ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা

এজন মানুহ প্ৰথমবাৰৰ বাবে বাছত উঠি চহৰলৈ বুলি ওলাল। ওখ পাখ সুঠাম চেহেৰাৰ আদবয়সীয়া লোকজনে উঠিয়েই ড্ৰাইভাৰৰ পিছফালে থকা চিটটোত বহি ল’লে। প্ৰথমবাৰৰ বাবে বাছত উঠা বাবে সকলোবোৰ কিবা অদ্ভুত যেন লাগিছিল। সেয়েহে পিছৰ চিটত বহি ড্ৰাইভাৰে কৰা সকলো কাম আগ্ৰহেৰে চাবলৈ ধৰিলে তেওঁ। চকুদুটা ডাঙৰ ডাঙৰকৈ মেলি ড্ৰাইভাৰৰ হাতদুখনে কেনেদৰে ষ্টিয়াৰিং আৰু গিয়েৰডাল নিয়ন্ত্ৰণ কৰিছে তাকে লক্ষ্য কৰি থাকিল। 

তেনেতে চাহ খাবলৈ বাছখন এঠাইত ৰ’ল। ড্ৰাইভাৰকে আদি কৰি সকলোৱে বাছৰ পৰা নামি চাহ খাবলৈ গ’ল। উভতি আহি চালকজনে গাড়ীত ষ্টাৰ্ট দিবলৈ ওলাই লক্ষ্য কৰিলে যে বাছত গিয়েৰডাল নাই। ড্ৰাইভাৰে সেইডাল বিচাৰি ইফালে সিফালে চাবলৈ ধৰিলে। তেনেতে ড্ৰাইভাৰৰ পিছফালৰ চিটটোত বহা মানুহজনে হাতত গিয়েৰডাল লৈ ড্ৰাইভাৰৰ কাষত হাঁহি হাঁহি থিয় দিলেহি। 

আচৰিত হৈ ড্ৰাইভাৰে মানুহজনক ক’লে, “হেৰি মহাশয়! এইবোৰ আপুনি কি কৰিলে? সেইডাল কিয় চিঙি পেলালে? গাড়ী কেনেকৈ চলাম এতিয়া? 

মানুহজনেও তপৰাই উত্তৰ দিলে- “বাছত উঠাৰ পৰাই মই তোমাক চাই আছোঁ বোপা। গাত বল শক্তি একোৱেই নাই তোমাৰ, তেতিয়াৰ পৰা যুঁজি আছা সেইডালৰ লগত। এবাৰ ইফালে পকাইছা, এবাৰ সিফালে পকাইছা। এনেদৰে গাড়ী কেনেকৈ চলাবা? সেইবাবে তুমি নামি যাওঁতে মই দেহৰ সকলো শক্তি প্ৰয়োগ কৰি তোমাক উদ্ধাৰ কৰিলোঁ।” 

বেচেৰা ড্ৰাইভাৰ তাতেই বাকৰূদ্ধ হৈ ঠিয় হৈ ৰʼল। 

ওপৰৰ কাহিনীটোত ড্ৰাইভাৰক বাৰু উদ্ধাৰ কৰিলে আমাৰ মহাপুৰুষে, পিচে মোক কোনে কৰিব? 

বুজা নাই নহয় জানো! ৰ’ব, আৰম্ভণিৰে পৰা কৈছোঁ। 

সেইদিনা এপ্ৰিলৰ কোনোবা এটা সোমবাৰ। দেওবাৰে নাইট ডিউটি কৰি সোমবাৰে পুৱা ৬ বজাত শুই দিলোঁ। উৎকট গৰমত এঘণ্টামান ছটফটাই থকাৰ পিছত টোপনিটো আহিব ধৰিছিলহে মাত্ৰ, মানুহজনীয়ে মাতি দিলে – “হেৰা উঠাহে, তাক গা ধুৱাব লাগে। মই পুৱাতে গা পা ধুলোঁ, এতিয়া আকৌ বাথৰুমত সোমালে গোটেইখন ভিজিম। তুমিয়েই ধুৱাই দিয়াচোন আজি। “

কথামতে কাম, চকুদুটা মোহাৰি মোহাৰি উঠি আহিলোঁ। ল’ৰাক গা-পা ধুৱাই, ভাত পানী খুৱাই স্কুললৈ লৈ গ’লোঁ। উভতি আহি দুচামুচমান ভাত যেনেতেনে ডিঙিত সুমুৱাই লৈ আকৌ শুই পৰিলোঁ। এইখিনি কৰোঁতে ফোনটো চাবলৈ পাহৰি আছিলোঁ। এনেয়ো ফোনটো অলপ কমাই চাওঁ আজিকালি। গৰম আৰম্ভ হোৱাৰ লগে লগে ‘পাৱাৰ কাট’ সমগ্ৰ দেশৰে কমন সমস্যা হৈ পৰে। আমিও একে সমস্যাৰে জৰ্জড়িত নিৰিহ প্ৰাণী। ঘামি জামি চকুদুটা মাজে মাজে লাগিব ধৰে, আকৌ সাৰ পাই যাওঁ। তেনেকৈয়ে কিমান সময় পৰি থাকিলোঁ নাজানো। দুপৰীয়া মানুহজনীয়ে আকৌ মাতিলে – “ভাত বাঢ়িছোঁ আহা।” 

ভাত দুমুঠি গিলি, ওলাই আহিলোঁ। এইবাৰ ল’ৰাক স্কুলৰ পৰা আনিম বুলি। পিচে লিফ্ট নচলে, কাৰেণ্ট নাই। অনিচ্ছাসত্ত্বেও চিৰিৰে নামি গ’লোঁ। তললৈ গৈ থাকোঁতে ফোনটো জেপৰ পৰা উলিয়াই দেখোঁ দুটাকৈ মিচকল। ভালদৰে চালোঁ – দেবজিত শৰ্মাৰ কল। মাজে মাজে কথা হৈ থাকোঁ তেওঁৰ লগত। দেউতাকৰ শৰীৰ বেয়া বুলি শুনি আছিলোঁ, খবৰ লোৱাও হোৱা নাই। মনটো বেয়া লাগিল, কিয়বা কৰিছিল ফোন। ততাতৈয়াকৈ কল লগালোঁ। চকুত টোপনিৰ ভাৱটো তেতিয়াও লাগি আছে। 

: দেবজিত দা, একদম ছৰি ভাই। আপোনাৰ কল অহা গম নাপালোঁ, মোবাইল চাইলেণ্টত আছিল। ভালনে সকলোৰে? 

: ভাল! ভাল! কথা এটাৰ বাবে ফোন কৰিছিলোঁ। 

: কওকচোন! – মোৰ মাতত উৎকণ্ঠা স্পষ্ট। 

: আমাৰ ফটাঢোল আলোচনীৰ বাবে সম্পাদক হোৱাহে এইবাৰ। 

মূৰত কিবা এটা ভাঙি পৰাৰ দৰে লাগিছিল, হয়তো টোপনিৰ অলস ভাৱটোৰ বাবেও হ’ব পাৰে। 

: ধেই কি কয়? সম্পাদক আৰু মই? কেনেকৈ সম্ভৱ! একোৱেই লিখিব নাজানো মই। সম্পাদনাৰ বিষয়ে কোনো অভিজ্ঞতাও নাই, কেনেকৈ কৰিম? 

তেওঁৰ কথা, 

: সেইবোৰ হৈ যাব, আমি আছোঁ নহয়। তুমি মাত্ৰ সাঁজু হোৱা। সকলো সহায় পাবা। 

গাড়ী কেনেকৈ চলাইছিলোঁ সেইদিনা নাজানো। ল’ৰাটোক যেনেতেনে আনি মাকৰ হাতত গতাই দিলোঁ। সেইদিন ধৰি আজি এই লেখাটো লিখি থকা সময়লৈ ব্লাড প্ৰেচাৰে যিটোহে উফান ধৰিলে, কমাৰ নামেই নোলোৱা হৈছে। তিনিজনকৈ ডাক্তৰ সলায়ো ব্লাড প্ৰেচাৰটো কমাব পৰা নাই। দেবজিত দাই তেতেলী খাবলৈ ক’লে, খালোঁ। পিচে কাম নিদিলে। তেতেলী, নহৰু, নয়নতৰা ফুল আৰু কত যে কি কৰা নাই! পিচে নাই, প্ৰেচাৰটো নকমেহে নকমে। 

যি নহওক। লাহে লাহে হোৱাটছএপ গোট এটাত সুমুৱাই দিয়া হ’ল মোক। তাতে ফটাঢোলৰ আটাইকেইজন প্ৰশাসক আৰু আলোচনীখনৰ কৰ্মকৰ্তাসকলক লগ পালোঁ। তেওঁলোকে গাইড কৰিলে কেনেদৰে কামবোৰত আগবাঢ়িব লাগিব আৰু সেইমতে যি পাৰোঁ কৰি গ’লোঁ। 

আচৰিত হৈছিলোঁ, ইমানখিনি মানুহে কিহৰ আশাত নিজৰ সকলো কাম-বন এৰি আলোচনীখনৰ বাবে কষ্ট কৰি যায়, প্ৰতিমাহে। কিবা লাভৰ আশাত? মুঠেই নহয়। হয়তো অকল মানসিক প্ৰশান্তিৰ বাবে। হ’ব পাৰে! প্ৰশ্নটোৰ সঠিক উত্তৰ মোৰ হাতত নাই। 

এটা দুটাকৈ লেখাবোৰ হাতত পৰিব ধৰিলে। ৰিমঝিম বৰঠাকুৰ, চবিনা য়াচমিন, অৰবিন্দ গোস্বামী, পৰিস্মীতা গগৈ, প্ৰণীতা গোস্বামী বৰঠাকুৰ বাইদেউ আদি সকলোৱে মিলি বৰ্ণাশুদ্ধিৰ কামখিনি কৰি দিলে। 

চন্দন বৰি ডাঙৰীয়া আৰু যোগেশ ভট্টদেৱে পোষ্টাৰ ডিজাইনিঙৰ কাম চালে। দিগন্ত ভট্টাচাৰ্য দা আৰু আৰাধনা বৰুৱা বাইদেৱে আলোচনীখনৰ মূল বেনাৰৰ থিমটো ডিজাইন কৰি দিলে। এইখিনিতে আটাইকেইজনকে আন্তৰিক ধন্যবাদ জনাইছোঁ৷  

সৰ্বশ্ৰী হেমন্ত কাকতি দা, ৰিণ্টুমনি দত্ত দা, অভিজিত কলিতা দাৰ নাম নলওঁ কেনেকৈ, আপোনালোকৰ দিকদৰ্শনৰ অবিহনেও আলোচনীখন সম্ভৱপৰ হৈ নুঠিলেহেঁতেন। তিনিওকে আন্তৰিক ধন্যবাদ জনালোঁ৷ 

এইখিনিতে আলোচনীখনৰ সাক্ষাৎকাৰ অনুষ্ঠানটোৰ বাবে শিশু সাহিত্য একাডেমীৰ বিজেতা মাধুৰিমা ঘৰফলীয়াৰ সৈতে যোগাযোগ কৰি দিয়া বিজয় মহন্তদেৱৰ নাম বিশেষভাৱে উল্লেখ নকৰাকৈ থাকিব নোৱাৰিম। আপোনাক কি বুলি ধন্যবাদ জনাম! সাক্ষাৎকাৰ অনুষ্ঠানটো সুচাৰুৰূপে সম্পন্ন কৰি উলিওৱা বাবে আৰু লগতে লিখিত ৰূপত আগবঢ়াই আলোচনীখনত প্ৰকাশৰ উপযুক্ত কৰি দিয়া বাবে অশেষ ধন্যবাদ জনাইছোঁ। 

দেউতাকৰ সৈতে হস্পিটালত লাগি থাকিও মোৰ লগত অনবৰতে ছাঁটোৰ দৰে থকা মানুহজন হৈছে দেবজিৎ শৰ্মা। তেওঁ অবিহনে আলোচনীখন প্ৰকাশ কৰি উলিওৱা হয়তো কঠিন হ’লহেঁতেন। ধন্যবাদ দেবুদা৷

অৰ্চন শৰ্মা আৰু দিব্যজ্যোতি কলিতা। ফটাপ্ৰশ্নখিনি যুগুতাই উদ্ধাৰ কৰা বাবে দুয়োজনলৈ থাকিল অশেষ ধন্যবাদ আৰু শুভকামনা।  

ভঙা হাতেৰেও কেমেৰা ধৰি ফটাচিনেমাখন শ্বুটিং (মানে লিখি উলিওৱা) কৰি দিয়া বাবে ডলী তালুকদাৰলৈ জনালোঁ আন্তৰিক কৃতজ্ঞতা। 

এইখিনিতে এটা দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা আমাৰ আলোচনীখনৰ পূৰ্ব (মে’ মাহ)ৰ সংখ্যাটোৰ সম্পাদক শ্ৰী শংকৰজ্যোতি বৰা দেৱৰ আশু আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেওঁ সোনকালে সুস্থ হৈ ঘৰলৈ অহাৰ কামনা কৰিলোঁ। 

 

আলোচনীখনৰ বাবে লেখা বিচাৰি আবেদন জনোৱাৰ বাহিৰে লেখত ল’বলগীয়াকৈ মোৰ নিজস্ব তেনে কোনো অৱদান নাই। যিসকলৰ অৱদান আছে, কাৰোবাৰ নাম যদি ল’ব পাহৰিলোঁ, তাৰ বাবে ক্ষমাপ্ৰাৰ্থী। জুন মাহৰ সংখ্যাটো প্ৰকাশ কৰি উলিয়াই মোক উদ্ধাৰ কৰা আপোনালোক সকলোকে অন্তৰৰ পৰা ধন্যবাদ জনালোঁ। 

তদুপৰি আমালৈ লেখা পঠিয়াই আলোচনীখনৰ সৌষ্ঠৱ বাহাল ৰখা সকলো ফটাঢুলীয়া নাচনীলৈ থাকিল হিয়াভৰা শুভেচ্ছা আৰু অভিনন্দন। ধন্যবাদৰ বাহিৰে আপোনালোকক দিবলৈ সঁচাকৈয়ে মোৰ একো নাই। এইবাৰৰ পৰা আলোচনীখনৰ পৰবৰ্তী সংখ্যাবোৰ প্ৰকাশ হ’ব প্ৰতি তিনিমাহৰ পিছত। ফটাঢোলৰ এই যাত্ৰা চিৰস্থায়ী হওক, আলোচনীখন কোনো বাধা বিঘিনি নোহোৱাকৈ নিৰ্দিষ্ট সময়ত ৰাইজৰ হাতত তুলি দিব পৰাকৈ সকলোকে সক্ষম কৰি ৰাখক, ঈশ্বৰৰ ওচৰত তাকেই প্ৰাৰ্থনা জনাম।  

 

ধন্যবাদ! 

জয়তু ফটাঢোল!


সমুজ্জ্বল কাশ্যপ

☆ ★ ☆ ★ ☆

2 Comments

  • ৰিণ্টু

    খুব নিয়াৰিকৈ কামবোৰ কৰিলা তুমি, শাৰীৰিক অসুস্থতাৰ স্বত্বেও। আন্তৰিক ধন্যবাদ তোমালৈ

    Reply
  • দেবজিত শৰ্মা

    কাম কৰি ভাল লাগিল তোমাৰ লগত

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *