উপকাৰৰ কথা-নাজিয়া হাচান
“কেতিয়াও কাৰো অপকাৰ নকৰিবা, পৰাপক্ষত সদায় সকলোৰে উপকাৰ কৰি যাবা..।”
বুজা হোৱাৰপৰা মা দেউতাই আমাক এইবুলি উপদেশ দিছিল।তেওঁলোক আমাৰ আৰ্হিও আছিল। পিছে সেই উপদেশভাগ মোৰ মনটোৱেহে গ্ৰহণ কৰিবপৰা নাছিল। এদিন সুবিধা পায় মোৰ মনটোৱে মনে মনে মোক এইদৰে কৈছিল ―
“শুন অৰুণ, কথাখিনিত অপকাৰ কৰিব নালাগে বোলা বাক্যশাৰীলৈকে ঠিকেই আছে, মানিব পাৰি। কিন্তু.. তাৰ পাচৰ বাক্যাংশৰ সৈতে মই কিন্তু একমত হ’ব নোৱাৰিছোঁ, বেয়া নাপাবি তই। মানিছোঁ, অপকাৰ কৰিব নালাগে কাৰো;..সেইদৰে উপকাৰো কৰিব নালাগে অ’ কাৰো, বুজিছনে নাই? তই কি কৱ?”
মই বোলো, নাই! নাই! মা-দেউতাৰ কথাবোৰ দাদাহঁত সৱেই আখৰে আখৰে পালন কৰি আহিছে; তেনে ক্ষেত্ৰত মই কোন কুটা?তোৰ বিবেচনা বেলেগ হব পাৰে; মই কিন্তু মোৰ মা-দেউতাই দিয়া সকলো উপদেশ সদায়ে মানি চলিম..। মনে সেইদিনাৰপৰা “চল তেন্তে তই..”―বুলি কৈ মনে মনে থাকিল। আৰু মই তাৰ কথাক পাত্তা নিদি, মা-দেউতাৰ কথামতেই সদায় চলি গ’লো…।
প্ৰাথমিক স্কুলৰ প্ৰথম দিনটো স্পষ্টকৈ মনত আছে অৰুণ দত্তৰ। সেইদিনা লগৰ বন্ধু এজনৰ সৈতে দত্তই একেলগে বহি টিফিন খাই আছিল। দত্তৰ টিফিনত আছিল ৰুটি- ভাজি; আৰু বন্ধুৰ আছিল চেণ্ডউইটছ; বন্ধুৱে চেণ্ডউইটছটো খাবলৈ লওঁতেই নতুন ইউনিফৰ্মৰ চাৰ্টটোত টমেট’ ছছৰ সৰু টোপাল এটা সৰি পৰিল। লগে লগে দত্তৰ বন্ধুৰ মুখৰ অবয়ব সলনি হল। দত্ত আচৰিত হ’ল।
: কি হল?তুমি কিয় কান্দিব ধৰিছা?—-দত্তই বন্ধুক সুধিলে।
সি ফেঁকুৰি ফেঁকুৰি ক’লে―
: নতুন চাৰ্টটোত টমেট’ ছছ পৰিল যে! কি হ’ব এতিয়া?
: একো নহয়,নাকান্দিবা। দাগ অচ্ছে হে। ৱাছিং পাউদাৰটো দি ধুই দিলেই সৱ দাগ গুচি যাব।
দত্তই বেচ বিশ্বাসেৰে বন্ধুক ক’লে।
: নাই নাই, মোৰ মায়ে সেইবোৰ কথা নামানে। মোক আজি নেৰিবই নেৰিব..।
বন্ধুৰ গধুৰ সুৰত কণমানি দত্তই অকণমানি বন্ধুক লৰালৰিকৈ নিজৰ পেন্টৰ পকেটৰপৰা মাকে ইস্ত্রি কৰি জাপি দিয়া ৰুমালখন ভিজাই দিলে। ভিজা ৰুমালখনেৰে বন্ধুজনে ছছখিনি চাৰ্টৰপৰা যিমান পাৰে শক্তি লগাই ভালকৈ ঘঁহি ঘঁহি মচি দাগটো একেবাৰে চকুত নপৰাকৈ চাফা কৰি পেলালে। দেখি বন্ধুৰ মুখত হাঁহি ফুটি উঠিল। কিন্তু দত্তৰ দৃষ্টি বন্ধুৰ হাঁহিটোতকৈ ৰুমালখনৰ ওপৰতহে বেছিকৈ আছিল। ৰুমালখন বন্ধুৱে দত্তক লগে লগে ঘূৰাই নিদিলে। নিজৰ কিতাপৰ বেগটোৰ কাষৰফালে থকা পানী বটলটোৰ লগত আপোন সম্পত্তিৰদৰেহে সুমুৱাই থ’লে। দত্ত আচৰিত! ভাবিলে, আচ্চা ৰুমালখন নিশ্চয় বন্ধুৱে ঘৰৰপৰা ধুই আনি মোক দিবহি; পিছে তেনেকুৱা একো নহ’ল।এসময়ত সেই ৰুমাল ঘূৰাই পোৱাৰ আশাভাগ দত্তৰ এদিন হেৰাই গৈছিল। সাধাৰণ এখন ৰুমাল যদিও, জীৱনত আনক কৰা সেই প্ৰথম উপকাৰৰ ফলটোৰ সোৱাদ দত্তৰ বাবে বৰকৈ তিতা আছিল..।
মেট্ৰিকৰ বছৰ। মিতাৰাণী বৰদলৈ শ্ৰেণীৰ বেছ মেধাবী ছাত্ৰী। তাই দত্তৰ সহপাঠী। স্কুলখনে তাই ষ্টেণ্ড কৰিব বুলি আশা ৰাখিছে। পৰীক্ষা হলত সেই মিতাৰাণীৰ ছিট নম্বৰটো আকৌ দত্তৰ ছিটৰ পিছতেই পৰিছিল। বিজ্ঞানৰ কাকতখনত—- ‘গতি শক্তি কাক বোলে উদাহৰণসহ বুজাই লিখা’ বুলি প্ৰশ্ন এটা আহিল। নম্বৰ আছিল পাঁচ। দুঘণ্টাৰ বেল বজাৰ পিছত মিতাৰাণীয়ে দত্তৰ ফালে সুবিধা মিলাই লাহেকৈ চাই সুধিলে,
: এই প্ৰশ্নটোৰ উত্তৰ তুমি কৰিছা নেকি অৰুণ?
দত্তই শলাগিলে।
লগে লগে মিতাৰাণীয়ে নিজৰ বহীৰ উকা পাত খিলা উলিয়াই দত্তক…. ‘অকণমান কৈ দিবানে উত্তৰটো’… বুলি বেছ কোমল সুৰত ক’লে। দত্তই একো নামাতি উত্তৰ লিখা পাতখিলা তাই দেখাকৈ থ’লে। দত্তৰ পিচৰ ছিটটোত বহাৰ সুবিধা মিতাৰাণীৰ সেইদিনা বেছ কামত আহিল। গতি শক্তি কাক বোলে উদাহৰণ ফেন এখনৰ সৈতে দি সুন্দৰকৈ লিখা দত্তৰ উত্তৰটো তাই চাই চাই অলপো অসুবিধা নোহোৱাকৈ লিখি পেলালে..। ফাইনেল বেল মাৰিবলৈ আধাঘণ্টা বাকী। দত্তৰ দুই নম্বৰীয়া প্ৰশ্নৰ উত্তৰ এটাত আত্মবিশ্বাসৰ অলপ অভাৱ আছিল;সুধোঁ নুসুধোঁকৈ সেয়ে মিতাকেই লাহেকৈ তাৰ উত্তৰটো সুধি আছিল।আচৰিত লগাকৈ সেই সময়খিনিত তাইৰ কাণখন হঠাৎ যেন কলা হৈ পৰিল; তাই না দত্তলৈ মূৰ তুলি চায়, না দত্তই তাইক সোধা প্ৰশ্নটো শুনা যেন দেখুৱায়। একান্ত মনোযোগেৰে তাই মাথোঁ বহীখনত মূৰটো দোঁৱাই উত্তৰ লিখি থকাত ভীষণ ব্যস্ত হৈ থাকে। চোকা মানুহ বুলি দত্তই তাইক উত্তৰটো সুধি বেচি আমনি আৰু নকৰিলে..। পৰীক্ষা হলৰপৰা ওলায়েই মিতাৰণীয়ে দত্তক ক’লে―
: অৰুণ , তুমি হলত মোক কিবা প্ৰশ্ন সুধিছিলা নেকি বাৰু? মই একদম শুনা নাছিলো জানা? ছাৰজনো কাষেদি বাৰে বাৰে আহি থকা বাবে মোৰ ইমান ভয় লাগি আছিল। বেয়া নাপাবা দেই, প্লিজ!
নাকৰ এফাল কোঁচাই মিতাৰণীয়ে কোৱা মিঠা সুৰত দত্তই …..
: নাই নাই, কিয় বেয়া পাম বুলিয়েই সহজকৈ কৈ থ’লে। হয়, বেয়া পোৱা নাই বাৰু; কিন্তু এনেকুৱা উপকাৰ দ্বিতীয়বাৰ যে আৰু কাকো নকৰে, দত্তই সেইদিনা নিজৰ কাণ চেপি কোনেও নজনাকৈ সৈ ল’লে..।
দত্ত তেতিয়া ইউনিভাৰ্ছিটিত পঢ়ি আছিল। দেখিবলৈ মৰমলগা লাহী দেহৰ মন ময়ুৰী সেনাপতি দত্তৰ জুনিয়ৰ আছিল। ৰূপত ভোল গৈ দত্ত মনে মনে তাইৰ প্ৰেমতে পৰিছিল। পিছে মুখেৰে তাইক সেই ভাব প্ৰকাশ কৰিব পৰাৰ সাহ দত্তৰ নাছিল। এই কথাই কথা নহয় বুলি এদিন দত্তই সাহ কৰি মনৰ বতৰাভাগ মুখৰ সহায় নলৈ কাগজ চিঞাহীৰ সহায়েৰে প্ৰকাশ কৰি লগৰ এটাক পিয়ন বনালে। পিছদিনা সেনাপতি আহি দত্তৰ হোষ্টেলৰ দুৱাৰত হাজিৰ। তোমাৰপৰা এনেকুৱা মনোভাব মই আশা কৰা নাছিলোঁ অৰুণ দা। তুমি নাজানানে, তোমাৰ লগৰ ৰুদ্ৰ চলিহাকযে মই ভাল পাওঁ? কৈ তাই ভৰিৰ হিলযোৰেৰে খটক্ খটক্ কৈ শব্দ কৰি গুচি গল..। দত্তৰ কাণখনেদি যেন সেইদিনা এসোপা গৰম ধোঁৱা ভমভমাই নিৰ্গত হ’ল। এইজনী মনময়ুৰী প্ৰথম বৰ্ষত থাকোঁতে তাইক মেলেৰিয়া বেমাৰে পাইছিল। হোষ্টেলত থাকোঁতে কোনেও তাইৰ কাষলৈ যাবলৈ তেতিয়া সাহ কৰা নাছিল। দত্তই সেই সময়ত তাইৰ একমাত্ৰ সঁহাৰি যেন আছিল। সেয়াতো বাদেই, তাইৰ এক্সিডেন্ট এটা হওঁতেও এই দত্ত দায়েই নিজৰ তেজ দি তাইক নতুন জীৱন দিয়ো থৈছে আৰু তেতিয়া এই ৰুদ্ৰ চলিহাটোৱেই দত্তক যে কিমান গালি পাৰিছিল―
: ঐ বেটা! কিয় সেইজনীক তেজ দিবলৈ গৈছ ঔ! তাইৰ ওচৰলৈ নাযাবি ভাই; তোকো কেতিয়াবা মেলেৰিয়াই পাব, পাবি গম তেতিয়া। কি আচৰিত! দত্তই সঁচাকৈ গম নাপায় যে সেই ৰুদ্ৰটোকযে তাই কেতিয়াৰপৰা প্ৰেমিক স্থানত বহুৱাই থৈছে…!
পুৱাৰ পৰা ডঃ অৰুণ দত্তৰ মনটো উদাস,ৰুক্ষ আৰু চিন্তিত হৈ আছে!..
: জাহান্নমে যাব এই মানুহবোৰ। মুখৰ কথাৰ কোনো ভেল্যু নাই এইবোৰৰ। খুজিবলৈ আহিব এইবাৰ। পিচি পেলাম একেবাৰে। দুই তিনি বছৰ হৈ যায় পইচাকেইটা ঘূৰাই নিদিয়ে মোক। বন্ধু বুলি বিপদত সিহঁতক লাগে বুলোতেই মই সহায় কৰিলোঁ আৰু এতিয়া সিহঁতে মোৰ ভাল-বেয়া সোধাতো বাদেই, মই কৰা ফোনটোও নুঠায়। ননচেন্স সৱ। নিজৰ ঘৰ বনাইছে, অ’লৈ ত’লৈ সিহঁত ফুৰিবলৈ গৈছে, ল’ৰা ছোৱালীক ডাক্তৰ-ইঞ্জিনীয়াৰ পঢ়াইছে,বিধে বিধে কাপোৰ কানি কিনিছে; কিন্তু মোৰ পৰা ধাৰ লোৱা পইচাকেইটা হ’লে ঘূৰাবলৈ সিহঁতৰ মনত নপৰে! ইহঁতকো মানুহে উপকাৰ কৰেনে বাৰু? খঙত কথাখিনি তেওঁ ভোৰভোৰাই থাকোঁতে ভাইব্ৰেচনত থোৱা মোবাইলটো হুমহুমাই উঠিল। অচিনাকি নম্বৰ।
: উম হেল্ল’…..
: হেল্ল’ ডঃ অৰুণ দত্ত দাদা হয়নে?
: হয়।
; ভালে আছেনে?
: নাই। মই ভালে নাই…..বুলি কৈ দত্তই ফোনটো কাটি দিলে।
: ফোনটো আকৌ হু.ম.হু ম.. কৰি বাজি উঠিল।
: হেল্ল দাদা…
: কি হে? কি লাগে?
: একো নালাগে দাদা।
: একো নালাগে ?তেন্তে ফোনটো কিয় কৰিছে?
: দাদা মই স্বপ্ননীল।
: কি নীল?
: দাদা মই স্বপ্ননীল চৌধুৰী।
: তাতে কি হল? মই সুধিছোঁ নেকি আপোনাৰ নাম চাম কি বুলি?
: দাদা আপোনাৰ ‘মোদ’ বেয়া হৈ আছে যেন পাইছো। হ’ব দিয়ক মই পিছত কথা পাতিম।
: নালাগে পিছত কথা পাতিবলৈ। ফোন নকৰিব মোক। মান না মান,মে তেৰা মেহমান।
: দাদা, আমাৰ আলোচনীত আপোনাৰ লেখা এটা প্ৰকাশ হৈছে। সেয়েহে আপোনালৈ ফোনটো কৰিছোঁ। আপোনাৰ একাউণ্ট নম্বৰটো দিবচোন।
: হাৰে! এইটোচোন আচৰিত কথা। লেখা প্ৰকাশ হৈছে ভাল পাইছোঁ; কিন্তু একাউণ্ট নম্বৰটো আকৌ কিয় লাগে?
: দাদা,আমাৰ আলোচনীৰ নিয়ম অনুসৰি লেখা প্ৰকাশ হোৱা লেখকলৈ আমাৰ ফালৰপৰা সৰু এটা উপহাৰ পঠোৱা হয়।
: উপহাৰ?
: হয়।
: এইটো মোৰ জীৱনৰ অভিজ্ঞতা ওপৰত লিখা প্ৰথম লেখা। আৰু লেখাটো প্ৰকাশ হোৱাটোৱেই মোৰ বাবে বহুত ডাঙৰ উপহাৰ।..মোলৈ আকৌ বেলেগে উপহাৰ কিয় …?
: দাদা,অহা মাহত আপোনালৈ আমি নগদ কেইটামান ধনৰ লগতে আলোচনী দুখন বেচিকৈ পঠিয়াম আৰু এইটো বিষয়ৰ লেখা আপুনি আমাৰ আলোচনীত খণ্ড খণ্ডকৈ লিখি থাকিব। বাস্তৱ সময়ৰ অনুভৱৰ এখন সুন্দৰ কিতাপ হ’ব দাদা। লিখিব বুলি আশা কৰিলোঁ আমি..।
: উঠি থকা খংটো স্বপ্ননীলৰ কথাখিনিয়ে দত্তক ক্ষন্তেকতে পাহৰাই পেলালে…! কাৰো একো উপকাৰ নকৰাকৈ পোৱা দত্তৰ জীৱনৰ এইটো প্ৰথম অভিজ্ঞতা..। আলোচনীখনত দত্তই লিখি গ’ল।
….
সঁচাকৈ স্বপ্ননীলে কোৱাৰ দৰেই দত্তৰ কিতাপখন এদিন ছপা হৈ ওলাল। পাঠকৰ বিপুল সমাদৰত দত্ত বৰকৈ আৱেগিক হৈ পৰিল।
আজি দত্তৰ নিজৰ মনটোৰ সৈতে কথা পাতি, মনৰ কথা মতেই চলিবলৈ বৰকৈ মন গৈছে..। এই মনটোও বৰ অভিমানী; সেই “চল তেন্তে তই..” বোলাৰেপৰা দত্তৰ যে খবৰেই নোলোৱা হ’ল সি….!
☆ ★ ☆ ★ ☆
7:28 pm
বহুত ভাল লাগিল৷