ভাৰাঘৰত ভোট জলকীয়াৰ খেতি -দিগন্ত তালুকদাৰ
যোৱা বিশটা বছৰত পশিচটামান ভাৰাঘৰ সলাই দেহাটো আধামৰা হ’ল আৰু চুলি দাঢ়ি পকি ভোবোকাৰ হ’ল। উপাধিটোৰ যথাযথ সন্মান ৰাখিবলৈ চুলিবোৰ কেজি ওজনত সৰি তালুখন ওলায়ো সভা শুৱনি হ’লোঁ। ভাৰাঘৰ মানেই মূৰৰ বিষ! কেতিয়া পানী নোহোৱা হয়, কেতিয়া লাইট নোহোৱা হয় আৰু কেতিয়া মালিকৰ বেয়া লাগি হঠাতে দুদিনৰ ভিতৰত ঘৰ খালী কৰিবলগা হয় তাৰ কোনো ঠিকনা নাই। প্ৰভু ঈশ্বৰে ভাবি-চিন্তিয়েই ভাৰাঘৰত থকা মানুহবোৰৰ ভৰিত চকা লগাই দিয়ে জন্মৰ পৰতে, যাতে আহুকাল নহওক।
বিয়া হোৱাত বেচ্ছেলৰহুদ বিসৰ্জন দিব লগা হ’ল আৰু শ্ৰীমতীৰ আগমনৰ বাবে এইবাৰ অৱধাৰিতভাবেই ভাৰাঘৰ সলনি কৰিব লগা হ’ল। ঠাইটুকুৰা ধুনীয়া, নীলাচলৰ বুকুত হোৱা বাবে শ্ৰীমতীৰ ঘৰ পচন্দ কৰোঁতে দেৰি নালাগিল। ইফালে মালিকজন মোৰ আগৰেপৰাই চিনাকি। মালিকে আশ্বস্ত কৰিলে যে পানীৰ অসুবিধাত তেওঁলোকে ভাৰাতীয়াক কেতিয়াও পেলোৱা নাই। দৰকাৰ পৰিলে কিনি পৰ্যন্ত পানীৰ যোগান দিয়ে। লাইটৰ মিটাৰৰ প্ৰতি ইউনিট অইনে ১২ টকাকৈ লয় কিন্তু তেওঁলোকেহে ১০ টকাকৈ প্ৰতি ইউনিটত লোৱা সেই অঞ্চলৰ একমাত্ৰ পৰিয়াল বুলিও জহালে। গেছ-চিলিণ্ডাৰো মাজে সময়ে হেনো তেওঁলোকৰ কাৰ্ডেৰেই আনি দিয়ে ইত্যাদি বিভিন্ন প্ৰতিশ্ৰুতিৰ বন্যা নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলবোৰে দিয়াৰ নিচিনাই বোৱাই দিলে। শ্ৰীমতীৰ বাবে গুৱাহাটী একদম নতুন। গতিকে গুৱাহাটী সন্দৰ্ভত যে সম্পূৰ্ণ ব’মভোলা সেয়া মই জানো। তাই মুখ মেলি কথাবোৰ শুনি গ’ল। মই পিচে মালিকবিলাকৰ এনে প্ৰতিশ্ৰুতিত ভোল যোৱা ভকত নহয়। যোৱা বিশটা বছৰে কম জ্বালা খাইছোঁনে?
নতুন ভাৰাঘৰত আমাৰ সংসাৰৰ নৌকা টুলুং-ভুটুঙকৈ আগবঢ়ালোঁ। লাইটৰ ১০ টকা প্ৰতি ইউনিট বাদ দি মালিকে কথা দিয়ামতে কোনোটো কথাই নাৰাখিলে। চাপ্লাইৰ পানী কিবা কাৰিকৰী বিজুতিৰ বাবে নাহিলে ভৰ বাৰিষাও মালিকৰ কুঁৱাত পানী নাথাকে। পানীৰ মেছিনটো চলাব লগাত পৰিলে মালিকৰ থাৰ্ম’মিটাৰ ফাটি যোৱালৈকে জ্বৰ উঠে। গেছ চিলিণ্ডাৰ হঠাৎ নোহোৱা হ’লে মালিকৰ কাৰ্ডখন হেৰায়। ব্লেকত কিনিম বুলি ক’লেই কিবাকিবি কৰি পিছদিনাই তেওঁলোকেই দুশ টকামান বেছিকৈ লৈ ক’ৰবাৰ পৰা মেনেজ কৰি সহায়ৰ চিনাকি হাতখন আগবঢ়াই দিয়ে। আলহী-দুলহী আহিলে দুই এবাৰ কেৰেহা-কেৰেহীকৈ ড্ৰয়িং ৰূমৰ ওচৰত ভুমুকিয়াই আৰু ৰাতিলৈ মালিকৰ ঘৰত পানী বিষয়ক চিঞৰ-বাখৰ বেছি হয়। মুঠতে এশ এবুৰি সমস্যা। শ্ৰীমতীয়ে ত্ৰাহি ত্ৰাহি কৰিবলগীয়া হ’ল। মোৰ অভ্যাস আছিলেই বাবে মোৰ মস্তিষ্কৰ গঁড়ৰ ছালত কোনো আচোঁৰ নপৰিল। এনেতে এদিনাখন শ্ৰীমতী সন্তানসম্ভৱা হ’ল আৰু আমাৰ জীৱনত নতুন আভাৰ জিলমিল আৰম্ভ হ’ল। শ্ৰীমতীৰ মনলৈ হঠাৎ আহিল ফুলৰ খেতি কৰাৰ কথা। দুয়ো গৈ সোণাপুৰৰ নাৰ্চাৰীৰ পৰা ফুল, টাব আৰু কেঁচুসাৰ লৈ আহিলোঁ। পেটৰ পোৱালিৰ লগতে ফুল কেইজোপাও বাঢ়িল। চালে চকুৰোৱা হ’ল। মালিকনীয়ে আহি সদায় ৰাতিপুৱা ফুলকেইজোপালৈ চাই ইস্ইস্ আস্আস্ কৰে। ইমান বছৰে তেওঁ কৰিব নোৱাৰা কামটো হেনো আমি ভাৰাতীয়াইহে কৰিলোঁ। ঠাট্টাই কৰে নে প্ৰসংশাই কৰে ধৰিবকে নোৱাৰোঁ। নাই, তেওঁৰ কোপদৃষ্টিৰ পৰা ফুল কেইজোপাক বচাই ৰাখিব নোৱাৰিলোঁ। এদিন কাহিলি পুৱাতেই আমাৰ ভাৰাঘৰলৈ সৰুৱে-ডাঙৰে মিলি এজাক ‘মাৰুটী’ৰ মানে বান্দৰ প্ৰভুৰ আগমন হ’ল আৰু ফুলকেইপাহক পাৰে মানে লপা-থপা দি উধাও হ’ল। ফুলৰ টাববোৰ ভাঙিলে আৰু মাটিৰে আবতৰীয়া ফাকু খেলিলে। আঠ-দহডাল ফুলৰ মাথোঁ দুডালমানেহে কিবাকৈ উশাহ লৈ থাকিল। পিছত বহু যত্ন কৰিও আৰু ফুলৰ গছকেইডালক আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰিলোঁ। ভাৰাঘৰৰ ফুলপ্ৰীতি সিমানতেই মোতামোতি অন্ত পৰিল। এনেতে খাবলৈ অনা ভোট জলকীয়াৰ গুটিকেইটামান শ্ৰীমতীয়ে ভঙা টাবটেই সিঁচি থ’লে। মাটিবোৰ সাৰুৱা বাবেই চাগে দুডাল ভোট জলকীয়া লহপহকৈ বাঢ়িল। বাঢ়িল মানে তিনিমাহমান পিছত লোমালোমে লাগিল। সাইলাখ ফুলকেইজোপাৰ নিচিনাই লগা হ’ল। আমি দুয়ো খোৱাতকৈ গছকেইজোপা চাই থাকিয়েই বেছি প্ৰশান্তি পাওঁ। মালিকনী আহে আৰু জলকীয়াকেইটাৰ ওপৰত শেন দৃষ্টি নিক্ষেপ কৰি যায়। তেওঁ দৃষ্টি নিক্ষেপ কৰিলেই মোৰ ভয় লাগে। জলকীয়া গছকেইজোপা ভষ্ম হৈ যাব যেনেই লাগে একেবাৰে। লোভত ৰ’ব নোৱাৰি কেতিয়াবা সোধে- ‘এটা চিঙোনে?’ আমি বোলো- ‘জলকীয়াহে চিঙক!’
লাহে লাহে ভোট জলকীয়াৰ ওপৰত বাকী আন ভাৰাতীয়া দুই এজনৰো চকু পৰিল। ৰাতি শোওঁতে গণি থওঁ। ৰাতিপুৱালৈ দুই চাৰিটা কমি থাকে। কোনে হাত চাফ কৰে পাত্তাই নাপাওঁ। মালিকনীক ক’লে ঠিকচে গুৱালগালি পাৰে আৰু চোৰক জহনীত যাবলৈ শাওপাত দিয়ে। এই আধুনিক যুগত চোৰক জানো জহনীয়ে নিব পাৰিব? চুৰি কাৰ্য্য চলি থাকে। মই মনতে চিন্তা কৰোঁ ভোট জলকীয়াৰে কি কি ব্যঞ্জন চাগে চোৰ মহাৰাজে উদৰস্থ কৰিছে। ভোট জলকীয়াৰ লগত নগা ষ্টাইলৰ গাহৰি, পঁইতা ভাতৰ লগত মোহাৰি লোৱা ভোট জলকীয়া, কেঁচা আম কুটাত ভোট জলকীয়া, সৰিয়হ আৰু আমচুৰ পাউদাৰ মাজত ভৰাই খাটি মিঠাতেলত ভোট জলকীয়াৰ আচাৰ আৰু কত কি?
এইবোৰৰ মাজতেই আমাৰ প্ৰথম সন্তানটি পৃথিৱীলৈ আহিল আৰু শ্ৰীমতী ঘৰলৈ গ’ল। ময়ো সঘনাই ঘৰলৈ তাঁত-বাতি কাঢ়িবলৈ ল’লোঁ। চেগ বুজি মালিকনীয়ে এদিন মোক ক’লে যে জলকীয়াকেইজোপা আৰু ফুলকেইজোপাই যোৱা কিছুদিন খুউব কষ্ট পাইছে। কাৰণ সময়ত পানী অকণ দিবলৈ বা আপডাল কৰিবলৈ মানুহৰ অভাৱ। গতিকে তেওঁৰ বাৰন্দালৈ লৈ গ’লে গছকেইজোপা জীয়াই থাকিব আৰু ফল-ফুলো দি থাকিব। মই ভালেই পালোঁ আৰু ভাবিলোঁ তেওঁৰ ওচৰত থাকিলে চোৰেও ইমান উপদ্ৰপ চলাব নোৱাৰিব; গছকেইজোপা শান্তিত থাকিব। তেওঁক হা কোৱাৰ মাত্ৰকেই ছোৱালীজনীৰ লগত মিলি পাঁচ মিনিটৰ ভিতৰত মোৰ বাৰান্দাখন পৰিষ্কাৰ কৰি পেলালে। এসপ্তাহমান পিছৰ পৰাই মালিকনীৰ কথাৰ ধৰণ-কৰণ অলপ সলনি হ’ল। অফিচৰ পৰা গৈ এদিনাখন আবেলি পকা ভোট জলকীয়া এটা চিঙিব খোজোঁতেই ক’লে যে আবেলি পৰত হেনো জ্বলা চিঙিব নাপায়! পিছদিনা ৰাতিপুৱা ভাত খাবলৈ বহি জ্বলাৰ কথা মনত পৰাত তললৈ গৈ দেখোঁ যে এটাও পকা জলকীয়া গছত নাই। কেইদিনমান পিছত আকৌ এদিন জলকীয়া এটা চিঙো বুলি গছডালৰ ওচৰ পাইছিলোঁহে। মালিকনীৰ জীয়েকে ক’লে যে যোৱাৰাতি বোলে দুটা জ্বলা চুৰি হ’ল আৰু এটা হেনো পুৱাৰাতি ভাটৌৱে খালে। একো প্ৰত্যুত্তৰ নিদিয়াকৈ সেমেনাসেমেনিকৈ গুচি আহিলোঁ। ৰাতি খঙতে জহনী আইক সেৱা দুটি কৰি নিজে মেহনত কৰি পকেটৰ পইচা ব্যয় কৰি কৰা খেতিৰ পৰা এটা ভোট জলকীয়া চুৰ কৰিলোঁ। হায়! কি বিড়ম্বনা! লাহে লাহে মোৰ ভোট জলকীয়া প্ৰীতি একেবাৰেই নোহোৱা হ’ল। দহ টকাতে তিনিটা পায়। আগৰ দৰেই কিনি আনো। ফোনত শ্ৰীমতীৰ আগত কেতিয়াবা দুখ কৰোঁ অৱশ্যে। ধৰিব নোৱাৰাকৈয়ে আপোন খেতিখনৰ গৰাকী সলনি হৈ যোৱা কথাটো হজম নহয় কোনোপধ্যে। আবেলি পৰত, বন্ধৰ দিনত বাৰান্দাত বহি বাচি থকা ফুলকেইজোপা আৰু জলকীয়া দুডাললৈ চাই ৰওঁ।
মাক-জীয়েকে হাঁহি-খিকিন্দালি কৰি পানী দিয়ে, জলকীয়া চিঙে। কিবা এটা বুজাব নোৱাৰা অশান্তি লাগে। দুখো লাগে। এদিনাখন দুপৰীয়া সোনকালে অফিচৰ পৰা ঘৰ সোমাইছোঁ। চোতালৰ এটি চুকত গ্লাছৰ এটা প্ৰকাণ্ড বৈয়ামত ৰঙা ভোট জলকীয়াৰ আচাৰ! কমচেকম ১৫০ টামান ভোট জলকীয়া মিঠাতেলত ডুবি ঢাকনি খুলি থোৱা বাবে মোক-খা, মোক-খা গোন্ধাই আছে। মূৰত সচৰাচৰ নেখেলোৱা কিবা এটা বিজুলী গতিত খেলাই গ’ল। ইফালে সিফালে চালোঁ। কাষৰ ঘৰৰ বাৰান্দাত দুগৰাকী ভদ্ৰমহিলাই কিবাকিবি কথা পাতি আছে। ৰূমলৈ গুচি আহিলোঁ। একো বুজিবলৈ বাকী নাথাকিল। জহনীয়ে লৈ নোযোৱা ভোট জলকীয়া চোৰ মোৰ চকুৰ সম্মুখত! দুদিনমান পিছত ইচ্ছা কৰিয়েই অফিচৰ পৰা দুপৰীয়াই ওলালোঁ। মালিকৰ চোতালত মৰমৰ ভোট জলকীয়াবোৰে ৰ’দ লৈ আছে। সেইদিনা বৃহস্পতিবাৰ। মালিকৰ ঘৰত সকলোৱে ভোট জলকীয়াৰ আচাৰৰ তেলেৰে আলুপিটিকা আৰু দাইল-ভাত খাই নিঃপালি দিছে চাগে। ইফালে সিফালে চালোঁ। নাই ক’তো একো সাৰসুৰ নাই। কাষৰ ঘৰতে কিবা কাম কৰিবৰ বাবে ইটা, শিল আৰু বালি দ’মাই থোৱা আছিল। সাউতকৈ এক মুঠি বালি আনি ভোট জলকীয়াৰ আচাৰত মিলাই দি ঔঃম স্বাহা বুলি ক’লোঁ। ঢাকনিখন মাৰি আচাৰৰ বৈয়ামটো এবাৰ জোৰকৈ লৰাই দিলোঁ। ৰূমলৈ গৈ শোৱাপাটিত নাক বজালোঁ। গধূলি পৰত খপজপকৈ সাৰ পাই দেখোঁ যে মালিকৰ ঘৰলৈ আলহী আহিছে। অলপ কাণ উনাই গম পালোঁ যে মালিকনীৰ বেংকাৰ ভায়েক পৰিয়ালসহ আহিছে। ৰাতি ভাত খাই যাব বুলি তেওঁলোকৰ কথোপকথনৰ পৰা নিশ্চিত হ’লোঁ। সোনকালে ভাত খাই বাৰান্দাতে বহি ৰ’লোঁ। মালিকৰ ঘৰত আলহীক ভাত দিয়াৰ উমান পায়েই পেপাৰ পঢ়াৰ চলেৰে তেওঁলোকৰ ড্ৰয়িংৰূমত বহিলোঁ। ডাইনিং টেবুলখনত আলহী কেইজন বহিছে। ভাত-দাইলৰ লগত টেবুলখনৰ সোঁমাজত সগৌৰৱে জিলিকি আছে গ্লাছৰ বৈয়ামত ভোট জলকীয়াৰ আচাৰ। মালিকনীৰ ছোৱালীয়ে মামাক-মামীয়েকক জোৰ-জবৰদস্তি কৰি ভোট জলকীয়া সমন্বিতে আচাৰৰ তেল দিছে। মহানগৰীত খোদ নিজে কৰা খেতিৰ গুণগান কৰি মালিকনীৰ তৎ নাই। সকলোৱে গোন্ধ পাই ‘অসম গৌৰৱ’ ভোট জলকীয়াৰ প্ৰশংসাত পঞ্চমুখ হৈছে আৰু তবধ মানিছে। মই চাই আছোঁ কেৰাহীকৈ। মামাকে অনামিকা আঙুলিটো আচাৰৰ তেলত লাহেকৈ ডুবাই ষ্টীলৰ কাঁহীখনত পিছলাই দিয়াত খেৰেককৈ শব্দ এটা ওলাইছে। ‘বালি’ বুলি কৈ ভাগিনীয়েকৰ পিনে বিৰক্তিৰে চাই ৰ’ল। মাক-জীয়েক দুয়ো অলপ ইতঃস্তত হ’ল। সুগ্ৰীবৰ ভায়েকৰ নাম শুনি আচৰিতো হ’ল চাগে। মই আৰু ৰখিব পৰা নাই। তুৰন্তে প্ৰস্থান কৰি ৰূম পালোঁ। মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ দিনাখন ফেইল কৰিম বুলি ৰাউচি জুৰি থকাৰ পিছতো অদৃষ্ট শক্তিৰ দয়াত সমাজ অধ্যয়ন আৰু হিন্দীত ‘লেটাৰ’সহ ৫৩% নম্বৰ পোৱাৰ পিছত ষোড়শী গাভৰু এজনীৰ নিচিনা উল্লাসিত হৈ নিদ্ৰাদেৱীক সাবতিলোঁ।
1:25 pm
গুৱাহাটীত থাকিলে আমিও টাবত ভোট জলকীয়া লগালে নিশ্চয় হল হয়। পিছে.. চোৰে চুৰো কৰিলে হয় সেইদৰে। পিছে অসমৰ বাহিৰত ভোট জলকীয়া টাবত নুফুটে। চোৰ নাই বাৰু ইয়াত। থাকিলেও বালি সোপা আচাৰৰ বটলত ভৰাই থলোঁ হয়।
হাই ভোট জলকীয়া..!
4:31 pm
মজা লাগিল।