ফটাঢোল

বিবাহিত পুৰুষৰ চিন্তা : ঋতুপৰ্ণ শৰ্মা

: হেৰা! কি হৈছে তোমাৰ? ইমানকৈ চিঞৰি আছো নুশুনা নেকি?

পত্নী নিহাৰিকাৰ চিঞৰত ৰাহুলৰ ভাবনাত যতি পৰিল আৰু বিৰক্তিৰে কৈ উঠিল,
:কি হ’লনো? ইমানকৈ চিঞৰিছা কিয়? মই ইয়াতে আছো তুমি দেখা নাই নেকি? কাষলৈ আহিওতো কথাটো ভালকৈ ক’ব পাৰা।

:অঁ‌ এতিয়া মোৰহে ভুল দেখিলা। কিনো ইমানকৈ চিন্তা কৰি আছা যে মোৰ মাতেই শুনা নাই?
– নিহাৰিকাই ক’লে।

:মই কৰা চিন্তাবোৰৰ কথা তোমাক ক’লে তোমাৰ চিন্তাহে বাঢ়িব। গতিকে সেইবোৰ বাদ দিয়া আৰু কিয় মাতিছিলা কোৱা।
– ৰাহুলে ক’লে।

:কিনো ক’ম আৰু তোমাক,এইখন লিষ্ট লোৱা আৰু বজাৰৰপৰা আহাগৈ। দুপৰীয়ালৈ একোৱেই নাই পাচলি। যোৱা আনাগৈ সোনকালে। নহ’লে পিছত মোৰ মুখখন চাই চাইহে খাব লাগিব।

নিহাৰিকাৰ মুখলৈ চাই ৰাহুলে ভাবিলে। হয়, এটা সময়ত নিহাৰিকাৰ মুখখন চায়েই হয়তো সুদা ভাতেই খাব পাৰিছিল ৰাহুলে। পিছে আজি আৰু সেই দিন নাই। কিমান যে মধুৰ আছিল বিয়াৰ পিছৰ সেই দিনবোৰ! ইটোৱে সিটোক এৰি অলপ সময়ো থাকিব নোৱাৰে। পিছে দিন যোৱাৰ লগে লগে সকলোবোৰ যেন সলনি হ’বলৈ ধৰিলে। শুৱলা মাতবোৰ লাহে লাহে হুটা হ’বলৈ ধৰিলে। অৱশ্যে এইক্ষেত্ৰত ৰাহুলে কাকো দোষ দিব নিবিচাৰে। সন্তান দুটি সিহঁতৰ মাজলৈ অহাৰে পৰা দুয়ো বৰকৈ ব্যস্ত হৈ পৰিব লগা হ’ল। দিনবোৰ যে কেনেকৈ পাৰ হৈ গ’ল। সন্তান দুটিৰ লগত লাগি থকাৰ বাবে নিহাৰিকায়ো ৰাহুলক আগৰ দৰে সময় দিব নোৱাৰা হ’ল।
বজাৰৰ লিষ্টখন চাই ৰাহুলে দীঘলীয়াকৈ এটা হুমুনিয়াহ কাঢ়িলে। পাচলিৰ নামবোৰ চাই চাই মনতে দামবোৰ আওঁৰালে। জিকা ৬০ টকা,পটল ১০০টকা,ভাতকেৰেলা ১২০টকা,স্কোৱাচ ৬০ টকা….। নাই আৰু ভাবিব নোৱাৰি। মূল্যবৃদ্ধিয়ে সচাঁকৈয়ে সকলোকে জ্বলা কলা খোৱাইছে। কেৱল পাচলিয়েইনে! মিঠাতেল,পেট্ৰল কিহৰ মূল্য বৃদ্ধি হোৱা নাই?

বাদ দে,ইমানকৈনো এইবোৰ কথা ভাবি কিয় নিজৰ প্ৰেচাৰটো বঢ়াই লওঁ। বাকী ৰাইজে যদি দিব পাৰে ময়ো দিম আৰু। প্ৰেচাৰৰ কথাটো মনলৈ অহাৰ লগে লগে আকৌ ঔষধৰ কথা মনত পৰিল ৰাহুলৰ। দেউতাক আৰু মাকৰ বাবে ঔষধ কিনিবৰ হৈছে। যোৱা মাহত কিনা ঔষধবোৰ প্ৰায় শেষ হ’বৰে হ’লহি।

বজাৰলৈ গৈ থাকোঁতে ৰাহুলে বাটতে হীৰেনক লগ পালে। হীৰেন আৰু ৰাহুল দুয়ো একেলগে পঢ়া।

:কি হে বন্ধু? মোনা চোনা লৈ ক’লৈ যোৱা?

:মোনা লৈনো মানুহ ক’লৈ যায়, বজাৰলৈকে নাযায় জানো! ময়ো সেই বজাৰত গৈ মোৰ অলপ ৰক্তচাপটো বঢ়াই আনোগৈ।
– কথাখিনি কৈ ৰাহুলে হা হা কৈ হাঁহি দিলে।

:হয় দিয়া বন্ধু,ঠিকেই কৈছা তুমি। পিছে সেইবোৰ বাদ। এতিয়া কোৱা IPL চাইছানে নাই?

হীৰেনৰ কথা শুনি ৰাহুলৰ মনটো বেয়াই লাগিল। কালিৰপৰা IPL আৰম্ভ হৈছে। পিছে মাক আৰু পত্নীৰ চিৰিয়েল চোৱাৰ কোবত সি IPL কোনোমতে চাব নোৱাৰে। মাকহঁতে ভাত ৰান্ধিবলৈ গ’লে সি কিবাকৈ টি.ভিৰ ৰিম’টটো হস্তগত কৰিব বিচাৰিলে দেউতাকে ভেকাহি মাৰি উঠে বোলে চিৰিয়েলৰ প্ৰকোপত বাতৰি এটা শান্তিৰে চাব নোৱাৰা হ’লো, তই আকৌ আহিছ ক্ৰিকেট চাবলৈ! পিছত বাতৰিত চাই ল’বি দে ইণ্ডিয়া জিকিছে নে নাই। কৃষ্ণ! IPL -ত আকৌ ইণ্ডিয়াৰ জয়। একো নোকোৱাকৈ ৰাহুল আতৰি আহে টি.ভিটোৰ কাষৰপৰা। অলপ পিছত দেউতাক যেতিয়া ভাত খাবলৈ যায়, ৰাহুলে ভাবে এই সুযোগতে চাই লওঁ ৰহ্ অলপ। পিছে নাই,পঢ়া সামৰি দুই সন্তানে আহি ইতিমধ্যে টি.ভিৰ ৰিম’ট দখল কৰিলেই। ৰাহুলে মৰা হুমুনিয়াহটোলৈ চাই হীৰেনে কৈ উঠিল,
:কি হে বন্ধু,একেবাৰে থৰ লাগিলা দেখোঁন! মোৰো এইবাৰ মনটো ভাল লগা নাইহে। মোৰ ফেভাৰেট টীম ‘মুম্বাই ইণ্ডিয়ানছ”ত পাণ্ডিয়া ভাই দুজন নাই যে। এইবাৰ মুম্বায়ে নোৱাৰিব বুইছা।

:মোৰ পিছে ধোনীহে প্ৰিয়। গতিকে ধোনীৰ টিম জিকিলেই মোৰ আনন্দ। পিছে ঘৰত মই IPL চাবলৈয়ে নাপাওঁহে।
– দুখমনেৰে ৰাহুলে কৈ উঠিল।

:ইমান দুখ নকৰিবাহে বন্ধু! আহি যাবা আমাৰ ঘৰলৈ। লগে ভাগে IPL চাম।

হীৰেনৰপৰা বিদায় লৈ ৰাহুল বজাৰলৈ বুলি আগবাঢ়িল। ৰাহুলে মনতে ভাবিলে কোনোবাই ঠিকেই কৈছিলে বিয়াৰপিছৰ পৃথিবীখনৰ চিন্তাবোৰ কিছু পৃথক। তথাপিও ডাৱৰীয়া বতৰত অতীষ্ঠ হোৱা মানুহে ডাৱৰৰ ফাঁ‌কেৰে ওলোৱা বেলিৰ ৰেঙনিকন দেখি আনন্দিত হোৱাৰ দৰে হীৰেনে IPL চাবলৈ ৰাহুলক আমন্ত্রণ কৰাত ৰাহুলৰ মনটোও ঠিক তেনেদৰেই পুলকিত হৈ পৰিল।

*****

6 Comments

  • ৰাজশ্ৰী শৰ্মা

    মুঠতে আইপিএল মেইন।

    Reply
    • ঋতুপৰ্ণ

      পিছে চিৰিয়েলৰ প্ৰকোপত চাবলৈয়ে নাপাওঁ।

      Reply
  • জিতু

    ভাল লাগিল

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    ইয়াকে কয় সংসাৰ৷

    Reply
    • ঋতুপৰ্ণ

      হয় দিয়ক দাদা।এটা সমস্যাৰ সমাধান নহয়েই আকৌ এটা সমস্যা আহি ওলায়।ইয়াক কয় সংসাৰ।

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *