“বিগ-ব্ৰেকিং” : দিগন্ত কুমাৰ ভট্টাচাৰ্য
সাতবজাৰ বাতৰি শেষ হোৱাৰ লগে লগে ছাব-এডিটৰ বৰাই এডিটৰ-ইন-চিফ চলিহালৈ চালে-‘ছাৰ, একো ব্ৰেকিং নিউজ নায়েই ন’ বজাৰ প্ৰাইম টাইমলৈ। সকলোবোৰ অলৰে’ডি সাতবজাৰ নিউজত দেখুওৱা হৈ গৈছে৷’
‘আচ্ছা, সেই শিল্পী গোলাপ গগৈৰ অৱস্থা কেনে? আছে নে জীয়াই? নে গ’লগৈ..? এসপ্তাহ আগতেই যোৱা-থোৱা অৱস্থা আছিল দেখোন৷ পৰমাক কৈছিলোঁ নিউজ এটা ৰে’ডি কৰি থবলৈ, থৈছে নে? আমাৰ চেনেলতেই কিন্তু ফাৰ্ষ্ট মিনিমাম দহ মিনিটৰ ভিডিঅ’ৰে নিউজ টেলিকাষ্ট হ’ব লাগিব, মনত ৰাখিবা৷’
‘পৰমাই দুদিন আগতেই ৰে’ডি কৰি থৈছে, ছাৰ৷ এডিট কৰাও হৈ গৈছে৷ ব্ৰিলিয়েন্ট ভিডিঅ’৷ মাজে মাজে চিনেমাৰ দৃশ্য কিছুমান ভৰাই দিছে৷ বেকগ্ৰাউণ্ডত বাজি থাকিব ছেড ছং..চিন্তা নকৰিব মৃত্যুৰ বাতৰি’ৰ একমিনিটৰ ভিতৰত আমিয়েই প্ৰথম এক্সক্লুছিভ দেখুৱাম!’
‘বঢ়িয়া। অলপ আগতে লালগণেশ’ত ভয়ংকৰ এক্সিডেন্ট এটা হোৱা বুলি শুনিছিলোঁ। ব্ৰেকিং পাৰি?’
‘নাই, একো ভয়ংকৰ নহয়। সৰু-সুৰা আঘাট..’।
‘ছেহ: এটাও নমৰিল?… বিহুও নাই। প্ৰি-পূজা ফাংচন আৰম্ভ হ’বলৈ সময় আছে। কি কৰা যায়!’
এনেতে নিউজ-এডিটৰ বৰ্মন লৰি আহিল।
‘ছাৰ কথা এটা কওঁ। আমাৰ কেমেৰামেন ৰাম্পুৱে মাজে মাজে ৰাস্তাই-ঘাটে ছোৱালী-তিৰোতা থাকিলে ভিডিঅ’-ফ’টো লয়। মোক দেখুৱায়। মোৰ অলপ এইবিধত দুৰ্বলতা আছে বুলি জানে সি। আজি ৰিপ’ৰ্টাৰ সুনন্দই এনেই অলপ দুই-এশাৰী কৈ ভিডিঅ’ এটা কৰি থৈছিল। আন বেলেগ নাই যদি, অলপ বেলেগকৈ এইটোকে দেখুৱাব পাৰি দেখোন। বহুতেই এইবোৰত কম ৰস পাইনে!’ কথাখিনি ফুচফুচাই কৈ বৰ্মনে ঢেকঢেকাই হাঁহিলে।
‘কেনেকুৱা ভিডিঅ’? সেই ‘সৰস্বতী পূজাৰ ধুনীয়া ছোৱালীবোৰ’ টাইপৰ নেকি? বিতৰ্ক নহয়তো?’
‘চুটি কাপোৰ-মূল বিষয়! আপুনি চিন্তাই নকৰিব। একেবাৰে ‘বিগ-ব্ৰেকিং’! এঘন্টাৰ ভিতৰতে ৰে’ডি কৰি টেলিকাষ্ট কৰিম। অলপ বিতৰ্ক হ’লে আমাৰেই ভাল। আগতে এশজনে যদি আমাৰ চেনেলটোৰ কথা শুনিছিল, এতিয়া হাজাৰজনে শুনিব!’
‘ঠিকে আছে। লগতে সেই চুটি কাপোৰ বা ৱেষ্টাৰ্ণ পিন্ধা কেইজনীমানৰ লগত এক-দুইমিনিট মান কথাও পাতিবা। প্ৰশ্ন সুধিবা অসম সংক্ৰান্তীয়। যেনে ধৰা, বিহু কেইটা, কঙালী বিহু কোনটো মাহত হয়, ৰসৰাজ কাক কোৱা হয়, আদি ইত্যাদি’।
মান্তি হ’ল সকলো।
বৰ্মনহঁত কামত ব্যস্ত হ’ল। ভিডিঅ’ এডিট কৰা হ’ল। মাজে মাজে ‘কাঁটা লাগা’ই চিঞৰিলে। চাৰে ন’বজাত নিউজ ৰীডাৰ পৰমাণু চেতিয়াই গহীন স্বৰেৰে ‘ছিৰিয়াছ’ হৈ বাতৰি পঢ়া আৰম্ভ কৰিলে যেন ছোৱালী-তিৰোতাই চুটি পোচাক পিন্ধা বন্ধ কৰিলে অসমৰ পৰা বানপানী, বাংলাদেশী-সকলো সমস্যা নিমিষতে লোপ পাব।
ক্লিপ চলি থাকিল। মাজে মাজে পৰমাণুৱে কৈ গ’ল স্ক্ৰীপ্ট অনুসৰি। স্ক্ৰীনত ক্লিপ চাই আছে সকলোৱে। হঠাতে পৰমাণুৱে জ্বৰ ঘমা দি ঘামিলে। পানী এগিলাচ ঘোট ঘোটকৈ পি খালে। ব্ৰেক আৰম্ভ হ’ল। ডাঙৰকৈ বাজিল-‘ইমান ডাঙৰ, সঁচাকৈয়ে’।
পৰমাণুৰ মনত পৰিল এসপ্তাহ আগত তেওঁলোকৰ প্ৰথম বিবাহ-বাৰ্ষিকীৰ দিনা পত্নীক উপহাৰ দিয়া মিনিস্কাৰ্টটোলৈ।
‘এহ, অলপ চুটি..ৰাস্তাই-ঘাটে পিন্ধিলে মানুহে বা কি ভাবে!’- পত্নীয়ে অলপ দিগদাৰ পাইছিল।
‘কি নো ভাবা ও ইমানকৈ। তুমি যিটো পিন্ধিলে ‘কমফ’ৰ্টেবল’ সেইটোৱেই পিন্ধা ভাল। সমাজৰ সকলো মানুহৰ কথা চিন্তা কৰিলে একোৱেই কৰিব নোৱাৰিবা দেখোন। কাপোৰ চুটি-দীঘলকলৈ কিহৰ নো ইমান টেনশ্যন?!’
….ব্ৰেক চলি আছে। পৰমাণুৱে ফোন লগালে কেমেৰামেন ৰাম্পুলৈ-‘ঐ চাল্লা হাৰামী, কাৰ কাৰ ফ’টো লৈ ফুটেজ বনাইছ তহঁতে? দেখা নাই ছেকেণ্ড ক্লিপটোত মোৰ পত্নী আৰু তাইৰ বান্ধৱীও আছিল। বৌৱেৰাই মাছে-মঙহেৰে ভাত খুৱাই পঠাইছিল তহঁতক দুদিন, চিনিব নোৱাৰিলি?’
‘ওহ দাদা, আমি মানে এইবাৰ মুখ চোৱাই নাছিলোঁ নহয়। অকল শৰীৰটোহে। বৌৰ আকৌ ককাল’ৰ ওপৰ ভাগো চোৱা নাই, কেনেকৈনো চিনি পাম আপুনিয়েই কওঁকচোন’!
*****
5:15 pm
মিনি স্কাৰ্ট😀
1:09 am
বাপ্পা ঐ কি সাংঘাটিক লিখিছা অ দিগন্ত!
1:13 pm
বঢ়িয়া
2:01 pm
বঢ়িয়া বঢ়িয়া৷
2:05 pm
এএ মজাআআ
3:42 pm
হাঃ হাঃ হাঃ, বহুত হাঁহিলো। আপোনাৰ লিখনি মোৰ সদায় প্ৰিয়।
অভিনন্দন জনালোঁ ।
10:05 am
কি তীক্ষ্ণ ব্যংগাত্মক লেখা! 👌👌