ফটাঢোল

ৰন্ধনশালা-কুমকুম শৰ্মাবৰুৱা

বিয়াৰ আগতে মালাই ঘৰত কাপোৰ ধুইছিল, ঘৰ-চোতাল সৰা-মোচা কৰিছিল আৰু কেতিয়াবা শাক-পাচলি ছিঙি আনিছিল। কিন্তু বিবিধ ব্যঞ্জন ৰান্ধি পোৱা নাছিল। মাকৰ অসুখ হ’লে মাত্ৰ মগুদাইল নেমুদি লগতে পাচলি দি  আৰু ভাত খৰিৰ জুইত যেনেতেনে ৰান্ধে। মাছ-মাংস ৰান্ধিয়েই পোৱা নাছিল তাই।

এতিয়া বিয়াৰ পিছততো সেইটো নচলিব। ভাত-দাইল বাৰু যেনেতেনে ৰান্ধিব পাৰে। বাকীবোৰ একো নাজানে। মাছ ভাজিলে ভিতৰটো নিসিজাকৈ জ্বলি যায়। কোৱাৰ্টাৰলৈ অহাৰ কেইদিনমানৰ পিছতে তাইৰ গৃহস্থ চন্দনে হোষ্টেলৰ বন্ধু তিনিজন ভাত খাবলৈ মাতি থৈ আহিল। তাইক ক’লে মাছবোৰ কেঁচা তেলতে নাভাজিবা, তেল পকিবলৈ দিবা। তাই বেচেৰীয়ে গেছ জ্বলাই তেল দি ৰৈ আছে। বুজি পোৱা নাই তেল পকিছেনে নাই। তাৰ পিছত মাছত নিমখ-হালধি সানি দিলে ভৰাই তেলত হাতখনৰ সৈতে। হাতৰ চাৰিটা আঙুলি তেলে ভালকৈ পুৰিলে। 

 

‘আই ঔ, মৰিলোঁ ঔ’—— চিঞৰত আলহী ইঞ্জিনীয়াৰ তিনিজন পাকঘৰ পালেহি। চন্দনে ফ্ৰিজৰপৰা বৰফ উলিয়াই লৈ হাতখনত লগাই দিলে টেপা মাৰি। লগে লগে হাতৰ আধা ছাল এৰাই বগা হৈ পৰিল। তাই চিঞৰত গগণ ফালিলে। আলহী এজনে টুথপেষ্টকে লগাই দিলেহি। তাই ভিতৰত গৈ কান্দি কান্দি শুই থাকিল। চন্দনে আৰু আলহীয়ে মিলি ৰান্ধি-বাঢ়ি খালে।

পাচলি মালাই কটাৰীৰেহে কাটিব জানে। মৈদাৰে মাছ বাছিব পাৰে, কিন্তু পাচলি কাটিব নাজানে। কেইদিনমানৰ পিছত চন্দনে ছাগলীৰ মাংস আনিলে। আলু আৰু অমিতা মৈদাখনতে কাটিবলৈ ক’লে তাইক। তাই অমিতাৰ বাকলি গুচাওঁতেই সোঁহাতৰ মাজৰ আঙুলিটো বৰ বেয়াকৈ কাটিলে। পোৰা ঘাঁ ভাল হোৱাই নাছিল। আকৌ তাতে কটাত তাই কান্দি হায়ৰান হ’ল। ঘৰৰ সকলোৱে হাঁহিবলৈ ধৰিলে। নন্দেক, দেওৰেক ইত্যাদিয়ে ঘৰত কি খাই আগতে বুলি সুধি হাঁহিত থাকিব নোৱাৰা হ’ল। তাই ভাবিলে পঢ়া-শুনা কৰাৰ লগে লগে ৰন্ধা-বঢ়াও নিশিকাৰ ফল ভুগিছে তাই। কিন্তু ঘৰত যে মাংস আৰু কণী একেবাৰেই নাখায়। মাছ বহুতদিনৰ মূৰতহে খায়।  তাকো মাকেই ৰান্ধে।

তাৰ কেইদিনমানৰ পিছত সকলোৱে আবেলি বৰাচাউল খাওঁ বুলি ক’লে। তাই বৰাচাউল ঘৰত কেতিয়াও সিজাই পোৱা নাছিল। গতিকে চাউল ধুই চচপেনত দি পানী বহুত দি লৰাই লৰাই সিজাই থাকিল। তাৰপিছত যিখিনি হ’ল দেখিয়েই সকলোৱে ‘নাখাওঁ নাখাওঁ’  বুলি চিঞৰি উঠিল। তেতিয়া চিলনী আইক মাতিবলৈ ম’বাইল ফোনো ওলোৱাই নাছিল।

কেইদিনমানৰ পিছত চন্দনে অফিচৰ পৰা আহি অমলেট আৰু লুচি খাওঁ বুলি ক’লে। তাই কি কৰিব ভাবি পোৱা নাই। বেলেগ কাম উলিয়াই কৰি আছে। চন্দনে ভনীয়েকক হৈছে যদি লৈ আহিবলৈ ক’লে। পাকঘৰ সোমাই তাই খঙত কিবাকিবি ক’লে। মালাৰ কাণ দুখন গৰম হৈ মূৰ ঘূৰাই গ’ল। যেনেতেনে আটা মাৰি লুচি কেইখনমান ভাজিলে। গেছ কমকৈ দিয়াৰ বাবে লুচিবোৰ ভালকৈ নুফুলিল। তাৰ পিছত মূৰত পানী লৈ বহি থাকিল। অমলেট বনাব নাজানে তাই। নন্দেকে তাইৰ চকুৰ আগতে কণী ফেটি লৈ অমলেট বনালে। তাই অবাক হৈ চাই থাকিল। 

মালাই বিয়াৰ আগতে মুৰ্গীহে নালাগে হাঁহৰ মাংসও খাই পোৱা নাই। এদিন চন্দনে মুৰ্গী এটা আনি তাইৰ হাতত দি ক’লে এইটো ৰান্ধা ভালকৈ। তাই ভয়ত হাতটো আচাৰ মাৰি গৈ কোঠাত সোমালগৈ। কোঠাত সোমাই কান্দি আছে। চন্দনে ভয় খাই কি হ’ল বুলি সুধি আচল কথা গম পাই বোলে সেইটো ৰামপাৰহে। একো নকৰে। মাৰি-বাচি খাবহে লাগে।

 

তাই পাকঘৰলৈকে নগ’ল। ৰান্ধি মেলি সকলোৱে খালে। তাইৰ এনেকুৱা লাগিল যেন পুণৰ মাক -দেউতাকৰ ওচৰলৈ গুচি যাব একেবাৰে। 

কেইদিনমানৰ পিছত শাহুৱেকে ক’লে বোলে এই চাউলবোৰ জাৰি-বাচিহে খাব লাগে। তুঁহ আৰু খুদকণ দুয়োটা আছে। আজি দুপৰীয়া জাৰি-বাচি পেলাবি। তাই বোলে 

‘আপুনিয়েই পাৰিলে কৰকচোন। ঘৰত মায়েহে কৰে। মই নাজানো নহয়।’ 

কোদো বাহত জুই দিয়াৰ দৰেহে হ’ল। সকলোৱে তাইক গালিৰ চুমাৰে ওপচাই পেলালে। দুটাকৈ গপচ ডিগ্ৰীৰ পাকঘৰত একো কামেই নাই দেখোন!

বিয়াত যে গাইছিল-

বাৰীৰ ঢাপৰ মেদেলুৱা

          আমাৰ বাইদেউ আলসুৱা,

আলসুৱাই কি কৰিব 

           লোকৰ ঘৰৰ চাকৰ হ’ব।

এতেকে, ল’ৰা-ছোৱালীক পঢ়া-শুনাৰ লগতে ঘৰুৱা কাম-বন সকলো শিকাব লাগে। নহ’লে পিছত  সিহঁত বিপদত পৰিব লগা হয়।

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী

    ভাল লাগিল

    Reply
  • বৰ ভাল লাগিল। সঁচাই কাম কাজ শিকাব লাগে ল’ৰা ছোৱালীক।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *