই জানে৷ মনটো বেয়া লাগিল৷ ফল-মূল অলপ কিনিবলৈ বুলিয়েই দোকানখনলৈ আহিছিলোঁ৷ ড্ৰেগনকেইটা দুয়োজনৰে চকুত পৰিল৷ ছোৱালীয়ে ম’বাইল ফোন বা কাকত-আলোচনীত ড্ৰেগন ফলৰ খেতি বা ফলটোৰ ভি ডি অ’ বা ছবি হয়তো দেখিছে কিন্তু খাই পোৱা নাই৷ সেয়ে হয়তো খোৱাৰ ক্ষণিক ইচ্ছা তাইৰ মনলৈ আহিছিল৷ বাপেকে যে খাই পাইছে সেইটোও নহয়৷

লগত কিমান টকা থাকিব পাৰে মুহূৰ্ততে মনে মনে হিচাব এটা কৰি ল’লোঁ৷ ভাবিলোঁ— দাম-দৰ কৰি ড্ৰেগন আধাকিলোমান লওঁ৷ ছোৱালীজনীৰ সৰু ইচ্ছা এটাও পূৰণ কৰিব নোৱাৰিমনে? তাইৰ মূৰত বাওঁহাতখন সামান্য বুলাই দি দোকানীজনক ক’লোঁ,

: মই কোনো ছাৰ-ফাৰ নহয়, আধাকিলো ল’ম৷ একেবাৰে কমত কিমানত দিব পাৰিবা কোৱা৷

: চাৰিশতকৈ কম দিব নোৱাৰিম৷ আধাকিলোত দুশ দিব ছাৰ৷

দোকানীয়ে ক’লে৷

: নালাগে দিয়া দেউতা৷ বেলেগ কিবা লোৱা৷

ছোৱালীয়ে পুনৰ ক’লে৷

ছোৱালীয়ে তেনেদৰে কোৱাৰ পাছত ভাবি-চিন্তি ড্ৰেগন ক্ৰয়ৰ বিষয়টো বাদ দিলোঁ৷ আধাকিলোকৈ আপেল আৰু মধুৰিআম কিনি লৈ উভতিবলৈ ল’লোঁ যদিও মনটোত বেজাৰো লাগিল৷ দোকানখনৰ পিনে পিঠি দি উভতিবলৈ ল’লোঁ৷ কিন্তু প্ৰথমটো খোজ পেলোৱাৰ লগে লগে দোকানীজনে পুনৰ মাত লগালে,

: লৈ যাওক ছাৰ, দামটো কমাই দিম৷

মনত পুনৰ কিছু আশাৰ সঞ্চাৰ হ’ল৷ দোকানীক ক’লোঁ,

: কিমাননো কম দিবাহে?

তেনেতে ড্ৰেগন এটা দোকানীয়ে তুলাচনীত তুলিলেই৷ এটাতেই পাঁচশ গ্ৰামতকৈ সামান্য বেছিয়েই হ’ল৷ দোকানীয়ে ১৭০ টকা দিবলৈ ক’লে৷ মই ক’লোঁ,

: ডেৰশ টকা দিম, হয় যদি দিয়া৷

: লোকচানেই হয়, লওক বাৰু৷ মাজনীয়েও ইচ্ছা কৰিছে৷ লোকচান কৰিয়েই দিলোঁ৷

পলিথিনৰ মোনা এখনত ড্ৰেগনটো ভৰাই দোকানীজনে ক’লে৷

এখন এশটকীয়া আৰু এখন পঞ্চাশটকীয়া দোকানীজনক দি মোনাখন দোকানীৰ হাতৰ পৰা লৈ ছোৱালীৰ হাতত দিলোঁ৷ ‘ইমান দাম (?)’ বুলি তাই মৃদু আপত্তি প্ৰকাশ কৰিছিল৷

: একো নহয় দিয়া, এদিনহে

বুলি তাইক প্ৰবোধ দি ঘৰলৈ বুলি খোজ দিলোঁ৷

অ’, এইখিনি সময়তে গল্পৰ মাজত গল্প বা নাটৰ মাজত নাটৰ দৰে বিশেষ কিছু মুহূৰ্ত বাগৰি গ’ল৷ আমাৰ ড্ৰেগন ক্ৰয়ৰ অভিযান চলি থকাৰ মাজতে দোকানখনলৈ দুগৰাকী মহিলাৰ প্ৰৱেশ ঘটিছিল৷ দুয়োগৰাকী বিবাহিত৷ এগৰাকীৰ বিয়া হোৱাৰ বেছি দিন হোৱা নাই যেন লাগে৷ আনগৰাকী পঞ্চাশোৰ্ধ্বৰ বয়সৰ হ’ব৷ মাতৃ-কন্যা যেন লাগে, শাহু-বোৱাৰীও হ’ব পাৰে৷ আপেল-আঙুৰৰ দৰদাম কৰাৰ পাছত কনিষ্ঠাগৰাকীয়ে ‘হেই ইমান দামেৰে ল’ব নোৱাৰি দেই, নলওঁ দিয়ক মা’ বুলি কোৱা শুনিলোঁ৷ উত্তৰত মাকগৰাকীয়ে ক’লে— ‘লোকে এটা ফলতে ডেৰশ দিলে দেখা নাই…৷’

আমি বাপেক-জীয়েকে দোকানৰ পৰা ঘৰলৈ বুলি খোজ পেলোৱাৰ সময়তে মহিলাগৰাকীৰ উক্ত কথাষাৰ কাণত পৰিল৷ পিছৰফালে তেওঁ আৰু কিবা কৈছিল যদিও নুশুনিলোঁ, শুনাৰ চেষ্টাও নকৰিলোঁ৷ ‘খোজ কাঢ়িয়েই যাওঁ বলা’ বুলি ছোৱালীক কৈ খোজৰ গতি বঢ়াই দিলোঁ৷ বাসভৱন পাওঁতে দহ মিনিটমান লাগিল৷ বয়োজ্যেষ্ঠ মহিলাগৰাকীৰ মুখত শুনা কথাখিনি কিছুসময় কাণত বাজি থাকিল৷ বহু ভাবি চিন্তি, জেপৰ পইচা হিচাব কৰিও একমাত্ৰ ছোৱালীজনীৰ মুখলৈ চাইয়েই ডেৰশ টকা অতিৰিক্তকৈ ব্যয় কৰিলোঁ৷ ‘আপোনাৰো যে কাম আৰু…’ বুলি শ্ৰীমতীয়ে হয়তো ক’ব৷ যি কি নহওক, ড্ৰেগনৰ জহতে ‘ছাৰ’ হ’লোঁ আৰু এটা ফলতে ডেৰশ টকা খৰচ কৰি ‘ধনী’ও হৈ পৰিলোঁ৷

একেখন চোতালেৰে অহা-যোৱা কৰিব পৰা তিনিটা ঘৰৰ আমি ভাড়াতীয়া৷ অসম আৰ্হিৰ তিনিওটা ঘৰ৷ বাকী দুটাতকৈ এটা সৰু৷ তিনিটা সৰু পৰিয়াল, দুগৰাকী নাৰ্ছ আৰু এগৰাকী ছাত্ৰীৰে ভাড়াতীয়া আমাৰ সমাজখনৰ সদস্য-সদস্যাৰ সংখ্যা চলি-পলিৰ সৈতে ‘আনলাকী থাৰ্টিন’৷ নিজৰ নিজৰ পাকঘৰত নিজে নিজে ৰান্ধি-বাঢ়ি খালেও বহুক্ষেত্ৰত আমি যৌথ পৰিয়ালৰ সদস্যৰ দৰে৷ খাদ্যৰ আদান-প্ৰদানকে ধৰি বিহু-পূজা, জন্মদিন আদিত কেতিয়াবা দুই-এপদ বস্তু বা কাপোৰৰো আদান-প্ৰদান নচলা নহয়৷ কথাৰ মহলাৰ বিষয়ে কিনো কম? নোকোৱাই ভাল৷ এনেদৰে পেটে-ভাতে খাই আছোঁ সকলোৱে৷

ড্ৰেগন কঢ়িয়াই পিতৃ-কন্যাই ঘৰৰ চৌহদত প্ৰৱেশ কৰিলোঁ৷ গে’ট খুলি চোতাল পোৱাৰ পাছতে দেখিলোঁ চোতালত থকা ভাড়াতীয়া বাহিনীৰ দুজনমানে কথা পাতি আছে৷ তেওঁলোকে এখন পলিথিনৰ মোনাত সোমাই কন্যাৰ হাতত ওলমি থকা ড্ৰেগনটো দেখিলে৷ লগে লগে এজনৰ প্ৰশ্ন—

: সেইটো কি আনিলা মাইনা?

: এইটো ড্ৰেগন ফ্ৰুইট৷৷
তাই ক’লে৷

মুহূৰ্তৰ ভিতৰতে সেই সময়ত চৌহদটোত থকাসকলে জনাজনি হৈ গ’ল যে আমি ড্ৰেগন লৈ আহিছোঁ৷ পলিথিনৰ মোনাখনৰ পৰা উলিয়াই লোৱা ড্ৰেগনটোৱে দুখনমান হাত বাগৰি সেইসময়ত চৌহদটোত থকাসকলক এখন্তেক দেখা দি ক্ৰেতাৰ হাতেৰে পুনৰ মোনাখনত থিতাপি ল’লে৷ ইয়াৰ পাছত ড্ৰেগন কি, ইয়াৰ দাম, সোৱাদ, উপকাৰিতা ইত্যাদি ইত্যাদি বিষয়ক লৈ সৰু ছেমিনাৰ এখন চলি গ’ল৷ এই ছেমিনাৰৰ মুখ্য সমল ব্যক্তি অৱশ্যে ড্ৰেগন কিনোতাই হ’লোঁ৷ সেইবুলি অহংকাৰ নকৰোঁ৷

‘আবেলি এইটো কাটিবা৷ নতুন বস্তু, এডোখৰ এডোখৰকৈ সকলোৱে খাম৷— ‘ড্ৰেগনক ঘৰ সুমুওৱাৰ পাছত শ্ৰীমতীক ক’লোঁ৷’

আবেলি ড্ৰেগন বধ হ’ল৷ ‘নকৰিবা বঞ্চিত, দিবা কিঞ্চিৎ কিঞ্চিৎ’ নীতি মানি এডোখৰ এডোখৰকৈ আমাৰ ভাড়াতীয়া গেঙৰ সকলোকে ড্ৰেগনৰ মঙহ দিয়া হ’ল৷ দুগৰাকী ‘নিৰামিষ’ভোজী ওলাল৷ ইয়াৰে এগৰাকী অমুকাৰ শহুৰৰ জীয়েক আৰু আনগৰাকী নাৰ্ছ এজনী৷ শহুৰৰ জীয়েকজনী নাখাই পস্তোৱা জাতৰ৷ মানে আগতে নোখোৱাকৈয়েই খাবলৈ বেয়া লাগিব বুলি নোখোৱা৷ এই স্বভাৱৰ বাবে কেতিয়াবা পাৰ্টি আদিৰ পাছত ‘ধেই মোৰহে খোৱা নহ’ল’ বা ‘খাম বুলি ভাবিছিলোঁ, কিন্তু ল’বলৈ টান পালোঁ’ আদি অনুতাপসূচক মন্তব্য কৰে৷ তেতিয়া বুজি পাওঁ যে তেওঁ পস্তাইছে৷ নাৰ্ছজনীয়ে আকৌ কোনোবা বান্ধৱীৰ কথাকে বিশ্বাস কৰি নাখালে৷ বান্ধৱীগৰাকীয়ে হেনো ‘ড্ৰেগনৰ কোনো সোৱাদ নাই, খালে বমি হ’ব খোজে’ বুলি তাইক কৈছিল৷ কিন্তু বাকীসকলৰো অধিকাংশই খাই পস্তোৱাহে হ’লগৈ৷ ‘কেনেকুৱা বা লাগে’ বুলি অকনমান জিভাত লৈয়েই তেওঁলোকৰ কণ্ঠনলীত সৃষ্টি হোৱা শব্দটো হ’ল ‘ওৱাক’৷ আমি বেয়া পাম বুলি ভাবিয়েই হয়তো তেওঁলোকৰ ‘ওৱাক’ শব্দটো মুখেৰে ওলাই নাহিল৷ এজনে অৱশ্যে শব্দ নোহোৱাকৈ বেচিনত পানীৰে সৈতে ‘ওৱাক’ ধুই পেলালে৷ ভাল কামটো কৰিলে এজন কিশোৰ আৰু ্‌এজন যুৱকে৷ পৰম তৃপ্তিৰে দুয়ো নিজৰ ভাগৰখিনি খোৱাৰ উপৰি সিহঁতৰ নিজৰ নিজৰ মাক-দেউতাকৰ ভাগৰখিনিও খালে৷ ড্ৰেগনৰ প্ৰশংসাও কৰিলে৷ ইপিনে আমাৰ ছোৱালীয়ে একামোৰ দিয়েই মুখ বিকটাই দিলে৷ তথাপি তাই এডোখৰ খালে৷ হয়তো ডেৰশ টকাৰ প্ৰভাৱ! অৱশ্যে মাকে ‘কেনে লাগে’ বুলি সোধাত তাই ক’লে— ‘ভাল নালাগে৷’

মাকে ক’লে— ‘এইবোৰ আমাৰ দৰে মানুহৰ খাদ্য নহয়েই৷ তাতকৈ মালভোগ কলকে আনিলেও হ’লহেঁতেন৷ ইমান পইচাও নগ’লহেঁতেন৷’

কোনে কি কয় কৈ থাকক বুলি অমুকাই অৱশিষ্ট দুয়ো ডোখৰ খাই থলোঁ৷ সোৱাদ চাবলৈ কি আছে? ডেৰশ টকীয়া ফল, উপকাৰীতো হ’বই!

*****

4 Comments

  • ডলী

    ভাল লাগিল

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা

      ধন্যবাদ৷

      Reply
  • জিতু

    ভাল লাগিল।

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা

      ধন্যবাদ৷

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *