প্ৰথম প্ৰেমপত্ৰখন-সদানন্দ ভূঞা
শিৰোনামটো লিখিবলৈ গৈয়েই দুই নেত্ৰযুগলৰ পৰা চকুৰপানী সৰসৰকৈ বাগৰি আহিছে , হৃদয়খন দেখোন ৰমৰমকৈ পুৰিছে । সকলোৱে কয়… বুকুৰ ভিতৰত উমি উমি জ্বলি থকা দুখৰ বোজা গোপনে লুকুৱাই ৰাখিলে বোলে বুকুৰ ভিতৰত বায়ু জমা হয় । অসহ্যকৰ বেদনাত ছটফটাই থাকিব লাগে । কাৰোবাৰ আগত সেই দুখবোৰ প্ৰকাশ কৰিলে বোলে দুখৰ বোজা পাতল হয় । কথাটো নোহোৱাও নহয় । আজি ৪৬/৪৭ বছৰে ডাঙিব নোৱাৰা সেই গধুৰ দুখৰ বোজা কেনেকৈ সহি আছোঁ সেয়া ভুক্তভোগী এই দুৰ্ভগীয়াৰ বাহিৰে কোনে বুজিব বাৰু ? দুখৰ বোজা পাতলাবলৈ কাক কম কোনে শুনিব , যাকে কম সিয়ে লথিয়াব । শুনিছোঁ আৰু দেখিছোঁ , একমাত্ৰ ফটাঢোলেহে আমাৰ দুখ-সুখৰ বতৰাবোৰ মনোযোগ দি শুনে আৰু দুখৰ বতৰাত চকুলোৰে ফটাঢোলত বানপানী বোৱাই দিয়ে । আনহাতে সুখৰ বতৰাত ফুলনি মানে বাগিছা , বাগিছা মানে ফুলনী কৰে । ফটাঢোলক কাহানিবাই কম কম বুলি ভাৱি থকা বুকুৰ ভিতৰত উমি উমি জ্বলি থকা দুখৰ বোজাটো অলপ হ’লেও পাতল হওঁক বুলি মৰসাহ বান্ধি বেকত কৰোঁ বুলি মন মেলিছোঁ । ৰাইজৰ চকুলোৰে মোৰ সেই দুখৰ বোজা উটুৱাই নিলে এই অভাজনে কিছু হ’লেও শান্তি পাম ।
সেইসময়ত মই নগাওঁ জিলাৰ লংকা হাইস্কুলৰ দশম শ্ৰেনীৰ ছাত্ৰ আছিলোঁ । মোৰ লগৰ বহু বন্ধু প্ৰেম সাগৰত উটি ভাহি ফুৰাৰ দিন । তেওঁলোকৰ প্ৰেমৰ বৈঠাপাত আকৌ মোৰ হাতত আছিল । তেওঁলোকে নিজে প্ৰেমপত্ৰ লেখাৰ অভিজ্ঞতাই নাছিল । অৰ্জুনৰ ৰথৰ সাৰথী যিদৰে ভগৱান শ্ৰীকৃষ্ণ আছিল , ঠিক সেইদৰে সেই বন্ধুসকলৰ প্ৰেম ৰথৰ সাৰথী প্ৰেমপত্ৰ লেখক এই অভাজন আছিলোঁ । শ্ৰীকৃষ্ণ ৰথৰ সাৰথী হৈ অৰ্জুনৰ পৰা কি পাইছিল নাজানো যদিও পানীখোৱা ছুটীত অমুকাই সেই বন্ধুসকলৰ পৰা ঘোচ হিচাপে লুজনগুটি , কমলা মৰ্টন , টেঙা মৰ্টন , বুট ভজা , মটৰ ভজা আদি পুৰস্কাৰেৰে হোলোমোলো পেন্টৰ দুয়োটা জেপ ভৰোৱাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছিলোঁ । অমুকাই নৱম শ্ৰেনীত পঢ়ি থকা দিনৰ পৰাই বহুতো বন্ধুৰ প্ৰেম ৰথৰ সাৰথী হিচাবে সেই সময়ত লংকা হাইস্কুলত জিলিকি যে আছিলোঁ তাৰো কিছু অতীত কাহিনীৰ ৰোমন্থন কৰি মাজে মাজে অনুতপ্ত হওঁ… যদিহে আজিকোপতি সেই প্ৰেমপত্ৰ লিখাৰ ধাৰা অব্যাহত ৰাখিলোঁহেতেন তেন্তে নিশ্চয়কৈ কিছু বছৰ আগতেই অসম ৰত্ন , অসম বিভুষণ আদি কিবা এটা সন্মানেৰে সন্মানিত হ’লোঁহেতেন । পিচে মোৰেই দুৰ্কপাল , প্ৰথম প্ৰেমপত্ৰৰ সেই বিৰহ বেদনাৰ পিচৰ পৰাই প্ৰেমপত্ৰ লেখকৰ নামটো কপিলি নদীত বিসৰ্জন দিছিলোঁ । প্ৰেমত বলীয়া বন্ধুবৰ্গক প্ৰেমপত্ৰ লেখক হিচাপে সহায় কৰি সেইসকলক প্ৰেমসাগৰত হাবু-ডুবু খোৱাৰ সময়তে নৱম শ্ৰেনীৰ শেষ পৰ্যায়ত মোৰ বাবে এটা মহা অঘটনে বাট চাই আছিল । বন্ধু এজনৰ নতুনকৈ প্ৰেমত পৰিবলৈ মন আছিল । সাৰথী হিচাপে মই তেওঁক সহায় কৰি দিব লাগে । উপাই নাই , ৰণৰ আগচোৱাত দুৰ্যোধন শ্ৰীকৃষ্ণৰ শৰণাপন্ন হোৱা অৱস্থা । ভাষাৰ মায়াজালেৰে শব্দৰ মালা গুঠি গুঠি কবিতাৰ চন্দৰ দৰে প্ৰেমপত্ৰৰ দ্বাৰা ক’ত বন্ধুক প্ৰেমযুজত জয়ী কৰাইছিলোঁ সেই সংখ্যা আজি মনত নাই যদিও এবাৰো অসফল হোৱাৰ চানেকী নাছিলেই । পিচে সেই বন্ধুজনৰ বেলিকাহে হয়তো আমাৰ দুয়োজনৰে পোৰা কপাল আছিল । বন্ধু মহাশয়ে নিজে প্ৰতিলিপি নকৰাকৈয়ে মই লিখি দিয়াখনকে তেওঁৰ ভাবী প্ৰেমিকাক সেই প্ৰেমপত্ৰখন দি দিছিল । পিচদিনাখন সেইগৰাকী বন্ধুৰ ভাবী প্ৰেমিকাৰ প্ৰেমপত্ৰখন প্ৰথমে শ্ৰেনী শিক্ষকৰ হাতত পৰিছিল । শ্ৰেনী শিক্ষকৰ হাতৰ পৰা হেড চাৰৰ হাতত পৰিছিল । হেড চাৰে বন্ধুসহ মোক তেখেতৰ কোঠালৈ আমন্ত্ৰন জনাইছিল । হেড চাৰে জালি বেটৰ এচাৰি এদালেৰে দুয়োজনৰে দুয়োটাকৈ টপিনা ফৰফৰাই যোৱাকৈ সেৱা-শুশ্ৰুষাৰে ৰঙা কৰি শ্ৰেনী কোঠালৈ ওভোটাই পঠিয়াইছিল । হেড চাৰৰ এই সন্মান আমাৰ দুয়োৰে গাজত লাগিছিল । বন্ধুৰ ভাৱী প্ৰেমিকাৰ ওপৰত আমি দুয়ো মনে মনে টিঙিৰি তুলা হৈছিলোঁ । সুপ্ৰসিদ্ধ প্ৰেমপত্ৰ লেখক হিচাপে কেতিয়াও অসফলতাৰ মুখ নেদেখা অমুকাৰ বাবে সেই সন্মান অসহ্যকৰ আছিল । কেইদিনমান দুয়ো ধৈৰ্য ধৰি মহাশয়াৰ কিছু আলেখ-লেখ চাই এদিন তেজেৰে লিখা বুলি পুৰৈ শাকৰ পকা গুটি ভাঙি আকৌ এখন প্ৰেমপত্ৰ লিখি বন্ধুজনৰ হতুৱাই মনে মনে মহাশয়াৰ কিতাপৰ মাজত প্ৰেমপত্ৰখন ৰখোৱাৰ ব্যৱস্থা কৰি দিছিলোঁ । উপদেশ দিছিলোঁ… তই চকুত ভিক্স সানি চকুপানী পেলাই থাকিবি , মই মুখ ফুলাই থাকিম । লগতে বন্ধুক হাহ , কুকুৰা , পাৰ যিহৰে পায় সেইবোৰৰ তেজ অলপ কপাহত তিয়াই বাওঁহাতৰ তৰ্জনী আঙুলিটোত ফটা কাপোৰেৰে বেণ্ডেজ কৰি আনিবলৈ পৰামৰ্শ দিছিলোঁ । তিনিদিন তেনে কৰাৰ পিচত চতুৰ্থ দিনাখন বন্ধু সফল হৈছিল । সেইদিনাখন বন্ধুৰ পৰা পানী খোৱা ছুটীত ডাঙৰ পাৰ্টী আছিল । হোটেলত পুৰী , ভাজি আৰু ৰসগোল্লা ।
দশম শ্ৰেনীৰ আৰম্ভনিৰ সময় আছিল । আমাৰ শ্ৰেনীত নতুনকৈ নাম ভৰ্তি কৰা এগৰাকী অতি সুন্দৰী ছাত্ৰীৰ আগমন ঘটিছিল । লংকা থানাত নতুনকৈ জইন কৰা এজন এচ . আই .ৰ জীয়েক । ৰূপৰ তুলনা নাই , অপৰূপা দীপলিপ গাভৰু । মই শ্ৰেনীকোঠাৰ বাওঁফালৰ প্ৰথম বেঞ্চৰ ছাত্ৰ আছিলোঁ । হেড চাৰে সেইজনীক আনি সোঁফালৰ প্ৰথম বেঞ্চত বহুৱাই দিছিল । তায়ো চশমা পিন্ধা আছিল , ময়ো চশমা পিন্ধো । মই বেঞ্চখনৰ ঠাই সলাই বহিলে তায়ো একেখন বেঞ্চতে ঠাই সলাই বহিছিল । মাজে মাজে তাই মোৰ ফালে চাই মিচিককৈ হাঁহি মাৰি দিছিল । মোৰ কাষতে বহা হটঙা হৃষ্ট পুষ্ট বন্ধুজনে তাকে লৈ আমাৰ দুয়োকে সাঙুৰি জোকাইছিল । তাৰ আগলৈকে প্ৰেম নামৰ শব্দটোৰ লগত খেলা কৰিবলৈ সাহসেই কুলোৱা নাছিল । প্ৰেম কৰিবলৈ যে মন নাছিল তেনে নহয় । দুই/তিনিজনী সুন্দৰী বান্ধৱীৰ মন জয় কৰিবলৈ তীব্ৰ হেপাহ জাগি উঠিছিল । কিন্তু আৰ্থিক অনাটনত জুৰুলা পিতাইৰ সন্তান হিচাপে সেই বাটে আগুৱাবলৈ বৰ ভয় উপজিছিল । কিন্তু দশম শ্ৰেনীৰ প্ৰথম পৰ্যায়তে দেখোন কিবা এক অজান আকৰ্ষণত মনটো পুলকিত হৈ উঠিছিল । তাইৰ মৌন ইংগিতে যেন মোৰ মনোজগতক আকৰ্ষণ কৰি তাইৰ বাবে এখন প্ৰেমপত্ৰ লিখাৰ হেপাহ তীব্ৰৰ পৰা তীব্ৰতৰ কৰি তুলিছিল । নিজৰ বিবেক বিবেচনা পৰাজিত হৈছিল । সংকল্প লৈছিলোঁ তাইৰ বাবে কেৱল তাইৰ বাবেই এখন মন মুহি নিয়া প্ৰেমপত্ৰ লিখিম আৰু নিজ হাতে অৰ্পন কৰিম । কিন্তু নিজৰ বাবে প্ৰেমপত্ৰ এখন লিখিবলৈ কোনোবা বন্ধুৱে নেদেখাকৈ কোনো আচুতীয়া ঠাইৰ প্ৰয়োজন । সেই সময়ত লংকাৰ বহু ঠাই টিলাৰে আৱৰা আছিল । মাজৰ টিলাবোৰৰ তলত বহি ললে কোনেও দেখা নাপাইছিল । স্কুল ছুটীৰ পিচত নাকে-কানে ভাত কেইটা গুজি হাতত বহী আৰু কলম লৈ টিলাবোৰৰ কাষ পাইছিলোঁ । তাৰে কোনোবা এঠাইত বহি মোৰ জীৱনৰ প্ৰথম প্ৰেমপত্ৰখন লিখিবলৈ আৰম্ভ কৰিছিলোঁ । কিন্তু মোৰ তেতিয়া কি হৈছিল জানো , দুৰ্দান্ত প্ৰেমপত্ৰ লেখকৰ বাবে মোৰ প্ৰিয়ত্তমালৈ দেখোন ভাষাবোৰেই নোলাইছিল । পাঁচদিন অহোপুৰুষাৰ্থ প্ৰচেষ্টা কৰাৰ ফলতো এখন মন মুহি নিব পৰা প্ৰেমপত্ৰ লিখি মনোগ্ৰাহী কৰিব পৰা নাছিলোঁ । ইফালে মোৰ দুই/তিনিজনমান বন্ধুৱে গম পাই মোক বিচাৰি সেই গোপন স্থলত হাজিৰ হৈছিল । কিছু বছৰ আগৰ কলা বগা টিভিৰ চেনেল নাপালে এন্টেনা ইফালে সিফালে ঘুৰাই চেনেল অনাৰ দৰে ময়ো পেমপত্ৰ লিখাৰ চেনেল বিচাৰি হাবাথুৰি খাই ফুৰিছিলোঁ । দুদিন মাত্ৰ হাবাথুৰি খোৱাৰ পিচত এদিন পথাৰৰ কাষৰ গছ এজোপাৰ ওপৰত এটা টঙীঘৰ দেখিছিলোঁ । টঙীঘৰটোত উঠিবলৈ গছজোপাৰ গাত এদাল বাঁহৰ জখলাও আছিল । সেই দিনবোৰত ধাননি পথাৰত ধান পকা সময়ত হাতীৰ উপদ্ৰপ হৈছিল বাবে কৃষকসকলে তেনে টঙীঘৰ সাজি নিশা হাতীৰখীয়া হিচাপে আছিল । মই যেন সৰগৰ পথটোহে দেখা পাইছিলোঁ । একেলৰে গছজোপাৰ কাষলৈ গৈ জখলাদালেৰে বগাই টঙীঘৰটোত সোমাই লৈছিলোঁ । প্ৰথম প্ৰেমপত্ৰখন লিখিবলৈ বুলি কাগজ কলম উলিয়াই লৈছিলোঁ । কিন্তু কি আচৰিত মই দেখোন ভাষাৰ সম্ভাৰেৰে আৱেগসনা মোৰ হেপাহৰ প্ৰথম প্ৰেমপত্ৰখন সহজতে অনায়াসে লিখি শেষ কৰিব পাৰিছিলোঁ । নেটৱৰ্ক নোপোৱা ঠাইত ওখ ঠাইলৈ উঠি গলে যিদৰে অলপ হ’লেও নেটৱৰ্ক পায় ঠিক সেইদৰে টঙীঘৰটোত উঠাৰ লগে লগে প্ৰেমৰ ভাষাৰ ফুল নেটৱৰ্ক পাই গৈছিলোঁ । মনটো সেই সময়ত যে কিমান ৰঙীণ হৈ উঠিছিল , সেয়াযে ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি । মোৰ প্ৰথম প্ৰেমপত্ৰ প্ৰথম প্ৰিয়ত্তমাই পঢ়িব , আমাৰ দুয়োৰে প্ৰেমৰ ফুলনিত নানা ফুলেৰে শোভা বঢ়াব । আস ! ভাৱিয়েই যে কিমান আপ্লুত হৈ পৰিছিলোঁ । দাল-দৰিদ্ৰ পিতাইৰ পুতেকক কিবা ৰজাৰ পো যেন অনুভৱ হৈছিল । সেই সময়ত প্ৰেমপত্ৰত সম্বোধন লিখাৰ কিছু নীতি-নিয়ম আছিল । জান , সোন , দেহা , হিয়া , কলিজা আদি মৌবৰষা সম্বোধনবোৰ কেৱল কলেজীয়া সকলেহে লিখিব পাৰিছিল । দশম শ্ৰেনীলৈকে কেৱল তুমি আৰু মই সম্বোধনহে ব্যৱহাৰ কৰিব পাৰিছিল যদিও মই আৰু এবছৰৰ পিচতে কলেজ পামেই যেতিয়া ভাৱি নিয়ম ভংগ কৰি প্ৰানৰ পুতলীক জান আৰু নিজে সোন হৈ লিখা প্ৰথম প্ৰেমপত্ৰখন কেনেকৈ দিওঁ সেই চিন্তাত বুকুখন দুৰুদুৰুকৈ কপি উঠিছিল । জোকাই থকা বন্ধুজনে যেনিবা স্কুল ছুটীৰ সময়ত সেইকন সহায় কৰি দিছিল ।
পিচদিনাখন স্কুল যোৱাৰ আগে আগে ধেলা চাবোন আৰু ভোলৰ ঝালিৰে মোহাৰি মোহাৰি গাটো ধুই মুৰৰ ওপৰৰ চুলি কেইদালত শ্বালিমাৰ কোম্পেনীৰ নাৰিকল তেল ঘহি মুৰটো ফনিয়াই হাতে-ভৰিয়ে সৰিয়হৰ তেল সানি মুখত অলপমান বাইদেউৰ গোন্ধ পাউদাৰ ঘহি দুগৰাহমান ভাত খাই বিদ্যালয়লৈ ঢাপলি মেলিছিলোঁ । প্ৰথম প্ৰেমৰ মিঠা আৱেশত পেটৰ ভোক কৰবাতে হেৰাইছিল । বুকুত দুৰুদুৰু কপনি , কি হ’ব কি নহ’ব চিন্তাত নিশা টোপনি ক্ষতি হ’ল যদিও স্কুলত বেঞ্চত বহাৰ লগে লগে বন্ধুৰ আশ্বাসত কিবা এক অজান অনুভৱত মনটো পুলকিত হৈ উঠিছিল । স্কুলৰ প্ৰথম ক্লাচ ইংৰাজী বিষয়ৰ আটাইতকৈ কাঢ়া শিক্ষকজন সোমাই আহিছিল । চাৰে হাজিৰা বহীত সকলোৰে উপস্থিতি লৈ শেষ হোৱাৰ লগে লগে মোৰ সপোনৰ ৰাজকুমাৰীয়ে এখিলা ভাজ কৰা কাগজ চাৰলৈ আগবঢ়াই দিছিল । চাৰে কাগজখিলা মেলি মনোযোগেৰে পঢ়ি অলপমান সময় তভক মাৰি বহি আছিল । তাৰপিচতেই তেখেতে মোৰ নামটো জোৰেৰে উচ্চাৰণ কৰি অসমীয়া বিষয়ৰ বহীখনৰ সৈতে তেখেতৰ ওচৰলৈ যাবলৈ আমন্ত্ৰণ জনাইছিল । তেখেতৰ ওচৰলৈ যোৱাৰ লগে লগে কাগজখিলা মেলি গলগলীয়া মাতেৰে ‘ বোপাই , এইখন তয়েই লিখা হয়নে ‘ বুলি সিংহৰ গোজৰণিৰ দৰে হুংকাৰ দিছিল । কাগজখিলা দেখিয়েই মই সন্মুখত ভুত দেখাৰ দৰে থৰথৰকৈ কপিবলৈ আৰম্ভ কৰিছিলোঁ । মোৰ গৌৰৱোজ্জ্বল স্বীকাৰোক্তি পোৱাৰ লগে লগে টেবুলতে থকা বেতদালেৰে দুয়োখন হাতত দহ বেতকৈ প্ৰদানৰ দ্বাৰা সম্ভাষণ জনাই বেঞ্চত গৈ বহিবলৈ নিৰ্দেশ দিছিল । দুচকুৰে সৰিয়হ ফুল দেখি দুধাৰি চকুলো বাগৰি আহিছিল । স্কুলৰ পানী খোৱা ছুটীত পুনৰ হেডচাৰৰ সাদৰ আমন্ত্ৰন । তেখেতৰ তাতো পুনৰবাৰ একেই সাদৰ সম্ভাষণ । চকুৰে ধোৱা-কোৱা দেখি চকুৰ পানী ৰখাব পৰা নাছিলোঁ । সিমানতে সম্ভাষণ পৰ্ব সমাপ্ত হোৱা হ’লে ভালেই আছিল । কিন্তু এই বিখ্যাত প্ৰেমপত্ৰ লেখকজনৰ যশস্যাৰ সৌভাগ্যৰ কপাল । হেড চাৰৰ পৰা কাগজখিলা বদলিকৰণ হৈছিল পিতাইৰ হাতত । পিতাইয়ে আকৌ আইলৈ বদলিকৰণ কৰিছিল । আইয়ে বাঁহৰ দুদাল স্কেল ফালি চিৰাচিৰ নোহোৱালৈকে হাতে-ভৰিয়ে কোবাই সম্বৰ্ধনা জনাই কোবাইয়ে আছিল । কান্দোনত গগণ ফালি আকাশৰ জোন , বেলি , তৰা , আৰু কি কি দেখিছিলোঁ সীমা সংখ্যা নাছিল । দেহি ঐ , প্ৰথম প্ৰেমৰ প্ৰথম প্ৰেমপত্ৰৰ কি মিঠা সোৱাদ । ধেৎতেৰি , এনেকৈনো প্ৰথম প্ৰেমৰ মিঠা সুবাস আৰু প্ৰথম প্ৰেমপত্ৰৰ সুন্দৰ সফলতা পাব লাগেনে ? সকলোৰে সম্বৰ্ধনাৰ অত্যাচাৰত মোৰ প্ৰথম প্ৰেমৰ মধুৰ আৱেশ আৰু যুগজয়ী কালজয়ী প্ৰেমপত্ৰ লিখাৰ হাবিয়াসৰ সংকল্প কোন দিশে পলাল তলকিবই নোৱাৰিছিলোঁ । সেইদিন ধৰি দুৰ্গাপূজাৰ বিজয়া দশমীত ৰাবনৰ চিতা জ্বলাই অসুয়া অপশক্তি দাহ কৰি বিনাশ কৰাৰ দৰে ময়ো প্ৰেমৰ সকলোবোৰ আশা আকাংক্ষা দাহ কৰি বিনাশ দিছিলোঁ ।
প্ৰথম প্ৰেমৰ প্ৰথম প্ৰেমপত্ৰ দুখৰ বোজা জানো সেইসময়ত মোৰ বাবে শেষ হৈছিল । তাতোতকৈও গভীৰ দুখৰ বোজা মোৰ বাবে বাট চাই আছিল । যিজন বন্ধুৱে মোক উচতাই জোল খাইছিল সেইজন বন্ধুৱে মোকেই প্ৰতাৰণা কৰিছিল । বহুদিন পিচত গম পাইছিলোঁ মোতকৈ কিছুদিন আগতেই সেই মহা পাতকী বন্ধুৱে মোৰ মন জগতত বিচৰণ কৰা প্ৰাক্তন প্ৰেমিকাৰ মন জয় কৰি উঠি ৰজা বহি ৰজা হৈ আছিল । মই লিখি দিয়া প্ৰেমপত্ৰকে নকল কৰি সেই মহীয়সী প্ৰাক্তন প্ৰেমিকাক দি তাইৰ মন জয় কৰি মোকেই আভুৱা ভাৰি মোৰ বুকুতেই বাগী কুঠাৰ মাৰিছিল । আচলতে সেই সৰগৰ পৰী হেন প্ৰাক্তন প্ৰেমিকাজনীৰ চকু দুটা অলপ কেঁৰা আছিল । চশমা পিন্ধি থকা বাবে গম পোৱা নগৈছিল । বন্ধু শকত আৱত হটঙা আৰু মই চাপৰ চুটী ক্ষীণ মীন । মোৰ দেহৰ সুযোগ লৈ দুয়োজনাই যে ইজনে সিজনৰ ফালে চাই মনৰ বতৰাৰ আদান-প্ৰদান কৰিছিল মইনো কেনেকৈ জানিছিলোঁ বাৰু ? প্ৰভূ , ইহ জনমত এনে সুযোগ্য বন্ধু যি দিলা দিলা আৰু । পৰজনমত যদি মনুষ্যৰূপে জন্ম দিয়া তেন্তে এনে বন্ধু মিলনৰতো দুৰৰে কথা তেনে বন্ধুৰ সৌভাগ্যৱান ছাঁটোও যাতে দৰ্শন নহয় তাৰবাবে কৃপা কৰিবা ।
প্ৰথম প্ৰেম আৰু প্ৰথম প্ৰেমপত্ৰৰ মধুৰ সোঁৱৰণিত দুচকুৰে সৰসৰকৈ চকুলো বাগৰি আহিছে । চশমাৰ দুয়োখন গ্লাচ আৰু মোবাইলৰ স্ক্ৰীন ধোৱা ধোৱা হৈ পৰিছে । আৰু কিবা লিখিবলৈ একোৱেই দেখি পোৱা নাই । প্ৰথম প্ৰেমৰ প্ৰেমপত্ৰৰ দুখৰ বোজা পাতলিবলৈ আপোনালোকৰ কিছু সহানুভুতিৰ বাবে বহু আশাৰে বাট চাই ৰলোঁ ।
4:01 pm
ভাল লাগিল৷
11:48 pm
মজা লাগিল৷