এটুকুৰা ৰুটিৰ কাহিনী- মৃদুল নাথ
: শুনকচোন..
দুখোজ আগবাঢ়িয়ে বৰুৱা ৰৈ গ’ল। যাত্ৰা কৰাৰ সময়ত পিছফালৰ পৰা মাত দিলে অমংগল হয় বুলি বৰুৱাই ভবাই নহয় অন্তৰেৰে বিশ্বাস কৰে। মুখৰ অসন্তুষ্টিৰ চিন লুকুৱাই বৰুৱাই ঘূৰি চাই ক’লে,
: কোৱা।
: আজি অফিচৰ পৰা অলপ সোনকালে আহিব। কাম আছে আপোনাৰ।
: কৰবালৈ যাবা?
: সন্ধিয়া লেডিজ ক্লাবৰ মিটিং আছে। একেবাৰে ডিনাৰ কৰি আহিম। মাজনীক এপাক ফুৰাই অনাৰ পাছত ইভিনিং স্নেকচৰ পৰা ডিনাৰ লৈকে আজি সকলোখিনি আপুনিয়ে ৰেডি কৰিব লাগিব।
বৰুৱানীৰ কথা ঘৰখনত শিলৰ ৰেখা। ‘হাকিম লৰিলেও হুকুম নলৰে’ কথাষাৰ বহু সংসাৰী মানুহৰ ‘ঘৰ ঘৰ কি কাহানি’, বৰুৱাৰ ঘৰখনো ব্যতিক্ৰম নহয়। বৰুৱাই একো নক’লে, মাথো সন্মতিসূচক ভাবে মূৰটো দপিয়াই অফিচলৈ বুলি আগবাঢ়িল। পিছফালৰ পৰা দিয়া মাতষাৰ যে অমংগলৰ চিন সেই কথাষাৰে বৰুৱাক ৰাস্তাত আমনি দিব ধৰিলে।
অফিচ পায়ে বৰুৱাই হৰেণক কাঢ়াকৈ চাহ একাপ দিবলৈ ক’লে।বৰুৱাই চাহ সাধাৰণতে কমেই খায়। হৰেণ অলপ আচৰিত হ’ল যদিও বৰুৱাৰ মুখমণ্ডলৰ বৰণ আৰু কপালত থুপ খাব খোজা ৰেখা বোৰ দেখি একো সুধিবলৈ সাহ নকৰিলে।
বৰুৱাৰ টেবুলত পাঁচটাকৈ ফাইল, প্ৰতিটোৰে ওপৰত হালধীয়া ষ্টিকাৰ, য’ত ডাঙৰ ডাঙৰকৈ লিখা আছে ‘মষ্ট আৰ্জেন্ট’।
চাহকাপত চুমুক দি বৰুৱাই চিন্তা কৰিবলৈ ধৰিলে। কথাবোৰ আগৰ দৰে হোৱা হেঁতেন বৰ বিশেষ চিন্তাৰ কথা নাছিল। সন্ধিয়া মাজনীক ফুৰাবলৈ নি ৰেষ্টোৰেণ্টত ইভিনিং স্নেকচেৰে উদৰ পুৰাই ঘূৰি আহোঁতে ডিনাৰ পাৰ্চেল লৈ আনিব পৰা গ’ল হেঁতেন। বৰ্তমান পৰিস্থিতি ইয়াৰ অনুকুল নহয়। যোৱা সপ্তাহত মাজনীৰ ফুড পয়েজনিং হোৱাৰ পাছৰে পৰা তাইৰ বাহিৰত খোৱা মানা। তাৰোপৰি ৰাতি অকল ৰুটি সব্জি হে খাবলৈ দিছে। অৱশ্যে ইভিনিং স্নেকচৰ বাবে বিশেষ সমস্যা নহয়, কৰ্ণফ্লেস্কচ আৰু গাখীৰেৰে কাম চলাব পৰা যাব। সমস্যা হ’ল ৰুটি কেইখনক লৈ, আজিলৈকে বৰুৱাই সেয়া গোলাকাৰ আকৃতি দিব পৰা নাই। ৰুটি কেইখন গোলাকাৰ নহ’লে মাজনীয়ে ৰুটিৰ ফালে নাচাবই চাগে!দৃশ্যটো কল্পনা কৰি মাজনীৰ মেমেৰামুৱা মুখখন দেখি বৰুৱাৰ বেয়া লাগিল। হঠাতে বৰুৱাৰ মনত খেলালে, ৰুটিকেইখনক সঠিক আকৃতি দিবলৈ ডাঙৰ ষ্টীলৰ বাটিটোৰ সদব্যৱহাৰ কৰিলেই সমস্যাৰ সমাধান হৈ যাব। এইবাৰ বৰুৱাৰ মনটো ভালেখিনি ফৰকাল লাগিল। এবাৰ বাথৰুমলৈ গৈ মুখ হাত ভালকৈ ধুই অলপ ফ্ৰেশ হৈ ফাইলটোৰ কামত ধৰা ভাল হ’ব। বৰুৱা বাথৰুমলৈ বুলি দুখোজ দিওঁতেই পিছফালৰ পৰা হৰেণে মাত দিলে,
: বৰুৱা চাৰ, শুনকচোন….
বৰুৱাৰ এইবাৰ টিঙিচকৈ খংটো উঠিল।
:হেৰৌ, কিমানবাৰ কৈছোঁ তোক পিছফালৰ পৰা নামাতিবি, একমিনিট ৰলেই মোক সন্মুখৰ পৰা মাত দিব পাৰ।
: নহয় মানে চাৰে আপোনাক মাতিছিল, আৰ্জেন্ট।
: চাৰক কৈ দেগৈ যা, সদ্যহতে বাথৰুমলৈ যোৱাটোহে মোৰ বাবে বেছি আৰ্জেন্ট।
বৰুৱাই ভোৰভোৰাই বাথৰুমলৈ আগবাঢ়িল।হৰেণে বুজিলে, আজি বৰুৱা ছাৰৰ পৰা অলপ আঁতৰি থকাই ভাল হ’ব।
বাথৰুমৰ পৰা বাহিৰে বাহিৰে বৰুৱা বছৰ কেবিনলৈ গ’ল।
:ছাৰ, মাতিছিলে?
: গা বেয়া নেকি আপোনাৰ?
: নাই নহয়তো, এই হৰেণে কিবা লগালে হবলা?
: নাই, তেনে নহয়। ঘৰুৱা সমস্যা অলপ হৈ আছে, মই চম্ভালি ল’ম।
: বাৰু বাৰু, বেছি ষ্ট্ৰেছ নল’ব।আপোনাৰ টেবুলত থকা ফাইল কেইটা খুব আৰ্জেন্ট। সোনকালে ক্লীয়াৰ কৰাটো দৰকাৰ।
: চেষ্টা কৰিম বাৰু।
বৰুৱাই উভতি দুখোজ দিছেহি, তেনেতে বছে পিছফালৰ পৰা আকৌ মাতিলে,
: বৰুৱা শুনকচোন…
বৰুৱাই বিৰক্তিত নাক মুখ কোচাই ঘূৰি ক’লে,
: কওক।
: অহা সপ্তাহত মই নাথাকিম, ছুটীত যাম। তাৰ আগতে ভাল্ভ আৰু ইন্সট্ৰুমেন্ট কেবুলৰ অৰ্ডাৰ দুটা হ’ব লাগিব যেনেতেনে।
: হৈ যাব ছাৰ।
বৰুৱা আৰু নৰল, চিধাই গৈ টেবুলৰ ফাইল এটা খুলি কম্পিউটাৰটোৰ লগত ব্যস্ত হৈ পৰিল।
আবেলি ঠিক পাঁচ বজাতে কাম সামৰি বৰুৱা চকীৰ পৰা উঠা দেখি অফিচ বয় হৰেণ আচৰিত হ’ল। যদিও পাঁচ বজাতে অফিচ ছুটী হয়, বৰুৱা ইমান সোনকালে অফিচ এৰা ভকত নহয়। ফলস্বৰূপে হৰেণো লগতে হামিয়াই হিকুটিয়াই থাকিব লাগে। আজি বৰুৱাই সোনকালে অফিচ সামৰা দেখি হৰেণে ভালেই পালে। বৰুৱাই তামোল খাই ভাল পায়। যোৱাৰ সময়ত হৰেণে নিজলৈ বুলি ৰাখি থোৱা তামোল খন বৰুৱাক যাঁচিবলৈ মন গ’ল। বৰুৱা দুৱাৰমুখলৈ বুলি দুখোজ দিওঁতেই পিছফালৰ পৰা হৰেণে মাত দিলে,
: বৰুৱাছাৰ শুনকচোন….
চৰম বিতৃষ্ণাত বৰুৱাই ঘূৰি চাই ক’লে,
: এইবাৰ আকৌ কি হ’ল?
বৰুৱাৰ ৰূপ দেখি আগবঢ়াই দিয়া তামোলখন হাততে ৰাখি সেপ ঢুকি হৰেণে কোনোমতে ক’লে,
: আপোনালৈ এয়া তামোল….
: তয়ে খা।
: হ’ব বাৰু… নালাগে… গুড নাইট ছাৰ।
ঘৰলৈ আহি বৰুৱাই কলিং বেলটো বজাবলৈ লওঁতেই বৰুৱানীয়ে দৰ্জাখন খুলি দিলে। মানুহজনীৰ গালত প্ৰসাধনৰ মৃদু প্ৰলেপ। কিছু সময় বৰুৱাই মানুহজনীৰ মুখলৈ চাই ৰ’ল।
: ইয়াতে থাকিব নে ভিতৰলৈ সোমাব?
: মই অহা কেনেকৈ গম পালা? কলিং বেল বজাব নাপালোৱে চোন..
: আপুনি অহাৰ বতৰা বতাহে দিলেহি মোক… হ’বনে ইয়াতকৈ ৰোমান্টিক কিবা শুনিবলৈ মন আছে?
বৰুৱাই হাঁহিলে।
: হ’ব হাঁহিব নালাগে, বাৰ বছৰ পুৰণা গাড়ীখনৰ ব্ৰেক মৰা শব্দটো এক কিলোমিটাৰ দূৰতে ধৰিব পাৰি।
বৰুৱাৰ মুখৰ হাঁহি নিমিষতে নোহোৱা হ’ল। ভিতৰলৈ সোমাই ফ্ৰেশ হৈ আহি বৰুৱা মাজনীৰ কাষত বহিল, মাজনী ভিডিঅ’ গেম খেলাত ব্যস্ত। মাজনীৰ মূৰত হাত বুলাই মৰম কৰিলে। মাজনীয়ে হাঁহি এটা মাৰি দেউতাকৰ বুকুত সোমাল। এই সময়খিনিত বৰুৱাই দিনটোৰ সমস্ত ক্লান্তি পাহৰি যায়।
:শুনক, মই আটা মাৰি থৈ দিছোঁ। পনীৰৰ সব্জি দিনৰে ফ্ৰীজত থৈ দিয়া আছে, গৰম কৰি ল’ব। ৰুটি কেইখন বনাই ল’ব পাৰিব নহয়?
:পাৰিম দিয়া।মেনেজ কৰি ল’ম।তোমাৰ সময় হ’ল যদি ক্লাবত ড্ৰপ কৰি আমি ফুৰি আহোঁ।
বৰুৱানীক ক্লাবৰ মুখতে নমাই দি বৰুৱা মাজনীক লৈ ওলাই গ’ল। ৰাস্তাত মাজনীয়ে ইটোৰ পিছত সিটো বেবেৰিবাং প্ৰশ্ন সুধি যায়, বৰুৱাই উত্তৰ দি যায়। লাহে লাহে আকাশ হেঙুলীয়া হয়, এটা সময়ত আন্ধাৰ নামি আহে। ঘৰমুৱা পখীৰ দৰে দুয়ো উভতি আহে। এই সময়খিনি বৰুৱাই সাধাৰণতে আনৰ লগত বাগবতৰা কৰিব নিবিচাৰে।
ঘৰ সোমাই হাত ভৰি ধুই মাজনী পঢ়া টেবুলত বহে, বৰুৱা পাকঘৰত সোমায়।গাখীৰ অলপ গৰম কৰি কৰ্ণফ্লেস্কৰ লগত মাজনীক খাবলৈ দিয়ে, তাই আপত্তি নকৰে। বৰুৱাই স্বস্তিৰ নিশ্বাস পেলায়।
:দেতা ভোক লাগিছে।
মাজনীৰ এষাৰ মাততে পঢ়ি থকা আলোচনী খন থৈ বৰুৱা বিচনাৰ পৰা জাপ মাৰি চিধাই পাকঘৰত সোমাল। ফ্ৰীজৰ পৰা পনীৰৰ সব্জিখিনি উলিয়াই গৰম হ’বলৈ দি বৰুৱাই বেলনাখন বিচাৰিবলৈ ধৰিলে।নাই, কতো বিচাৰি পোৱা নাই। হাতত মাৰি থোৱা আটাৰ লোডাটো পিটিকি পিটিকি বৰুৱাই এবাৰ ভাবিলে, মানুহজনীক ফ’ন কৰি সোধা যাওক। কিন্তু নোৱাৰিলে, নিজৰ পাকঘৰত বস্তু এপদ বিচাৰি উলিয়াব নোৱৰা কথাটো যিমান লাজৰ কথা, তাতকৈ লাজৰ কথা সেয়া মানুহজনীক ফ’ন কৰি সোধাটো। কিন্তু বৰুৱাই মানক বা নামানক, দৰাচলতে লাজতকৈ বেছি জাগ্ৰত হোৱা তেওঁৰ ‘মেল ইগ’ টোৱে ফ’নটো কৰাত বেছি হেঙাৰ হৈ উঠিছিল। এইবাৰ বৰুৱাৰ মনত অদ্ভুত জেদ এটা আহি সোমালহি, তেওঁ ৰুটি বনাইহে এৰিব, তাকো গোলকৈ। মাজনীৰ ভোক লাগিছে। পাকঘৰত ইটোৰ পিছত সিটো বস্তু লুটিয়াই শেষত এটা কাম কৰিলে। লোহাৰ কেৰাহী এটা লৈ ভালকৈ মোহাৰি লুটিয়াই দি তাৰ ওপৰত আটাৰ লাৰু এটা লৈ পিটিকি পিটিকি চেপেটা কৰি যিমান পাৰি গোলাকাৰ আকৃতি দিবলৈ চেষ্টা কৰিলে। অলপ চেষ্টাৰ পাছত ষ্টীলৰ বাটিটোৰে ধুনীয়াকৈ কাটি উলিয়ালে। হাতত গোলাকাৰ ৰুটিখন লৈ বৰুৱাই সন্তুষ্টিৰ হাঁহি মাৰিলে। একেটা পদ্ধতিৰে বৰুৱাই আৰু তিনিখন ৰুটি বনাই পেলালে।মাজনীয়ে খালে এখন বা খুব বেছি আৰু এটুকুৰা খাব। ৰৈ যোৱা খিনিৰে বৰুৱাৰ হৈ যাব। মাজনীয়ে ঘিউ বৰ ভাল পায়। ৰুটি কেইখন ভাজোতে ৰুটিৰ ওপৰত এচামুছ ঘিউ ঢালি দিলে, ঘিউৰ গোন্ধটো আহি বৰুৱাৰ নাকত লাগিল।
মাজনীয়ে আজি দুখন ৰুটি খাই আৰু বিচাৰিলে।আনকালে তাই খুব বেছি ডেৰ খন ৰুটি খায়। তিনি নম্বৰ ৰুটিখনৰ আধা খাই মাজনীয়ে ক’লে,
: দেতা, বহুত টেষ্টি হৈছে ।তুমি মাজে মাজে মোক ৰুটি বনাই দিবা দেই।
মাজনী খাই উঠি শুবলৈ গ’ল।ৰৈ যোৱা এটুকুৰা ৰুটিৰে বৰুৱাৰ পেট নভৰিব। তাতে ঘিউৰ গোন্ধই গোটেইখন আমোলমোলাই আছে। বৰুৱাই হাতত আটাৰ লাৰু এটা লৈ কেৰাহীটো পুনৰ লুটিয়াই দিলে
*****