ফটাঢোল

লিমাৰিক-অনসূয়া বৰঠাকুৰ

                 (১)

আইমণিয়ে গছকিলে ৰে’ড কাৰ্পেট,
সেই খবৰৰেই আজি গৰম মাৰ্কেট!

ঘৰৰজনীয়ে বোলে,
“অহাবাৰ দলে-বলে

আমিও যাতে যাব পাৰোঁ,লোৱা টাৰ্গেট”।

       

              (২)

হঠাৎ শ্ৰীমান স্কুটীৰপৰা নামিল।
হাঁহি হাঁহি ক’লে “হে’ৰা ভাল দিন আহিল,

মোক যদি ভালপোৱা,
ভাজি আনা মালপোৱা,

ৰন্ধন গেছৰ দাম ন টকা কমিল”!!

             (৩)

কিহৰ দাম বাঢ়িছে অ’, তেল নে পানী?
কেনেকৈনো জানিম! লোকেহে দিয়ে আনি।

কৰি থাক পেংলাই,
মোৰনো কি আহে যায়!

এনেয়ো আমাৰ এওঁ দ্বিতীয় আম্বানী॥

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *