শিশুপাল খেদা : অৰবিন্দ গোস্বামী
মানুহজন ডেকা কালৰেপৰা বেচ গহীন গপচ।আশীৰ দশকতে ডাক্তৰী পাছ কৰি তেওঁ দক্ষিণ আফ্ৰিকালৈ যায়।পাঠকে আকৌ সেইজনাক তাহানিৰ গান্ধীৰ দৰে কিবা বেৰিষ্টাৰী পঢ়িবলৈ যোৱা বুলি নাভাবিব।মানুহজনে আনে নকৰা কিবা এটা কৰিবলৈ বৰ ভাল পাইছিল।এইবাৰ তেওঁ দক্ষিণ আফ্ৰিকালৈ গৈছিল কোনো এখন বিশেষ শিক্ষানুষ্ঠানত পশু-পক্ষীৰ শব্দৰ অৰ্থৰ বিষয়ে পঢ়িবলৈ।কম সময়ৰ ভিতৰতে তেওঁ এই বিষয়ত বিশেষজ্ঞ হৈ উঠিল।আশীৰ দশকৰ মাজভাগলৈ তেওঁ পুণৰ অসমলৈ ঘূৰি আহে।ডাক্তৰী পাছ কৰা আৰু বিদেশতো কিবা পঢ়ি ঘূৰি অহা বুলি গম পাই গাঁৱৰে বহু মানুহ সৰুকণ ভূঞাৰ ঘৰলৈ আহিল।এনেয়ো তাহানিৰ দিনৰেপৰা সৰুকণ ভূঞাৰ ঘৰত মানুহৰ ভিৰ লাগি থাকে।সৰুকণ ভূঞাই সঁচাই মিছাই বৰ ৰস লগাই কথা কৈ মানুহক বিভোৰ কৰি ৰাখিব জানে।যহ মাৰিব পৰাটোও এটা কলা বুলিয়েই সৰুকণে ধাৰণা কৰে।নিজৰ ঘৰ-বাৰী,ল’ৰা-ছোৱালী,সংসাৰৰ দায়িত্ব পাহৰি মানুহবোৰে তেওঁৰ কথা শুনি এনেদৰে ভোল যায় যেন তেওঁ কলি কালৰ কোনোবা অৱতাৰী মহাপুৰুষহে।
এনেই নকয় বোলে—–
“ফটা হওক ছিটা হওক পাটৰ টঙালি
কণা হওক,কুঁজা হওক ভূঞাৰ পোৱালি।
এইফাঁকিও মোৰ কিবা তাহানিৰ সংস্কৃত শ্লোকৰদৰেই লাগে।
সৰুকণ ভূঞাৰ আচল নামটো সৰুকণ নহয়।আচলতে তেতিয়া বয়সত সৰু আছিল বাবেহে সকলোৱে সৰুকণ বুলি মাতিছিল।
সকলোৱে ভাবিছিল সৰুকণ গাঁৱলৈ ডাক্তৰ হৈ আহিল যেতিয়া চিন্তা নাই।গাঁৰপৰা মেলেৰিয়া,হাইজা,কলেৰাৰ পৰিয়ালবোৰে এতিয়া আৰ্মিৰ ভয়ত সন্ত্ৰাসবাদী পলোৱাদি পলাব।এদিন গাঁৱৰ ভূপেনৰ সামান্য জ্বৰ হোৱাত যেতিয়া সৰুকণৰ ওচৰ পালেহি,তেতিয়াহে ওৰহী গছৰ ওৰটো ওলাল।সৰুকণে বোলে পশু বিভাগৰ ডাক্তৰীহে পঢ়িছিল।অতদিনে গুৱাহাটীৰপৰা ঘৰলৈ আহোঁতে মানুহক ডাক্তৰী পঢ়িছোঁ বুলি ফিতাহি মাৰি যোৱা পাঁচ বছৰে সৰুকণে গাঁৱৰ মানুহৰপৰা কমখন সন্মান লুটিলেনে?সেইসময়ত পশুবিভাগৰো ডাক্তৰী পঢ়িব পাৰে বুলি গাঁৱৰ বহু মানুহে জনাই নাছিল।
তদুপৰি ঘৰে ঘৰে গৈ চাহ,মিঠাই আৰু ভাতসাঁজৰ জুতি লোৱাত সৰুকণ আগৰেপৰা পাকৈত আছিল।ডাক্তৰী পঢ়া বুলি গম পাই গাঁৱৰ মানুহৰ ঘৰবোৰত সৰুকণক মাছে-মঙহে ভাতসাঁজ খুওৱাৰ ধুম উঠে।পিচে বিধিৰ বিপাক বোলে জেলেপীৰ পাক—-আজিকালি সৰুকণক কোনেও তামোল এখনো নাযাচে।
পিছে প্ৰতিভা জানো লুকাই থাকে?সৰুকণৰ প্ৰতিভাই মান পালে।
আপোনালোকে আকৌ প্ৰতিভা নামৰ কোনোবা বিদেশী গাভৰুক সৰুকণে পলুৱাই আনিছিল বুলি নাভাবিব দেই।মই সৰুকণৰ টেলেণ্টৰ কথাহে কৈছো।নিজৰ টেলেণ্টৰ বলত সৰুকণে প্ৰথমে দক্ষিণ আফ্ৰিকাত চাকৰি পালে।পশু বিভাগৰ ডাক্তৰী পাছ কৰাৰ লগতে এক্সট্ৰা কেৰিকুলাৰ একটিভিটি হিচাপে পশু-পক্ষীৰ মাতো বুজি পোৱা বাবে চাকৰিটো সহজে হৈ গ’ল। সৰুকণক দক্ষিণ আফ্ৰিকাৰ এখন ৰাষ্ট্ৰীয় উদ্যানত পশু-পক্ষীবোৰৰ প্ৰয়োজনীয় চিকিৎসাৰ লগতে সিহঁতৰ খা-খবৰ ৰাখিবলৈ নিয়োগ কৰা হ’ল।
প্ৰথম দিনাই সৰুকণ ফিল্ড ডিউটিলৈ ওলাল কান্ধত বেগ এটা লৈ।আপোনালোকে সৰুকণৰ কান্ধত এতিয়া দেখা পোৱা বেগটোও সেই ২৫ বছৰৰ আগৰটোৱেই।বেগটোত টাপলি মাৰোঁৰে মাৰোঁতে টাপলি মাৰিবলৈ ঠায়েই নোহোৱা হৈছেগৈ,তথাপিও এৰা নাই…নেৰেও।কথা প্ৰসঙ্গতহে উনুকিয়ালো দেই।আচলতে তেওঁ বৰ্ত্তমান কান্ধত ওলোমাই লৈ ফুৰা বেগ নামৰ সেই ফটাকানিসদৃশ বস্তুটোৰ আমাৰ কাহিনীৰ সৈতে কোনো সম্পৰ্ক নাই।
চাকৰিৰ প্ৰথমদিনা সৰুকণে হাতত ৰাইফল এটা লৈ জংঘললৈ সোমাই গ’ল। বাটতহে মনত পৰিল যে ৰাইফলটো বন বিভাগে আত্মৰক্ষাৰ বাবে দিলে ঠিকেই,পিছে গুলীকেইটাহে নিদিলে।কথাটো মনত পৰি সৰুকণৰ ভয় লাগিল যদিও উপায়বিহীন হৈ খালী ৰাইফলটোকে কান্ধত লৈ জংঘললৈ সোমাই গ’ল।সৰুকণৰ খালী ৰাইফল লৈ আফ্ৰিকাৰ জংঘললৈ সোমাই যোৱা দৃশ্যটো আজিৰদৰে মোবাইল কেমেৰাত বন্দী কৰিব পৰাহ’লে হয়তো ‘শম্ভু চিকাৰী’ আৰু সৰুকণ ভূঞাৰ ফটোখনৰ মাজত বিশেষ পাৰ্থক্য দেখা পোৱা নগ’লহেঁতেন।যি কি নহওক,হাতত ৰাইফলটো থাকিলে গাটোও গৰম গৰম লাগি থাকে।বাঘ,ভালুকে ৰাস্তাত লগ পালেও সৰুকণৰ হাতত বন্দুক দেখিয়েই পলাব কাৰণ বন্দুকটো দেখিলে বাঘ,ভালুকৰ এয়া মনলৈ নাহে যে ৰাইফলত গুলী আছেনে নাই।
এইদৰে গৈ গৈ সৰুকণে ৰাস্তাত এটা শিয়াল লগ পালে।সৰুকণে শিয়ালৰ ভাষাতে তাক মাতিলে—–
:ঐ…এইফালে আহচোন।
শিয়ালটোৱে গছ এজোপাৰ আঁৰ লৈ ক’লে—–
: না…. না…হাতত ৰাইফল লৈ আহিছে, আপোনাৰ ওপৰত বিশ্বাস নাই।
: ধেই! এইটোত গুলী চুলি নাই।এনেই লৈ ফুৰিছো এইডাল।আৰু মই ডাক্তৰহে,এইটো এনেই তহঁতৰ ৰজাক ভয় খুৱাবলৈ আনিছো।নহ’লে তহঁতৰ যিটোহে খঙাল ৰজা, মোক বখলিয়াই পেলাব।মই সইত সইত তিনি সইত খাই কৈছো,মোৰ এই বন্দুকটো খালী।আহ ভাই,অলপ কথা পাতোঁ।মই আচলতে তহঁতৰ ডাক্তৰহে।তোৰ বেমাৰ চেমাৰ থাকিলেও ভাল কৰি দিম।
শিয়ালৰ ইতিমধ্যে পেটৰ বিষ এটা হৈয়েই আছিল।সি বোলে যদি ই ডাক্তৰ ভালেই হ’ল।পেটৰ বিষৰ দৰৱকেইটামান ইয়াৰপৰাই সৰকাই ল’ব লাগিব।শিয়াল ভয়ে ভয়ে সৰুকণৰ কাষ চাপিল।
: মোৰো পেটৰ বিষ এটা হৈ আছে,কিবা আছে যদি দিয়ক তেনেহ’লে।
শিয়ালটো কাষ চাপি অহা দেখি সৰুকণৰো ভাল লাগিল।ভূঞাই বোলে দৰৱ মানে বেজী দিব লাগিব।ভয় কৰিব নালাগে,বেজী দিলে তোৰ পেটৰ বিষ ঠিক হৈ যাব।
এতিয়া শিয়ালেতো বেজী কি বস্তু চিনি নাপায়,ভাবিলে পেট ভাল কৰা ভাল বস্তুৱেই হ’ব।এইবুলি শিয়ালে বেজী ল’ম বুলি ক’লে।ইফালে সৰুকণে তাহানি পৰীক্ষাৰ সময়তহে যি পঢ়ে,আগৰছোৱা ধিতিঙালি কোবাওঁতেই যায়। কোনটো জন্তুক কি বেজী দিব লাগে খেলিমেলি লাগে।
সৰুকণে বেগৰপৰা কিতাপখন উলিয়াই পাত লুটিয়াবলৈ লাগিল।শিয়ালে মনতে ভাবিলে বোলে গুণী ডাক্তৰ দেই!কিতাপ পঢ়িহে দৰৱ দিয়ে।সৰুকণে একান্তমনেৰে পাত লুটিয়াই থাকিল আৰু শিয়াল সন্মুখতে কোৱাৰি চেলেকি চেলেকি বুৰ্বক বহাৰ দৰে বহি থাকিল।সৰুকণে হাই পাৱাৰ শচমা পিন্ধে।চকু বৰ ঠিক নহয়।ভুলক্ৰমে ‘অক্স’ টোকে ‘ফক্স’ লিখাৰ নিচিনা দেখিলে আৰু ‘পাই গ’লো’ বুলি জাপ মাৰি উঠিল।শিয়ালে ভেবা লাগি চাই থাকিল।বেজ-কবিৰাজৰ কথা অলপ বেলেগেই,শিয়ালেনো সৰুকণে কি পালে কি বুজিব?
সৰুকণে শিয়ালক ক’লে——
: ভাই তই উল্টা হৈ দে।তোক তপিনাত ইনজেকশ্যন দিব লাগিব।
এইবাৰ শিয়ালে ভয় খালে।ভাবিলে ই মোক বেজী দিয়াৰ কথাহে আছিল।এতিয়া আকৌ বোলে ইনজেকশ্যনহে দিব।সেইটো আকৌ কি বস্তু।
: চাৰ ইনজেকশ্যন মানে বন্দুকৰ গুলী নহয়তো?
: ধেই মূৰ্খ!বেজী আৰু ইনজেকশ্যন একেই।তই উল্টা হৈ দে।আৰু ইনজেকশ্যন দিওঁতে মাত নামাতিবি।
বেচেৰা শিয়ালটো উল্টা হৈ ইনজেকশ্যন ল’বলৈ তপিনাটো পাতি দিলে।
সৰুকণে মস্ত ‘অক্স’ৰ বেজীডাল গাৰ জোৰেৰে দিলে শিয়ালৰ তপিনাত ভৰাই।সিফালে শিয়ালৰ জিভা বাহিৰ হৈ গ’ল।কিন্তু সি এতিয়া চিঞৰিবও নোৱাৰে।ডাক্তৰ চাহাবে মানা কৰি থৈছে চিঞৰিবলৈ।যেতিয়াই সৰুকণে শিয়ালৰ তপিনাৰপৰা বেজীটো উলিয়াই আনিলে শিয়ালে উঠি ভিৰাই দৌৰ মাৰিলে।কিছুদূৰ গৈ বিষত থাকিব নোৱাৰি শিয়াল বেহুঁচ হৈ পৰি গ’ল।দুদিনৰ পিছতহে শিয়ালে সাৰ পালে।সেইবাৰলৈ শিয়াল বাচিল যদিও তপিনাৰ বিষটো তাৰ ভালেই নহ’ল।
এনেদৰে কিছুদিন পাৰ হ’ল।শিয়ালে আন এদিন বনত চৰি থাকোঁতে সৰুকণক দেখা পালে।জোপোহাৰ আঁৰ লৈ শিয়ালে চাই থাকিল।মনতে প্ৰতিশোধৰ ভাৱ এটাও জাগি উঠিল।সৰুকণক দেখি তাৰ পেটৰ বিষৰ লগতে তপিনাৰ বিষটোও যেন বেছি হৈ গ’ল।ধূৰ্ত শিয়ালে মনতে বুদ্ধি এটা পাঙিলে আৰু সি সৰুকণৰ ওচৰলৈ নাহি পোনে পোনে বনৰ ৰজা বাঘৰ ওচৰ পালেগৈ।
: মহাৰাজ!সাষ্টাঙ্গে প্ৰণিপাত জনাইছোঁ।
এইবুলি লেপেটা কাঢ়ি বহি মূৰ দোঁৱালে।
: কচোন! তই কি সকামত আহিলি?
: প্ৰভু আপোনাৰ যে কঁকালৰ বিষটো হৈছিল,তাৰ উপচাৰৰ উপায় এটা পাইছো।চহৰৰপৰা এজন মানুহ আহিছে জংঘললৈ।তেওঁ বোলে আমাৰ নিচিনা পশুবোৰৰ ডাক্তৰ।মোৰ সিদিনা সৌভাগ্যক্ৰমে তেওঁৰ সৈতে সাক্ষাৎ হ’ল।মোৰ পেটৰ বিষ হৈ আছিল আৰু তেওঁ মোক বেজী নে কিবা এটা তপিনাত দিলে।মই এতিয়া সম্পূৰ্ণ সুস্থ।মই ভাবো আপুনি এই বুঢ়া বয়সত কঁকালৰ বিষডাল লৈ ফুৰাতকৈ ডাক্তৰ চাহাবে দিয়া বেজী এটা ল’লেই বিষৰ উপশম হ’ব।
: তোৰ প্ৰস্তাৱটো ভালেই পাইছো বাৰু।পিছে সি বা কিমান বিশ্বাসযোগ্য?
: এক্কেবাৰে ষোল্ল অনা বিশ্বাসযোগ্য প্ৰভু!
বনৰ ৰজা মান্তি হ’ল।শিয়ালেও মনতে ৰং পালে বোলে ৰহ!মোক বেজী দিয়াৰ পোতক ভালদৰে তুলিম।মহাৰাজক ইমান জোৰত বেজী নে কি সেইডাল মাৰিলে তোক লগে লগে যমপুৰীলৈ পঠাব।
ধূৰ্ত শিয়ালে গৈ এদিন বনত অনাই-বনাই ঘূৰি ফুৰোঁতে সৰুকণক লগ পালে আৰু বনৰ ৰজাক চিকিৎসা কৰিবলৈ কাকূতি-মিনতি কৰি নিজৰ লগতে লৈ আহিল।বনৰ ৰজাক চিকিৎসা কৰিবলৈ সুযোগ লাভ কৰি সৰুকণো ৰোমাঞ্চিত হ’ল।বেজী দিয়াৰ আগতে কিনো বেজী দিলে বনৰ ৰজাৰ কঁকালৰ বিষ ভাল হ’ব তাকে চাবলৈ সৰুকণে নিজৰ শাস্ত্ৰখন মেলিলে।বনৰ ৰজাই শিয়ালৰ চকুলৈ চাই সন্তোষ প্ৰকাশ কৰিলে আৰু মনতে ভাবিলে….ই সঁচাই জনা-শুনা জ্ঞানী মানুহ।পুস্তক নেৰেই।শিয়ালে মনে মনে ভাবিলে—–
: অলপ সময় ৰ’ব মহাৰাজ!মোৰ দৰে আপোনাৰো সময় আহি আছে।
ইফালে সৰুকণে বিতচকুৰে কিতাপ চাই ‘টাইগ্ৰিছ’কে ‘টাইগাৰ’ দেখিলে আৰু বাঘিনীৰ প্ৰজনন ক্ষমতা বৃদ্ধিৰ ইনজেকশ্যন এটাকে বাঘলৈ ফিটিং কৰিলে।
: আপুনি আৰামত শুই দিয়ক।মই বেজীটো লাহেকৈ দিব লাগিব।
কথাষাৰ শুনি শিয়ালৰ হাঁহি উঠিল।
পিছে ইয়াৰ পিছৰ দৃশ্যটো শিয়ালৰ একেবাৰে বিশ্বাস নহ’ল।সৰুকণে বৰ সাৱধানেৰে বাঘক ইনজেকশ্যনটো দিলে।ইনজেকশ্যন দি সৰুকণে বনৰ ৰজাক প্ৰণাম জনাই গুচি গ’ল।শিয়ালেও ঠোঁট মুখ চেলেকি গুচি আহিল।
পিছদিনা শিয়ালে বাঘৰ খবৰ ল’বলৈ গুহাত সোমোৱাৰ লগে লগে বাঘ গুজৰি উঠিল।
: ধূৰ্ত্ত শিয়াল!তই এইটো কোন দুষ্ট মানুহক মাতি আনি মোৰ এই দশা কৰিলি?মই তোক খাই পেলাম।ৰহ!মই অলপ ভাল পাই লওঁ।তোৰ নাড়ী-ভুৰু ফালি পেলাম।
শিয়ালে দেখে যে কথা বিষম।বনৰ ৰজাৰ পেটটো গাভিনী বাঘিনীৰ নিচিনা হৈ গৈছে।বাঘে নিজৰ গাটোকে লৰাব নোৱাৰে।গঙ্গাটোপহেন পেটটো ওফন্দি আছে।বাঘৰ খং দেখি আৰু গুজনৰনি শুনি শিয়াল পণ্ডিতে অনতিপলমে সেই ঠাইৰপৰা পৃষ্ঠভঙ্গ দিলে।
সেইদিনা বাঘৰ অৱস্থা দেখি শিয়ালে বাঘৰ জীৱন পিছলৈ আধ্যা পৰিল বুলিয়েই ভাবিলে।
অন্য এদিন শিয়ালে আকৌ সৰুকণ ভূঞাক বনত দেখা পালে।এইবাৰ শিয়ালৰ মনত অন্য এটা বুদ্ধি খেলালে।
শিয়ালে সৰুকণৰ ওচৰলৈ গৈ লাহেকৈ ক’লে—–
: আপুনি সিদিনা মহাৰাজক কি বেজী দি থৈ আহিল।মহাৰাজ পিছদিনাই মৰি থাকিল।এতিয়া মহাৰাজৰ জ্ঞাতি কুটুম্বই আপোনাক বিচাৰি ফুৰিছে।পালেই আপুনি খতম।
শিয়ালৰ কথা শুনি সৰুকণ ভূঞাৰ পেটতে হাত-ভৰি লুকাল।
: অ….এতিয়া মোৰ কি হ’ব! চাকৰিৰ খাতিৰত মই জংঘললৈ আহিবই লাগিব।আকৌ জংঘললৈ আহিলেই মোক বাঘৰ জাকে নেফানেফ কৰিব।
এইবুলি কৈ সৰুকণ ভূঞা কন্দনামুৱা হ’ল।শিয়ালে ক’লে—–
: ৰ’বচোন,মই কিবা ব্যৱস্থা কৰিম।
এইবুলি শিয়াল জংঘলৰ মাজলৈ সোমাল।সৰুকণ ভূঞা গছৰ আঁৰতে লুকাই থাকিল।ধূৰ্ত্ত শিয়ালে সৰুকণ ভূঞাক ক’ৰবাৰপৰা বাঘিনী এজনীৰ ছাল এখন আনি দি ক’লে——
: ছাৰ,আপুনি এইখন পিন্ধি থাকিব।এইখন পিন্ধি থাকিলে আপোনাক বনৰ সকলোৱে বাঘ অৰ্থাৎ বনৰ ৰজা বুলি ভাবি সন্মান কৰিব আৰু আন বাঘবোৰেও আপোনাক জ্ঞাতি কুটুম্ব বুলি ভাবিব।
এই কথা শুনি সৰুকণ ভূঞাৰ মুখৰপৰা চিন্তাৰ চিনচাব নোহোৱা হ’ল।মুখেৰে হাঁহি বিৰিঙি উঠি তামোল খোৱা দাঁতকেইটা ওলাই পৰিল।
: তই মোক ভাল ৰক্ষা কৰিলি।
এইবুলি পলম নকৰি সৰুকণে খৰধৰকৈ বাঘিনীৰ ছালখন গাত মেৰিয়াই আঁঠু কাঢ়ি হাত দুখন সন্মুখৰ ভৰিৰ নিচিনা কৰি বাঘৰ নিচিনা ঘূৰি ফুৰিবলৈ লাগিল।সৰুকণ ভূঞাক দেখি শিয়ালেও উচ্চ প্ৰশংসা কৰিলে।
: বাঃ!নমস্কাৰ মহাৰাজ!
তাৰ পিচৰপৰা সৰুকণ ভূঞা ফিল্ড ডিউটিলৈ আহিলে বাঘিনীৰ ছালখন পিন্ধি ৰজাৰ দৰে বিচৰণ কৰি ফুৰে।সৰু-সুৰা জন্তুবোৰে কাষেৰে পাৰ হৈ যাওঁতে চালাম থুকি যায়।গৰ্বত সৰুকণ ভূঞাৰ বুকুখন ওফন্দি উঠে।
এদিন দুপৰীয়া সৰুকণ ভূঞাই বাঘৰ ভাও জুৰি বনত ঘূৰি ফুৰোঁতেই সেই বেজী দিয়া বাঘটোৱে দেখা পালে।
সৰুকণৰ বেজী লৈ সি অলপদিন অসুস্থ হৈ থাকিল যদিও লাহে লাহে তাৰ বেমাৰ ভাল হ’ল আৰু বনৰ পহু ধৰি ধৰি খাই আগতকৈও ধুনীয়া আৰু সুস্থ-সবল হৈ উঠিছিল।
বাঘে ধুনীয়া বাঘিনীজনী দেখি ভোল গ’ল।মনতে ভাবিলে—–
: বাঃ! জীৱনত বহুত বাঘিনী দেখিছো কিন্তু এইৰ নিচিনা ধুনীয়া বাঘিনী দেখা নাই।এইক মই নিজৰ কৰি ল’ব লাগিব।
এইবুলি বাঘে বাঘিনীৰূপী সৰুকণ ভূঞাৰ ওচৰলৈ আগবাঢ়িল।সৰুকণে কিন্তু বাঘটো দেখিয়েই চিনি পালে।সৰুখনে মনতে ভাবিলে….
: আৰে ! ই মৰিছিল দেখোন!আকৌ কেনেকৈ ওলাল!!
জীয়া বাঘ বুলিলেই কলিজাটো ওলাই লৰ মাৰোঁ মাৰোঁ যেন কৰে।এইবাৰ আকৌ বাঘৰো ভূত!!!হে পৰভু!মোৰ দশা এতিয়া কি হ’ব!!!
সৰুকণ দুখোজ পিছুৱাই গ’ল।
এই দৃশ্য দেখি বাঘ আৰু দুগুণ পগলা হৈ গ’ল।সি মনতে ভাবিলে…….
ৱাহ!লাজুকীয়া বাঘিনী।এইকতো মই পতামেই পতাম।
বাঘ এইবাৰ আৰু অলপ বেগাই আগবাঢ়িল।
বাঘিনীৰূপী সৰুকণে ভাবিলে যে ই মোক নিশ্চয় চিনি পাইছে।
ভয়তে সৰুকণে বাঘিনীৰ ছালখন দলিয়াই পেলাই
“ঔ পিতাই বাঘে মোক খালে ঔ” বুলি চিঞৰি দৌৰ মাৰিলে।
ধুনীয়া বাঘিনীজনী হঠাৎ তাক বেজী দি পেট ফুলোেৱা মানুহটোলৈ পৰিবৰ্তন হোৱাত বাঘেও থতমত খালে।কিছু সময় ৰৈ বাঘে হাওঁ হাওঁকৈ সৰুকণক খেদি গ’ল।বাঘৰ এই শিশুপাল খেদাত সৰুকণ ভূঞাই কেৱল দৌৰিলে আৰু দৌৰিলে।শেষত উপায়বিহীন হৈ এজোপা ডাঙৰ গছৰ ওপৰলৈ উঠি গ’ল।উঠিল মানে উঠিলেই।তিনিদিন সৰুকণ গছৰ ওপৰতে থাকিল।শেষত যেনিবা আফ্ৰিকাৰ বন বিভাগে সৰুকণক উদ্ধাৰ কৰি আনিলে।জীৱনটো ঘূৰাই পাই সৰুকণ ভূঞাই পিছদিনাই উৰাজাহাজত উঠি ঘৰ পালেহি আৰু আফ্ৰিকাৰ চাকৰিও বাদ দিলে।
*****
11:09 am
হাঃ হাঃ হাঃ মজা।
1:57 pm
ধন্যবাদ।
2:38 pm
হাঃ হাঃ! মজা লাগিল৷