ৰসৰচনা – কৰবী দেৱী
এল পি ৰ দেওনা পাৰ হৈ হাইস্কুললৈ গৈছোঁ সেইবাৰ। নতুন স্কুল, নতুন সহপাঠী। মনবোৰ আনন্দৰে উপচি পৰিছিল। অৱশ্যে বুকুত অজস্ৰ ভয়। বিশেষকৈ অংকৰ ছাৰজন বা কেনেকুৱা, খঙাল নে মৰমীয়াল….!
তথাপি সহজ হওঁ, নতুন সপোন গঢ়াৰ পণ লওঁ। পিছে য’তেই বাঘৰ ভয় ত’তে ৰাতি হয়। অংকৰ ছাৰগৰাকী ভীষণ খঙাল আছিল। বিশেষকৈ ব’ৰ্ডত অংক পাতি যেতিয়া সমাধান কৰিবলৈ কৈছিল, আমাৰ মুখৰ মাত হৰিছিল। চক পেঞ্চিলডাল হাতত তুলি অংকৰ সমাধানৰ সূত্ৰটো বিচাৰি উলিয়াওঁ মানে আমাৰ পিঠিত ড্ৰামচেট, তবলা শেষত হাৰমনিয়ামৰ সুৰ…।
আনহাতে ঘৰতো পিটনৰ কোনো লেখ জোখ নাই। কোনোবা আহিলে মাতিলেও পিটন, নামাতিলেও পিটন। পৰীক্ষাৰ ৰিজাল্ট নিজৰ দিলেও পিটন, আনৰ দিলেও পিটন। কেতিয়াবা কেতিয়াবা আমন জিমনকৈ বহি ভাবোঁ, নামঘৰৰ দবাটোৱে ভাল, অন্ততঃ দিনটোত দুবাৰহে বাজে।
শনিবাৰ মানেই বৰ স্ফূৰ্তি আমাৰ। কাৰণ সেইদিনা বিদ্যালয় চাফ-চিকুণ কৰা হয়। পাঠদান প্ৰায় কম হয়। তেনে এটা শনিবাৰতে এদিন ক্লাছৰ আটাইজাককে অংকৰ ছাৰে অফিচ ৰুমলৈ মাতি পঠিয়ালে। ভয়ত জীৱই লগ এৰাৰ অৱস্থা। কোনোমতে দুভৰি চোঁচৰাই গ’লোঁ। কিন্তু দুৱাৰমুখতে গোটেইসোপা গঁৰালৰ পৰা ওলোৱা মুৰ্গী পোৱালিৰ দৰে কেনি যাওঁ কি কৰো অৱস্থা। ছাৰে আমাৰ অৱস্থাটো দেখি গলগলীয়া মাতেৰে কৈছিল,
: মই বাঘ নহয় যে তহঁতক গিলি পেলাম। আহ ভিতৰলৈ সোমাই আহ। স্কলাৰশ্বিপৰ ফৰ্ম আহিছে। ফিল্ আপ কৰি মংগলবাৰৰ ভিতৰত জমা দিবি।
ৱাহ্ কি ভাল লগা খবৰ। স্কলাৰশ্বিপৰ টকাৰ লোভে আমাৰ মনবোৰ নদন বদন কৰি তোলে। লগৰ যাদৱেতো স-শব্দে হাঁহিবলৈ ধৰে। সাউৎকৈ নাকেৰে বৈ আহে আঠালতীয়া এসোঁতা শেঙুন। অৱশ্যে ছাৰৰ বাঘহেন চাৱনিত সি চুপ হয়।সৰি পৰে টোপকৈ শেঙুনসোঁতা।
পিছদিনা দেওবাৰ। পঢ়াৰ কথা কম, চিত্ৰহাৰ, ৰংগোলী আদিৰ মাজত সোমাই পৰোঁ পুৱাৰ ভাগত। নিজৰ ঘৰত টেলিভিছন নাই। চুবুৰিৰে এঘৰৰ টেলিভিছনটো চাবলৈ চুবুৰিৰ আটাইজাক ঠাহ খাই পৰোঁ। সেইদিনা আবেলি, ধুনীয়া অসমীয়া চিনেমা এখন দিব বুলি লগৰ ভদ্ৰই জনালে। টেলিভিছন নহয় যেন ন-কইনাজনীহে চাবলৈ সৱেই ভিৰ কৰিছে। আগফালৰ বাৰন্দাত টেলিভিছনটো উলিয়াই দিয়া হল। আমি কণমানিজাক বহিছোঁ শাৰী পাতি। হঠাৎ চুবুৰীৰে বৰতা এজন আহি, এচাৰি জোকাৰি আমাক লগতেই তাৰ পৰা খেদি দিলে। দুখে বেজাৰে আটাইজাক লগ হৈ আমাৰ গোঁসাই ঘৰৰ পিৰালিত আঁঠুযুৰি সেৱা কৰিছোঁ, কাৰেণ্টডাল যেন গুচি যায়। নতুবা এজাক যেন ধুমুহা আহে। পৰিয়াল সম্পৰ্কীয় দাদা এজনে ক’লে,
: সেই বুঢ়াটোৱে আমাক সদায় দৌৰায়। মৰিলেহে শান্তি।
সৰু সৰু মন। আঘাতে জুৰুলা কৰিয়ে আছিল। পুনৰ আঁঠুযুৰি আগতীয়াকৈ একাজলি সমবেদনা জ্ঞাপন কৰিলোঁ, আমাক সদায় দৌৰাই ফুৰা মানুহজনৰ নামত। তেনেকুৱাতে দেখিলোঁ চুবুৰীৰে আৰু এজন দাদা আমাৰ প্ৰাৰ্থনাত চামিল হৈছে। তাক হেনো টেলিভিছনৰ মালিকে দৌৰালে। সিও সেয়ে প্ৰাৰ্থনা কৰাত লাগিল। তাৰে মাজতে এটাই ক’লে, আমি এনেকৈ প্ৰাৰ্থনা কৰিলে ভগৱানে নুশুনিব। নামটো ব্যক্ত কৰা ভাল। কৰিলোঁ সমস্বৰে নামটো উচ্চাৰণ। ওৰহি গছৰ ওৰ ফাদিল হোৱাত শেহতীয়াকৈ আমাৰ প্ৰাৰ্থনাত চামিল হোৱা দাদাজনে গৰ্জন কৰি ক’লে,
: তহঁতে মানে আমাৰ পিতাইক মৰিবলৈ শাও দিছ।
অ’ পিতাই…. পিতাই অ’….
তাৰ এটা মাথোঁ চিঞৰে আটাইমখাৰ ঘৰে ঘৰে ৰামায়ণ মহাভাৰত সৃষ্টি কৰি দিলে। সৱৰে পিঠিত ঔকিল পৰিল। দুখে বেজাৰে পাহৰি থাকিলোঁ ফৰ্মখনৰ কথা। পিছদিনা পঢ়াশালিতহে মনত পৰিল। পিচে আমিও কম নহয়, লগৰ এজনী অন্য এখন গাঁৱৰ। তাই ফৰ্মখন ফিলআপ্ কৰি আনিছিল। আমি আটাইজাক লগ হৈ তাইৰ পৰাই চাই সকলোবোৰ ঠিক কৰিলোঁ। শেষত আহিল চহীৰ কথা। কোনো কথা নাই, ইটোৱে সিটোৰ দেউতাক হৈ চহীৰ বিনিময় কৰিলোঁ। কিন্তু তাতো লেঠা শেষ নহ’ল, একেবাৰে শেষত পয়মাল কৰিলে ব্লক অফিচাৰৰ চহীটোৱে। মোৰ মনত এটা বুদ্ধি খেলালে। কিয়নো আমি একেই ডিজাইনৰ চহী এটা আঁকিব নোৱাৰিম, চেষ্টাৰ অসাধ্য আছেই বা কি?
আটায়ে ফুলহেন ডিজাইনৰ চহীটো অঁকাৰ সময়ত এবাৰো বুজিবলৈ চেষ্টা নকৰিলোঁ তাত থকা ষ্টাম্পটোৰ কথা।
যিটো গৌৰৱেৰে অংকৰ ছাৰৰ ওচৰলৈ লৈ গৈছিলোঁ ফৰ্মখন। নিমিষতে সেই গৌৰৱ ধোঁৱাচাঙত উঠিল।
কৈছিলোঁ পুনৰ,
“ধেৎ, ইয়াতকৈ নামঘৰৰ দবাটোৱে ভাল।”
☆ ★ ☆ ★ ☆