শনি, মই আৰু সেই ভদ্ৰ মহিলাগৰাকী-ডা° প্ৰাঞ্জলজ্যোতি দত্ত
শনিবাৰ। চেম্বাৰত বহি আছিলোঁ থমথমকৈ। লগত দুই এটা হামিও আছিল। শনি মন্দিৰ এটালৈ এবাৰ পৰিবাৰৰ সৈতে যাওঁতে শনিৰ মূৰ্তিলৈ চাই মূৰটো দোঁৱাই সেৱা এটা কৰি উঠাৰ পিছতে যেতিয়া এওঁৰ পৰা গম পালোঁ যে মূৰ দোঁৱালেই হেনো শনিয়ে মূৰত উঠি লয়হি আহি বুলি, সেই দিনাৰ পৰাই শনিবাৰ আহিলে কিবা ভয় ভয় লাগি থকা হৈছিল।
দুৱাৰখন ঠেলি বেছ আহল বহল ভদ্ৰ মহিলাএগৰাকী সোমাই আহিল। ক’লোঁ,
: বহক — বহিল।
আমাৰ নিচিনা বেজবিলাকৰ অকল বেমাৰৰ কথাহে। বেমাৰ চালোঁ, ধৰাও পেলালোঁ। দৰৱ কেইপালি লিখিবলৈ লোৱাৰ আগেয়ে মহিলাগৰাকীক ক’লোঁ-
: সৌখনত উঠি ওজনটো চাওকচোন।
হেঁহো নেহোঁ কৰিছিল যদিও আকৌ এবাৰ কোৱাত মান্তি হ’ল।
চকীৰ পৰা উঠিয়েই মহিলাগৰাকীয়ে ক’লে-
: অকণমান টয়লেটৰ পৰা আহি লওঁ ছাৰ।
মই বোলো ওজনটো চাই কৈ থৈ যাওক একেবাৰে- মই দৰৱ লিখি থাকোঁ।
মহিলাই ক’লে,
: নহয় মানে ছাৰ। মই এক্সট্ৰা ৱেইটৰ ক্ষেত্ৰত বৰ চেনচিটিভ। সেই কাৰণেহে—এক মিনিট লাগিব ছাৰ,
মই তভক লাগিলোঁ। কোৱা মতেই আহিল যেনিবা মানুহগৰাকী, মই ভাবিছিলোঁ ঘূৰি নাহিবই নেকি!
ওজন জোখা মেচিনটোত উঠি দুবাৰমান ইফালে সিফালে চাই শেষত ভৰিৰ ওচৰত থকা স্কেলডাললৈ চোৱা দেখিলোঁ। মই ভাবিছিলোঁ হৈ গ’ল। পটাপত ৰোগীক বিদায় দিয়া মোৰ কাৰণেই ভাল। শনিবাৰ যে। নহ’ল।মেচিনৰ পৰা নামি আকৌ এবাৰ ইফালে সিফালে চালে আৰু তাৰ পিছত, পিছল মজিয়াত খুপি খুপি খোজ দিয়াৰ নিচিনাকৈ পাৰিলে মেচিনটোত হেঁচা নিদিমেই যেন কৰি মেচিনত উঠিল। মহিলাই এবাৰ আকৌ মিটাৰলৈ চালে।তাৰপিছত পিন্ধি থকা চশমাযোৰ খুলি লৈ আকৌ এবাৰ কামখিনিৰ পুনৰাবৃত্তি কৰিলে। তাৰপিছত তৎক্ষণাৎ নামি আহি মোৰ ওচৰতে থিয় হ’লহি। মই সুধিলোঁ-
: কওক কিমান পালে ওজন?
মানুহগৰাকীয়ে ক’লে-
: ছাৰ এনেয়ে খালী চকুৰে দেখাটো কওঁনে, চশমা পিন্ধি দেখাটো কওঁ?
কি কথা সোধে মহিলাই। মই তথাপি ভদ্ৰভাবেই ক’লোঁ,
: যদি চশমা পিন্ধি ভালকৈ দেখা পায় সেইটোকে কওক,
: ছল্লিশ কেজি ছাৰ,
মানুহ গৰাকীয়ে টপৰাই ক’লে।
আও এইহেন মহিলাগৰাকী দেখোন তেনেই কপাহ এজোলাহে। বিশ্বাস নাই হোৱা দেখোন। মই মানুহগৰাকীক আকৌ এবাৰ মেচিনটোত উঠিবলৈ ক’লোঁ। উঠিব খোজা নাছিল যদিও আকৌ কোৱাত উঠিল। কাঁটা কঁপি কঁপি আশীত ৰ’লগৈ।
: আপোনাৰ ওজন আশী কেজি। আপুনি কেনেকৈ চল্লিশ কেজি পালে। এয়া চাওক এইট আৰু জিৰ ওলায়েই আছে-
মই আচৰিত হৈ ক’লোঁ।
ভদ্ৰমহিলাই অলপ সময় তললৈ মুখ কৰি থাকি শেষত ক’লে-
: ছাৰ, আচলতে কি জানে। আমিয়েই যদি আমাৰ অসমীয়া ভাষাটোক জীয়াই নাৰাখোঁ, কোনে ৰাখিব। সেইবাবেহে মই মিটাৰে দেখুওৱা সংখ্যাটো অসমীয়াত পঢ়ি ৪০ বুলি ধৰিছোঁ ছাৰ। মোক সেইবুলি ধৰিয়েই দৰৱ দিয়ক ছাৰ,
কাহ এটাই হঠাৎ ছতহা মাৰি ধৰিলেহি। “মই পানী এঢোক খাই আহোঁগৈচোন দেই”- বুলি মহিলাক কোঠাতে বহুৱাই
বাহিৰৰ বাৰাণ্ডা পালোঁহি। দীঘলকৈ টানি উশাহ এটা ল’লোঁ। বুজিলোঁ- লাগিব, লাগিবই- আজি মোক অক্সিজেন অকণমান সৰহকৈয়ে দৰকাৰ হ’ব।
নাই নাই- অতি সোনকালে লোহাৰ আঙুঠি এটা আঙুলিত ভৰাব লাগিব।শনিৰ হেনো লোহালৈ বৰ ভয়, বৰ বেছি ভয়!
☆ ★ ☆ ★ ☆