চেকনীৰ আগত বিদ্যা : ডাঃ পাৰ্থসাৰথি ভূঞা
অসমীয়া সমাজত এষাৰ কথা আছে চেকনীৰ আগত বিদ্যা। অৰ্থাৎ লৰা ছোৱালীয়ে শিক্ষাগুৰুৰ চেকনী (এছাৰি) দেখিলেহে পঢ়া শুনা মনপুতি কৰে।আমি স্কুলত পঢ়া দিনত প্ৰায় প্ৰতিজন শিক্ষকেই হাতত এছাৰি এডাল লৈহে ক্লাছত সোমাইছিল। আহিয়েই টেবুল খনতে জোৰে জোৰে দুবাৰ মান এছাৰি ডালেৰে কোবাইছিল আৰু ক্লাছৰূমটো হৈ পৰিছিল নিশব্দ। ছমহীয়া পৰীক্ষাৰ বহী বিলাক দিয়াৰ দিনা প্ৰায় সকলোৱে মাৰ খাইছিল। কেতিয়াবা আকৌ দুই এজনৰ কিবা দুষ্টামিৰ বাবে গোটেই ক্লাছৰ লৰাবোৰে এছাৰিৰ কোব খাব লগা হৈছিল। আগতে আমি স্কুলত মাৰ খালে কেতিয়াও ঘৰলৈ আহি নকওঁ, কাৰণ কথাটো কলে, কিবা দুষ্টামি কৰিছিলি চাগৈ সেয়ে মাৰিছে বুলি ঘৰতো দুই এচাট খোৱাৰ সম্ভাৱনা হে থাকে।
বৰ্তমান পিছে দিনকাল সলনি হ’ল। অভিভাৱক সকল সন্তানৰ ক্ষেত্ৰত যথেষ্ট প্ৰটেকটিভ হ’ল, লগতে স্কুলত দিয়া শাস্তিয়ে কুমলীয়া লৰা ছোৱালীৰ মানসিক দিশত প্ৰভাৱ পেলাব পাৰে বুলি চিন্তা কৰি ইয়াৰ বিৰুদ্ধে কিছু আইন আৰু চৰকাৰী নিৰ্দেশনাও বলবৎ হল।
পিছে আজিকালি স্কুল বিলাকত ঘটি থকা কিছুমান কাণ্ডৰ বিষয়ে শুনিলে এই চেকনী ডালৰ যে আচলতে প্ৰয়োজন সেয়া মনলৈ আহে।
চেকনীৰ আগত বিদ্যাৰ বিষয়ে লিখোঁতে পুৰনি দিনবোৰলৈ মনত পৰি গৈছে । তেতিয়া মাৰ খাই বেয়া লাগিছিল যদিও পিছত এইবিলাক কথা বন্ধুবৰ্গৰ লগত ৰোমন্থন কৰি খুব ভাল লাগে। আমি পঢ়া নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ লৰা বিলাক পঢ়া শুনাত যিদৰে চোকা আছিল, দুষ্টামিটো আছিল এক নম্বৰ। গতিকে চেকনীৰ অবিহনে ঠাণ্ডা কৰা সম্ভৱ নহল হেঁতেন চাগৈ। শিক্ষক সকলৰ প্ৰতি শ্ৰদ্ধা ভক্তি যথেষ্ট আছিল যদিও মাৰ খাইও কিছুমানে দুষ্টামি এৰা নাছিল।
অৱশ্যে কিছু শিক্ষক ইমান খঙাল আছিল যে সৰু সৰু কথাটো বেত দিছিল। এদিন প্ৰথম শ্ৰেণীটোতে শ্ৰেণী শিক্ষকে লৰা এজনক, চাওঁ এইফালে আহ বুলি মাতিলে৷ সি আগবাঢ়ি অহাত বোলে , ” তই নাম আৰু উপাধি কেতিয়া সলনি কৰিলি, তোৰ নাম অমুক বনিয়া হে, তই আদি দাস কেতিয়াৰ পৰা হলি? ” আছলতে আমাৰ স্কুলৰ য়ুনিফৰ্ম আছিল নীলা ছাৰ্ট , লৰাটোৱে ছাৰ্ট নিপিন্ধি এডিডাছ কোম্পানীৰ নীলা স্পৰ্টিং এটা পিন্ধি আহিছিল। তেওঁ কলে , ছাৰ এইটো কোম্পানীৰ নাম। ছাৰে বোলে, ” কোম্পানীৰ নাম, মোক শিকাব আহে, মই যেনিবা নাজানোহে, ডেকা হলি, স্কুললৈ স্পৰ্টিং পিন্ধি আহি ফেশ্যন দেখাব আহিছ” …..চাটৌপ, চাটৌপ !
এদিন আন এজন ছাত্ৰই য়ুনিফৰ্ম পিন্ধি নহাৰ কাৰণ হিচাপে কলে, ” ছাৰ, কালি ৰাতি মাংস বনাইছিল৷ কালি খালো, আকৌ আজি ৰাতিপুৱা মোলৈ অলপ থৈ দিছিল৷ এতিয়া খাই থাকোতে ছাৰ্টতে মাংসৰ জোল পৰিল। ছাৰে বোলে, ” ৰামায়ণ খন গাবলৈ তোক কোনে কৈছে, ভাত খাওঁতে লেতেৰা হল বুলি কলেই হয়, দিনে ৰাতিয়ে মাংসহে খায়”…..চাটৌপ, চাটৌপ…
কেতিয়াবা এজন বা দুজন ছাত্ৰৰ দুষ্টামিৰ বাবেও গোটেই শ্ৰেণীটোৱে মাৰ খাব লগাত পৰে। এবাৰ আমাৰ ইংৰাজী ক্লাছত এজন তীখৰ লৰাক ছাৰে এটা কবিতাৰ লিখক কোন সুধিলে, কবিতাটোৰ লিখক আছিল, থমাছ হাৰ্ডি”….। লৰাটোৱে কিছু সময় মূৰ খজুৱাই খজুৱাই উত্তৰ দিলে…” ছাৰ, কামি হাৰদি “….উত্তৰ শুনি গোটেই ক্লাছৰ লৰাবোৰ হাঁহিত ফাটি পৰিল। ছাৰৰ গালি খায়ো হাঁহি নকমাত, ছাৰে সকলোকে থিয় কৰাই……চাটৌপ, চাটৌপ….
আজি চেকনীৰ কথা মনলৈ অহাৰ কাৰণটো হল, এইকেইদিন ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ ৰমজান মাহ চলি আছে । মই লিখিছোঁয়েই যে আমি স্কুলত থকা সময়ত মাজে মাজে কোনো দুই এজন ছাত্ৰৰ দুষ্টামিৰ বাবে গোটেই ক্লাছৰ লৰাক থিয় কৰাই বেত দিয়া হৈছিল। শিক্ষকে কৈছিল, ” এইটো কোনে কৰিলে ক, নহলে সবেই মাৰ খাবি”। কোনেও মাত নিদিয়ে আৰু সবেই মাৰ খায়। ৰমজান মাহত এনেদৰে শিক্ষক জনে এফালৰ পৰা এজন এজনকৈ বেত দি গৈ থাকোঁতে ইছলাম ধৰ্মী আমাৰ সহপাঠী কাৰোবাৰ ওচৰ পালেই তেওঁ কৈছিল, ” ছাৰ, মোৰ ৰোজা আছে”। তেতিয়া চাৰেও তেওঁক নামাৰি পাছৰ জনৰ ফালে আগবাঢ়ি গৈছিল। পাছত লেজাৰৰ সময়ত তাৰে দুই এজনক খাই থকা দেখি আমাৰ খং উঠি সুধিলে কৈছিল, ” সচাই ৰোজা ৰাখিছিলোঁ অ, গাটো বেয়া লগাত খাই দিলোঁ। পিছে গৰিষ্ঠ সংখ্যকেই সঁচাকৈয়ে ৰোজা ৰাখিছিল। মোৰ লগৰ এটাই এদিন, বেত খোৱাৰ পাছত ফৰফৰাই থকা হাতৰ তলুৱা খন মোহাৰি মোহাৰি দুখ মনে মোক কৈছিল, ” আমাৰ ধর্মতো এনেকুৱা কিবা এটা থকা হলে, এমাহ মাৰ নোখোৱাকৈ থাকিব পাৰিলো হেঁতেন অ”।
যি কি নহওঁক, বিদ্যালয়ত চেকনী লাগে নে নালাগে সেয়া বিতৰ্কৰ বিষয়। তথাপিও আজিৰ তাৰিখত প্ৰতিখন বিদ্যালয়ত কঠোৰ অনুশাসনৰ নিশ্চয় আৱশ্যকতা আছে।
*****
2:35 pm
ভাল লাগিল।
5:17 pm
হা হা বঢ়িয়া।