আগলি কলপাত লৰে, সৰগৰ সীমাৰে কোনে জাঁপ মাৰে – দীক্ষিতা বৰা
মন হীৰা দৈ মোৰে নো কলৰ বাৰীত
মন হীৰা দৈ থোকা থোকে লাগিছে
বাৰী ভৰি পকিছে ঐ কল।।
মন হীৰা দৈ পূৱে নো ঐ পশ্চিমে
মন হীৰা দৈ উত্তৰ আৰু দক্ষিণে
গছে গছে আছে পকা কল।।
চিঞৰি চিঞৰি গীতটি গাই অহা ল’ৰাজনে দীঘল পদূলিটোৰে সোমাই চাইকেলখন ৰখালে। মজবুত কাঠৰ জপনাখন খুলি এইবাৰ তেওঁ সোমাই গ’ল, গ’ল মানে কলবাৰীখনলৈ সোমাই গ’ল। গছে গছে পূৰঠ হৈ থকা কলৰ থোকবোৰ… “আহঃ, সৰগ যেন ইয়াতেই” বাৰীখনৰ মাজতে ৰৈ দুহাত সম্প্ৰসাৰণ কৰি বতাহজাকক সাৱটি লোৱাৰ ভংগিমা এটাৰে তেওঁ ক’লে।
এইবাৰ সৰগখনৰ সুবাসিত বতাহ দুচলুমান দীঘলকৈ নাকেৰে উজাই ল’লে ল’ৰাজনে, মানে ডিম্ব কলিতাই। তাৰপিছত বিশেষ কাম এটা সমাধা কৰিবলৈ আগবাঢ়িল, যিটোৰ বাবে আনকালে দেউতাকে কৈ থাকিলেও বাৰীলৈ মন নকৰা ল’ৰাটো আজি পুৱাই পুৱাই কলবাৰীখনত উপস্থিত হৈছেহি। বাৰীখনৰ একাষে এটা সৰু জুপুৰি সাজি থোৱা আছে। তাতে কটাৰী, খন্তি, জবকা আদি বাৰীখনত দৰকাৰ হোৱা বিভিন্ন সঁজুলি থাকে। সঁজুলিবোৰ উলিয়াই লৈ ল’ৰাজন এইবাৰ কামত লাগিল। বাৰীখনৰ যিটো অংশত ভীমকলৰ গছবোৰ আছে, সেইখিনিতে তেওঁ বন অলপ নিৰাবলৈ লাগিল। আবেলিৰ জুৰ বতাহ, কলবাৰীৰ নিৰ্মল সেউজীয়া, ভীমকলৰ তলত ছাঁ- পোহৰৰ খেলা… ৱাহ, কি যে কবিতা কবিতা লগা পৰিৱেশ হ’ব। ভাবিয়েই মনটো উলাহত নাচি উঠিল তাৰ। লৰালৰিকৈ কামটো শেষ কৰি, বাঢ়নি এটাৰেৰে বনবোৰ সাৰি নি পিছফালৰ গাঁতটোত পেলাই দিলে সি। এই খালটোও বাৰু কম গুৰুত্বপূৰ্ণনে! অলপ অলপকৈ ভৰি অহা খালটোৰ তলিলৈ চাই সি ভাবিলে। ল’ৰাজনে এইবাৰ জুপুৰিটোৰ এচুকত থকা পাচি দুটা পোহৰলৈ আনি চালে। বিহলঙনিৰ পাতৰ আঁৰত ঢাকি থোৱা কলৰ আখিবোৰ ইতিমধ্যে হালধীয়া হ’বলৈ লৈছেই। আবেলিলৈ এয়াই খাব পৰা হ’ব তেন্তে। আকৌ সন্তুষ্টিৰ হাঁহি এটা দুই ওঁঠত খেলাই গ’ল তাৰ। দুই এটা সৰুসুৰা কাম কৰি অঁটাই এইবাৰ সি যাবলৈ ওলাল। জপনাখন বন্ধ কৰি চাইকেলখন লৈ ওলাই যাওঁতে তাৰ ওঁঠত আকৌ গীতৰ কলিটোৱে ঠাই পালে। পেডেল খৰকৈ ঘূৰিল, সময়মতে সি নিৰ্দিষ্ট ঠাইকণ পাবগৈ লাগিব।
হায়াৰ ছেকেণ্ডাৰী স্কুলখন পাৰ হওঁতেই ল’ৰাজনৰ সেই বিশেষ দিনটোলৈ মনত পৰিল। হায়াৰ ছেকেণ্ডাৰীৰ ফিল্ডত সেইবাৰ গ্ৰন্থমেলা হৈছিল। ছয়-আঠখন ষ্টলেৰে মেলাখন সৰুকৈ হৈছিল যদিও ওচৰৰ গোটেই স্কুলবোৰত সেইকেইদিন উৎসৱমুখৰ পৰিৱেশ হৈ পৰিছিল। ভনীয়েকক চাইকেলত বহুৱাই লৈ সিও গ্ৰন্থমেলাৰ বাকৰি পাইছিলগৈ। একাষে চাইকেলখন ৰখাই তলাটো মাৰিবলৈ লওঁতেই হঠাতে তাৰ দুচকুৰ দৃষ্টি এফালে থৰ লাগি ৰ’ল। চুম্বকেহে যেন টানি নিছে চকু দুটা সেইফালে। কিমান পৰ বা চকুৰ পলক নেপেলোৱাকৈ ঠাইতে ৰৈ আছিল সি, গমেই নাপালে।
: যৌ ‘আবিৰ’খান নেদা !
ভনীয়েকে আহি ঠেলা এটা মাৰি কওঁতেহে তাৰ তন্দ্ৰা আঁতৰিল। ভনীয়েকৰ মৰমৰ দাবী পূৰাবলৈ, তাই বিচৰা কিতাপখন কিনি দিবলৈ বুলি সিহঁত দুয়ো দোকান এখনৰ ফালে আগবাঢ়িল।
: ইয়ে, উপেই দেখোন।
দুখনমান দোকান পাৰ হোৱাৰ পিছতে তাৰ কাণত পৰিল এই মধুৰ মাতটো। ঘূৰি চাই দেখে, সেই অথনিৰ চুম্বক হেন মুখখন দেখোন ওচৰতে ৰৈ আছে, তাৰ ভনীয়েকৰ লগত কথা পাতি পাতি। তাৰমানে ছোৱালীজনী ভনীয়েক উপেইৰ চিনাকি। ঘৰ আহি পোৱাৰ পিছত সি ভনীয়েকৰ পৰা আওপকীয়াকৈ ছোৱালীজনীৰ নাম ঠিকনাৰ বিষয়ে কিছু তথ্য উলিয়ালে। ভনীয়েকলৈ সেইদিনা অকণ বেছিকৈ মৰম লাগিল তাৰ, তায়েই যে তাৰ সপোন কুঁৱৰীজনীৰ সন্ধান দিলে।
ছোৱালীজনীয়ে বেলেগ স্কুলত পঢ়িলেও ডিম্বৰ ভনীয়েকৰ লগত একেলগে টিউচন লয়। গতিকে আৰু কি, ইয়াৰ পিছৰপৰা ভনীয়েকক টিউচনলৈ অনা নিয়া কৰিবলৈ ককায়েকৰ আগ্ৰহ বাঢ়ি গ’ল। সঘনাই লগ পাই, চা – চিনাকি হৈ বন্ধুত্বও হ’ল তাইৰ লগত। তাক বাকী চিনাকিবোৰে ডিম্বেকাই, ডিম্বেদা বুলি মাতে। তাই পিছে কোমলকৈ কইলতা দা বুলি মাতে। ইমান সন্মান জনাই মাতে ছোৱালীজনীয়ে, বৰ সংস্কাৰী ছোৱালী। সিহঁতৰ ঘৰখনো বৰ নাম থকা, অঞ্চলৰ বহুতেই চিনে। সিহঁতৰ ডাঙৰ এখন শাক পাচলিৰ বাৰী আছে। ঘৰখনৰ মানুহবোৰ যথেষ্ট স্বাস্থ্য সচেতন, পচন সাৰ, কেঁচু সাৰ দি খেতি কৰে। সপোন কুঁৱৰীৰ মুখেৰে ঘৰখনৰ বিষয়ে এইবোৰ কথা শুনি ডিম্ব বাৰে বাৰে আপ্লুত হৈ পৰে। পথাৰৰ ওচৰৰ ভেঁটি এটাত সিহঁতৰো যে এখন শুৱনি কলবাৰী আছে, সেইটো কথা তাইক ক’বলৈ নাপাহৰে। উদ্যমী যুৱ কৃষকৰ ৰূপ এটা ল’বলৈ সি সচেষ্ট হয়। কিন্তু মনৰ মাজত তাৰ আন এটা চিন্তাইহে উকমুকাই। সিহঁতৰ ঘৰৰ বাৰীত দুই চাৰিজোপা ভিন ভিন ফলৰ গছ আছে, বতৰৰ ফল বুলি মুখত দিবলৈ হয় আৰু। পিছে বান্দৰৰ উপদ্ৰৱৰ মাজত থকা সিহঁতৰ গাঁওখনত ঘৰতে ফল পাচলিৰ খেতি কৰি খাব নোৱাৰে। আগলৈ যদি সপোন কুঁৱৰীজনী দিঠকত ওৰণি টানি ডিম্বেইৰ ঘৰলৈ অহাৰ পিছত বজাৰৰ সাৰ দিয়া বস্তুবোৰে তাইৰ অপকাৰ কৰে, তেতিয়া? পিছে কৰো বুলিয়েই নো কেনেকৈ সি পাচলিৰ বাৰী এখন পাতে। কলবাৰীখন কিছু আঁতৰত আছে বুলিহে ৰক্ষা, তথাপি গছে গছে বগৰীৰ ডাল ওলমাই, কলৰ থোকবোৰ খাঙৰ ভিতৰত ভৰাইহে সিহঁতে বাদুলী, বান্দৰৰ পৰা ৰক্ষা কৰি থাকে। তথাপি কিবা এটা চিন্তিব লাগিব, নিজানত কেতিয়াবা ডিম্বই ভাবে। তাৰেই প্ৰথম পদক্ষেপ হিচাপে ডিম্বই পচনসাৰ তৈয়াৰ কৰিবলৈ মন মেলিলে। সাৰখিনি হৈ থাকিলে পিছত মাটি অলপ মোকলাই সাউৎকৈ বাৰীখন পাতিব পৰা যাব। এই বিষয়ে ডিম্বেই তাৰ বিশ্বস্ত দোষ্ট দুটামানক সুধি পুচি ল’লে। সিহঁতৰ মতে ঘাঁহ বন, ডাল পাত অলপ গাঁত খান্দি পুতি থ, পচিলেই পচন সাৰ হ’ব। যি বুজিলে, তাৰেই ডিম্বই কাম আৰম্ভ কৰি দিলে। কলবাৰীখনৰ পদূলিটো বান্ধিবলৈ মাটি খান্দোতে পিছফালে এটা গাঁত হৈছিল। সেই গাঁততে এতিয়া কটা কলগছ, পাত, কলগছত দিবলৈ অনা বগৰীৰ ডাল, বন ঘাঁহ আদি পেলাই গোটাই যাবলৈ ধৰিলে। তদুপৰি বাৰীত মাজে মাজে ওলোৱা কেঁচুবোৰো ধৰি নি সেইফালে পেলাবলৈ ধৰিলে, অলপ বেছি ভাল কোৱালিটিৰ সাৰ হওক। লাহে লাহে ভৰি অহা গাঁতটোলৈ চালেই তাৰ এতিয়া সপোনবোৰ পূৰণৰ দিন ওচৰ চাপি অহা যেন লাগে।
প্ৰথম সেই গ্ৰন্থমেলাত দেখা হোৱাৰ পিছতে সপোন কুঁৱৰীৰ লগত ডিম্বৰ এনে বন্ধুত্ব হৈছিল যে পিছৰ বছৰ তাই আৰু উপেইক লৈ সিহঁত তিনিও একেলগে গ্ৰন্থমেলালৈ গৈছিল। গোলাপী সাজজোৰ পিন্ধি জিলিকি থকা সপোন কুঁৱৰীক দেখি ডিম্বেই তেতিয়াই পিছৰ বছৰৰ বাবে পৰিকল্পনা এটা আৰম্ভ কৰিছিল। এইবাৰ যেন উপে নহ’লেও সিহঁত দুয়ো একেলগে যাব পাৰে, তেনেকুৱা বিশেষ বন্ধুত্ব এটা গঢ়ি তুলিবলৈ সি বৰকৈ তৎপৰ হৈ উঠিছিল। কেৱল কিতাপ কিনাই নহয়, উভতি আহোঁতে ক’ত ম’ম’ চাওমিন খাব তাৰো পৰিকল্পনা কৰি আজৰি হ’ল ডিম্ব। এতিয়া মাত্ৰ ৰূপায়নৰ পূৰ্বে পৰিকল্পনাটো সপোন কুঁৱৰীৰ দ্বাৰা গৃহীত হোৱাৰ অপেক্ষা।
ডিম্বৰ চাইকেলখন গৈ গৈ আঁহত এজোপাৰ তলতে ৰ’ল। সেইখিনিতে বাটটো সপোন কুঁৱৰীৰ ঘৰৰ ফালে সোমাই যায়। টিউচন শেষ কৰি তাই আহি পাবৰে হৈছে, ডিম্বই ক্ষন্তেক বাট চালে। ভনীয়েক আজি যোৱা নাই, সেইফালৰ পৰা বাৰু সুবিধাই হৈছে। প্ৰাইভেচীৰ কথা আৰু ন! ৰৈ থাকোঁতে এসময়ত তাই আহি পালে। চমুকৈ দু-আষাৰ মানতে কথাবোৰ সামৰি দুয়ো নিজৰ নিজৰ বাটে আগবাঢ়িল। আগদিনা ঠিক কৰা মতেই কামবোৰ হোৱাৰ কথা।
সপোন কুঁৱৰীক অকলে লগ পাই বিশেষ প্ৰস্তাৱ এটা দিয়াৰ কথাটো ডিম্বেই আচলতে বহু দিনৰ পৰা ভাবি আছিল যদিও সাহস হে কৰিব পৰা নাছিল। ক’তনো অকলে লগ কৰিব? কি বুলিনো কথা আৰম্ভ কৰিব? পিছে আজি দুদিনৰ আগতে তাই নিজেই কথাটো আৰম্ভ কৰিলে। “কইলতা দা, আহিলে” বুলি কোমলকৈ মাতষাৰ লগাই তাই এদিন ডিম্বেহঁতৰ কলবাৰীখন চাবলৈ যাব বিচাৰে বুলি ক’লে।
“তাৰমানে তায়ো মোৰ দৰেই ভাবে। মই কথা আৰম্ভ নকৰাৰ কাৰণে তাই নিজেই কথাটো আৰম্ভ কৰিছে।” — আনন্দত যেন উৰিহে ফুৰিব সি। কোনদিনা কোন সময়ত আহিলে বাৰীখন চাই তাই ভাল পাব, সেই বিষয়ে সি পিছদিনাই তাইক জনোৱাৰ প্ৰতিশ্ৰুতি দিলে। আজি বজাৰ বাৰ, দেউতাক হাটলৈ গ’লে উভতি আহোঁতে কিছু পলম হ’ব, গতিকে আজি ডিম্বেই অকলেই কলবাৰীৰ মালিক। গতিকে আজিৰ দিনটোকে ঠিক কৰি আবেলি পৰত কলৰ বাৰীলৈ আহিবলৈ ডিম্বেই তাইক আগতীয়াকৈ নিমন্ত্ৰণ দি থৈছে। তাই আহিলে একেলগে বহি কথা পাতিব পৰাকৈ ভীমকলৰ তলতে বন অলপ চিকুণাই থৈ আহিছে সেয়ে। আজিয়েই সি তাইক জনাব কিদৰে সেই সৰগীয় ঠাইখনত সি সপোনৰ কাৰেং এটা সাজিব বিচাৰে, তাইক লগত লৈ। পকিবলৈ থোৱা অমৃত সাগৰ কল কেইটাৰেই আপ্যায়ন কৰিব। প্ৰথম প্ৰথম আহিব যিহেতু, তাইক উপহাৰ দিবলৈ বুলি কলডিল এটাও কাটি থৈ আহিছে। মুঠতে বিশেষ অতিথিৰ বাবে আয়োজনবোৰো বিশেষ হ’ব লাগিব।
গোটেই দিনটো ডিম্বেৰ অন্তৰখনে যেন সুহুৰিয়াই থাকিল। আবেলিটো কেতিয়া আহি পায় তাৰেই অপেক্ষা। পিছে আবেলি চাইকেলখন লৈ যাবলৈ ওলাওঁতেই মাকে দিলে নহয় পিছফালৰ পৰা মাত। ‘ঘৰত আটা নাই, লোকৰ পদূলি শুঙি বনবনাই ফুৰিবলৈ যোৱাৰ আগতে আটা অলপ আনি দি যাব লাগে।’ মাতৃ আদেশ লৰালৰিকৈ পালন কৰি টোপোলাটো ঘৰত থৈ সি কোনোমতে ওলাই আহিল। তাই আহি চাগৈ ৰৈ আছে, বেচেৰীয়ে আমনিয়েই পাইছে চাগৈ। খৰকৈ পেডেল মাৰি দিলে ডিম্বই।
: পিছে ই কি, তাইৰ দেখাদেখি নাই যে?
বাৰীখনৰ পদূলিৰ পৰা এপাক ভিতৰলৈ চাই সি ভাবিলে। আহি পোৱা নাই চাগৈ, ভালেই হ’ল। পুৱা চিকুণাই থৈ যোৱা ঠাইখিনি সি আকৌ এবাৰ চালে। পৰিষ্কাৰ হৈ আছে, পিছে কিবা উকা উকা লাগিছে।
: ওচৰতে যদি বননিখনত ফুল কিছুমান থাকিলেহেঁতেন, আৰু শুৱাই পৰিলেহেঁতেন।
ডিম্বেই ভাবিলে। কিবা এটা চিন্তা কৰি সি জুপুৰিটোলৈ সোমাই গ’ল। কল একাখি উলিয়াই টপাটপ বখলিয়াই খাবলৈ লাগিল সি। তাৰপিছত পকাকলৰ হালধীয়া বাকলিবোৰ নি চাৰিওফালে সিঁচি দিলে, ফুলৰ সলনি তাকেই জিলিকি থাকক। পকা কল একাখিও আনি থ’লে, তাইক দিবলৈ বুলি। পিছে হঠাতে কিছু আঁতৰত গুলপীয়া কিবা এটাই লৰচৰ কৰিলে যে? তাই ইতিমধ্যে আহি পাই বহি আছেহি নেকি? তাইক ছাৰপ্ৰাইজ দিবলৈ বুলি সি চোপ লৈ লাহে লাহে আগবাঢ়ি গ’ল, পিছে সমুখত যি দেখিলে…। সপোন ৰাণীক ছাৰপ্ৰাইজ দিবলৈ গৈ ডিম্বই নিজেই ছাৰপ্ৰাইজ, মানে শ্বক এটা পালে। কোনোবা ল’ৰা এটাৰ কান্ধত মূৰ পেলাই ডিম্বৰ সপোন কুঁৱৰীয়ে বেলেগে সপোন ৰচি আছিল, গীত গুণগুণাই আছিল — “জোনবাইৰ দেশতে সাজিম ঘৰ এখনি….”।
উহ্, কি হৈ গ’ল এইবোৰ। ডিম্বৰ মাথাই যেন হেং মাৰিছে। তাক সমুখত দেখি তায়ো চক খাই নুঠা নহয়। কিন্তু ক্ষন্তেকতে হাঁহি এটা মাৰি পৰিস্থিতিটো চম্ভালিবলৈ ক’লে, “আপুনি আহি নোপোৱা দেখি আমি আগতেই এইফালে বহি কথা পাতি আছিলোঁ দেই। আপুনি বেয়া পোৱা নাই নহয় ন কইলতা দা?” বেঙাৰ দৰে সেহা-বেঙাকৈ হাঁহি এটা মাৰি নাই নাই বুলি মূৰটো জোকাৰিলে ডিম্বেই।
: মোৰ সপোনৰ কাৰেংঘৰ ভাঙি তাই জোনৰ দেশত ঘৰ পাতিবলৈ যায়।
তাৰ অন্তৰখনে হায় হায় কৰিলে। কি কৰিব এতিয়া, একো যে ভাবিয়ে পোৱা নাই।
পিছে বননিৰ মাজত চটিয়াই থৈ অহা কলৰ বাকলি আৰু পকা কল আখিয়ে ইতিমধ্যে অ-নিমন্ত্ৰিত অতিথি এজাকক আমন্ত্ৰণ দিছিলেই। এজাক বান্দৰৰ খেকখেকনিত নিজান বাৰীখনত হুলস্থূল লাগি গ’ল। পোৱালি বান্দৰমখাই কলপুলিৰ কুমলীয়া থোৰবোৰো মোহাৰি পেলাবলৈ ধৰিলে। বাৰীখনত যেন যুদ্ধংদেহি পৰিস্থিতি। তেনেতে ডিম্বৰ সপোন কুঁৱৰী, মানে সদ্য-প্ৰাক্তন সপোন কুঁৱৰীয়ে আটাহ পাৰি উঠিল। তাইৰ গোলাপী দোপাট্টাখনত কেঁচু এটা বগাই উঠিল। ‘উহ্ যাৰ স্বাস্থ্যৰ কথা ভাবি এই সাৰবোৰ গোটাইছিলোঁ…’ ডিম্বেই হুমুনিয়াহ কাঢ়িলে। কিন্তু তাইৰ চিঞৰত ভয় খাই ওপৰত উঠি কলপাতৰ থোৰ চোবাই থকা বান্দৰ পোৱালি এটা তাইৰ কোলাত সুলকি পৰিল। মৰণ কাতৰ চিঞৰ একোটা মাৰি প্ৰেমিক পক্ষীহালে দৌৰাদৌৰিকৈ বাৰীৰ পিছফালৰ জেওৰাখন দেই জঁপিয়াই দিলে। খোজত পদুম ফুলা ছোৱালীজনীৰ গছকত জেওৰাখনে মেটমেটাই উঠিল, দুডাল কামি ভাগি গ’ল। সেইখিনিতে টাটীৰ বাহিৰত আছিল ডিম্বেই পচন সাৰ কৰিবলৈ লোৱা খালটো।
“আয়ু, কোন মৰন্নহ’ই ইয়াত হুল জেং পেলাই থৈছে ঐ…”
চেণ্ডেল ফুটাই বগৰী কাঁইটে তাইৰ ভৰিত খুচিছিল হ’বলা। এটা ভৰিৰে লেঙেৰিয়াই সিহঁত দুটাই পথৰুৱা ৰাস্তাৰে লৰ লৈছিল। ‘জোনৰ পিঠিত মাটিৰ পট্টা ল’বলৈ দেৰি হৈছে চাগৈ’, চাই চাই ডিম্বেই ভাবিলে।
কলবোৰ শেষ কৰি বান্দৰজাক আঁতৰি গৈছিল। মূৰত হাত থৈ বহি থকা ডিম্বেই লাহেকৈ উঠিল, জুপুৰিটোৰ ভিতৰৰ পৰা পুৱা কাটি থৈ যোৱা কলডিলটো উলিয়াই লৈ ঘৰলৈ বুলি বাট পোনালে। কোনো গান নাই, সুহুৰি নাই। কিছুপৰ আগতে ঠেচি ঠেচি খাই থোৱা কলকেইটাৰ প্ৰভাৱত সি উগাৰি উগাৰি কোনোমতে ঘৰ পালেগৈ।
“হতশ্ৰী যোৱাই এয়া কাম কৰি থৈ গৈছে। আটা কেইটামান আনিবলৈ ক’লো, এয়া ভুচিসোপা আনি থৈ গৈছে। আহক আজি, ইয়াৰে ৰুটি বনাই তাকে কটিয়াম।”
মাকৰ মাত সেয়া ভিতৰত। অনাগত যুদ্ধখনৰ কথা ভাবি ডিম্বেইৰ হেং হৈ থকা মাথাটো এইবাৰ শ্বাট ডাউন হৈ যাবলৈ ধৰিলে।
*****
11:48 am
ভাল লাগিল
2:21 pm
অশেষ ধন্যবাদ জনালোঁ