ফটাঢোল

বয়সৰ অভিজ্ঞতা : জয়ন্ত দাস

(১)

বৰদেউতাৰ মৃত্যু হোৱা ২ বছৰমান হ’ল৷ বৰমা তেওঁৰ সৰু পুতেকটোৰ সৈতে গাঁৱতে থাকে৷ ডাঙৰজন চাকৰিসূত্ৰে দিল্লীত থাকে৷ দুয়োজনেই বিবাহিত আৰু সতি-সন্ততিৰে সম্পূৰ্ণ পৰিয়াল৷

মাজে মাজে মই বৰমাহঁতৰ ঘৰলৈ যাওঁ৷ তেখেতৰ খা-খবৰ লওঁ৷ এদিন হঠাতে সন্ধিয়া বৰমা মোৰ ঘৰত উপস্থিত হ’ল৷ হাতত এখন সৰু মোনা৷ মই বহিবলৈ দি ক’লো——

” কিয়নো এইটো সময়ত ইয়ালৈকে আহিব লাগে, তাতোকৈ মোকেই মাতি পঠিয়াব লাগিছিল।”

উত্তৰত বৰমাই কলে—–” বহু কথা আছে।”

তেওঁ মোনাখন খুলিলে আৰু ভিতৰৰপৰা বহুখিনি সোণৰ অলংকাৰ উলিয়াই মেজখনত থ’লে৷ সুন্দৰ সুন্দৰ নেকলেচ, গলপতা, খাৰু, আঙুঠি আদিকে লৈ যথেষ্টখিনি অলংকাৰ৷

-“আজিৰপৰা এইখিনি তোৰ জিন্মাত ৰাখিবি।”

কথাষাৰ কৈয়েই তেওঁ যাবলৈ ওলাল৷

“ৰ’বচোন বৰমা৷ কি হৈছে কওকচোন”—-মই সুধিলোঁ৷

– “এইখিনি মোক তোৰ বৰদেউতাৰাই বিয়াত দিছিল৷ ডেকা অৱস্থাত বহুত পিন্ধিলো৷ বুঢ়া বয়সতনো এতিয়া কি কৰিম? আৰু তেওঁৰ মৃত্যুৰ পিছততো একেবাৰেই প্ৰয়োজন নোহোৱা হ’ল।”

কথাখিনি কৈ তেওঁ কিছুসময় ৰ’ল৷ বোধহয় জীৱনৰ কোনো ৰঙীণ সময়ৰ কথা মনলৈ আহিল৷ চকুকেইটা মচি তেওঁ পুনৰ আৰম্ভ কৰিলে৷

“জাননে, মোৰ সৰুবোপাই এই গোটেই অলংকাৰখিনি নিজৰ কৰি ল’ব বিছাৰিছে।”

“কেনেকৈ?”—– মই প্ৰশ্ন কৰিলোঁ৷

-“সি মোক আজি কেইবাদিনো ধৰি কৈ আছে , সোণখিনি বেংকৰ লকাৰত থ’ব৷ তাত হেনো সম্পূৰ্ণ সুৰক্ষিত।”

– “ঠিকেইতো৷”

বৰমাই, মোৰ কথা শুনি ক’লে—–

” বোপাই একো ঠিক নাই, আচলতে সৰু বোপাৰ সেইখিনি নিজৰ কৰি লোৱাৰ কাৰচাজিহে।”

– “কেনেকৈ বুজিলে আপুনি?”—- পুণৰ আচৰিত হৈ মই প্ৰশ্ন কৰিলোঁ৷

“বাপু এয়া বয়সৰ অভিজ্ঞতা৷ লকাৰত থ’লে সেইবোৰ মোৰ মৃত্যুৰ পিছত আত্মাটোৱে উলিয়াই পিন্ধিব নেকি?”

(২)

দিন বাগৰি গৈ থাকিল৷ বৰমা এতিয়া ঘৰটোৰপৰা প্ৰায় বাহিৰলৈ নহাৰ দৰেই হ’ল৷ ঘৰটোৰ বাৰাণ্ডাতে বহি নতুবা বিছনাত বাগৰিয়েই তেওঁ সময়বোৰ পাৰ কৰিব ধৰিলে৷ এদিন সৰু বোৱাৰীয়ে ক’লে——

“ মা কিমাননো ঘৰখনৰ ভিতৰত সোমাই থাকে, অকণমান বাহিৰলৈ ওলাই যাওকচোন, ভাল লাগিব।”

বাৰাণ্ডাৰ চকীখনত বহি শাহুৱেকে ভাবিব ধৰিলে….

“আচলতে বাহিৰলৈ ওলাই গ’লে কাৰ ভাল লাগিব?
মোৰ নে বোৱাৰীৰ?”

বয়সৰ অভিজ্ঞতাই কিন্ত এইটো প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে৷

(৩)

তেলাল হাঁহ বা থলুৱা মুৰ্গীৰ মাংস ( ল’কেল মুৰ্গী) চাগে বহুতৰে প্ৰিয়৷ মোৰো বৰ প্ৰিয়৷ এতিয়া মোৰ বয়স ৫১ বছৰ৷ কিন্তু এই ৫১ বছৰীয়া অভিজ্ঞতাৰে কোনোদিনেই বেপাৰীৰপৰা থলুৱা মুৰ্গী কিনি ঠগ নোখোৱাকৈ থকা নাই৷ যিমানেই ঠেং, নখ বা পাখিৰ ৰং চাই নিকিনো কিয়, সৰ্বশেষত ল’কেল বুলি ক্ৰইলাৰ মুৰ্গী লৈ হে ঘৰলৈ উভতোঁ৷ বহুতেই কয় থলুৱা মুৰ্গীৰ ঠেং হালধীয়া৷ কিছুমানে কয় নখবোৰ দীঘল বা ডিঙিটো দীঘল৷ কিন্তু নাই, যিমানেই এইবোৰ পৰীক্ষা- নিৰীক্ষা কৰি নিকিনো কিয়, ঠগ খামেই৷ এইক্ষেত্ৰত মোৰ বয়সৰ অভিজ্ঞতা বাৰুকৈয়ে পৰাভূত৷

*****

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *