ফটাঢোল

মূল: পাঠশালাৰ পণ্ডিত মহাশয়,গল্পকাৰ:বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়,অনুবাদ-উপাসা ভাগৱতী

(মিজানুৰ ৰহমান কল্লোলৰদ্বাৰা সম্পাদিত ‘দুই বাংলাৰ মজাৰ গল্প ‘নামৰ কিতাপখনৰ প্ৰথম গল্প বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ‘পাঠশালাৰ পণ্ডিতমশাই’ৰ অনুবাদ) 

০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০ 

টোপ টোপ কৰি পানী পৰি আছে, মই ছাতি এটা মূৰত লৈ গাঁৱৰ ৰাস্তাৰে খোজকাঢ়ি আছিলো৷ বৰষুণজাক অলপ বেছি হৈ আহিল৷ তেতিয়া পথৰ কাষৰ আঠচালা বোলা আঠখন চালেৰে সজা মন্দিৰৰ পানীপোতাৰ তলত আশ্ৰয় ল’লোঁ৷ দেখিলঁ, ভিতৰত কিছুমান ল’ৰা বহি পঢ়ি আছে৷ এজন পণ্ডিত মহাশয়ে বাংলা পঢ়াইছে৷ কাণ পাতি অলপ পঢ়াই থকাখিনি শুনিলোঁ৷ দেখিলোঁ পণ্ডিত মহাশয়ৰ ব্যাকৰণৰ প্ৰতি বৰ অনুৰাগ৷ এটা উদাহৰণ দিছোঁ৷ পণ্ডিত মহাশয়ে এজন ছাত্ৰক প্ৰশ্ন কৰিলে, 

: কোৱাচোন চাওঁ, ভূ-ধাতুৰ উত্তৰত ক্ত প্ৰত্যয় কৰিলে কি হয়? 

ছাত্ৰজন অলপ ভোটা-বুদ্ধিৰ আছিল, নামটো শুনিলো ভোঁদা৷ ভোঁদাই ভাবি চিন্তি ক’লে, 

:  মহাশয়, ভূ-ধাতুৰ উত্তৰত ক্ত কৰিলে ভুক্ত হয়৷ 

পণ্ডিত মহাশয়ে ছাত্ৰৰ মূর্খতা দেখি গৰজি উঠিল আৰু তাক মূর্খ! গদর্ভ! প্ৰভৃতি নানাবিধ সংস্কৃত বাক্যৰে অসংস্কৃত কৰিলে৷ ছাত্ৰজনো অলপ গৰম হৈ উঠিল, ক’লে কিয় পণ্ডিত মহাশয়! ভুক্ত শব্দ নাই নেকি? 

পণ্ডিত: নাথাকিব কিয়? ভুক্ত কেনেকৈ হয় নাজান নেকি? 

ছাত্ৰ: সেয়া নাজানিম কিয়? ভালকৈ চোবাই গিলি পেলালেই ভুক্ত হয়৷ 

পণ্ডিত: নিলাজ! বান্দৰ! সেইটোহে সুধিছোঁ নেকি? 

তেতিয়া ভোঁদাৰ প্ৰতি অসন্তুষ্ট হৈ তেওঁ তাৰ কাষৰ ছাত্ৰ ৰামক প্ৰশ্ন কৰিলে, 

: ভাল ৰাম, তুমিয়েই কোৱাচোন চাওঁ; ভুক্ত শব্দটো কি প্ৰকাৰে হয়? 

  ৰামে কলে,হয় মহাশয় , ভুক্ত ধাতুৰ উত্তৰত ক্ত কৰিলে ভুক্ত হয় ৷ 

পণ্ডিত মহাশয়ে ভোঁদাক ক’লে, 

: শুনিলিনে ভোঁদা? তোৰ একো নহ’ব! 

ভোঁদাই খঙেৰে ক’লে, 

নোহোৱাটোৱেই হওক –আপোনাৰ যেনেকুৱাহে পক্ষপাত! 

  পণ্ডিত: পক্ষপাত আকৌ কি অ’ হনুমান! 

  ভোঁদা: তাৰ কপালত ভূজ আৰু মোৰ কপালত ভূ? 

ছাত্ৰই যে সুন্দৰকৈ বৰ্ণিত ভূজ আৰু অদৃষ্টৰ তাৰতম্য স্মৰণ কৰি অভিমান কৰিছে,পণ্ডিত মহাশয়ে সেয়া বুজি নাপালে৷ খং কৰি ভোঁদাক যেনেকৈহে প্ৰহাৰ কৰিলে আৰু আদেশ কৰিলে,

: এতিয়া ক, ভূ ধাতুৰ উত্তৰত ক্ত কৰিলে কি হয়? 

ভোঁদা: (চকুত পানী) মহাশয়, নাজানো। 

পণ্ডিত: নাজান? ভূত কেনেকৈ হয় নাজান? 

ভোঁদা: হয়, সেইয়া জানো৷ মলেই ভূত৷ 

পণ্ডিত: চোঁৱৰ! গাধ! ভূ ধাতুৰ উত্তৰত ক্ত কৰিলে ভূত হয়৷ 

ভোঁদাই তেতিয়ালৈ বুজি পালে৷ মনে মনে স্থিৰ কৰিলে মৰিলেও যি হয়,ভূ ধাতুৰ উত্তৰত ক্ত কৰিলেও সেয়াই হয়৷ তেতিয়া সি বিনীতভাৱে পণ্ডিত মহাশয়ক সুধিলে মহাশয় ভূ ধাতুৰ উত্তৰত ক্ত কৰিলে শ্ৰাদ্ধ কৰিব লাগে নেকি? 

পণ্ডিত মহাশয়ে আৰু সহ্য কৰিব নোৱাৰিলে৷ বিৰাশি সিক্কা ওজনৰ হাতেৰে ছাত্ৰৰ গালত এটা চৰ মাৰিলে৷ ছাত্ৰই কিতাপ-কানি পেলাই দি কান্দি কান্দি ঘৰলৈ গুচি গ’ল৷ তেতিয়াও বৰষুণ পৰি আছিল, ৰং চাবৰ বাবে ময়ো লগে লগে গ’লো। ভোঁদাৰ মাকৰ ঘৰ বিদ্যালয়ৰপৰা বেছি দূৰত নহয়৷ ভোঁদাই ঘৰত প্ৰৱেশ কৰি কান্দোনৰ স্বৰ দুগুণ বঢ়াই দিলে আৰু আচাৰ খাই পৰিল। তাকে দেখি ভোঁদাৰ মাকে কাষলৈ সান্ত্বনা দিবলৈ আগবাঢ়ি আহিল৷ সুধিলে কিয়, কি হৈছে, বাবা? 

ল’ৰা: মই পঢ়া পৰা নাই বুলি পণ্ডিত মহাশয়ে মোক মাৰিছে।  

      

মাক: অধঃপাতে যাওঁক বুঢ়া! অক্কল নাই! মোৰ এটাই মাত্ৰ ল’ৰা! পঢ়া ক’বলৈ পৰা নাই বুলি ল’ৰাক মাৰে!  তাক মই  আজি চাই ল’ম! 

এই বুলিয়েই কঁকালত টঙালি মাৰি ভোঁদাৰ মাকে পণ্ডিত মহাশয়ৰ দর্শনাকাংক্ষাৰে তেওঁক বিচাৰি গ’ল। ময়ো পিছে পিছে গ’লো। সেই সুপুত্ৰৱতী অধিক দূৰলৈ যাবলগীয়া নহ’ল৷ তেতিয়া পাঠশালা বন্ধ হৈছিল৷ পণ্ডিত মহাশয়ে ঘৰলৈ প্ৰত্যাবর্তন কৰিছিল, পথৰ মাজতে দুয়োৰে সাক্ষাৎ হ’ল৷ তেতিয়া ভোঁদাৰ মাকে ক’লে, 

: কিহে পণ্ডিত মহাশয়, আমাৰ একমাত্ৰ ল’ৰাটোক পঢ়া ক’ব পৰা নাই বুলিয়েই কি এনেকৈ মাৰিব লাগেনে? 

পণ্ডিত: হেৰা এনে একেবাৰে কঠিন কথা সোধা নাছিলোঁ নহয়৷ কেৱল সুধিছিলোঁ, ভূত কেনেকৈ কৰা হয়। 

ভোঁদাৰ মাক: ভূত হয় গঙ্গা নাপালে৷ তেতিয়াহ’লে এইবোৰ কথা সৰু ল’ৰাই কেনেকৈ জানিব বাৰু? এনে কথা মোক সোধা আকৌ৷ 

পণ্ডিত: হেই সেই –ভূত নহয় নহয়৷ 

ভোঁদাৰ মাক: তেতিয়াহ’লে কি ভূত আকৌ? 

পণ্ডিত: সেইবোৰ একো নহয় হে, তুমি ছোৱালী মানুহ কি বুজিবা? কৈছোঁ যে ভূত বুলি এটা শব্দ আছে৷ 

ভোঁদাৰ মাক: ভূতৰ শব্দ মই কত কিমান শুনিছোঁ৷ তাতে সি সৰু ল’ৰা, তাক এইবোৰ কথা কৈ ভয় খুৱাব লাগেনে? 

মই দেখিলোঁ যে, এই পণ্ডিতৰ সমস্যা শীঘ্ৰে শেষ নহ’ব। মই এই ৰঙৰ অংশ হ’বলৈ পোৱাৰ আকাংক্ষাত অগ্ৰসৰ হৈ পণ্ডিত মহাশয়ক ক’লো, 

: মহাশয়, এওঁ তিৰোতা মানুহ, তেওঁৰ লগত বিচাৰ কৰিবলৈ এৰি দিয়ক৷ মোৰ লগত বৰঞ্চ এই বিষয়ে অলপ বিচাৰ কৰকচোন৷ 

পণ্ডিত মহাশয়ে মোক ব্ৰাহ্মণ দেখি অলপ সম্ভ্ৰমেৰে সৈতে ক’লে আপুনি প্ৰশ্ন কৰক৷ 

মই ক’লোঁ, 

: ভূত ভূত কৰি আছে যে, কওকচোন ভূত কেইবিধ? 

পণ্ডিতে সন্তুষ্ট হৈ উঠি ক’লে, 

: ভাল ভাল। পণ্ডিতে পণ্ডিতৰ দৰেই কথা কয়, শুনিলি ভোঁদাৰ মাক? তাৰপিছত মোৰ ফালে ঘূৰি মুখখন এনে কৰিলে যেন বিদ্যাৰ বোজাহে নমাইছে। ক’লে, ভূত পাঁচটি৷ 

তেতিয়া ভোঁদাৰ মাকে গৰজি উঠি ক’লে, 

: তেতিয়াহ’লে বুঢ়া? তই এই বিদ্যা লৈ মোৰ ল’ৰা মাৰিছ? ভূত পাঁচটা! পাঁচ ভূত নে বাৰ ভূত? 

পণ্ডিত: সেয়া কি বাছা, এই ঠাকুৰজনকে সোধা, ভূত পঞ্চ৷ ক্ষিত্যপ্— 

ভোঁদাৰ মাক: মোৰ এটা বিষয় কোনে খালে বাৰটা ভূতে নহয়তো? মই কি ইমানেই দুখী আছিলোঁ নে? 

 ভোঁদাৰ মাকে তেতিয়া কান্দিবলৈ আৰম্ভ কৰিলে৷ মই তেতিয়া তেওঁৰ পক্ষ অৱলম্বন কৰাৰ পূৰ্বে ক’লোঁ, 

: তেওঁ যি ক’লে সেয়াও হ’ব পাৰে৷ অনেক সময়ত শুনা যায়, অনেক বিষয় লৈ ভূতবিলাকে আপোনাৰ ফালৰ পিতৃকৃত্য সম্পন্ন কৰে৷ অমুকৰ টকাৰে ভূতৰ বাপেকৰ শ্ৰাদ্ধ হৈছে বুলি কেতিয়াওতো শুনা নাই নহয়নে? 

কথাটো শুনিয়েই পণ্ডিত মহাশয়ে ঠিক বুজি নাপালে মই ব্যঙ্গ কৰিছোঁনে,সত্য কথা কৈছোঁ৷ কিয়নো বুদ্ধিটো অলপ স্থূল আছিল৷ তাকে মই বেঁকা-পোন কৰি চাই ক’লোঁ, 

: মহাশয়, এই কথাৰ প্ৰমাণ প্ৰয়োগৰ বিষয়ে সকলোৰে অৱগত৷ মনুয়ে কৈছে, 

        কৃপণানাং ধনঞ্চৈব পোষ্যকুষ্মাণ্ডপালিনাম্

       ভূতনাং পিতৃশ্ৰাদ্ধেষু ভবেন্নেষ্টংন সংশয় ৷৷* 

(কৃপনাদিৰ ধন আৰু যিসকলে পোষ্য পুত্ৰস্বৰূপ কুষ্মাণ্ডবোৰ প্ৰতিপালন কৰে তেওঁলোকৰ ধন ভূতৰ বাপেকৰ শ্ৰাদ্ধ হ’ব সন্দেহ নাই৷*) 

পণ্ডিত মহাশয়ৰ সংস্কৃত জ্ঞান এই ভূ ধাতুৰ উত্তৰৰ ক্ত পর্যন্তহে৷ কিন্তু এইফালে বৰ ভয়  হৈছে সেই শিষ্যমণ্ডলীৰ সন্মুখত বিশেষকৈ ভোঁদাৰ মাকৰ সন্মুখত মোৰ ওচৰত পৰাস্ত নহয় যেন৷ অতঃ এব যেতিয়াই শুনিলে – ভূতানাং পিতৃশ্ৰদ্ধেষু ভবেন্নষ্টংন সংশয়ঃ 

তেনেকুৱাই উত্তৰ দিলে, মহাশয়ে যথার্থকৈ আদেশ কৰিছে। বেদতেইতো আছে —অস্তি গোদাবৰীতীৰে বিশালঃসাল্মলীতৰুঃ৷    

শুনিয়েই ভোঁদাৰ মাক বৰ তৃপ্ত হ’ল, আৰু পণ্ডিত মহাশয়ৰ ভূয়সী প্ৰশংসা কৰি ক’লে, 

: তেতিয়াহ’লে বাবা! তোমাৰ ইমান বিদ্যা, তথাপি মোৰ ল’ৰাটোক মাৰিছিলা কিয়?         

পণ্ডিত: আৰে বেটি, তোৰ ল’ৰাক এনেকৈয়েই বিদ্বান কৰিম বুলিয়েই মাৰো৷ নামাৰিলে বিদ্যা হয় জানো? 

ভোঁদাৰ মাক: বাবা! মাৰিলে যদি বিদ্যা হয়, তেতিয়াহ’লে আমাৰ ঘৰৰ গৃহস্থৰ একো নহ’ল কিয়? জঁট আঁতৰাই কোৱা, জঁটা বন্ধাবোৰ কোৱা, মই একোৱেই দোষ নধৰোঁ! 

পণ্ডিত: বাছা! সেইবোৰ তোমালোকৰ হাতত হয় জানো? আমাৰ হাততহে আছে। 

ভোঁদাৰ মাক: বাবা! আমাৰ হাতত অলপো দোষ নাই৷ চাবা? 

এই বুলি ভোঁদাৰ মাকে এডাল বাঁহৰ লেকেচি উঠাই ল’লে। পণ্ডিত মহাশয়ে এই ৰূপেৰে অধিক বিদ্যালাভৰ সম্ভাৱনা দেখি সেইখিনিৰপৰা উর্দ্ধশ্বাসে প্ৰস্থান কৰিলে৷ 

শুনিছোঁ, সেই তেতিয়াৰেপৰা পণ্ডিত মহাশয়ে আৰু ভোঁদাক একো কোৱা নাই। ভোঁদাই কয়, মায়ে বাঁহখৰিৰে পণ্ডিত মহাশয়ৰ ভূত নাইকিয়া কৰিলে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *