লটিঘটি : পদ্মলোচন ভৰদ্বাজ
বন্ধুত্ব এটা জটিল সমীকৰণ কোনো সুত্ৰ অথৱা উপপাদ্যৰে তাক বুজিব নোৱাৰি কিম্বা ঐকিক নিয়মেৰে এটা উত্তৰ পাব নোৱাৰি কোনো বিশেষ কাৰ্য-কাৰণ সম্পৰ্ক নোহোৱাকৈ হৃদয় যেতিয়া কাৰোবাৰ অনুৰাগী হয় ক’ৰবাত নিৰাপত্তা অনুভৱ কৰে সেয়ে বন্ধুত্ব৷
আমি প্ৰায় বন্ধু ১৯৭০ ৰ পৰা ১৯৮০
মাজৰ সময়চোৱাত জন্ম লৈছো,আমাৰ ওপৰত বিশেষ আৰ্শীবাদ আছে …আমি আধুনিকো নহয় প্ৰাচীনো নহয় ….….আৰু এনেকুৱাও নহয় যে আধুনিকতাৰ জ্ঞান নাইকীয়া ……!!!
কিন্তু এতিয়াৰ দৰে দিন অতিবাহিত কৰা নাছিলো৷ স্কুল চুটীৰ পিছত আমি বহুত খেলিছিলো প্ৰকৃত বন্ধুৰ লগত৷ এতিয়াও চকু বন্ধ কৰিলেই শৈশৱৰ নষ্টালজিয়াত উটিভাঁহি যাওঁ, ক’ত কমান যে স্মৃতি৷ হয়তো প্ৰায় সকলোৰে মোৰ দৰেই হ’ব, দিনটোৰ এৰাব নোৱাৰা ব্যস্ততাৰ মাজত আমি সকলোৱে এবাৰ হ’লেও নাভাৱোনে “শৈশৱৰ দিনবোৰ এবাৰ উভতি অহা হ’লে!”
সেইসময়ত আমাৰ স্কুলীয়া বন্ধু বোৰৰ মাজত আৰু এটা ট্ৰেণ্ড চলিছিল, যেতিয়াই কোনো বন্ধুৰ দেউতাক মাক ক’ৰবালৈ গৈছিল আমি দুই চাৰিটা একেলগ হৈ সেই বন্ধুৰ ঘৰত নিশা কটাবলৈ গৈছিলোঁ আৰু বহু এনেকুৱা ঘটনাৰ স্মৃতি এতিয়াওঁ কঢ়িয়াই লৈ ফুৰিছো যি বিলাকৰ উমঘাম আজিও আমাৰ মাক দেউতাক বোৰে নাপালে৷
বাৰু এতিয়া তেনে এটা ঘটনাৰ বিষয়ে জনাবলৈ লৈছোঁ৷
এদিনৰ কথা আমাৰ শৈশৱৰ বন্ধু অৰুনাভৰ ঘৰত এদিন কোনো নথকাৰ সুযোগ লৈ আমি পাঁচ জন বন্ধুৱে তাৰ ঘৰত ৰাতি থকাৰ প্লেন বনালোঁ৷ পাঁচ বন্ধু মানে মই ,ৰঞ্জন সত্যেন্দু আৰু অপুৱে অৰুনাভৰ ঘৰত এনিশা কটাম৷ কথা মতেই কাম নিজৰ নিজৰ ঘৰত বাহনা একোটা বনাই আমি সন্ধিয়া বজাৰত আটাইকেইটা লগ হ’লোঁ৷ এতিয়া কথা হ’ল সচৰাচৰ নকৰা কি কাম আমি সেইদিনা কৰিব পাৰো তাৰ আলোচনা চলিল৷ সেইসময়ত গাহৰিৰ মাংস আজিৰ দৰে সুলভ নাছিল৷ লোভ কৰিছিলো যদিও কেতিয়াবা লুকাইচুৰকৈ হে সোৱাদ লবলৈ পাইছিলো যিটো একেবাৰে দুৰ্লভ আছিল৷ সেয়ে সেইদিনা বজাৰৰ পৰা পইচা যোৰা দি আমি ১ কেজি গাহৰি মাংস কিনি অৰুনাভৰ ঘৰ পালোগৈ৷ নানা কথাৰ আদ্দা মাৰি গাহৰি মাংস বনাবলৈ যো-যা কৰোঁতেহে মনলৈ আহিল ব্যঞ্জন ভাগ কি দি বনোৱা হ’ব৷ পাৰ্গত এজনো নহয় যদিও অপুৰ এই বিষয়ত আমাতকৈ অভিজ্ঞতা বেছি আছিল৷ সি লাইশাক দি গাহৰি বনোৱাৰ প্ৰস্তাৱ দিলে আমাৰ যিহেতু অভিজ্ঞতা কম আপত্তি কৰাৰ থল নাছিল, কিন্তু লৰালৰিত লাইশাক বজাৰ কৰাই ন’হল৷ অৰুনাভৰ মাকৰ এখন বৰ আতোমটোমকৈ কৰা পাচলি বাগিছা আছিল ঘৰৰ বাৰিতে৷ কিবা কোৱাৰ আগতেই অপুৱে বাৰিত লাগি থকা লহপহীয়া লাইশাকবোৰ এজোপাও নোহোৱাকৈ তুলি আনিলে আৰু সুন্দৰকৈ ৰাতি গাহৰি মাংসৰে এসাজ খাই আনন্দ মনেৰে গান বাজনা আৰু আদ্দাৰে ৰাতি এপৰত ভাগৰুৱা দেহাৰে আটাইকেইটা শুই পৰিলো৷ ৰাতিপুৱা উঠিহে আমাৰ হুচ আহিল যে আজিটো অৰুনাভৰ মাক দেউতাক ঘুৰি আহিব, আৰু আহি যদি দেখে লহপহীয়া লাইডৰাৰ এটা পাতো ক’তো পাবলৈ নাই তেতিয়া আমি কি উত্তৰ দিম? ইমানসোপা লাইশাক আমি কৰিলোঁ কি৷ বহু দেৰি চিন্তা কৰাৰ পাছত মই আৰু অপু বজাৰ পালোঁগৈ৷ আৰু বজাৰৰ পৰা প্ৰায় আগদিনাৰ সমান সংখ্যক লাইশাক কিনিলৈ পুনৰ অৰুনাভৰ ঘৰ পালোঁহি৷ মাক দেউতাক আহিবলৈ যিহেতু তিনি চাৰি ঘন্টা আছিল আমি আগদিনাৰ জেগাত খান্দি খান্দি ধৰিব নোৱাৰাকৈ আটাইকেইটাই মিলি লাইবোৰ ৰুই পেলালোঁ৷ আৰু ঘৰাঘৰি গুছি আহিলো চব চাফা কৰি বাচনবৰ্তন ধুই৷ (এইটো কামত আমি ওষ্টাদ হৈ পৰিছিলো যাৰ ঘৰতে থাকো লাগিলে পাছদিনা দেখি কোনেও ক’ব নোৱাৰিছিল যে আগদিনা ঘৰটোত কেনে এটা ধুমুহা গৈছিল৷)
অৰুনাভৰ মাকে আজিও গম নেপালে ইমান আটোমটোকাৰীকৈ কৰা লহপহীয়া লাইশাক ডৰা কেনেকৈ এদিন পাছতে মৰি থাকিল৷
বি:দ্ৰ: গোপনীয়তাৰ খাতিৰত বন্ধুবোৰৰ নামবোৰ সালসলনি কৰি দিছোঁ৷
*****
5:13 pm
এনেকুৱা পাৰ্টি অজিকালিও চলে😀
7:27 pm
ভাল লাগিল
10:37 pm
গাহৰি মেইন। মইও সমসাময়িক, এতিয়াও খাঁও লুকাই চোৰকৈ। মন গলেই ৰেষ্টুৰেন্টত দকচি দিঁও।
8:22 am
ভাল লাগিল