ঈদ মোবাৰক : নাজিয়া হাচান
ঘৰৰ সহায়িকা গৰাকীৰ লগত নিজেও লাগি ঘৰটো চাফা কৰিলে ঘৰটো চকুত লগাকৈ জিলমিলাই থাকে। কথাষাৰ অনুভৱ হয় যদিও, সেই এলাহ বোলা বিকাৰবিধেহে মোক বাৰুকৈ বশ কৰি ৰাখে। কিমাননো কৰিবা; তাতে পাকঘৰৰ কামবোৰচোন বাইক দিয়ায়ে নহয় কৰিবলৈ। সকলো মই নিজে কৰোঁ। কাপোৰবোৰো মেচিনতে ধোওঁ। গতিকে, ঘৰৰ সৰা-মচা কামখিনিত সদায় ইমান মাথা মৰাৰ ধৈৰ্য নাথাকেগৈ মোৰ। পাল মাৰি কৰি যোৱা তাইৰ কামবোৰ দেখিও বেছিভাগ দিন চকু মুদিয়ে থাকোঁ। পিচে, বছৰৰ উৎসৱ-পৰ্বসমূহ আহিলে তেনে অনুভৱবোৰৰ পাত্তাৰ ভাৰ মোৰ মনত একেবাৰে শূন্য হৈ পৰে। উৎসৱৰ আগমনৰ এসপ্তাহ দহদিন আগৰ পৰায়ে বাইগৰাকীকো লগত লৈ নিজ হাতেৰে চাফাই অভিযানত নামিম যে সেইটো খাটাং। ঘৰটোত থকা পিৰাখনো ধুবলৈ তেতিয়া বাদ নপৰে। ঘৰৰ প্ৰতিটো পদেই জকমকাই থকাকৈ চাফা নকৰিলে মোৰ মনৰ যেন শান্তি হৰে। কিছুমান সামগ্ৰী ঘৰত থকাৰ স্বত্তেও উৎসৱ বুলিয়ে তাৰ ঠাইত নতুন এপদ আনন্দতে আকৌ কিনি আনো। সেই সময়ত বজাৰতো উৎসৱ বিশেষ বুলি বহু বস্তুৰ অফাৰো থাকেতো।
: তৰা বাই, মই ঘৰটোৰ মকৰাৰ জালবোৰ ভাঙি, খৰিকী-দুৱাৰৰ ধূলি বালিবোৰো মচি থৈছোঁ, তুমি মজিয়াখন চুকে কোণে ভালকৈ সাৰিবা। ঘৰমচা পানীখিনিও বাৰে বাৰে সলাই লৈ মচিবা দেই।
: মই সদায় চুক কাণ মাৰি ভালকৈয়ে সৰা মচা কৰোঁ বাইদেউ। আপুনি ক’বই নেলাগে মোক।
কৈয়েই তাই ফুল জাৰুডাল এবাৰ জোকাৰি লৈ আগৰদৰেই ঘৰটো উশাহটোতে সাৰিবলৈ ল’লে।
: এ.. ৰ’বা ৰ’বা, সেই বিছনাৰ তলখনত জাৰুডালচোন নলগালায়ে। ইস! দেখিছানে, চোৱা কিমান জাবৰ জমা হৈছে তাত!..
: অ’ বাইদেউ, এই জাৰুডাল চুটি হ’ল। সেই মাঘৰ বিহুতে অনা যে। দূৰলৈ হাতেই নাযায়। জাবৰবোৰ সেয়ে তাত ৰৈ গৈছিল।
সাৰি অনা জাবৰখিনিলৈ চাই থাকিয়েই তাই ক’লে।
: ৰ’বাচোন, চোফাখনৰ কাষত সেই টুকুৰা চকলেটৰ বাকলি যেন লাগিছেচোন। চোৱাচোন মাইনাই আৰু কিবাকিবি পেলাইছে চাগৈ সেই চুকটোত। ভালকৈ চাই সাৰি আনাচোন সেইখিনিও।
: নহয় বাইদেউ, এই টুকুৰা মৰ্টনৰ বাকলি বতাহত এতিয়াহে উৰি আহিল হ’ব পায়।মই সাৰিয়ে নিছিলোঁ ভালকৈ।
লৰালৰিকৈ জাৰুডালৰ আগটোৰে বাকলি টুকুৰাৰ লগতে দুটুকুৰা বিস্কুটৰ টুকুৰাও আনে নেদেখাকৈ তাই টানি নি আগৰ জাবৰসোপাৰ লগত একগোট কৰিলেগৈ।
: এইকেদিন তুমি মোক অলপ সময় দিব লাগিব তৰা বাই। বছৰৰ উৎসৱ পৰ্বসমূহ আহিলেইতো এইদৰে ঘৰটো চাফা কৰা হয়। নহ’লেতো এলাহতে থাকোঁ ময়ো…।
: কিন্তু মোৰ এইকেদিনত বহুতৰ ঘৰত কাম আছে বাইদেউ। সময় মিলাবলৈ বৰ টান হ’ব..।
: এহ! দুই তিনিটা দিনহে। মই তোমাক তাৰ বাবে টকা এশ বেছিকৈ দিম দিয়া।
আগে পিছেও তাই এইদৰেই সময় মিলাবলৈ টান বুলি কৈছে। কিন্তু সময়ৰ বাবদ টকা এটা দুটা বেছিকৈ দিওঁ বুলিলে সময় মিলোৱা কামটো তাইৰ বাবে একেবাৰে সহজ হৈ পৰে।
: বাইদেউ। কালিলৈ আপোনাৰ ঘৰত তেন্তে আঠ বজাত নহয়, এক বজাত আহিম দিয়ক। তেতিয়া মোৰ হাতত অলপ সময় থাকে।
কৈ তাই গ’লগৈ।
: হেৰি! আজি অফিচৰপৰা অলপ সোনকালে আহিবচোন।
: কিয়?
: মই বজাৰলৈ যাব লাগে।
: সেইদিনা কৰিছাহে দুই তিনি মোনা বজাৰ! আকৌ কি লগা হ’ল!
: উস! বছৰৰ উৎসৱ বুলি ঘৰৰ বস্তু কেইটামান ল’ব লগা আছেহে মোৰ। কম দামত অফাৰত দিয়া বস্তুহে ল’ম কিবা!
: অফাৰ হ’লেও পাইছায়েতো দি ল’বা! ফ্ৰিতে নিদিয়ে নহয় দোকানীয়ে।
: ফ্ৰিতেনো কোনে কাক কি দিয়ে হে আজিকালি? থওক!
: মই সোনকালে আহিব নোৱাৰিম। অফিচত বহুত কাম। বজাৰলৈ গ’লেও সন্ধিয়া সাতটা মানতহে যাব পাৰিম। হয় যদি ৰেডি হৈ থাকিবা।
: নাই নাই। ইমান দেৰিকৈ নাযাওঁ দেই।
: কিয়? কি অসুবিধানো?
: দেৰিকৈ গ’লে ভঙা ফুটা বস্তুবোৰহে পামগৈ।
: কোনে ক’লে?
: এহ! আপোনাক নকওঁ বুলিও এতিয়া ক’বই লগাত পৰিলোঁ। সেই ফাকুৱাতযে অফাৰ দিওঁতে মিছেছ সিঙৰ লগত বজাৰলৈ দেৰিকৈ গৈছিলোঁ; তাই বেচেৰীয়ে সজাই থোৱা গিলাচ বাতিৰ চেটবোৰ সস্তা পাই বস্তা ভৰাই লৈ আহিছিল বুইছেনে! ঘৰত আনি পেকেটৰ ছিলবোৰ খুলি দেখে, কোনোবাটো গিলাছ অকণমান ভঙা, কোনোবাটো বাতিৰ ৰং ছেটটোৰ লগত অমিল, বেদচিট এখনো কাষৰ ফালে চকুত নপৰাকৈ সামান্য ফলা! এইবোৰ অফাৰৰ বস্তুবোৰ আকৌ এক্সচেঞ্জ কৰিবও নোৱাৰি নহয়। ভাগ্যে মাইনাই মোক আমনি কৰাত মোৰ সেইবোৰ বস্তু একোৱেই লোৱা ন’হল সেইদিনা জানে!মই মাত্ৰ আদা নহৰুৰ ৰেডিমেট পেষ্টৰ পেকেট দুটামান, ফ্ৰুট জুছৰ পেকেট দুটামান আৰু পপকৰ্ণৰ পেকেট কেটামানহে ল’বলৈ পালোঁ যেনেতেনে। হে খোদা! ৰান্ধিবলৈ লৈ দেখোঁ আদা নহৰুৰ পেকেটৰ কেপটো ইমান টাইট! দুটামান পেকেটৰ কেপটো খুলিবই নোৱাৰি একাষে কেচিৰে কাটি লওঁতেহে ভিতৰৰ আচল ৰূপ দেখিলোঁ! পেকেটৰ কাষে কাষে ক’লা ক’লা ৰঙৰ ইমানসোপা ফাংগাছ বুইছেনে! জুছকেইটা বাৰু ভালেই আছিল দেই। কিন্তু পপকৰ্ণৰ ইমানসোপা পেকেট অনাৰ মাজত দুটা নে তিনিটা মাত্ৰ পেকেটৰ কৰ্ণবোৰহে ভালহৈ আছিল; বাকীবোৰ পেকেটৰ কৰ্ণবোৰ তেনেই গোট বান্ধি যোৱা!পপকৰ্ণ হোৱাৰ আশাত গৰম কৰোঁতে কৰোঁতে কুকাৰটোহে মোৰ পুৰি পুৰি লেতেৰা হ’ল!
: বাপৰে! ইমানবোৰ লেতেৰা এক্সপিৰিয়েন্স হোৱাৰ পাছতো তুমি অফাৰত দিয়া বস্তুবোৰ কিনিবলৈ আকৌ ওলাইছা যে! পইছাবোৰ পানীত পেলোৱাৰ দৰে নহয়নে?
: উস! সেয়েতো দেৰিকৈ নাযাওঁ বুলিছোঁ বজাৰলৈ। আৰু মই তেনেকুৱা বস্তুবোৰ নিকিনো নহয় এতিয়া। মই লাইভ দেখি থকা বস্তুবোৰহে কিনিম। এই ধৰক; ফুল জাৰুডাল, হালধি মচলা থ’বলৈ প্লাষ্টিকৰ ডাব্বাবিলাক, ঘৰ মচা কাপোৰ দুখনমান, ভৰি মচি মেট এখন, বাথৰূমৰ মগ, বাকেট, টিছু পেপাৰ, টইলেট পেপাৰ এইবোৰহে কিবা! ৰমজান মোবাৰক বুলি বহুত বস্তুৰ অফাৰ দিছেতো বজাৰত। মই চাই বাছিয়েই ল’ম। চিন্তা কৰিব নালাগে। আপুনি মাথোঁ সোনকালে আহিব।
: হেৰা, ৰমজান মোবাৰক বুলি প্ৰয়োজনীয় আৰু বহুত ভাল ভাল কামত পইছা খৰছ কৰিব পাৰি বুজিছা। মাথোঁ ইচ্ছা লাগে মানুহৰ!
কৈ তেওঁ অফিচলৈ ওলাই গ’ল।
…..
: হেৰি, এইফালে মাৰ্কেটখন নাই নহয়! কলৈ লৈ আনিলে আমাক?
: উম, মাৰ্কেট নাই ইয়াত। কিন্তু এইখিনিতে দুখীয়া, অভাৱত থকা মানুহ কিছুমানৰ গলি এটা আছে। মই প্ৰায়ে এইফালে আহিলে ইহঁতৰ ল’ৰা ছোৱালীবোৰক ফলমূল বা তেনে কিবা খাদ্য বস্তু, নহ’লে কেতিয়াবা পইছা কেইটামানকে সিহঁতৰ হাতে হাতে দি যাওঁ, এই কামটোৱে মোক বৰ প্ৰশান্তি দিয়ে। আৰু সেয়া কোনো উৎসৱ বুলি নহয়। উৎসৱ বিশেষ বুলি বজাৰৰপৰা লগা নলগা অফাৰত দিয়া বস্তুবোৰ নলৈ তাৰ ঠাইত তুমি এই দুখীয়া মানুহখিনিক কিবা অলপ সহায় কৰি চাবাচোন!এই শান্তি আৰু সুখ বজাৰৰ পৰা মূল্য দি কিনা বস্তুবোৰত তুমি কেতিয়াও বিচাৰি নোপোৱা। এই সুখ অমূল্য..!
: এওঁৰ কথাবোৰ শুনি মই মাইনাক লৈ গাড়ীৰপৰা লগে লগে নামি গলিটোৰ ফালে আগুৱাই গ’লোঁ।…গলিৰ শিশু কিশোৰবোৰৰ শুকান মুখবোৰত ৰসাল হাঁহিবোৰ দেখি সিহঁতৰ হাতত দুটামান পইছা আৰু বেছিকৈ দিবলৈ মোৰ মন গ’ল! মাইনায়ো মোক অলপো আমনি কৰা নাছিল। বৰঞ্চ তাইৰ বয়সৰ তিনি চাৰি বছৰীয়া শিশু এটাক নিজৰ হাতত থকা চিপচ্ ৰ পেকেটটো নিজে হাঁহি হাঁহি গৈ দি আহিল।
…..
: তৰা বাই এইটো লোৱা।
: এশ টকাৰ ঠাইত পাঁচশ টকা বেছিকৈ দিলেচোন বাইদেউ!
: উম। কিন্তু এইটো তোমাৰ কামৰ বাবে দিয়া নাই; এইটো উৎসৱ বুলিহে তোমাক উপহাৰ হিচাপে দিছোঁ।
টকাটোত ভক্তিৰে চকুহাল লগাই তাই আঁচলৰ গাঁঠিত সযতনে সামৰি থ’লে..।
: ‘ঈদ মোবাৰক’ বাইদেউ..!
: তোমাকো ‘ঈদ মোবাৰক’ তৰা বাই।
সঁচাকৈ! এই প্ৰশান্তি মইযে আগতে কেতিয়াও অনুভৱ কৰা নাছিলোঁ।
*****
5:00 pm
বৰ ভাল লাগিল বা❤️
10:45 pm
ভাল লাগিল।
6:32 am
বৰ ভাল লাগিল পঢ়ি।👌
8:47 pm
সুন্দৰ কথা। বৰ ভাল লাগিল।