ফটাঢোল

কৌতুক – কুঞ্জ খাউণ্ড

(১)

বহু দিনৰ মূৰত শহুৰৰ ঘৰলৈ অহা জোৱায়েকক বৰ আদৰ সাদৰ কৰি শহুৰে সুধিলে—জোৱাই, তুমি হেনো বৰ মদ খোৱা৷ হয়নে বাৰু?

জোৱায়েকেও খাওঁ বুলিয়েই উত্তৰ দিলে। শহুৰে পুনৰ সুধিলে–কিমান খোৱা, সদায় খোৱানে?জোৱায়ে বোলে – মই সদায় নাখাওঁ, এদিন এৰি এদিন খাওঁ। মানে সপ্তাহত চাৰিদিন খাওঁ।

শহুৰে আকৌ সুধিলে কিমান বছৰ হ’ল মদ খাবলৈ লোৱা? জোৱায়ে বোলে আপোনাৰ জীয়েকক বিয়া কৰোৱাৰ পিছৰ পৰাই, মানে পোন্ধৰ বছৰ হ’ল। লগতে এদিনৰ মদৰ নামত দুশ টকাকৈ খৰচ হয় বুলিও ক’লে।

এইবাৰ শহুৰে ভিতৰলৈ গৈ কাগজ কলম লৈ হিচাপ কৰাত লাগিল। সপ্তাহৰ চাৰিদিনত দুশ টকাকৈ আঠশ টকা হলে এমাহত ৩২০০টকা। এবছৰত ৩৮৪০০টকা হয়। সেই হিচাপে পোন্ধৰ বছৰৰ  খৰচ উলিয়াই শহুৰৰ মূৰ ঘূৰিবলৈ ধৰিলে। খৰচৰ হিচাপটো জোৱায়েকৰ হাতত দি ক’লে–এইখিনি টকা তুমি মিউচুৱেল ফাণ্ডত থোৱা হ’লে কৌটি টকাৰ মালিক হ’লা হয়। আৰু এখন মাৰ্চিডিচ গাড়ী ল’ব পাৰিলা হয়। শহুৰেকে জোৱায়েকক বুজাই থাকোতে জোৱায়েকৰ বৰ খং উঠিল আৰু ওলোটাই সুধিলে–দেউতা আপুনি মদ খায়নে?  শহুৰে ইচ্ আচ্ কৰি ’মই মদ নাখাওঁ’ বুলি ক’লে। তেতিয়া জোৱায়েকে খঙতে শহুৰৰ মাৰ্চিডিচ গাড়ীখন ক’ত আৰু  দেখুৱাবলৈ কোৱাত শহুৰ উঠি ভিতৰলৈ দৌৰ মাৰিলে। ☺️☺️☺️

(২)

এগৰাকী মহিলাই সাংবাদিক গোস্বামীলৈ ফোন কৰি অতি মধুৰ কণ্ঠেৰে সুধিলে–গোস্বামী ডাঙৰীয়া, আপুনি “জেট এয়াৰ ৱেজ” কিনিব বিচাৰে নেকি? সাংবাদিক গোস্বামীয়ে আচৰিত হৈ কলে–আপুনি এইবোৰ কি কৈছে? -মই ইমান পইছা ক’ত পাম আৰু কিনি কৰিমেইবা কি? মহিলাই পুনৰ মিঠা মাতেৰে ক’লে–আপুনি নোৱাৰিলেও আপোনাৰ অঙহী বঙহী কোনোবা ওলাবনেকি কিনিবলৈ? এইবাৰ সাংবাদিকে অলপ খঙেৰেই ক’লে—ইমানবোৰ পুঁজিপতি থাকোঁতে মোলৈ কিয় ফোন কৰিলে এই বিষয়টো লৈ? –মহিলাই এইবাৰ অলপ গহীন হৈ ক’লে– নহলে আপোনালোকেই বাতৰি আৰু টিভিত চিঞৰিব নহয় মোডীয়ে আমাৰ সম্পতিবোৰ আদানি আম্বানীক বেছিলে বুলি—সেয়েহে!!!

 

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *