ফটাঢোল

দদায়ে মিছা নকয়-বিশ্বজিৎ বৰুৱা

বেঞ্চখনত যেনতেন বহি আমি ছয় জনে আড্ডা চলাই থাকোঁতেই পাছফালৰ পৰা ভাহি আহিল আমাৰ সকলোৰে চিনাকি মাতটি…..

“সোণহঁত বহিছনে ?” লগে লগে…

-উ ঔ দদাই আহিল বুলি খৰখেদাকৈ বেঞ্চ খালী কৰি ইফালে সিফালে চেণ্ডেল ইত্যাদি পাৰি কাষৰীয়া স্থানসমূহ ল’লোগৈ। এই বহচোন বহ, তহঁতেই বহ বুলি দদাই বেঞ্চখনতে এমূৰে বহিল। এটাই মাত লগালে….

-কি দদাই বহুত দিন নাই; গা বেয়া হৈছিল নেকি?

 স্বভাৱজাত ভংগীমাৰে দদায়ে ক’লে-

-কিনো গা বেয়া হ’ব ঔ সোণ! এই কেইদিন অলপ গাঁৱতে লাগি আছো। এৰাব নোৱাৰা কাম বুজিছ। তহঁতমখালে বৰকৈ মনত পৰাত গুচি আহিলো বোলো দুই মিনিট এটা পাৰ কৰি যাওঁ তহঁতৰ লগত। গাঁৱৰ মূৰ্খগালে মোৰ মূৰ খাই দিছে। যিমান যি আনি দিয়, সাজি দিয় সৱ ফুটুকাৰ ফেন। বৰবাদ কৰি দিব এফালৰপৰা।

-কি কৰিলেনো দদাই গাঁৱৰ মানুহে?

-এহ নক’বি আৰু! গাঁৱৰ নাদটো দেখিলে নিজেই বুজি পাবি তহঁতে। চেল্লা…. জাবৰ পেলোৱা ডাষ্টবিন কৰি পেলালে সৱে মিলি।

-এ দদাই সেইটোনো কি ডাঙৰ কথা হ’ল। আজিকালি ঘৰে ঘৰে ৰানিং ৱাটাৰ। ক’ত নাদৰ পানী খায় মানুহে!

-ক’ৰ বাপেকৰ মূৰৰ পানী খাই খাওক। কিন্তু নাদটো নষ্ট হোৱাতো এই  গগৈয়ে সহ্য নকৰে বুজিলি। এতিয়া নাদটো য’ত আছে সেইখিনি লৈ গোট পাঁচ পোৰা মাটি আছিল আমাৰ। তাত পিতাইহঁতে বাওধান কৰিছিল। এনে ৰসাল মাটি আছিল, দহোটীয়া দুথ ডাঙৰি বান্ধিলেই বিৰিয়া দুটুকুৰা। ইফালে ভালকৈ ডেকা নহওঁতেই মই মেলটৰীলৈ যোৱাগৈ নাই জানো? ঘূৰি ফুৰোঁতে এঠাইত এবাৰ বৰ ভাল মূলা এডৰা পাই সঁচটোকে ৰাখোঁ বুলি পকি মৰমৰিয়া হৈ থকা কেইসিৰামান গুটি ছিঙি জেপতে সুমুৱাই থৈ দিছিলো। এইফালেদি চীন বৰ্ডাৰলে হেলিকপ্তাৰেদি যুদ্ধলৈ যাওঁতে আমাৰ মাটিডৰা পাই পাইলটক অলপ তলেৰে লাহে লাহে চলাবলৈ ইংগিত দিলো বোলো এনেই থকাতকৈ গুটি কেইটাকে সিঁচি থৈ যাওঁ। কথা মতেই কাম। ইফালে যুদ্ধতো জিকিলো। ঘৰলৈ আহোঁতে মোক চাবলৈ মানুহৰ হেতা-ওপৰা লাগিল। গামোচাৰ ভৰত তিনিদিনলৈ ডিঙিৰ বিষে ধৰিলে। এদিন ভাতৰ পাতত বহি দেখিছো শুদা বৰালি মাছ দুপিচ্। খঙে চিধা মূৰ পালেগৈ। আইক ক’লো…

-বাওতলিত মূলা সিঁচিছিলো, নহ’ল নেকি? 

আয়ে বোলে….

-ক’ত মূলা সিঁচিছিলি… মোক কৈছিলি জানো?

ভাতৰ পাত এৰি চিধা মূলা সিঁচা ঠাই পালোগৈ। মনটো ভাল লাগি গ’ল। চাৰিওফালে লহপহকৈ বাঢ়িছে মূলাবোৰ। তাৰে দুজোপামান উভালিলো। কুমলীয়া মূলাবোৰ চাৰি পাঁচহাত। গাঁৱৰ মানুহ আচৰিত। ক’লো- যাক যিমান লাগে লৈ যা মাত্ৰ সঁচটো থ’বি। খবৰ আহিল আকৌ যুদ্ধ। এইবাৰ যাব লাগে শ্ৰীলংকা। যুদ্ধত জিকি ঘৰলৈ আহিলো। গামোচা পিন্ধি আকৌ ডিঙিৰ বিষ লাগিল। গাঁৱৰে বদন মাষ্টৰ আহি ক’লে…..

-বোপাই যোৱাবাৰ যি মূলা খুৱালি কোনোদিন নাপাহৰো।তোৰ কথা মতেই ভাল চাই মূলা এজোপা সঁচলে থৈ দিছো।বুঢ়া হৈছে লৈ আহিবিগৈ। 

আবেলি ওলালো পাহৰাৰ আগতেই মূলা জোপা আনি থওঁ বুলি। গৈ দেখিলো মূলাজোপা এজোপা প্ৰকাণ্ড ভীমকল হেন হৈ আছে। উভালিবলৈ অনৰ্থক চেষ্টা এটা চলালো। নাই নোৱাৰি। পথাৰত থকা দুটামানক মাতিলো। গোটেইকেইটাই জোৰ লগালো। নাই নোৱাৰি। গাঁৱত খবৰ দিলো। ইফালে সন্ধ্যা হৈ আহিল। ৰাইজ আহিল দা-কোৰ লৈ। কোনো কোনোৱে গেছ লাইট জ্বলাই পোহৰৰ ব্যৱস্থা কৰিলে। মোৰ মেলটৰী কায়দা লগাই দিলো। ৰাইজে মূলাজোপাৰ চাৰিওকাষ খান্দিবলৈ লাগি গ’ল।ৰাতি পুৱাল কিন্তু ৰাইজ এৰাত নাই। পাল পাতি পাতি খান্দি ছদিন ছৰাতিৰ অন্তত মূলাৰ গুৰি পালোগৈ। মৌজাদাৰৰ ঘৰৰ দুয়োটা দঁতাল হাতী আৰু গোটেই গাঁৱৰ ৰাইজে টানি-আজুৰি অৱশেষত মূলাটো উলিয়াই আনিলো। মূলাজোপা থকা সেই গাঁতটোকেই গোটেই গাঁৱৰ ৰাইজে ৰাজহুৱা নাদ হিচাপে ব্যৱহাৰ কৰি আছিল। কেনেকে সহ্য কৰো? তহঁতেই ক চোন!!

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *