ডলী ক্ৰিয়েশ্যনৰ পঞ্চবিংশ নিবেদন: ভুত-ডলী তালুকদাৰ
কাহিনী, চিত্ৰনাট্য, পৰিচালনা, সংলাপ,সংগীত ডলী তালুকদাৰ
কেমেৰা: দেৱজিত শৰ্মা
লাইট: ৰিন্টুমণি দত্ত
প্ৰযোজনা: শংকৰজ্যোতি বৰা
অভিনয়ত: যোগেশ ভট্টাচাৰ্য , পদ্মলোশ্যন ভৰদ্বাজ,টবিবৰ ৰহমান,আদিত্যজ্যোতি বৰঠাকুৰ,নয়নজ্যোতি বৰঠাকুৰ, বিজয় মহন্ত, হেমন্ত কাকতি, নীলাক্ষি কাকতি, কাবেৰী মহন্ত, বাগ্মীতা বৰকাকতি।
হেমন্ত কাকতি: হোটেলৰ মালিক মিঃ জ্যেকশ্যন
যোগেশ ভট্টাচাৰ্য : কলেজৰ ছাত্ৰ (বিকি)
পদ্মলোশ্যন ভৰদ্বাজ: কলেজৰ চিনিয়ৰ ছাত্ৰ (ৰণি)
বিজয় মহন্ত:কেন্টিনৰ মালিক ( হালৈ)
নয়নজ্যতি বৰঠাকুৰ: কলেজৰ প্ৰফেচৰ বৰুৱা
টবিবৰ ৰহমান: হোটেলৰ কেয়াৰটেকাৰ ( হ্যেনৰী)
আদিত্যজ্যোতি বৰঠাকুৰ: গাড়ীৰ ড্ৰাইভাৰ ( ৰাজু)
নীলাক্ষি কাকতি: পিংকি ( ছাত্ৰী)
কাবেৰী মহন্ত: ৰোজী মেডাম ( কলেজৰ প্ৰফেচৰ)
বাগ্মীতা: ৰিণি ( ছাত্ৰী)
১ম দৃশ্য
কেমেৰাই কলেজৰ চৌহদ দেখুৱাব। বিশাল ফিল্ড খনৰ মাজত এজোপা ডাঙৰ গছ দেখুৱাব। তলটো পকা কৰা ঘুৰণীয়াকৈ গছ ডালৰ। তাত কলেজৰ কেইবাজনো ছাত্ৰ ছাত্ৰী বহি থাকিব।
কলেজৰ চিনিয়ৰ মোষ্ট ৰকি আৰু এজনী ছোৱালী হাত ত ধৰি থাকে; এই চৰিত্ৰ দুটা কৰিব পদ্মলোচন ভৰদ্বাজ আৰু বাগ্মীতা বৰকাকতিয়ে। ৰকিয়ে ছোৱালীজনীৰ হাতৰ তলুৱাখন চাই ভৱিষ্যত কৈ থাকিব।
ৰকি: তোমাৰ নামটো কি আছিল?( হাতখন গভীৰ ভাবে চোৱা দেখুৱাব)।
“মোৰ নাম ৰিণি হয় দাদা”। ছোৱালীজনীয়ে কয়।
ৰকি: আহ! কি মিঠা নাম! কিন্তু তোমাৰ হাতৰ ৰেখাই কৈছে তোমাৰ ৰাণী হোৱাৰ যোগ আছে।
ৰিণি: সঁচা? মোৰ কিন্তু সোঁৱৰণীৰ নামটো ৰাণীয়ে। আৰু ….
(ৰিণিয়ে হঠাত ক’বলৈ এৰি তলমুৰ কৰে)
ৰকি: আৰু….আৰু কি?
” আৰু এতিয়ালৈ ক্লাচত নগৈ ইয়াত জ্যোতিষ চৰ্চা কৰি আছা তোমালোকে” হঠাতে এটা পুৰুষ কন্ঠ শুনি উচপ খাই উঠে ৰকি আৰু ৰিণি। ৰকিয়ে গছ ডালৰ চাৰিওফালে চাই দেখে যে কোনো আন ছাত্ৰ ছাত্ৰী নাই। সমুখলৈ চাই দেখে প্ৰফেচাৰ বৰুৱা ঠিয় হৈ আছে। এই চৰিত্ৰটো কৰিব নয়নজ্যোতি বৰঠাকুৰে।
বৰুৱা: কি হ’ল ৰকি? ভেবা লাগিলা যে? ক্লাচ নকৰি এইদৰে সময় পাৰ কৰিছা? নিজৰ লগতে আনৰো ক্ষতি কৰিছা?
ৰকি: নাই চাৰ! জাষ্ট ফৰ ফান(fun)।
বৰুৱা: হোৱাট? ফৰ ফান? ক্লাচ নকৰি ছোৱালীৰ হাতৰ ৰেখা চোৱাটো ফান নেকি? লাজ নালাগে? আৰু কিমান বছৰ কলেজত থাকিবাহে?
ৰকিয়ে ৰিণিৰ সমুখত লাজ পায় আৰু সেমেনা সেমেনি কৰে।
কেমেৰাই ৰিণিৰ মুখখন ক্ল’জআপত দেখাব। ৰিণিৰ মনৰ কথাখিনি বেকগ্ৰাউণ্ডত বাজিব।
ৰিণি: ( উম…এইজন দেখাতহে হিৰো। পিছে গেৰা মাৰি থকাবিধহে। মইও এনেই চেনি খালোঁ। ভাবিছিলো পটাই মেলি নোটচ বোৰ গোটাম) ।
বৰুৱা: তুমি ক্লাচত যোৱাই নাই যে? নে তোমাক ঢোলে ডগৰে আঁদৰিব লাগিব। এজনক ক’লে বুজি নোপোৱা?
ৰিণি: চাৰ চৰী। মই যাও ক্লাচলৈ।
ৰিণিয়ে ৰকিৰ ফালে নোচোৱাকে বেগাবেগিকৈ গুছি যায়। ৰকিও যাওঁ বুলি কয়।
এনেতে ৰঙা গাড়ী এখনৰ পৰা এগৰাকী সুন্দৰী মহিলা নামে। বৰুৱা তেওঁৰ কাষলৈ যায়।
বৰুৱা: গুডমৰ্ণিং, ৰ’জী মেডাম।
ৰ’জী:গুডমৰ্ণিং বৰুৱা । ক্লাচ নাই নেকি এতিয়া? ( এই চৰিত্ৰটো কৰিব কাবেৰী মহন্তই)।
বৰুৱা: ক্লাচ নাই আগবেলা মোৰ আজি। কথা এটা আলোচনা কৰিবলৈহে আহিছো সোনকালে। ব’লক আপোনাকে ৰখি আছিলোঁ।
তেওঁলোক যায়। ৰকিয়ে গছডালৰ পিছফালৰ পৰা লুকাই থকাৰ পৰা ওলাই আহে।
২য় দৃশ্য
কেন্টিনৰ ভিতৰখন দেখুৱাব কলেজৰ। এখন টেবুলত মাখি দুটামানে পানীৰ জগটোত নাচি থকা ক্ল’জআপত দেখুওৱা হয়। দুখনমান টেবুলত খাই যোৱা প্লেট থাকিব। দুখনমান টেবুলত কলেজৰ ছাত্ৰ ছাত্ৰী বহি খাই থাকিব।
এনেতে কেন্টিনলৈ সোমাই আহিব ছাত্ৰ ছাত্ৰী কেইগৰাকী মান। তেওঁলোকৰ মাজত দুজন ল’ৰা আৰু এজনী ছোৱালী। তাৰে এজন ৰকি আৰু ৰকিৰ লগত একে হেয়াৰকাটৰ এজন ল’ৰা( যোগেশ ভট্টাচাৰ্যই কৰিব চৰিত্ৰটো)।
সিহঁতৰ লগত আছে পাচ ইঞ্চি ওখ হিল পিন্ধা ছোৱালী এজনী ( নীলাক্ষি কাকতি)।
ছোৱালীজনী ভিতৰত সোমাই ” ছিঃ ইমান লেতেৰাকৈ ৰাখিছে” বুলি কৈ মুখ কোচাই দিয়ে। তাইৰ কথা শুনি ৰকি আৰু লগৰজনে হাঁহে।
ৰকি: তুমি এইখন ফাইভষ্টাৰ হোটেল বুলি ভাবিছা নেকি পিংকি? এইখন কলেজৰহে কেন্টিন হয়।
” তাতে মহা কৰাইছ হালৈ ইয়াৰ মালিক”। লগত অহা ল’ৰাজনে কয়।
ৰকি: একদম ঠিক কৈছ বিকি। আজি মালিকক দিব লাগিব অলপ মজা।
পিংকি: মইতো ইয়াত আহিবই নিবিচাৰোঁ। তুমিহে মোক ইয়ালৈ লৈ আহা চাহ খুৱাবলৈ। কৰাইছ তুমিহে কেন্টিনৰ মালিক নহয়। ইউ….চোৱানা সৌ মাখিটো কেনেকে ৰসগোল্লাৰ ওপৰত নাচি আছে।
বিকি: আৰে, কোনো নাই যে চাহ দিবলৈ? অথনিৰে পৰা বহি আছোঁ। কেন্টিনত বয় দুটা ৰাখিব নোৱাৰে এই হালৈয়ে।
পিংকি: অঁ..মা, মই যাওঁ। সেই ডাঙৰ মাখিটো চোৱাছোন? কেনেকে ব্ৰেক ডেঞ্চ দিছে লালমোহনটোত।
ৰকি: ৰ’বাহে কি মাখিৰ নৃত্য নাটিকা চাই আছা তুমি? হালৈ এইফালে স্পেচিয়েল চাহ দুটাৰ লগত গৰম চিংৰা দুটা আৰু এটা ফেন্টা দিয়া ঠাণ্ডা।
ৰকিৰ মাত শুনি হালৈয়ে ঘুৰি চায় ( এই চৰিত্ৰটো কৰিব বিজয় মহন্তই)। হালৈয়ে ট্ৰে এখনত চিংৰা, চাহ আৰু ফেন্টাৰ বটল এটা আনে।
বিকি: কিহে হালৈ দা? আপুনি আনে যে সদায়? ল’ৰা দুটা ৰাখিব নোৱাৰে? ইমান কাষ্টমাৰ আহে। আমাৰ ক্লাচ দেৰী হৈ যায় চাহ খাওঁতে।
হালৈ: এহ..এনেও ক্লাচনো কিমান কৰাহে তোমলোকে? আৰু মই দুটা ল’ৰা ৰাখি পইচা কিয়নো খৰছ কৰোঁ।
পিংকি: আপুনি অলপ চাফাকৈ ৰাখিবছোন? ইমান মাখি পৰে মিঠাইত। চিঃ ঘিণ লাগে দে।
ৰকি: হেই ভন্তি! কি কৈছা তুমি? ঘিণ কৰাৰ কি কথানো? মোৰ কেন্টিনৰ মাখিবোৰে হাইজিন মেইনটেইন কৰে। সিহঁতে টেষ্ট কৰিহে চাই আকৌ মিঠাই ঠিকে আছেনে?
ৰকি: কি কোৱাহে হালৈদা? মাখিয়ে মিঠাই টেষ্ট কৰি চায় সোৱাদৰ? মনে মনে থাকা। ষ্টুদেন্ট ইউনিয়নক লগাই দিম কিন্তু। কেন্টিন বন্ধ হ’ব।
হালৈ: হাৰে! ঠিক কথা কৈছো। বেয়া হ’লে মাখি পৰি নাথাকিল হয়। উৰি গ’ল হয় মিঠাইৰ পৰা। সেইটো কি লগাব লগা কথানো? ৰ’বা গৰম গৰম গোল্লা আহি পাইছে খাই চোৱা।
পিংকি:না.না…মই নাখাওঁ দেই।
বিকি আৰু ৰকিয়ে ৰসগোল্লা আৰু চাহ পুণৰ খায় ফ্ৰিতে।
এনেতে প্ৰফেচাৰ বৰুৱা চাৰ আহে সোমাই ভিতৰলৈ। তিনিও থিয় হয়।
বৰুৱা: তোমালোকৰ ক্লাচ নাই নেকি? ইয়াত যে আদ্দা মাৰি আছা?
বিকি: চাৰ আদ্দা মাৰা নাই। ভোক লাগিছিল সেইবাবে আহিছোঁ।
বৰুৱা: দহটা বাজিছেহে? ভোক লাগিলেনে?
ৰকি: কি ক’ম চাৰ? বাঢ়ি অহা ল’ৰা যে? ভোক লাগে।
বৰুৱা: আৰু কিমান বাঢ়িবাহে? তোমাৰ লগৰবোৰে কলেজ,ইউনিভাৰ্চিটি পাচ কৰি চাকৰি কৰিছে।
বিকি: বিয়াও পাতিছে চাৰ বহুতে।
বৰুৱাই ঘোপাকৈ চায়।
বৰুৱা: ক্লাচত যোৱাগৈ? জৰুৰী ঘোষনা আছে। মই দেখিব লাগিব ক্লাচত তিনিওকে।
হালৈক চাহ আনিব দিয়ে বৰুৱা চাৰে একাপ। তিনিও যাব খোজে।
হালৈ: মোৰ চাহ, মিঠাইৰ বিলটো নিদিয়াকে গ’লা যে?
ৰকিয়ে “লিখি থোৱা খাটাত” বুলি ক’ব খুজিও বৰুৱা চাৰক দেখি লাহেকৈ পকেটৰ পৰা পইচা দিলে।
হালৈ: আগৰখিনি নিদিলা যে?
বিকি: সেইখিনিও দিম। এতিয়া এইখিনিকে ৰাখক। আমাৰ দেৰি হৈছে।
সিহঁত যোৱালৈ চাই হালৈয়ে হাঁহে।
” আজি ফিৰিতে নাপালি খাবলৈ” ৱুলি হালৈয়ে কয়।
৩য় দৃশ্য
ক্লাচ ৰুমত সকলোৱে মনে মনে বহি থাকে। বৰুৱা চাৰে ইকন’মিক্স পঢ়ায় থাকে। তেনেতে ৰোজী মেমে খট খট কৰি তেওঁৰ হাইহিল যোৰৰ শব্দ কৰি আহে। দুৱাৰমুখত থিয় হৈ ” মে আই কাম ইন” বুলি ৰোজী মেমে কয়। বৰুৱাই মুৰ তুলি চায় আৰু থিয় হয়। ৰোজী মেম সোমাই আহে হাতত ডাঙৰ বহী এখন লৈ।
ৰোজী: চৰী বৰুৱা চাৰ! ঘোষণাটো দিয়াৰ বাবেহে আহিলোঁ। মোক দায়িত্ব দিছে প্ৰিঞ্চিপাল চাৰে। সেইবাবে প্ৰত্যেক ক্লাচতে গৈ শুনাইছোঁ।
বৰুৱা: Its ok. no problem. মই কৈছোৱে ইতিমধ্যে ক্লাচত ঘোষণা এটা দিয়া হ’ব বুলি।
ৰ’জী: ok.ষ্টুদেন্টচ্…তোমালোকৰ বাবে এটা ভাল খবৰ আছে। সদৌ অসম ভিত্তিত আবৃতি, কবিতা লিখা, গান গোৱা, বাজনা বজোৱাৰ প্ৰতিযোগীতা হ’ব। প্ৰত্যেক কলেজৰ পৰা ছাত্ৰ ছাত্ৰীবোৰে অংশ ল’ব। আৰু যিয়ে বিজয় হ’ব তেওঁলোকক চেৰাপুঞ্জী আৰু শ্বিলঙৰ ট্ৰিপত নিয়া হ’ব।
বৰুৱা: বাহঃ বঢ়িয়া কথা। তেন্তে ভাগ লোৱা আৰু জয়ী হোৱা।
ৰ’জী: আমাৰ কলেজখন সৰু কলেজ। অন্য কলেজৰ দৰে সুবিধা বহুত নাই যদিও আমাৰ কলেজতো প্ৰতিভা আছে।
বিকি: মেম, কোন ইয়েৰত পঢ়ে তাই?
ৰোজী: হোৱাট? প্ৰতিভা কোনো ছোৱালী নহয় বুজিলা? বৰুৱা:মেমে টেলেন্টৰ কথা কৈছে। মানুহ মাৰিবা দেই তোমালোকে।
ৰ’জী: ইয়েচ… আমাৰ কলেজতো ভাল আবৃতি আৰু গান গোৱা, গিটাৰ বজোৱা ষ্টুদেন্টচ আছে। so, ৰকি, পিংকি দুয়ো আবৃতি কৰিব লাগিব। বিকিয়ে ভাল গিটাৰ বজাব জানা বুলি শুনিছো। তাৰোপৰি ফাৰ্ষ্ট ইয়েৰত ৰিণি বুলি ছোৱালী এজনী আছে তাই ভাল গান গায়। গতিকে আমাৰ কলেজৰ পৰা তোমালোকে অংশ ল’ব লাগিব।
পিংকি: মেম…মই নোৱাৰিম। মোক নক’ব প্লীজ।
ৰকি: মেম…পিংকি গ’লেহে মই যাম।
বৰুৱা: কোন যাব নাযাব এইবোৰ আমি ঠিক কৰিম। তোমালোকক সোধা নাই। আৰু এটা কথা তোমালোকে প্ৰতিযোগীতাত নিৰ্বাচিত হৈ নিজিকিলেও কলেজৰ ফালৰ পৰা চেৰাপুঞ্জী ফুৰাবলৈ নিব তোমালোকক।
সকলোৱে চিঞৰি উঠে উলাহত। এনেতে ৰিণিয়ে অনুমতি লৈ সোমায়। ৰ’জী মেডামে চিনাকি কৰি দিয়ে বিকিৰ লগত। বিকিয়ে হাই কয়। ৰিণিয়ে হাঁহে।
৪ৰ্থ
কলেজৰ এটা খালী ৰুমত পিংকি আৰু ৰকিয়ে আবৃতি কৰি থাকে। বৰুৱা চাৰ আৰু ৰ’জী মেডাম আহে সোমায়।
ৰ’জী: তোমালোকে কবিতা চিলেক্ট কৰিলানে?
পিংকি:” মই মমতাৰ চিঠি” কবিতাটো কৰিম আবৃতি।
বৰুৱা: তুমি কোনটো কৰিবা ৰকি?
ৰকি: মই ” সাগৰ দেখিছা” সেইটো কৰিম।
ৰ’জী: দুয়োটা কবিতা বৰ ধুনীয়া। গুড চইচ।
এনেতে বিকি আৰু ৰিণি হাঁহি হাঁহি সোমায়। বিকিৰ হাতত গিটাৰখন। দুয়ো সোমাই আহে।
বিকি: গুড আফটাৰনুন চাৰ।
ৰিণি: গুড আফটাৰনুন মেডাম।
ৰ’জী:গুড আফটাৰনুন। তোমালোকে গান প্ৰেকটিচ কৰিছানে ভালকৈ।
ৰিণি: মেম কৰিছোঁ।
ৰ’জী: বৰ ভাল কথা। অহা সপ্তাহলৈ ৰেদী হোৱা।
বৰুৱা আৰু ৰ’জী যায়।
ৰিণি আৰু বিকিয়ে গান প্ৰেকটিচ কৰে।
৫ম দৃশ্য
হালৈৰ কেন্টিনত বিকি, ৰিণি, পিংকিয়ে বহি থাকে। হালৈয়ে ৰিণিলৈ চাই হাঁহি মাৰে। ৰিণিয়ে মুখ খন ঘুৰাই দিয়ে।
পিংকি: কি হ’ল ৰিণি?
ৰিণি: এই যে কেন্টিনৰ হালৈদা! কেনেকে চাই থাকে ভাল নালাগে মোৰ।
বিকি: জোকাইছে নেকি সি? ৰ’বা তাক মাতো।
ৰিণিয়ে মানা কৰে যদিও বিকিয়ে মাতে।
হালৈ: কি হ’ল? কিবা লাগে নেকি?
বিকি: আপুনি বোলে ৰিণিক বৰকৈ চাই আছে? কিয়?ভাল কথা নেকি কলেজৰ ছোৱালীক চালে এইদৰে।
হালৈ: হেই…মই এওঁক চোৱা নাই নহয়। কি যে কোৱা?
পিংকি: মিছা কিয় কৈছে। মই দেখিছোটো।
হালৈ: এহ..মই এওঁক চোৱা নাই নহয়। এওঁ যে মিঠাই খাওঁতে মুখখন ইমান ডাঙৰকে মেলি খাইছে তাকে চাইছো। হি…হি….হি…
ৰিণিৰ খং উঠে। বিকিয়ে হাঁহিটো কোনোমতে ৰখায়।
ৰিণি:মই লিপষ্টিক মচা যাব বুলি তেনেকৈ খাওঁ। তাতে কি হ’ল?
এনেতে ৰকি আহে।
ৰকি: আৰে..তোমালোক ইয়াতে আছা? মই গুড নিউজ দিবলৈ বিচাৰি ফুৰিছোঁ।
বিকি: কি খবৰ?
ৰকি: আমি ইন্টাৰ কলেজ প্ৰতিযোগীতাত চিলেক্ট হৈছোঁ।
তিনিও একেলগে: কি ?????
ৰকি: ইয়েচ। এতিয়া আমি জিতিব লাগে আৰু মেডেল আনিব লাগে।
ব’লা চাৰ, মেমে ৰখি আছে।
বিকি: মানে আমাৰ শ্বিলং যোৱা ফিক্স। হুৰৰে…
বাহিৰত কলেজৰ অন্য ল’ৰা ছোৱালীবোৰেও আনন্দ কৰে।
পঞ্চম
কলেজৰ সমুখত এখন ডাঙৰ ইনোভা ৰখি থাকে। ড্ৰাইভাৰ সমুখৰ চিটত বহি থাকে। বৰুৱা চাৰ, বিকি,ৰকি ৰখি থাকে। এনেতে পিংকি আৰু ৰিণিয়ে চাৰিটাকৈ বেগ লৈ আহে। কিছু সময় পিছত ৰোজী মেডামো দুটা ডাঙৰ বেগ লৈ আহে। তেওঁলোকৰ বেগ দেখি বৰুৱা চাৰ, ৰকি আৰু বিকিয়ে ইটোৱে সিটোক চায়।পিংকিয়ে ড্ৰাইভাৰক ডিক্কিৰ দৰ্জা খুলি দিব কয়। ল’ৰাজনে ডিক্কি খুলি দি বেগবোৰ দাঙি উঠাই দিয়ে। সকলোৱে গাড়ীত বহে কিন্তু ড্ৰাইভাৰে গাড়ী ষ্টাৰ্ট নকৰাত বৰুৱা চাৰে যাবলৈ কয়।
বৰুৱা: ভাইতি তোমাৰ নামটো কি আছিল?
“ৰাজু” ল’ৰাটোৱে কয়।
বৰুৱা: ৰাজু তুমি ৰৈ আছা যে? ব’লা আকৌ?
ৰাজু: চাৰ বাকী মানুহবোৰ নহাকে কেনেকৈ যাম? সকলোকে আহিব দিয়ক আকৌ”।
( এইটো চৰিত্ৰ আদিত্যজ্যোতি বৰঠাকুৰে কৰিব)।
বৰুৱা: বাকীবোৰ আকৌ কোন আহিব? আমিবোৰে যাম।
ৰাজু: তেন্তে ইমানবোৰ বেগ কাৰ?
পিংকি আৰু ৰিণিয়ে একেলগে: আমাৰে বেগ।
ৰোজী মেডামেও লাহেকৈ “মোৰো আছে”।
ৰাজুৱে শ্বক খাই উঠে আৰু কয় ” বাপ্পাৱৈ”।
পিংকি: আমি ফটো উঠিব লাগিব যে সেইবাবে দ্ৰেচ মাত্ৰ কেইযোৰ মান লৈছোঁ।
ৰাজু: মাত্ৰ কেইযোৰ মান কাপোৰ লওঁতে তিনিটাকৈ বেগ??
বিকি আৰু ৰকিয়ে হাঁহে।
যাত্ৰা আৰম্ভ হয়। বিকিয়ে ৰিণিৰ ফালে চাই মিঠাকৈ হাঁহে।
বৰুৱা: আমি চেৰাপুঞ্জীলৈ যাম। তাত আমি ঠিক কৰি থোৱা গেষ্ট হাউচত থাকিম আৰু চেৰাপুঞ্জী ভালদৰে ফুৰিম।
সকলোৱে : ওকে চাৰ।
ৰিণি: আমি কোনখন হোটেলত থাকিম চাৰ?
ৰ’জী মেডাম: আমি কোনো হোটেলত নাথাকো ৰিণি। আমি তাত থকা অসমীয়া লোকৰ গেষ্ট হাউচ এটাতহে থাকিম।
পিংকি: সচাঁ মেম। ভালে হ’ব।
শ্বিলঙৰ সৌন্দৰ্য বাটত উপভোগ কৰি তেওঁলোকে চেৰাপুঞ্জী আহে। গাড়ীতে সকলোৱে সমবেত স্বৰত গীত এটি গায়। বিকিয়ে গিটাৰ বজায়। লাহে লাহে সন্ধিয়া হোৱা দেখুৱাব। আৰু চেৰাপুঞ্জীৰ এটা সুন্দৰ বাংলোৰ আগত গাড়ী ৰখে। গাড়ীখনৰ মাত শুনি ভিতৰৰ পৰা ল’ৰা এজন আহে ওলায়। পিন্ধনত জেকেট, টুপী( এই চৰিত্ৰটো কৰিব টবিবৰ ৰহমানে)।
তেওঁ আহি সকলোকে ” হেলো” কয়। বিকি কাষ চপাত “হেলো মামা” বুলি কয়। বিকিয়ে মামা মতা শুনি আচৰিত হয়। বৰুৱা চাৰে কয় যে স্থানীয় ভাষাতহে কৈছে মানে ” দাদা বা ভাই” হিচাপে। বৰুৱা চাৰে ল’ৰাজনক মাতে আৰু তাৰ নাম সোধে। সি হিন্দিতে তাৰ নাম “হ্যেনৰী” বুলি কয়।বস্তুবোৰ বাৰাণ্ডালৈ আনি বৰুৱাক সোধে।
হ্যেনৰী: চাৰ, বাকী লোগ কিধৰ হেই? চামান চব অপনে ৰুম মে ৰাখেগা।
বৰুৱা: হমলোগ হি হেই। অউৰ কোই নহী?
পিংকি: ইয়ে চব হম লোগো কি হি বেগ হেই।
হ্যেনৰী: ইতনা চাৰা চামান কিউ লায়া হে? য়হা পে ৰুকনে কা ইৰাদা হেই ক্যা জিন্দেগী ভৰ?
ৰিণি: তুমচে মতলব? ৱো হমাৰা পাৰ্চনেল বাত হে। তুম চামান অন্দৰ ৰখ্খো।
হ্যেনৰী: ঠিক হেই।
ৰকি, বিকিয়ে হাঁহে। পিংকি, ৰিণি আৰু ৰোজী মেডামে ওপৰৰ তলাত থাকে। বিকি আৰু ৰকিয়ে একেটা কোঠা আৰু বৰুৱা চাৰে তলতে কোঠা লয়। ড্ৰাইভাৰ ৰাজুকো কাষৰে ৰুম এটা দিয়ে থাকিবলৈ।
ৰাতি সকলোৱে ডাইনিং ৰুমত আহি ভাত খায় উঠি বাহিৰত বহি ৰাতিৰ পাহাৰৰ সৌন্দৰ্য উপভোগ কৰে। কাষতে বহি থকা ৰকীয়ে হঠাতে কয় “এনেকুৱা ঠাইত ভুতো থাকে” বুলি শুনিছোঁ। লগে লগে পিংকি আৰু ৰিণিয়ে ভয়তে সাৱতি ধৰে। বাৰাণ্ডাৰ চিৰিত বহি থকা ৰাজুৱে দৌৰি আহি বিকিৰ কাষ পায়।
বিকি: ধুৰ…ভুত তুত একো নাই।
ৰকি: হা হা…মই ভইহে খুৱাইছো ঐ। ভুত বুলি একো নাই।
বৰুৱা: হ্যেনৰী।তুমহাৰে মালিক কেতিয়া আয়েগা?
হ্যেনৰী: চাহাব আজ শ্বিলং গয়া হে। কল চবেৰা আয়েগা।
ৰাজু: তুমহাৰে মালিক কা নাম ক্যা হেই?
হ্যেনৰী: চাহাব কা জ্যেকশ্বন হে। পেহলে উচকা নাম জয়চৰন থা। য়হা পে আকে জ্যেকশ্বন কৰ লিয়া।
এনেতে জোৰেৰে বতাহ বলে। সকলোৱে ঠাণ্ডাতে কঁপিব ধৰে। হ্যেনৰীয়ে অলপ ভয় খোৱা যেন হয়।
হ্যেনৰী:অভি আপলোগ শ্বো যাও। হাম যায়েগা। ৰাত কো কাৰেন্ট যা চকতা হেই। মোমবত্তি ৰখা হে। জ্বলা লেনা।
ৰকি: কিউ? তুম নহী ৰুকোগে য়হা?
হ্যেনৰী: নহী, হম নহী ৰুকেগা। পৰ তুমলোগ ঘবৰাও মত কুছ নহী হোগা। হম চবেৰে ৫ বজে আ যায়েংগে।
ৰাজু: ঘবৰাও নহী মানে? কিবা হোতা হে নেকি ৰাত মে?
বৰুৱা: ধেই…কি বোৰ যে কৈছা নহয়?
হ্যেনৰী: কুছ নহী। এইচে হি অগৰ কোই আৱাজ আয়ে তো ডৰ মত জানা। জোৰ চে বাৰিচ আয়ে তো ঘবৰানা নহী।হোতা হে কভি কভি পাহাৰ মে এইচা।
অচ্চা মে যাতা হু হা।
হ্যেনৰী বেগাবেগীকৈ যায়। আটায়ে ইটো সিটোৰ মুখলৈ চায়। পিংকি আৰু ৰিণিয়ে “ভুতৰ কথা কৈছে নেকি” বুলি সুধিব ধৰে। বৰুৱা চাৰে বহাৰ পৰা থিয় দি ধমক দিয়ে। তেনেতে কাৰেন্ট যোৱাত পিংকি, ৰিণি আৰু ৰোজী মেমে চিঞৰি দিয়ে। হঠাতে বৰুৱা চাৰৰ পিঠিখনত গধুৰ কিহবাই যেন হেচি ধৰা অনুভৱ হয়। বৰুৱা চাৰেও ” আইও মৰিলো ও” বুলি চিঞৰে আৰু বাৰাণ্ডালৈ দৌৰ দিয়ে। আৰু তেনেতে কাৰেন্ট আহে আৰু দেখা পোৱা যায় এচুকত পিংকি, ৰিণি আৰু ৰোজী মেম ভয়তে কুঁচিমুঁচি আছে। আৰু বৰুৱা চাৰৰ পিঠিত ড্ৰাইভাৰ ৰাজুৱে উঠি আছে। বিকি আৰু ৰকিয়ে ৰাজুক টানি নমাই দিয়ে।
সকলোৱে শুবলৈ যায়।
ষষ্ঠ
ৰাতি শুই থাকোতে হঠাত কাৰোবাৰ চিঞৰ শুনি পিংকি আৰু ৰিণি সাৰ পায়। পিংকিয়ে লাইট জ্বলাব খুজি দেখে যে কাৰেন্ট নাই। এন্ধাৰতে মমডাল বিচাৰে যদিও নাপায়। হঠাত দুয়ো বাহিৰত হো হোৱাই বতাহ অহা শুনে জোৰকৈ। তেনেতে তলত ধমধমাই দৰ্জা খিৰিকী খোলা, বন্ধ হোৱা শুনে। দুয়ো থক থককৈ কঁপিব ধৰে। এনেতে সিহঁতৰ ৰুমৰ দৰ্জাত কোনোবাই জোৰে ঢকিয়াব ধৰাত দুয়ো চিঞৰি দিয়ে। হঠাত মোবাইলটো বাজে ৰিণিৰ আৰু ৰ’জী মেমে কল কৰা দেখে।
ৰিণি: মেম কওঁক। অঁ শোৱা নাই। হয় আমিও শুনিছোঁ। ৰ’ব খুলি দিছোঁ।
পিংকি বাহিৰত মেম ৰখি আছে। দৰ্জাখন খোলা।
পিংকি: তুমি খোলা। মোৰ ভয় লাগে।
ৰিণিয়ে পিংকিৰ হাতত ধৰি দৰ্জাখন খোলে মোবাইলৰ টৰ্চৰ পোহৰত। দৰ্জা খুলিয়ে কম্বল এখন গায়ে মুৰে উৰি থকা কোনোবা থিয় হৈ দেখি চিঞৰি দিয়ে। লগে লগে কম্বল উৰা গৰাকী ভিতৰ সোমায়। গাৰ পৰা কম্বলখন আঁতৰাই দিয়াত ” ৰ’জী” মেম ওলাই পৰে।
ৰ’জী: ভয় নকৰিবা। মইহে আহিছোঁ। মোৰ ৰুমৰ দৰ্জা খিৰিকী চব কঁপিছে আৰু তলৰ পৰা ধাম ধাম শব্দ হোৱাত মই ইয়ালৈ আহিছোঁ। তোমালোকৰ লগত থাকিম।
পিংকি: মেম আমিও শব্দ শুনিছোঁ। কোনোবাই চিঞৰা শুনিছো লগতে।
ৰ’জী: মইও শুনিছোঁ। মোক বৰুৱাই ফোন কৰি জনাইছে ৰাজুৱে হেনো কিবা দেখিছে। সি ফোন কৰি চবকে কৈছে। ভয়তে বিকি হঁতৰ অৱস্থা নাই। তোমালোকক সেয়েহে নিব আহিছোঁ।
এনেতে বৰুৱা, বিকি আৰু ৰণিও আহে ওপৰলৈ। পৰিবেশটো ভয়ানক দেখুৱাব। এন্ধাৰ লগতে বিজুলী,ঢেৰেকণীৰ শব্দ, বতাহৰ শব্দ আৰু জোৰে বোৱা বতাহ, বৰষুণৰ শব্দেৰে জয়াল ভাব এটা দেখুৱাব। সকলোৱে ৰুমত বহি থাকিব। কোনেও নোশোৱে ৰাতি।
বিকি: ৰাজুৰ বা কি খবৰ? বেচেৰা তাৰ ৰুমৰ পৰা ওলাব নোৱাৰিলে।
ৰণি:ঈশ্বৰে বচালে হ’ল তাক। বহুত ভয় খাইছে। কাৰোবাক হেনো দেখিছে সি বাহিৰত থিয় দি থকা।
পুৱা কুকুৰাৰ ডাক দিব আৰু কিছু সময় পিছত সুৰুয উঠা দেখুৱাব। সকলোৰে চকীত বহি থাকোতে শুই যোৱাৰ পৰা সাৰ পায়। বিকি,ৰণি আৰু বৰুৱাই তলত দৌৰি যায় ৰাজুক চাবলৈ।
সপ্তম
হ্যেনৰীয়ে পুৱা কলিংবেল দিয়ে। বিকিয়ে দৰ্জাখন খুলি দিয়ে। হ্যেনৰী ভিতৰত সোমাই সকলোৰে ভয়তে শুকাই থকা মুখ দেখি আচৰিত হয়।
হ্যেনৰী: ক্যা হুৱা দাদা? আপলোগো কে দেখ কে এইচা লগ ৰহা হে ৰাত ভৰ নিন্দ নহী আয়া? অউৰ ডৰ কিউ ৰহে হো?
বিকিয়ে কথাখিনি কয়।
হ্যেনৰী: ৱেইচা কুছ নহী। আপলোগ এইচে হি ডৰ গয়া।
এনেতে বৰুৱাই গৈ ৰাজুৰ ৰুমত ধকিয়ায়। ৰাজু উঠি আহে হামিয়ায়।
বৰুৱা: ৰাজু তুমি ঠিকে আছা?
ৰাজু: মই ঠিকে আছো।
ৰণি: ৰাতি যে ফোন কৰিছিলা কিবা দেখিছো বুলি একোটো হোৱা নাই?
ৰাজু : নাই। মোৰ টোপনী আহিল ভালকে।
বিকি: আৰু আমিবোৰক ভাল টেনশ্যন দিলা ন? গোটেই ৰাতি নোশোলোঁ।
ৰাজু: ইয়ে…মই ভয়তে চিঞৰিছিলো। পিছত শুই গ’লো।জানো আপোনালোক সাৰে থকা গম পায়েই আৰামত শুলোঁ।
ৰাজুৱে আকৌ কিবা ক’ব খোজোতে এখন গাড়ী আহে সোমাই। সকলোৱে চাই বাহিৰত। এজন ওখ, ৰঙা জেকেট, জিনচ আৰু কাউবয় হেট পৰিহিত মানুহ এজন গাড়ীৰ পৰা নামে ( চৰিত্ৰটো কৰিব হেমন্ত কাকতি)। তেওঁ গাড়ীৰ পৰা বহুত বস্তু নমাই আৰু হ্যেনৰীক মাতে। হ্যেনৰী দৌৰে বাহিৰলৈ। মানুহজনে বস্তুবোৰ নমাবলৈ নিৰ্দেশ দি ভিতৰলৈ আহে। ভিতৰত বৰুৱা, বিকি আৰু ৰণিক দেখি চিনাকি হয়। আৰু ৰাতিৰ পৰিস্থিতিৰ বিষয়ে জানি আচৰিত হয়। এনেতে ৰোজী মেডাম তললৈ আহে আৰু মানুহজনে তেওঁক চাই থাকে ৰ লাগি। ৰ’জীও চকুত পৰাৰ চাই থাকে। বৰুৱাই গল খেকাৰি দিয়াত দুয়ো বাস্তবলৈ ওভোতে।
” হাই আই এম জ্যেকশ্যন। অৰিজেনেলী ফ্ৰম আচাম।”
ৰ’জী: আচাম? ফ্ৰম হোৱেৰ?
জ্যেকশ্যন: আই এম ফ্ৰম নাহৰকটীয়া।
ৰ’জী: ৰিয়েলী? মইও তাৰে ছোৱালী। ভাল লাগিল লগ পায়।
জ্যেকচন: বাৰু কেনে পালে মোৰ ঘৰত থাকি?
ৰোজী আৰু নয়নে সকলো কথা ক’লে আগনিশাৰ। জ্যেকচন আচৰিত হয় আৰু তেওঁৰ তাত একো নাই ভয় খাৱ লগীয়া নহয় বুলিও ক’লে।
সকলোৱে ব্ৰেকফাষ্ট কৰি অলপ ফুৰি আহিল। গধূলি আহি চোতালত বহি জোনাক উপভোগ কৰিলে।সকলোৱে শুব গ’ল। হ্যেনৰীয়ে ভয় খাবলে মানা কৰিলে পুণৰ।
ৰাতি আকৌ তলত চিঞৰ আৰু ৰাজুৱে ফোন কৰিলেে। বিকি আৰু ৰণিয়েও ৰাজুক মাতিলে যদিও ৰাজু ওলাই নাহিল। সকলোৱে ভয়ত ৰাতি কটালে। পিংকি আৰু ৰিণিয়ে কান্দিব ধৰে ভয়তে। মেডাম ৰ’জি আৰু বৰুৱাই ৰাতিপুৱাই উভতি অহা দিচিশ্যন লয়।
অষ্টম
পুৱা হ্যেনৰীক জেকশ্যনে গালি পাৰি থাকে। সকলোৱে বেগ লৈ ওলাই আহে। জ্যেকশ্যন আচৰিত হয়।
জ্যেকশ্যনে কাষলৈ আহে আৰু ক’লৈ যায় সোধে?বৰুৱাই ৰাতিৰ ঘটনাটো কয় আৰু ৰাজুক মাতে। ৰাজু টোপনীৰ জালেৰে আহে।
বৰুৱা: ৰাজু তই ৰেদি হোৱা নাই? আমি যাব ওলালোঁ।
ৰাজু: ক’ত যাব ওলাইছে? মোৰ টোপনী পুৰ হোৱাই নাই।
বিকি: ৰেদি হোৱা নাই যে? এতিয়া টোপনী পুৰ কৰিব নালাগে। সোনকালে ব’লা। উফ…বৰ সাংঘাটিক ৰাতি পাৰ কৰিলো দুদিন।
পিংকি,ৰিণি আৰু ৰোজী আহে নিজৰ বেগ লৈ।
জ্যেকশ্যন: আপোনালোকে মিছাতে ভয় খালে। মোৰ বাংলোত কোনো ভয় নাই। শুনক ইয়াৰ পৰা।
হ্যেনৰী: আপোনালোগ এইচে হি ডৰ গয়া।
ৰণি: ভয়?? বৰ ভয়ত কটালো দুদিন।
জ্যেকশ্যন:আহ…বৰ দুখ লাগিছে। আই এম চৰী। মোৰ গেষ্ট হাউচত কষ্ট পালে। আচলতে ই মানে হ্যেনৰীয়ে দিনত খুলি থোৱা খিৰিকীবোৰ বন্ধ কৰিব পাহৰে। ৰাতি বতাহ বৰষুণত সেইবোৰে ধামধুম শব্দ হয়। সেইবোৰে মানুহে ভুতে কৰা বুলি ভাবে।
বৰুৱা: কি ??
ৰাজু: মইও সেইটোকে ক’ব বিচাৰছিলোঁ। প্ৰথম নিশা দৰ্জা খিৰিকীবোৰ বন্ধ কৰা নাছিল। প্ৰথমতে ভুতে কৰা বুলি ভাবিলো কিন্তু পিছত ভালদৰে চাই ঠিক কৰি শুই থাকিলোঁ।
ৰণি: কি? তুমি নিজে ভালকৈ থাকি আমাক ভয় খুৱালা? পিছে কাৰোবাক যে দেখিলো বুলি কৈছিলা?
হ্যেনৰী: আৰে ৱো মে থী। মুঝে য়াদ আয়া কি নিচে কে ৰুম কা খিৰকী,দৰৱাজা বন্ধ নহি কিয়া। আয়া কি মেইনে খিৰকী খোলা ৰাখা তো বন্ধ কৰনে আয়া থা। মে ইচে বুলা ৰহা থা অউৰ ইয়ে ডৰ গয়া।
জ্যেকশ্যন: শুনিলেনে? এতিয়া গম পালে?
সকলোৱে ৰাজুলৈ চায় আৰু চিঞৰে ” তই যদি গমে পাইছিলি তেন্তে আমাক দুদিন কিয় ভয় খুৱালি?
ৰাজুৱে একো নামাতে আৰু তলমুৰ কৰে।
সমাপ্ত॥
1:42 pm
চালোঁ ।
6:23 pm
ধন্যবাদ
2:17 pm
ব্লকব্লাষ্টাৰ মুভী৷
6:23 pm
ধন্যবাদ
2:46 pm
প্ৰথমেই চিনেমা হব চাইছোঁ দেই। ভাল লাগিল
6:23 pm
ধন্যবাদ
3:32 pm
বঢ়িয়া । বৰুৱাৰ পিঠিত ৰাজু জাঁপ মাৰি উঠাৰ চিনটো ভাৱি ভাৱি হাঁহিত বাগৰি আছোঁ । আৰু কেণ্টিনৰ মিঠাইৰ ওপৰত মাখিৰ চিনটো । ব্লকব্লাষ্টাৰ মুভী । আপোনাৰ লগত কাম কৰি ভাল লাগিল ।
6:24 pm
ধন্যবাদ
10:24 am
মজা লাগিল
6:41 pm
ধন্যবাদ
5:09 pm
বঢ়িয়া লাগিল😁😁। চিনেমাৰেই আৰম্ভ কৰিছো।
6:24 pm
ধন্যবাদ
6:42 pm
ধন্যবাদ
11:35 pm
বঢ়িয়া৷
6:41 pm
ধন্যবাদ
11:27 am
ৱাও, মজাআ।
6:42 pm
ধন্যবাদ
11:49 am
বঢ়িয়া
6:44 pm
ধন্যবাদ
3:55 pm
বঢ়িয়া চিনেমা৷ চুপাৰ হিট