মনেশ্বৰৰ কপৌফুল : নীলাক্ষি কাকতি
“—ঘেন ঘেন তাখি ঘেন, তিঘেনটি ঘেন দাউ,
খিট খিট তাখিখিত তিখিতটি খিট দাউ,
ঘেন খিটি ঘেন দাউ, তিঘেন খিটি ঘেন দাউ,
খিট তাখি ঘেন ঘেনা ঘেন৷”
দূৰৰ পৰাই ঢোল আৰু পেপাৰ শব্দই ভোলাৰাম বৰুৱা হাইস্কুলৰ ফিল্ডখন মুখৰিত কৰি তুলিছে৷ এইখন ফিল্ডতে এইবাৰ দুদিনীয়াকৈ স্থানীয় ডেকা-গাভৰুৱে মিলি ৰঙালী বিহুৰ সাংস্কৃতিক অনুস্থান পাতিছে৷ অঞ্চলটোৰ গণ্যমান্য লোক দুই এজনেও তেওঁলোকৰ লগত হাত উজান দিছে৷ যেতিয়াৰপৰাই বিহুৰ অনুস্থান পতাটো ঠিক হৈছিল তেতিয়াৰপৰাই ডেকা-গাভৰুৰ দলটোৰ উলাহে নধৰা হৈছিল৷ তেতিয়াৰপৰাই আবেলি আটাইকেইজনেই হাইস্কুলৰ ফিল্ডত গোট খাইহি আৰু বিহুৰ ৰিহাৰ্চেল কৰে৷
: ঐ দীপাংকৰ আজি দেৰি কৰিলি যে? এনেকৈ হ’লে কেনেকৈ হ’ব কচোন? হাতত মাথোঁ তিনিটা দিন৷ মনেশ্বৰে ঢোলতো ডিঙিত আৰি লৈ মাত দিলে৷
: নহয় অ মনে৷ বাটত ৰূপালীক লগ পালোঁ৷ তাই সিহঁতৰ পদূলিতে ৰৈ আছিল৷ মই কিয় ৰৈ আছে বুলি সোধাত তাই উত্তৰ দিলে যে টাউনৰপৰা তাইৰ হোষ্টেলৰ লগৰীয়া এজনী আহিব৷ মোক লগ ধৰিলে বোলে মই তাইৰ লগত চাৰিআলিলৈ যাব লাগে লগৰীয়াজনীক আনিবলৈ৷ মোৰো তাইক না ক’বলৈ বেয়া লাগিল৷ ময়ো তাইৰ লগতে চাৰিআলি পালোগৈ৷
: তাকেই৷ মৌৰ টিঙত মুখ গুজি দিলি৷ এই যে বিহুভাগ পাতিছ কিবা যে উনৈশ-বিশ হ’লে ৰাইজে যে মুখত সোপা দি কাললৈ হাঁহিব তাৰ খবৰ ৰাখিছনে? নে ৰূপালী আইটি আৰু লগৰজনীয়ে তোক উদ্ধাৰ কৰিব?
: ধেই৷ তয়ো যে আৰু৷ জনা হোৱাৰপৰাই ঢোল বজাইছোঁ৷ এদিন অলপ দেৰিকৈ প্ৰেকটিচ নকৰিলে ঢোলটো হাৰমনিয়াম হৈ নাযায়৷ সেইবোৰ বাদ দে৷ তাৰপিছত কি হ’ল তাকে শুন৷ ৰূপালী আৰু মই চাৰিবজাৰ বাচখনলৈ ৰৈ আছোঁ ৰৈ আছোঁ৷ কেনেবাকৈ যেনিবা সেইখন আহিল৷ তাৰপাছত তোক কৈছোঁ আৰু৷
: তাৰপিছত কি হ’ল কথাখিনি ক৷ গৰুৱে ঘাঁহ পাগুলি থকাৰ দৰে পাগুলি আছ যে?
: অঁ শুন৷ বাছৰ পৰা ৰূপালীৰ লগৰজনী নামি আহিল৷ দূৰৰপৰাই হাত জোকাৰি জোকাৰি আমাৰ দুয়োৰে ওচৰ পালেহি৷ ৰূপটো হে যেনিবা নকৈছোঁ৷ একেবাৰে গোটেইজনী সাক্ষাৎ অপেশ্বৰী৷ ইমান যে ধুনীয়াকৈ মাতটো দি মোক মাতিলে৷ মই বোলো ৰূপালীৰ লগত আমাৰ বিহুথলীলৈ এপাক মাৰিবা৷ তায়ো হয়ভৰ দিলে৷ কাইলৈ আমাৰ প্ৰেকটিচ চাবলৈ তাই আমাৰ ইয়ালৈ ৰূপালীৰ লগত আহিব বোলে৷
: কি কৱ? ইমান ধুনীয়া নে? তই বাৰু এনেও কথাবোৰ দহ পূৰণ দি কৱ৷ বাৰু চাম কোননো এই ঐশ্বৰ্য ৰায়জনী৷ ঐ মোৰ আকৌ ভাল লাগিলে তই ভেটা নিদিবি কিন্তু৷ কৈ থলোঁ নিজৰ বুলি৷
: হ’ব দে৷ মোৰ ৰূপালীয়ে ভাল৷ দে দে প্ৰেকটিচ আৰম্ভ কৰ৷
“ঘেন ঘেন ঘেন—-খিটি খিটি—–”
****
পিছদিনা মনেশ্বৰে আধাঘণ্টা সোনকালেই আহিল৷ কিয় জানোঁ কালি দীপাংকৰে কোৱা ছোৱালীজনীক চাবলৈ তাৰ বৰ মন গৈ আছে৷ সি বা কিমান সঁচাকৈ কৈছে! নে তাক এনেয়ে ঠগিবলৈ মনেসজা কথা কৈছে! কিছুসময় পিছত লাহে লাহে সকলো গোট খাবলৈ আৰম্ভ কৰিলে?
: কি মনে কাই? আজি দেখোন বেলি মূৰৰ ওপৰত থাকোতেই পালেহি? কথাটো কি? কৰবীয়ে তাক লাহেকৈ জোকাই থৈ গ’ল৷
: অঁ আজি অলপ সোনকালে হ’ল৷ টাউনলৈ গৈছিলোঁ৷ সোনকালে ঘৰ পাই ভাতমুঠি খাই ইয়ালৈ পোনাই দিলোঁ। সি মনে মনে প্ৰমাদ গণিলে৷ এইজনীয়ে বাৰু কিবা গম পালে নেকি! কালি সিহঁতে কথা পাতি থাকোঁতে তাই সিহঁতলৈ বৰকৈ মন দি আছিল৷ সৰ্বনাশ! এই কিবা গম পালে গোটেই গাওঁখনত ঢোল পিতি ফুৰিব৷
কৰবী ওচৰৰ পৰা যোৱাৰ পিছত মনেশ্বৰে স্কুলৰ গেটখনৰ ওচৰলৈ গ’ল৷ দূৰৰপৰাই সি ৰূপালীক দেখিলে৷ লগত এজনী মেখেলা-চাদৰ পিন্ধা ছোৱালী৷ উফ্! কি যে লাহীপাহী৷ সি কল্পনা কৰাতকৈও ধুনীয়া৷ লাহে-লাহে সিহঁত তাৰ ওচৰ পালেহি৷
: মনেশ্বৰ কাই ইয়াত কি কৰিছে? প্ৰেকটিচ আৰম্ভ হোৱাই নাই নেকি? মই আকৌ আজি দেৰি হোৱা বুলিহে ভাবিলোঁ। মই কালিও প্ৰেকটিচলৈ আহিব নোৱাৰিলোঁ৷ ৰূপালীয়ে একেলেথাৰিয়ে কথাবোৰ কৈ গ’ল৷
: নাই নাই৷ দেৰি হোৱা নাই দিয়া৷ এই আৰম্ভ হয়েই আৰু৷ মই এনেয়ে অলপ ওলাই আহিছিলোঁ৷
: অঁ৷ তেন্তে ঠিকেই আছে৷ অঁ মই পাহৰিছোঁৱেই এইক আপোনাৰ লগত চিনাকি কৰি দিবলৈ৷ এই মোৰ লগৰ মানসী৷ আমি হোষ্টেলত একেলগে থাকোঁ৷ গুৱাহাটীত ঘৰ৷ এইবাৰ আমি বিহু পাতিম বুলি কোৱাত তাই বিহু চাবলৈ আহিছে৷ মানসী এয়া মনেশ্বৰ ককাইদেউ৷ বৰ ভাল ঢোল বজায়৷
: নমস্কাৰ৷ মানসীয়ে মিঠাকৈ হাঁহি এটা মাৰিলে৷
: নমস্কাৰ৷ এহ্ নাই৷ ৰূপালীয়ে অলপ বেছিকৈ কৈছে৷ বজাও আৰু অলপ-চলপ৷ বাৰু দুয়ো আহা৷ মনেশ্বৰে লাজ লাজকৈ কথাখিনি ক’লে৷ বুকুখন তাৰ বতাহত বাঁহপাত লৰাদি লৰি আছে৷
বিহুৰ ৰিহাৰ্চেল আৰম্ভ হ’ল৷ মানসীয়ে আতঁৰৰপৰাই সকলোৰে ৰিহাৰ্চেল চাই আছে৷ আজি মনেশ্বৰে যিমান পাৰি সিমান সুন্দৰকৈ ঢোল বজাইছে৷ নাচি নাচি নাচনী কেইজনী ভাগৰি পৰিছে৷ তথাপিও সি ঢোলৰ মাৰি এৰাৰ নাম লোৱা নাই৷ কিছু সময় সকলোৱে বিৰতি বিচৰাত সিও ঘাঁহনি ডৰাতে বহি ল’লে৷
: আপুনি বৰ ধুনীয়াকৈ ঢোল বজায়৷ পিছফালৰ পৰা মানসীয়ে মাত দিলে৷
: অলপ চেষ্টা কৰোঁ আৰু৷ পিছে তুমি বিহু নাচিব জানানে?
: অলপ জানোঁ৷ পিছে বৰ পাকৈত নহয়৷
: পাৰিবা পাৰিবা৷ ভালদৰে শিকি ল’লে নোৱাৰাৰ কাৰণ নাই৷ পিছে পৰহিলৈ বিহু চাবলৈ আহিবা নহয়?
: আহিম৷ সেইবাবেই ইয়ালৈ আহিছোঁ৷ আপোনাক কথা এটা সুধোনে?
: সোধা সোধা৷ তাক এটা কিয় দহটা প্ৰশ্ন সোধা৷ ম’হৰ শিঙৰ পেঁপাটো কাপোৰ এখনেৰে মচি মচি দীপাংকৰে মাত দিলে৷
: এহ্৷ এইটো৷ কি যে কৈ থাক নহয়৷ মনেশ্বৰে থতমত খাই কৈ উঠিল৷
দূৰৰপৰা কৰবী, বাসন্তীহঁতে ফিচিক-ফাচাককৈ হাঁহিবলৈ ধৰিলে৷
: নাই মানে কথাটো হ’ল, মোৰ খোপাত কপৌফুল গুজি লোৱাৰ বৰ হেঁপাহ আছে৷ সৰুতে দাদাই কৰবাৰপৰা আনি দিছিল৷ তাৰপিছৰপৰা আজিলৈ কপৌফুল খোপাত লোৱাই হোৱা নাই৷ মানে সুযোগেই পোৱা নাই৷ বেয়া নাপায় যদি আপুনি মোক কপৌফুল এপাহ যোগাৰ কৰি দিব পাৰিবনে?
: কিয় নোৱাৰিব? গোটেই কেইজনী নাচনীৰ বাবে কপৌফুল যোগাৰ কৰিমেই৷ তোমাৰ বাবেও এপাহ আনি দিম৷ বাবুলে তামোলখন মুখত সোমোৱাই মাত দিলে৷
: হ’ব দে৷ ময়ে এওঁৰ বাবে কপৌফুল যোগাৰ কৰি দিম৷ মনেশ্বৰে বাবুলৰ কথা কাটি মাত দিলে৷
:বাৰু তেন্তে৷ কপৌফুল পাম বুলি আশা কৰিলোঁ৷ ৰূপালী তোৰ হ’ল যদি আহ৷ খুৰীয়ে চাগে আমাৰ বাবে ৰৈ আছে৷ বাৰু আজিলৈ আহোঁ৷
: বাৰু যোৱা৷ মনেশ্বৰে মাত দিলে৷ সিহঁত যোৱাৰ ফালে চাই থকা দেখি নয়নে ক’লে-
: কি মনে কাই? ব’হাগতে পাতি দিও বিয়া নেকি? বৰ এটা ঠিক দেখা নাই৷ কথাখিনি শুনি আটায়ে গিৰ্জনি মাৰি হাঁহিলে৷
**
ৰাতি হাতত টৰ্চতো লৈ মনেশ্বৰ আৰু দীপাংকৰে কপৌফুল বিচাৰি ওলাল৷ আজিকালি যাৰ যাৰ ঘৰত কপৌফুল থাকে তেওঁলোকেও পটককৈ চিঙিবলৈ নিদিয়ে৷ কিছুমানে আকৌ বিক্ৰীও কৰে৷
: ঐ মনে কলৈ যাৱ? ৰমিলাহঁতৰ ঘৰলৈ যাবি নেকি? সিহঁতৰ ঘৰত ফুলি থকা দেখিছোঁ৷
: হয় নেকি? পিছে সিহঁতৰ ঘৰৰ কুকুৰ দুটা বৰ চোকা অঁ৷ কেনেবাকৈ পালে আমাক বখলিয়াই পেলাব৷ তাতে বাপেকটো যি কৰাইচ! চেণ্ডেলত লাগি থকা বালিকনো পাল্লাত জুখে৷
: বাদ দে৷ মই সিটুপিৰ লগত খাবৰ কাৰণে চিপচ্ এপেকেট আনিছিলোঁ৷ তাকে দিম যমদুটাক৷
: হুহ৷ কুকুৰক চিপচ্ দি ঠগিবি? বাৰু ব’লচোন৷ এয়া পালোঁহি৷ অই জেউৰাখন বৰ ওখকে দিছে অঁ৷ কেনেবাকৈ কুকুৰে খেদিলে পলাব দিগদাৰ হ’ব!
: ঐ তই মানসীক কপৌফুল দিবিনে? নিদিয় যদি মোৰ কি গৰজটো পৰিছে এই ম’হজাকক ফ্ৰীতে মোৰ তেজ শুহিব দিবলৈ?
: নাই নাই৷ ব’ল যাওঁ ৷ যি হয় দেখা যাব৷
সিহঁতে ৰমিলাহঁতৰ ঘৰৰ কপৌফুল চিঙি হাতত সাৰে ভৰিত সাৰে আহিব লওঁতেই কুকুৰ দুটাই ভৌ ভৌকৈ সিহঁতক খেদি আহিল৷ দীপাংকৰে চিপচ্ পেকেট ফালি সিহঁতলৈ দলিয়াই দিলে৷ পিছে এটাই শুঙি সিহঁতলৈ চোচা ল’লে৷ পিছে পিছে আনটো৷ দুয়ো কিবাকৈ জেউৰাখন পাৰ হ’বলৈ লওঁতেই মনেশ্বৰৰ পেন্টতো জেউৰাৰ খুটিত লাগি ধৰিল৷ সিখন ভৰিত এটা কুকুৰে এক কামোৰ মাৰিলে৷
: আয়ৌ৷ মৰিলোঁ ঐ৷ এবখলা নিলে অ দীপাংকৰ৷ সি কিবাকৈ পেন্টতো জেউৰাৰপৰা টানি উলিয়াই দৌৰ দিলে৷ ইফালে দুয়োটা কুকুৰে সিহঁতক বহুদূৰ দৌৰালে৷ সিহঁতে কিবাকৈ নয়নৰ গেলামালৰ দোকানখনৰ পিছফালে লুকাই সাৰিলে৷
: ঐ বেছিকৈ কামুৰিলে নেকি? ঢেলা চাবোনেৰে ধুই দিব লাগিব ঠাইকন৷ কাইলৈ বেজিও ল’ব লাগিব তই৷
: তাকেহে৷ কি যে কৰিম কাইলৈ! ইফালে ৰাতিপুৱা পতাকা উত্তোলনো আছে৷
: বাদ দে৷ প্ৰেম এফালে বাকী দুনীয়া আনফালে৷ মানসীক যে কাইলৈ তই কপৌফুল দিব পাৰিবি সেইটো ভাব৷
: তাকেই৷ সি বিষত কেকাই কিবাকৈ মাতটো উলিয়ালে৷
**
বিহুৰ সাংস্কৃতিক সন্ধিয়াভাগ বৰ সুন্দৰকৈ পাৰ হৈ গ’ল৷ ৰূপালীহঁতেও প্ৰাণঢালী নাচিলে৷ মানসীক আজি মুগাসাঁজত কি যে অপৰূপ দেখাইছে! মনেশ্বৰে দিয়া কপৌফুল পাহে তাইৰ খোপাত শোভা বঢ়াইছে৷ তাকে দেখি তাৰ গৰ্বত বুকু ফুলি গৈছে৷ লগৰ কেইজনে তাকে লৈ এতিয়ালৈ তাৰপৰা ডেৰশ টকাও লৈছে৷ সকলো থিকে গ’লে সিহঁতক সি খানা এটাও খোৱাব৷ মাত্ৰ তাই গুৱাহাটীলৈ যোৱাৰ আগেয়ে তাৰ মনৰ কথা তাইক ক’ব লাগিব৷
: ঐ মনেশ্বৰ! কথা এটা হ’ল৷ কৰবীয়ে তাক ষ্টেজৰ পিছফালে মাতিলে৷
: কি হ’ল অঁ? এনেকৈ কিয় ফোপাইছ?
: ঐ তোক ক’ব বেয়াই লাগিছে৷ মানে কথাটো হ’ল মই মানসীক ফেচবুকত ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠাইছিলোঁ৷ তাই কালি একচেপ্তো কৰিছিল৷ আজি তাই অলপ আগতে তাইৰ টাইমলাইনত ফটো আপলোড কৰিছে৷ তই চাচোন কি লিখিছে৷ সিও তাইৰ মোবাইলটো ততাতৈয়াকৈ চালে৷ সি দেখিলে সি কালি তাইক দিয়া কপৌফুল পাহ হাতত লৈ তাই এখন ফটো দিছে আৰু লিখিছে- “মোৰ এইবাৰৰ বহাগৰ কপৌফুল পাহ৷ অহা বহাগত এনেকুৱা এপাহি তুমি মোক দিবানে সৌৰভ হাজৰিকা?”
ওপৰত লিখা আছিল- মানসী বৰুৱা ৱিথ সৌৰভ হাজৰিকা৷ সেই সময়তে দূৰৰ পৰা এটুপি ধৰি এজনে চিঞৰি আছিল-
“আয়ে জানকে বোপায়ে জানকে
জানক সমনীয়া ভাই
এনে চেনেহ বেথা এৰিব লাগিলে
মৰিম বৰবিহে খায়৷”
*****
8:45 pm
ইচ! বেচেৰা মনেশ্বৰ। কুকুৰৰ কামোৰো খালে ছোৱালীও নপটিলে।
10:30 pm
ভাল লাগিল, কিন্তু বেচেৰা মনেশ্বৰলে বেয়া লাগিল।