ফটাঢোল

মূল: দেৱী,গল্পকাৰ: মুন্সী প্ৰেমচান্দ,অসমীয়া ভাঙনি-মুনমুন সৰকাৰ

ৰাতি সেমেকিছিল। মই বাৰান্দাত থিয় হৈ আছিলোঁ। সন্মুখৰ আমিনোদৌল্লা পাৰ্কখন যেন টোপনিত লালকাল দি পৰি আছিল। অকল ইছলাম ধৰ্মী ফকিৰৰ নিচিনা দেখাত মহিলা এগৰাকী বেঞ্চ এখনত বহি আছিল। পাৰ্কৰ বাহিৰত ৰাস্তাৰ কাষত মগনীয়া এজন থিয় হৈ আছিল, ৰাস্তাৰে অহা-যোৱা কৰা প্ৰত্যেকক ৰখাই আশীৰ্বাদ দি আছিল লগতে কৈ আছিল, “আল্লাহৰ শপত, ভগৱানৰ শপত এই অন্ধ মানুহজনক অলপ সহায় কৰক।”

ৰাস্তাত লাহে লাহে মানুহ আৰু গাড়ী-মটৰৰ ভিৰ কমি আহিছিল। মানুহ থকালৈকে মগনীয়াজনৰ মাতটো ভালকৈ শুনিব পৰা হোৱা নাছিল, এতিয়া মানুহ নথকাত একেই মাতটো গমগমাই থকাৰ দৰে লাগিছিল। পটককৈ মানুহগৰাকী বেঞ্চখনৰ পৰা উঠিল, ইফালে-সিফালে চকু ফুৰালে আৰু মানুহজনৰ হাতত কিবা এটা দি কাণে কাণে কিবা কৈ থৈ গুচি গ’ল। মই দেখিলোঁ মগনীয়াজনৰ হাতত কাগজৰ টুকুৰা এটা আৰু লগতে তেওঁক সেইটো পিটিকি মহাৰি থকাও দেখিলোঁ। 

ৰহস্যটোনো কি তাকে জানিবলৈ কৌতূহলবশতঃ মই তললৈ নামি আহিলোঁ আৰু তেওঁৰ ওচৰতলৈ গৈ থিয় হ’লোঁ। কোনোবা অহাৰ উমান পাই মগনীয়াজনে কাগজখিলা মোলৈ আগবঢ়াই দি ক’লে, 

: চাওকচোন এইটো কি দি থৈ গ’ল? 

দহটকীয়া নোট এখন! মই ক’লোঁ, 

: দহ টকা, ক’ত পালা?

মই আৰু ৰৈ নাথাকিলোঁ, মানুহগৰাকী যোৱাৰ পিনে লৰ মাৰিলোঁ। কিন্তু তেওঁ যেন আন্ধাৰত হেৰাই থাকিল। কেইবাটাও উপপথ পাৰ হৈ ভঙা-ছিঙা ঘৰৰ দুৱাৰ মুখত তেওঁ ৰ’ল। তলা খুলি ভিতৰলৈ সোমাই গ’ল। ইমান ৰাতি একো সুধিবলৈ মন নগ’ল। মই উভতিলোঁ।

ওৰে ৰাতি কথাটো ভাবি ভাবি পাৰ কৰিলোঁ। দোকমোকালিতে উঠি তেওঁৰ ঘৰ পালোঁগৈ। মানুহ-দুনুহৰ পৰা গম পালোঁ তেওঁ এগৰাকী অকলশৰীয়া বিধৱা মহিলা। সেই মুহূৰ্তত মোৰ তেওঁক এগৰাকী দেৱীৰ দৰে লাগিল। সন্মোহিত হৈ মই মাত লগালোঁ, 

: দেৱী মই তোমাৰ দৰ্শন পাবলৈ আহিছোঁ।

মানুহগৰাকী বাজলৈ ওলাই আহিল। দৰিদ্ৰতা আৰু বিষন্নতাৰ জীয়া ছবিহে যেন। 

মই অলপ সংকোচেৰে সৈতে ক’লোঁ,  

: যোৱাৰাতি আপুনি সেই মগনীয়াজনক…

দেৱীগৰাকীয়ে ক’লে, 

: সেইটোনো কি ইমান ডাঙৰ কথাটো হ’ল! পইচাটো মই বাটত পৰি থকা পাইছিলোঁ, সেয়া মোৰ কামৰ বস্তু নাছিল। 

ইমান উদাৰ মনৰ দেৱীগৰাকীৰ ভৰিত পৰি মই সেৱা এটা কৰিলোঁ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *