সময়ৰ সোঁতত বিহু : ভাস্কৰজ্যোতি শৰ্মা
অসমীয়া জাতীয় জীৱনৰ চানেকি বিহুৰ আৰম্ভণি কেনেকৈ হৈছিল সেয়া সঠিক ৰূপত জনা নাযায়। বহু পণ্ডিতৰ অনুমান মতে, যেতিয়া চিকাৰ কৰি খোৱা অঘৰী জীৱন এৰি, কৃষিকৰ্মৰ যোগেদি সমাজ পাতি বসবাস কৰিবলৈ ধৰিলে,মানুহৰ আনন্দ প্ৰকাশৰ সময়ৰ স্বাধীনতালৈ সীমাবদ্ধতা আহিল,তেতিয়াই মানুহে নিজৰ নিচিন্ত আজৰি সময় কটাবলৈ, মনৰ আনন্দ উল্লাস প্ৰকাশ কৰিবলৈ কিছুমান নিজস্ব প্ৰকাশভংগী গঢ়ি তুলিছিল আৰু সেই সমূহৰ জৰিয়তেই কৃষ্টিৰ কৰ্ষণ কৰি ন ন সভ্যতাৰ পৰশত বিহুৰ আৰম্ভণি ঘটিছিল। বিহুৰ মূলগত অৰ্থ হৈছে আনন্দ আৰু ই প্ৰধানতঃ এক কৃষিভিত্তিক উৎসৱ। কৃষিজীৱী সমাজে খেতি কৰাৰ আগতে চ’ত আৰু বসন্ত কালত পথাৰৰ মাজত বা অৰণ্যৰ কাষত কিছুমান ৰং ধেমালি কৰিছিল আৰু সেই সমূহেই পিছলৈ চহা জীৱনৰ এৰাব নোৱাৰা উৎসৱ অথবা ৰীতি-নীতিলৈ পৰিৱৰ্তিত হৈছিল।সেই সময়ৰ সমাজখনৰ তীক্ষ্ণ,মেধা-সম্পন্ন নাৰী পুৰুষ উভয়ে মনৰ আনন্দ প্ৰকাশৰ বাবে চকুৰ আগত দেখি থকা বিভিন্ন উপাদান লৈ কিছুমান গীত সৃষ্টি কৰিছিল, গাইছিল, নাচিছিল আৰু প্ৰচুৰ স্মৃতিশক্তি ৰ যোগেদি ইয়াক পিছৰ প্ৰজন্মলৈ কঢ়িয়াই আনিছিল,য’ত বাৰেৰহনীয়া সংস্কৃতি তথা সভ্যতাৰ পৰশ লাগি পৰিৱৰ্ধিত ৰূপ লৈ বিহুৰ গীতলৈ ৰূপান্তৰ ঘটিছিল; যি সমূহৰ অধিকাংশই সেই নাৰী পুৰুষৰ সুখ, দুখ,প্ৰেম, মিলন, বিৰহ, ভালপোৱা, যৌনতা আদিৰে পৰিপূৰ্ণ আছিল।
অসমীয়া চহা জীৱনৰ আপুৰুগীয়া সম্পদ “বিহু” শব্দটোৰ উৎপত্তি সম্পৰ্কেও বিভিন্ন স্তৰত, বিভিন্ন মতবাদ দেখা যায়। একাংশ পণ্ডিতৰ মতে সংস্কৃতৰ “বিষুৱন” শব্দৰ পৰা বিহু শব্দ হোৱা বুলি কব খোজে। আন কিছুৱে সামবেদত উল্লেখ থকা গাঁৱলীয়া লোকে গোৱা “প্ৰকৃতিগীত বা বেয়গীত”ৰ পৰা বিহু শব্দৰ সৃষ্টি বুলি কব খোজে। আন একাংশৰ মতে ডিমাছা সকলৰ ‘বিচু’, কোঁচ সকলৰ ‘বিচুৱা’, বড়ো সকলৰ ‘বৈছাগু’ আদিৰ পৰা বিহু শব্দৰ উৎপত্তি হোৱা বুলি কয়।আন কিছুৰ মতে প্ৰাচীন অসমত প্ৰথমে অষ্ট্ৰিক সকল তাৰ পিছত মংগোলীয় সকলে কৃষিকৰ্ম কৰিছিল আৰু অষ্ট্ৰিক শব্দ ‘বৈহু’ৰ পৰা বিহুৰ উৎপত্তি। ইতিহাস আৰু উৎপত্তিৰ ক্ষেত্ৰত বিভিন্ন মতবিৰোধ থাকিলেও বিহু সংস্কৃতিয়েই অসমীয়া জাতীয় জীৱনৰ সংস্কৃতি।
তাহানিৰ আদিম-বাসনা, বন্য-উল্লাস প্ৰকাশৰ বাহক বিহুৱে বিভিন্ন স্তৰ অতিক্ৰমি সমাজৰ মাজলৈ বাট লয় আৰু ইয়াৰ লগে লগে পথাৰৰ মাজত মৰা বিহু আৰু সমাজত মৰা বিহুৰ সুৰ, গীত-মাত আদিলৈ বিভিন্ন ধৰণৰ বাধা আহিল,পৰিৱৰ্তন আহিল।পথাৰৰ মাজত গোৱা মহ গুৱালৰ গীত, বনগীত, প্ৰেম প্ৰণয়ৰ জাত নাম, জোৰানাম আদি গীতৰ সলনি নানান মালিতা, ফকৰা, লোক-কাহিনী আদিৰে বিহু নাম সৃষ্টি হল আৰু এইবোৰ লৈয়ে পথাৰৰ মাজত বা অৰণ্যৰ কাষত কৰা বিহুৱে চহা সমাজত প্ৰৱেশ কৰিলে। বুৰঞ্জী মতে, স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্ব কালত ১৬৯৬ শকৰ পৰা ১৭১৪ শকৰ সময়চোৱাত ৰংঘৰ বাকৰিত বিহুৰ প্ৰতিযোগিতা পাতি শ্ৰেষ্ঠ নাচনী, ঢুলীয়া, বিহুৱা আদিক সন্মান জনাই বিহুক মান্যতা প্ৰদান কৰে।পিছলৈ ডা-ডাঙৰীয়াৰ ঘৰত, গাওঁবুঢ়া বা সাতোলাৰ ঘৰত, গোঁসাই-থান, নামঘৰৰ চোতালত আৰু কালৰ গতিত গাওঁৰ প্ৰতি ঘৰতেই বিহু মৰাৰ পৰম্পৰা গঢ় লৈ প্ৰথম বাৰৰ বাবে বিহুৱে এক পৰিশীলিত ৰূপ গ্ৰহণ কৰে।
বিহুগীত আৰু বিহুনাম দুয়োটা সমাৰ্থক হলেও তুসেশ্বৰ চেতিয়া, দীনেশ গগৈ আদি পণ্ডিত সকলৰ মতে বিহুনাম শব্দটো উত্তৰ-বৈষ্ণৱ পৰম্পৰাৰ পৰা আহিছে। আহোমৰ শাসন কালত বিহুৱে সামাজিক মান্যতা পোৱাৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি নাম-ধর্মৰ প্ৰসাৰ তথা সত্ৰীয়া সংস্কৃতিৰ প্ৰভাৱত বিহুগীতৰ পৰিৱেশনৰ ধাৰালৈ পৰিৱৰ্তন আহে,নানা ধৰণৰ পদ ঘোষা, ৰাম,কৃষ্ণ, হৰি আদি ভগৱানৰ নাম, ধৰ্মগ্ৰন্থৰ কাহিনী, মণিকোঁৱৰৰ গীত, ফুলকোঁৱৰৰ গীত,পগলা পাৰ্বতীৰ গীত এই সকলো বোৰ বিহুগীতৰ অন্তৰ্ভুক্ত হৈ বিহুৱে গাম্ভীৰ্য্যপূৰ্ণ ৰূপ ধাৰণ কৰে।
ইয়াণ্ডাবু সন্ধিৰ যোগেদি অসমলৈ ব্ৰিটিছসকলৰ আগমন ঘটে, অসমীয়া সৰল কৃষিজীৱী সমাজত আনুষ্ঠানিক শিক্ষাৰ প্ৰসাৰ বাঢ়ে আৰু ইয়াৰ লগতে বিহুলৈ আকৌ এবাৰ পৰিৱৰ্তন আহে। এই সময়চোৱাত বিহুৱে আটাইতকৈ বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। নতুনকৈ শিক্ষিত হোৱা এটা চামে অশালীন বুলি বিহুক বিৰোধিতা কৰাত বিহুৰ উল্লাস বহু পৰিমাণে ম্লান পৰে। পুৰুষৰ বাবে হুঁচৰি থাকিলেও বহু অঞ্চলত অতীজৰে পৰা চলি অহা ডেকা গাভৰুৰ ৰাতি বিহু কৰাৰ প্ৰথা নোহোৱা হোৱাত বিশেষকৈ নাৰী সকলৰ বিহু কৰা ঠাই সংকুচিত হৈ পৰে।
1826 চনৰ পৰা 1947 চনৰ ইংৰাজ শাসনৰ সময়ছোৱাতো বিহুগীতে আকৌ এবাৰ ৰূপ সলাই। আধুনিক শিক্ষাৰ পৰশত প্ৰাণ পাই উঠা চহা কৃষিজীৱী সমাজত নানান ধৰণৰ পশ্চিমীয়া শব্দৰ সংযোজন ঘটে, আৰু সুৰৰো ৰূপান্তৰ ঘটে। ইংৰাজ আমোলত অসমত 1931 চনত গুৱাহাটীত মুকলি বিহু, 1935 চনত গোলাঘাটৰ বেতিয়নিত,1941 চনত শিৱসাগৰত, 1948 চনত ডিব্ৰুগড়ত বিহুমেলা অনুষ্ঠিত কৰি বিহুক বিশ্বৰ দৰবাৰলৈ নিয়াৰ প্ৰচেষ্টা আৰম্ভ হয়। স্বাধীনোত্তৰ কালত 1952 চনত সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱাই লতাশিলত মঞ্চ বিহুৰ পাতনি মেলে আৰু ইয়াৰ লগে লগেই আজি আমি দেখি অহা বিহুৰ আধুনিক যুগৰ আৰম্ভণি বুলি কব পাৰি।পথাৰৰ পৰা চোতাল গচকি বিহু মঞ্চত উঠাৰ পিছত বিহুৰ বিকৃতকৰণ নহবৰ বাবেই মঞ্চবিহুত বিভিন্ন নীতি নিয়মৰ প্ৰৱৰ্তন কৰা হল।মৌখিক ভাবে বাগৰি অহা বিহুক আধুনিক প্ৰযুক্তিৰ যোগেদি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰাৰো যথোচিত ব্যৱস্থা কৰাৰ লগতে প্ৰবাসী সকলৰ জড়িয়তে বিহুৱে বিশ্বৰ দৰবাৰলৈ গতি ল’লে।
ইতিহাসে ঢুকি নোপোৱা দিনৰ পৰাই অসম নামৰ সুবিশাল পাহাৰীয়া ভূমিখণ্ডত অষ্ট্ৰিক সকলে আৰু সেই সকলৰ পিছত মংগোলীয় সকলে বসবাস কৰিছিল।এই তীৰ্ব্বত-বৰ্মী সকলৰ টাই, মৰাণ, মটক, চুতীয়া, কছাৰী, বড়ো,ডিমাছা, তিৱা, ৰাভা আদি জাতি-জনজাতি সকলে পালন কৰা বসন্তকালীন কৃষিভিত্তিক উৎসৱ সমূহৰ একত্ৰিকৰণ ঘটি বিহুৱে জাতীয় উৎসৱৰ পৰিচয় লাভ কৰে।
সাম্প্ৰতিক সময়ত বিভিন্ন মাধ্যমত বিহু বিষয়ক বিতৰ্কই গা কৰি উঠিছে আৰু এইখিনিৰ গৰিষ্ঠসংখ্যকেই বিহুৰ নিৰ্দিষ্ট ব্যাকৰণ বিষয়ক।
বিহুৰ নিৰ্দিষ্ট ব্যাকৰণ আছে নে নাই এই লৈ ভিন্ন পণ্ডিতে ভিন্ন মত পোষণ কৰি আহিছে।বিহু সাধাৰণতে তিনিটা চাপৰিৰ সহায়ত গোৱা হয় আৰু গাওঁতে সদায়েই দ্বিতীয়টো চাপৰিত জোৰ দিয়া হয়, যিটো পৃথিৱীৰ কোনো লোক-সংস্কৃতিত দেখা নাযায়৷ আৰু সেয়েহে বিহুৰ সুৰ, নাচ, গায়নশৈলী সমগ্ৰ পৃথিৱীৰ ভিতৰতে একক, অনন্য আৰু বৈচিত্ৰপূৰ্ণ।বিশ্বায়নৰ ধুমুহাত বিহুৰ পুৰণি ৰূপটোত নানান অপ-সংস্কৃতিয়ে আক্ৰমণ কৰি বিহুৰ স্বভাবজাত বৈশিষ্ট্যত বিৰূপ প্ৰভাৱ পেলাইছে যদিও সকলো প্ৰত্যাহ্বান ওফৰাই বিহুৰ নাচ, গীত, সুৰ, ঢোলৰ চেও সমূহৰ মূল বিকৃত নোহোৱাকৈ উত্তৰ পুৰুষলৈ ৰাখিব পৰাটোহে আজিৰ সময়ৰ আহ্বান।
*****