আপদীয়া পদ্য-কুমকুম শৰ্মাবৰুৱা
(১)
সাপে বেঙক দেখিয়েই লগালে মাত
হয় বোলো তুমি কোনফালে ল’লা বাট
বেঙে ক’লে তপৰাই
তুমিযে নাখাবলই
কি কৰোঁ মই ভাবিয়েই নাপাওঁ তত।
(২)
মদ-ভাং নাখাবানা প্ৰেমিকাই ক’লে
নাখাওঁ বাৰু কৈছোঁ উৎসৱ নহ’লে
ফুলশৰ্যা ৰাতিয়েই
দৰা ৰাজে ধৰিলেই
কইনাই মা-বাপ সকলোকে স্মৰিলে।
(৩)
শিক্ষকে ক’লে শ্ৰেণীত নাপাতিবা কথা
হয় ছাৰ আমি বাৰু নাপাতোযে কথা
হৰষিতে শিক্ষকেও
ভালকৈয়ে পঢ়ালেও
ছাত্ৰই পিছে গান গায় ঘূৰাই মাথা।।
☆ ★ ☆ ★ ☆