ফটাঢোল

প্ৰতিশ্ৰুতি-চন্দামিতা শৰ্মা

পূৰ্বৰাত্ৰিৰ চিন হিচাপে  সামান্য উখহি থকা চকু দুটা হাতেৰে মোহাৰি মোহাৰি কে.আৰে.  বেলকনিত থকা  প্ৰায়  ডেৰমোনমান ভৰ সহিবপৰা আৰামী চকীখনতে  ধুপুচকৈ নিজৰ গাটো এৰি দিলে।

কিছু চাহিত্য(সাহিত্য)  কৰিলে, চংগীত(সংগীত) কৰিলে,  হাই পাব্লিক ৰেংকিং পোৱা নাচে গানে ভৰপূৰ ধাৰাবাহিকত ইনভেষ্ট কৰিলে ইত্যাদি বিভিন্ন কাম কৰি ভাগৰি পৰাৰ পিছত, শেহতীয়াকৈ মন মেলিছে   ৰাজনীতিত নামিবলৈ। জীৱনটোত যদি ৰাজনীতিয়েই নকৰিলে তেন্তে সোঁৱে-বাৱে ইমান টকা ঘটাৰ অৰ্থনো ক’ত থাকিল। টকা উপাৰ্জনৰ ৰাস্তাত অজস্ৰ  ৰাজনীতি কৰিলে। এইবাৰ কিন্তু সেই ৰাজনীতি নহয়,  একেবাৰে প্ৰত্যক্ষ ৰাজনীতি।জীৱনটোত  ৰাইজৰ নামত কত কাম কৰিলে! ভূঁই ৰুব পৰা ৰাস্তাৰ নামত কাগজে কলমে ৰাস্তা  বন্ধা দেখুৱাই  কত কমিছনৰ অংক কৰিলে। কিয় তাৰে পইচা জানো ওপৰৱালাই পোৱা নাই? তেওঁলোক জানো সমাজৰ অংগ নহয়।সমাজৰ মানুহ মাত্ৰেই  ৰাইজ!এতিয়া মাথো বাকী আছে ৰাইজৰ প্ৰতিনিধি হৈ আৰু কিছু স্থায়ী কাম কৰিবলৈ যেনে….

 নিজৰ নামত স্কুলঘৰ সজা, ৰাস্তা সজা, সভাগৃহ সজা আৰু পাৰিলে ৰাজহুৱা স্থানত নিজৰ মূৰ্তি সজা। প্ৰখ্যাত সেই ইউনিভাৰ্চিটি নে কিবা,তাৰে যদি ভি. চি নে কি সেইজনাই  চৰকাৰী খৰচত পাৰে , তেন্তে ৰাইজৰ প্ৰতিনিধি হৈ তেওঁ কিয় নোৱাৰিব? অলবৎ পাৰিব । ৰাজনীতিৰ  পথাৰত খোজ দিবলৈ ইতিমধ্যে তেওঁ প্ৰাৰম্ভিক কুচকাৱাজ আৰম্ভ কৰি দিছেই।

এতিয়ালৈকে অৱশ্যে মনৰ কথা ৰাজহুৱাকৈ বেকত কৰা নাই কিন্তু শ্ৰীমতীক কথাটো কৈছে। তাৰে চিন হিচাপে কালিৰ পাৰ্টিটো আছিল। পাৰ্টি এটা দি হে কথা জনোৱাটো বৰ্তমান সময়ত  নিয়ম আৰু সেই নিয়ম তেওঁ নিজৰ একমাত্ৰ পুত্ৰৰপৰা ভালকৈ শিকিছে। সি দেখোন বছৰটোত কাপোৰ সলোৱাদি সলোৱা গাৰ্লফ্ৰেণ্ড কেইজনীক পাৰ্টি এটা দি হে লগৰবোৰৰ লগত চিনাকি কৰাই দিয়ে। কৰক এনজয়, ডেকা ল’ৰা, এই বয়সত নকৰি কেতিয়া কৰিব?যুগৰ লগত মিলিবই লাগিব,  নহ’লেনো ষ্টেণ্ডাৰ্ড ক’ত থাকিব? শ্ৰীমতীৰপৰা সেউজ সংকেত পোৱাৰ পিছতহে তেওঁ আগবাঢ়িছে।অৱশ্যে কথাটো ভাবি মিচেছ বৰ্মন পুলকিত হৈ আছে। যদি কিবাকৈ কে.আৰ বৰ্মন মন্ত্ৰী হৈ যায়,  আঃ!…মন্ত্ৰীৰ পত্নী হৈ চিপাহী-চন্তৰীৰ মাজত, …আগে পিছে   ছিকিউৰিটিৰ গাড়ী…  ক’লা গ্লাছৰ গাড়ীত বহি যোৱা মন্ত্ৰীৰ পত্নী … আঃ……কেনে   ভাল লগা কথা ! 

পিছে এতিয়া আচল কথাটো হ’ল ৰাজনীতিৰ পথাৰত প্ৰথম খোজ কেনেকৈ দিয়া যায় । কে. আৰ. অলপ চিন্তিত হ’ল।অট্টালিকা সদৃশ ঘৰটোত ইটো সিটো কাম কৰা কোনোবা এজনে তেওঁৰ কাষত থৈ যোৱা পানীৰ বটলটোৰপৰা এঢোক পানী গলাধঃকৰণ কৰিলে। লগে লগে তড়িৎ গতিৰে  এটা সুন্দৰ আইডিয়া তেওঁৰ মনত খেলালে। হ’ব পাৰে তেওঁ প্ৰতিটো শ্ৰেণীতেই মিনিমাম দুবাৰ জিৰাই-শতাই ক্লাছ চেভেন পাই পঢ়াৰ প্ৰতি বিতৃষ্ণা জন্মি, পঢ়াক শতকোটি নমস্কাৰ কৰা মানুহ…. কিন্তু বেঁকা বুদ্ধিত দেখোন তেওঁ অদ্বিতীয়  । কি হ’ব পঢ়ি? ভূতৰ ওপৰত দানহ পৰাদি চেভেনৰ বছেৰেকীয়া পৰীক্ষাত নকল কৰাৰ বাবে বহিস্কৃত হোৱাৰ পিছত

পঢ়া-শুনাক চিৰদিনৰ বাবে বিদায় দিলেও নাকটো মোহাৰিলেই বুদ্ধি ওলোৱা মানুহ তেওঁ । এনেবোৰ কাৰণতে তেওঁ কেদোৰাম বৰ্মনৰপৰা বৰ্তমানৰ কোটি টকীয়া ঠিকাদাৰ কে. আৰ।

 নিজে ভবা আইডিয়াত নিজেই উৎফুল্লিত হ’ল । আঃ বঢ়িয়া । ব্যস্ততাৰ বাবেহে নিজৰ গাঁৱলৈ বহুবছৰ যাব পৰা নাছিল। কিন্তু এতিয়া লাগিব,  গাঁওখন লাগিব । গাঁওৰ মানুহখিনি,   মানুহখিনিৰ ভোটখিনি তেওঁক লাগিব। 

শ্ৰীমতীৰ লগত কথাটো আলোচনা কৰিবলৈ তেওঁ বেডৰুমলৈ খোজ ল’লে।  আলোচনাৰ শেষত ঠিক হ’ল কাইলৈ তেওঁলোক গাঁৱলৈ যাত্ৰা কৰিব।পিছদিনা ৰাতিপুৱাই কে.  আৰ পত্নীসহ গাঁৱলৈ ওলাল। দুইঘন্টীয়া ৰাস্তাৰ শেষৰ চাৰি কিলোমিটাৰমান  মূল ৰাস্তাৰপৰা গাঁৱলৈ সোমোৱা।এইখিনি ৰাস্তা অতি বেয়া,ওখোৰা-মোখোৰা। তেওঁৰ আন্দাৰতে বনোৱা ৰাস্তা। জোকাৰণিত কঁকালৰ বিষ হোৱাত শ্ৰীমতী বৰ্মনৰ খং উঠিছিল যদিও ভৱিষ্যতৰ নিৰ্বাচন …ভোট….মন্ত্ৰী… আদি   ছবিখন চকুৰ আগত ভাহি উঠাত, মুখৰ খং ভাব নোহোৱা হৈ সামান্য মিচিকিয়া হাঁহিৰ আৱিৰ্ভাব হ’ল। গাড়ী যেতিয়া গাঁৱত সোমাল,  ইয়াৰফোন লগাই হাই স্পীডত বাইক চলাই যোৱা ডেকা কিছুমানলৈ চাই থাকোঁতে  ল’ৰা-ছোৱালী কিছুমানে গাড়ীখন আগুৰি   ধৰিলে। 

: স্কুলত যোৱা নে নাই? ৰুমালেৰে নাকটো সামান্য ঢকাৰ দৰে কৰি শ্ৰীমতী বৰ্মনে সোধা প্ৰশ্নত , ল’ৰা-ছোৱালীজাকে সমস্বৰে চিঞৰি উঠিল – যাওঁ ।

: তেন্তে এতিয়া ইয়াত কিয়? এতিয়াতো স্কুলত থকাৰহে সময়? ৰাজনৈতিক নেতাৰ পত্নীৰদৰে সামাজিক দায়িত্ববোধ(?) দেখুৱাই শ্ৰীমতী বৰ্মনে সোধা প্ৰশ্নত, এইবাৰ ল’ৰা-ছোৱালীজাকে প্ৰায় বিৰক্তি প্ৰকাশ কৰি সমস্বৰে চিঞৰি ক’লে….

: মিডডে মিল খাবলৈহে  গৈছিলোঁ, খাই আহিলোঁ । এতিয়া  ঘৰত মোবাইলত গেম খেলাৰহে সময়! 

ধূলিত পোত খোৱা গাড়ীখনৰ পিছফালৰ গ্লাছত দুটামানে আঙুলিৰে ঘঁহাই নিজৰ নিজৰ নামটো লিখি শেষ কৰাৰ আগেয়ে বাকী কেইজন নিজৰ ঘৰলৈ ঢাপলি মেলিলে ‘গেম’ খেলিবলৈ।

কে. আৰ. সন্তুষ্ট হ’ল গাঁৱৰ ‘উন্নতি’  দেখি। বঢ়িয়া সঠিক ঠাইত তীৰ মাৰিব পৰা যাব। পঢ়া-শুনা কৰি গাঁৱক পিঠি দিয়াকেইটা যেতিয়া গাঁৱলৈ উভতি নাহেই,  গতিকে …।বাইক, মোবাইল যেতিয়া ঘৰে ঘৰে, সঠিক ‘নিচানা’ লগাব বঢ়িয়া হ’ব।কে. আৰ . আৰু পত্নী গৈ গাঁৱৰ  ৰাজহুৱা নামঘৰৰ সম্মুখত থিয় দিলে।তাত গোট খোৱা মানুহখিনিৰ মাজত উছাহ। নহ’বনো কিয়,  গাঁৱৰে ল’ৰা এজন আহিছে , তাকো এতিয়া চহৰৰ এজন ধনীলোক! গোটখোৱা মানুহখিনিৰ লগত কথা পাতি গম পালে এতিয়া হেনো গাঁওখনত  নামঘৰ তিনিটা!আধুনিক ৰূপত ভাওনা পতা, কৃষ্ণ জন্মাষ্টমীত হিন্দী ভাষাৰ গায়ক মতা ইত্যাদি নানা ধৰণৰ মতৰ অমিল ঘটি বৰ্তমান গাঁওখনত তিনিটা নামঘৰ! হ’বই !

কে. আৰে গম পালে তাত চাউল নিসিজিব। তথাপিও নাকটো মোহাৰি গহীন সুৰেৰে ক’লে – মই প্ৰতিটো নামঘৰৰ উন্নয়নৰ বাবে দুইলাখকৈ দিম। 

লগে লগে চাৰিওফালে হাত চাপৰিৰ ৰোল উঠিল। মিচিকিয়া হাঁহি এটা বিৰিঙাই অভিবাদন গ্ৰহণ কৰি কে.  আৰে চাৰিওফালে চকু ফুৰালে। 

:পাই গ’লো।

 বখলা বখলকৈ চুলি কটা আৰু হেডফোনৰ তালে তালে গা নচুৱাই থকা ল’ৰা এজনক দেখি মনতে চিঞৰি  উঠিল ।

চকুৰ ইংগিতেৰে তাক কাষলৈ মাতি লাহেকৈ সুধিলে….

: হেৰা ডেকা ল’ৰা  , তোমালোকৰ লগৰবিলাকক লগ পাব লাগিছিল হে।

: কিয়? এনেয়ে নহ’ব কিন্তু ।

এহাতেৰে হেডফোনটো একাণৰপৰা গুচাই এক বিশেষ কায়দাৰে ল’ৰাজনে ক’লে।

: নাই নাই । মই এনেয়ে কাম কৰাবিধৰ নহয়। ব’লাচোন তোমাৰ লগতে যাওঁ । লগ ও পাম, কথাও পাতিম।

শ্ৰীমতী বৰ্মণক গাঁৱৰ মহিলাখিনিক বিভিন্ন ধৰণৰ লোন লৈ কিদৰে স্কুটি, বিভিন্ন ডিজাইনৰ কাপোৰ আদি কিনিব পাৰি তাক বুজাবলৈ দি তেওঁ ল’ৰাজনৰ লগত সিহঁতৰ ক্লাবলৈ গ’ল।

: তোমালোক হ’লা ডেকা ল’ৰা। এই বয়সটোৱেই হৈছে স্ফূৰ্তি কৰা, এনজয় কৰাৰ সময় । বুঢ়া হ’লে কৰিবা নেকি? গতিকে এটা কাম কৰা, এমাহ পিছত ব’হাগ বিহু আহি আছে, গতিকে ব’হাগী আদৰণি, ব’হাগ আদৰণি, ব’হাগী বিদায় আদি কৰি ছমাহমান উৎসৱটো চলাই নিয়া। কমিটিত কেনে কেনে মানুহ থাকিব লাগিব  সেয়া  নিশ্চয় বুজিছাই।  প্ৰাইজো সেই  হিচাপত  পাব। মেইন ৰাস্তাইদি যোৱা গাড়ী,  বিজনেচমেন আদিৰপৰা পইচা আহি যাব। বাকী থাকিল তোমালোকৰ মোবাইলৰ ৰিচাৰ্ছ আৰু ডেইলীৰ খানা,  সেয়া মই  মেনেজ কৰিম।মুঠতে  এই সাতমাহমান সেই কামত মন-প্ৰাণ দি লাগি যোৱা ।কে. আৰৰ কথা শেষ হ’বলৈ নাপালেই,  লগে লগে হাত চাপৰিৰ শব্দৰে চৌপাশ ৰজনজনাই গ’ল। এয়াহে কথা। ডেকাসকলৰ মাজত উথপথপ লাগিল। খেতিৰ মাটি বেচি দামী বাইক কিনা ডেকা দুজনমানে  আনন্দতে কে. আৰক দাঙি উঠাই লৈ জয়ধ্বনি দিলে ।

আঃ বঢ়িয়া! নিজৰ কামত সন্তুষ্ট হৈ কে. আৰ উভটিল গাঁৱৰপৰা। কিন্তু  শ্ৰীমতী যেন কিছু অসন্তুষ্ট! 

: হেৰা , মুখখন  শাওণমহীয়া আকাশৰদৰে ওন্দোলাই আছা যে , কি হ’লনো? লাহেকৈ কে.আৰে সুধিলে।

:কি হ’ল মানে? এই যে অ’ত একলাখ, ত’ত পাঁচলাখ আদি দিম বুলি কৈ আহিছা , ইমানসোপা পইচা খৰচ কৰাৰ যুক্তি ক’ত?সেইসোপাৰ নামত পইচা খৰচ কৰাৰ কিবা দৰকাৰ আছে নেকি? 

জকজকাই উঠা শ্ৰীমতীৰ কথাত হো-হোৱাই হাঁহি উঠিল কে.আৰ.।

হাঁহি শুনি  পেন্দোৱাকৈ চোৱা শ্ৰীমতীৰ ফালে চাই বিদগ্ধ পণ্ডিতৰ লেখিয়াকৈ কে.আৰে ক’লে , 

: হেৰা ,  মগজুৰ কচৰৎ নকৰাকৈ , একো শ্ৰম নকৰাকৈ ,   ভাত খাবলৈ দি এজাক প্ৰভুভক্ত পোহাটোৱেই আজিৰ যুগৰ ৰাজনীতিৰ মূলমন্ত্ৰ ।ভোট বেংক ঠিক কৰি লোৱা আৰু বাচ চলি থকা।অ’…. আৰু  এটা কথা, এই যে তুমি পইচা দিয়াৰ কথা কৈছা,  মই জানো পইচা দিলোঁ? প্ৰতিশ্ৰুতিহে দিলোঁ । এই যে পাঁচশ কোটি টকাৰ সাহায্য,  কোনোবা ঠাইৰ উন্নয়নৰ বাবে এহেজাৰ কোটি টকাৰ ঘোষণা , সেইবোৰ সকলো প্ৰতিশ্ৰুতি।পূৰণ হোৱা শুনিছা নেকি? দি থাকা লাখ লাখ টকাৰ প্ৰতিশ্ৰুতি,  কি আহে যায়।

পুনৰ হো-হোৱাই হাঁহি উঠা কে. আৰ.ক একো নকৈ মিচেছ বৰ্মনে লাহেকৈ গাড়ীৰ ছিটত মূৰটো পেলাই দিলে। চকুত ভাহি উঠিল ক’লা  গ্লাছৰ গাড়ী… ব্যস্ত মহানগৰীৰ ব্যস্ততাৰ মাজতো খালী ৰাজপথ…আস্ , কি যে সুখানুভুতি!

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *