ফটাঢোল

আপদীয়া পদ্য- হৰেশ্বৰ গোস্বামী

(১)

 ধনীৰাম মহাজনৰ এটাই চিন্তা মাত্ৰ

 জীয়েকলৈ লাগে হেনো ভাল এটি পাত্ৰ,

 খোজ-খবৰ দশোদিশ

 নাপায় একো উৱাদিহ

 দিবলৈ ৰাজী আছে যত লাগে যোত্ৰ।

(২)

টাইম পাছ কৰিব বুলি খুলি ল’লে ফেচবুক

ধুনীয়া প্ৰফাইল ফটো কৰি দিলে আপলোড,

লাইক, কমেন্ট বাট চাই

আহৰি তেও নেপায়

প্ৰেম কবিতা লিখি দেখে ঘৈণীয়েকৰ মহাকোপ।

(৩)

  বাইক চলায় তীব্ৰ বেগে চেঙেলীয়া ডেকা

 স্মাৰ্টফোনত কথা পাতে কৰি ডিঙি বেঁ‍কা

 পৰিল কৰ্ফাল খাই

 পদপথত খুন্দিয়াই

 হস্পিতেল পাইগৈহে জীৱনটো ৰক্ষা।

(৪)

উতনুৱা ডেকা ল’ৰা কৰিবলৈ কাম নাই

দোকানত আড্ডা দিয়ে লগৰীয়া লগ পাই

পাণ, গুটখা , শিখৰ

সাজপানী সহচৰ

দেউতাকৰ হোটেলৰ খানা আছে চিন্তা নাই।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *