ফটাঢোল

শিল্পী পৰিচিতি : নাগাৰা নামৰ শিল্পী শ্ৰী মুনিন বৰা

শিল্পী পৰিচয় : যোৰহাট জিলাৰ ৰজাদিনীয়া হাতীগড় বাঘমৰা দোলাকাষৰীয়া গাঁৱত দিহানামে যুৱপ্ৰজন্মক আকৰ্ষিত কৰিবলৈ সক্ষম হোৱা জনপ্রিয় শিল্পী মুনিন বৰা দেৱৰ জন্ম হয় ১৯৬৪ চনৰ আঘোন মাহত। তেখেতৰ পিতৃ নামাচাৰ্য্য ৰোষেশ্বৰ বৰা আৰু মাতৃ শ্ৰী সৰুমাই বৰা। ছাত্ৰ অৱস্থাৰ পৰাই গীত, কবিতা ৰচনা কৰি সাংস্কৃতিক মনৰ পাতনি মেলা বৰাদেৱ দিহানামৰ এজন প্ৰভাৱশালী শিল্পী। ১৯৮৫ চনত অসমৰ আগশাৰীৰ শ্ৰব্য প্রতিষ্ঠান এন. কে. প্ৰডাকচনৰ বেনাৰত শিল্পী ৰুবুল বৰাৰ পৰিচালনাত নিৰ্মিত টোকাৰী গীতৰ কেছেট ‘ধেনু চাড়ি ফুৰো’ত কণ্ঠদান কৰি পেচাদাৰী কৰ্মৰ পাতনি মেলা শ্ৰী বৰাদেৱ একেধাৰে গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, থলুৱা বাদ্যৰ বিশাৰদ, ভাওনা অভিনেতা, গায়ন-বায়ন আদি চৰ্চাৰ মাধ্যমেৰে বৰ্তমানলৈকে দুকুৰিতকৈও অধিক টোকাৰী গীতৰ কেছেটত কণ্ঠদান কৰি গীত লেখাৰ উপৰিও পৰিচালনা কৰি জনমানসত প্রতিষ্ঠা লাভ কৰিছে। ডিব্ৰুগড় আৰু যোৰহাট অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া শিল্পী বৰাদেৱ বহুবাৰ গুৱাহাটীৰ দূৰদৰ্শনত হুচৰি বিহু, টোকাৰী গীত, দিহানাম পৰিবেশন কৰি ভূয়সী প্রশংসা বুটলিবলৈ সক্ষম হৈছে। অতি জনপ্ৰিয় শৈলীৰে দিহানাম পৰিবেশন কৰা শিল্পীজন সুদক্ষ বিচাৰক তথা প্ৰশিক্ষক। এইজনা মহান শিল্পীৰ বিভিন্ন সৃষ্টিৰ মাজতে নৃসিংহ অৱতাৰ প্রহলাদ উদ্ধাৰ’ দিহাভাগ অতি চমৎকাৰ।

এইজন শিল্পীয়ে ৰচনা কৰা দিহানাম, টোকাৰী গীতত অসমৰ ভালেকেইজন খ্যাতনামা কন্ঠ শিল্পীয়ে কণ্ঠ নিগৰাইছে সেই সকলৰ ভিতৰত মহানন্দ মজিন্দাৰ বৰুৱা, বিপুল চেতিয়া ফুকন, খগেন গগৈ, জুবিন গাৰ্গ, জয়ন্ত নাথ, বিমান বৰুৱা, অনুপম শ‍ইকীয়া, কৃষ্ণমণি নাথ, জ্যোতি হাজৰিকা, মৌচুম গগৈ, তৰালী শৰ্মা, ভিতালী দাস, বর্ণালী কলিতা, গীতিমণি হাতীবৰুৱা, সঞ্জয় বৰা প্ৰমুখ্যে আৰু বহুতো ন-পুৰণি শিল্পীয়ে কণ্ঠ দান কৰিছে ।

তেখেতে অসমৰ বিভিন্ন প্ৰান্তত দিহানামৰ প্ৰশিক্ষণৰ লগতে বিচাৰকৰ দায়িত্বও পালন কৰিছে।

দিহানামৰ কৰ্মশালাঃ- শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ কেন্দ্ৰীয় লোক কৃষ্টিৰ প্ৰশিক্ষণ সত্ৰ কলিয়াবৰ, মৰিগাও, হাজো, গুৱাহাটী, ৰূপনগৰ লগতে কেন্দ্রীয় ভাৱে আয়োজন কৰা প্ৰতিযোগীতাত বিচাৰকৰ দায়িত্ব পালন কৰি আহিছে। গৌৰী সাগৰ, দুলীয়াজান, মৰিয়নি, তিতাবৰ, যোৰহাট জিলাৰ বিভিন্ন অনুষ্ঠানত প্রশিক্ষণ দিয়া হৈছে। ইয়াৰ ওপৰিও দুলীয়াজান, ডিগবৈ, ডুমডুমা, মাৰ্ঘেৰিটা, লক্ষীমপুৰ, সাপেখাটি, শিৱসাগৰ, গোলাঘাট, বোকাখাট আদিতো দিহানামৰ প্ৰশিক্ষণ আৰু বিচাৰকৰ দায়িত্ব বহন কৰিছিল।

তেখেতে বৰ্তমানলৈকে ২৫০ৰো অধিক দিহানাম, টোকাৰীগীত, ভক্তিমূলক গীত, বিহু,দেশপ্রেমমূলক গীত,সজাগতামূলক গীত ৰচনা কৰিছে। মুনিন বৰাদেৱ জড়িত হৈ থকা অনুষ্ঠান সমূহ হলঃ- পাঞ্চজন্য শিল্পী সমাজ, সদৌ অসম আধ্যাত্মিক শিল্পী সমাজ, শিৰোমণি শিল্পী সমাজ, সদৌ অসম নমামী আধ্যাত্মিক শিল্পী সমাজ, ঘুমণি শিল্পী সমাজ, গুণমণি শিল্পী সমাজ, বৈকুণ্ঠজ্যোতি শিল্পী সমাজ আদি ভালে কেইটি অনুষ্ঠানৰ লগতে অসমৰ আগশাৰীৰ ভাওনা দল সাম্প্রতিক সাংস্কৃতিক গোষ্ঠী, প্রয়াস সামাজিক সাংস্কৃতিক মঞ্চ আদিতো ওতঃপ্রোতভাৱে জড়িত হৈ আছে।

শ্ৰী মুনীন বৰা দেৱে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ, ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ আৰু দূৰদৰ্শন কেন্দ্ৰ, যোৰহাট অনাতাঁৰ কেন্দ্ৰতো অনুষ্ঠান পৰিৱেশন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

দুখৰ কথা,এই একনিষ্ঠ সংস্কৃতিৰ সাধকজনে নানা ঘাট প্রতিঘাট, প্ৰবঞ্চনাৰ বলি হৈ দৰিদ্ৰ জীৱন কটাব লগা হৈছে। মাত্ৰ ৰাইজৰ আর্শীবাদ,শুভাকাংশী সকলৰ অনুপ্ৰেৰণাত কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰত মনোনিবেশ কৰিছে।

তেখেতৰ সৃষ্টি সমূহ জীয়াই ৰখাৰ প্ৰচেষ্টাৰে তেখেতৰ দুজন মান শুভাকাংশীয়ে youtube channelত তেখেতৰ সৃষ্টিৰাজী জীয়াই ৰখাৰ প্ৰয়াস কৰিছে।

সেই channel কেইটা হ’ল

>) mondeep bora

(2) baap pranjal bora
e) assamese culture jorhat

৪) অনুপম বিতৃপন

৫) সংগীতা বৰা দিহানাম

৬) লুলুমনি দাস দিহানাম

৭) মুনীন বৰা অফিচিয়েল আদি।

বিশেষকৈ শ্রীশ্রী আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী প্ৰভুৰ লগতে সমূহ সত্ৰৰ পৰিচালনা সমিতিয়ে তেখেতক “দিহানাম ভাস্কৰ” উপাধি প্ৰদান কৰে। ইয়াৰ উপৰি অসমৰ বিভিন্ন অনুষ্ঠানৰ পৰা তেখেতৰ শিল্প কৰ্মক আগুৱাই নিবৰ বাবে স্বীকৃতি পত্ৰ আৰু উপহাৰ প্ৰদান কৰি আহিছে।

তেখেতৰ এই যাত্ৰা অব্যাহত থাকক তথা অসমৰ ৰাইজৰ লগতে সংশ্লিষ্ট চৰকাৰী বিভাগে তেখেতৰ কৰ্মৰাজীক প্ৰকৃত মূল্যায়নেৰে স্বীকৃতি প্ৰদান কৰক, এয়াই আমাৰ কামনা৷

** যুগোতালে পাপু বৰঠাকুৰে

Leave a Reply

Your email address will not be published. Required fields are marked *