ফটাঢোল

জুকাৰ বাৰ্গ দাদালৈ জেতুকী বুঢ়ীৰ শৰাই-লখিমী কোঁৱৰ হাজৰিকা

জেতুকী বুঢ়ীয়ে এইবাৰ নামঘৰলৈ নাযায় বুলিয়েই সিদ্ধান্ত ল’লে। লগৰীয়া বান্ধৱীকেইজনীকো মাতি আনি সকলো কথা ভালদৰে বুজাই দিলে যেতিয়াৰে পৰা ফেচবুকডাল খুলি লৈছে তেতিয়াৰে পৰা তেওঁলোকৰ জীৱনলৈ অলপ সুখ, আনন্দ আহিছে। নহ’লে আজি ইমান দিনে নামঘৰলৈ গৈনো কিটো পালে। নামঘৰ মচি মচি জেতুকীৰ কঁকাল পৰিল, মাহ-প্ৰসাদ ধুই ধুই কঁকালৰ বিষ।  বাকীকেইজনীৰো একে অৱস্থা। কিনো সুখ দিলে ভগৱন্ত প্ৰভুৱে। ঘৰতে পৰ হোৱাদি হ’ল। নাতি-পুতি বোৱাৰীহঁতে মানুহ বুলিয়েই গণ্য নকৰে বুলি গোটেইকেইজনী বুঢ়ীৰে মাত থোকা-থুকি হ’ল। সেয়ে গোটেইকেইজনী বুঢ়ীয়ে জেতুকী বুঢ়ীৰ চোতালতে সুন্দৰকৈ এখন শৰাই সজালে। আটাইকেইজনীয়ে আঁঠুকাঢ়ি ‘কিমতে ভকতি কৰিব তোমাকে” কাকুতি ঘোষাটো গালে।

বোৱাৰী তিনিওজনীয়ে ফেচবুকৰ জন্মদাতা জুকাৰ বাৰ্গলৈ শৰাই আগবঢ়াইছে আৰু ঘৰত সকাম পাতিছে বুলি গম পাই লাজতে তত নোহোৱা হ’ল। জেতুকী বুঢ়ীক ফোনতে তিনিওজনীয়ে এপালি দিলে বোলে, 

” আপোনাৰএই বয়সত পৰকিতি লৰিছে নেকি? গোসাঁই সেৱা কৰিবলৈ এৰি জুকাৰ বাৰ্গক পূজা কৰিছে?” 

জেতুকী বুঢ়ীৰো বুঢ়া তেজতোপা উতলি আহিল- 

“বোৱাৰী বেছি কথা নক’বা। পৰকিতি আচলতে তোমালোকৰহে লৰিল। বাৰ বছৰত এবাৰ ফোন এটা কৰিলেই হ’ল। ম‍ই মৰিলোঁ নে, খাইছোঁ নে বইছোঁ, সেইবোৰ কেতিয়াবা খবৰ লৈ পাইছানে? এবছৰত এবাৰ ঘৰলৈ আহা যদিও আমাৰ লগত বহি কথা পাতিবলৈ তোমালোকৰ সময় নাথাকে। সকলোৰে ল’ৰা, নাতি-পুতি মোবাইলটো চাই চাই বহি থাকা। কিবা এটা ভাল ৰান্ধি খাবলৈ দিলেও সকলোৱে মোবাইলটো চাই চাইহে খোৱা, কিনো খাইছা তোমালোক আটায়ে গমেই নোপোৱা। এনে ল’ৰা-বোৱাৰী, নাতি-পুতি যাৰ অকণো এই বুঢ়ীজনীলৈ আন্তৰিকতা নাই। কথা এষাৰ দুখ-সুখৰ পাতিবলৈ সময় নাই। তোমালোকৰ ঘৰলৈ আহিলেও মই অকলশৰীয়া, নাহিলেও মই বৰ অকলশৰীয়া। অকল ময়েই নহয়, মোৰ লগৰ আটাইসোপা বুঢ়ীৰ একেই অৱস্থা।” 

বোৱাৰীয়ে জেতুকী বুঢ়ীৰ খং দেখি ফোনটো কাটি দিলে। এনেও আজি অলপ দিনৰ পৰা সকলো বুঢ়া-বুঢ়ীয়ে উপলব্ধি কৰিছে যে মোবাইলটোৰ ভিতৰত এনে এটা বস্তু আছে, যিটোৱে সকলো মানুহক সমাজৰ পৰা আৰু পৰিয়ালৰ পৰা আঁতৰাই লৈ গৈছে। যিটো বস্তুৰ নিচাই মাক-বাপেক, ঘৰ-বাৰী সকলো পাহৰাইছে। জেতুকী বুঢ়ীয়েও নিজৰ ল’ৰা ছোৱালী, বোৱাৰী, নাতি-পুতিবোৰক অনবৰতে মোবাইল, লেপটপ, টেবলেট লৈ নিজা নিজাকৈ অকলে বহি থকা সহ্য কৰিব নোৱাৰিলে।  জেতুকী বুঢ়ীয়ে দূৰৰ পৰা অহা ল’ৰা-বোৱাৰী, নাতি-নাতিনীক বিদায় দি লৈ চকুপানী মচি মচি মাকৰ ঘৰ পালেগৈ।

মাকৰ ঘৰতো ভায়েকে মোবাইলটোৰ পৰা মূৰ নোতোলাকৈয়ে ক’লে, 

: আহিলি বাইদেউ। 

শোকত জেতুকী বুঢ়ী ভাগি পৰিল। জেতুকী বুঢ়ীয়ে চাহ একাপ খাই মাকৰ লগত অলপ কথা পাতি লাহেকৈ ভায়েকৰ কলেজত পঢ়ি থকা ল’ৰাটোৰ ওচৰলৈ গ’ল। তাকে ক’লে,

: দেৱজিত অ’ মোক এটা কথা বুজাই দেচোন এই মোবাইলটোৰ ভিতৰতনো কি আছে অ’, সকলোৱে জুমি জুমি চাই থাকে যে। 

সি জেঠায়েকক বুজাই দিলে যে, মোবাইলৰ ভিতৰত ফেচবুক, টুইটাৰ ওৱাটচআপ থাকে যাৰ দ্বাৰা পৃথিৱীৰ সকলো মানুহৰ লগত বন্ধু পাতিব পাৰি, কথা পাতিব পাৰি। বন্ধুসকলে আপলোড কৰা ফটো চাব পাৰি। খুব ভাল লাগে অ’ জেঠাই। জেতুকী বুঢ়ীয়ে বুজিলে অচিনাকি বন্ধুসকলৰ লগত কথা পাতিছে মানুহবোৰে তেজ-মঙহৰ মাক-বাপেক, খুৰা-খুৰী, পেহা-পেহীবোৰক পৰ কৰি দিছে। কাৰো সময় নাই ফোনত কথা এষাৰ পাতিবলৈ। খবৰ এটা ল’বলৈ। জেঠায়েকে ক’লে সেই ফেচবুকডাল মোৰ মোবাইলটোতো খুলি দেচোন দেবু। দেবুয়ে ঢেকঢেকাই হাঁহিলে, জেঠাই বয়সস্থ মানুহে এইবোৰ নোখোলে নহয়। জেতুকী বুঢ়ী নেৰানেপেৰাকৈ লাগিল বোলে খুলি দে কোনেও গম নাপাব। মইনো কিমান বয়সৰ। তোৰ লাজ লাগিছে যদি বয়সতো কমাই দে। দেবুয়ে জেঠায়েকৰ কথা পেলাব নোৱাৰি জেতুকীৰ নামত ফেচবুক একাউণ্ট এটা খুলি লাইক, কমেণ্ট আৰু বন্ধু পাতিবলৈ শিকাই দিলে। দেবুৰ সকলো কথা আধা বুজি আধা নুবুজি জেতুকী বুঢ়ী ঘৰলৈ ঘূৰি আহিল। মাজে মাজে এনে লাগিল যে তাই বলে নোৱৰা শিল এটাহে যেন দাঙিছে। যা হওক ফেচবুকনো কি সেইডাল খুলি লৈ জেতুকীৰ মনটো খুব ভাল লাগিল। ভতিজা দেবুৱে জেতুকীৰ Fb wall খনত কিবা ওলাওক বুলি নিজৰ লগৰ ল’ৰা দুটামানকে ষাঠিৰ উৰ্ব্বৰ জেতুকী বুঢ়ীক বন্ধু পাতি দিলে। প্রথম প্রথম কি কৰিব, কি নকৰিব একোকে বুজি নাপালে জেতুকীয়ে। ফেচবুকডাল খুলি লৈ বান্দৰে নাৰিকল ঘূৰাই পকাই থকাদি ঘূৰাইহে থাকে। লাহে লাহে জেতুকীয়ে বুজি পালে কেনেকৈ লাইক কমেণ্ট কৰিব লাগে, কেনেকৈ বন্ধু পাতিব লাগে। প্ৰথমেই বাই-ভনীৰ, ল’ৰা-ছোৱালীসোপাই জেতুকীক বন্ধু পাতি ল’লে, লাহে লাহে নতুন পুৰণা বহুতক বান্ধৱী পাতি ল’লে। এতিয়া আৰু জেতুকী অকলশৰীয়া নহয়। ফেচবুক খুলিলেই কোনোবাই সুপ্রভাত দিব, কোনোবাই ভালনে জেঠাই কিবা খালেনে জেঠাই আদি খবৰ লৈ থকা হ’ল। কিবা ভুল হ’লে বা বুজি নাপালে দেবু আছেই। দেবুয়ে ফোনতে সকলো জেতুকী বুঢ়ীক শিকাই থকা হ’ল। জেতুকী দুমাহতে ফেচবুকৰ মাষ্টৰণী হোৱাদি হ’ল। সকলোৰে লগত কথা পাতি পাতি এতিয়া জেতুকীৰ সময় নাইকিয়া হ’ল। এতিয়া আপোন মানুহবোৰে ফোন নকৰিলেও জেতুকীৰ বেয়া নালাগে, অকলশৰীয়া নালাগে। লগতে নিজৰ ল’ৰা-ছোৱালীকেইটাক অন লাইনত দেখিলেও জেতুকীৰ মনটো ভাল লগা হ’ল। সিহঁত যে কুশলে আছে বুলি গম পোৱা হ’ল। মুঠতে দিন যোৱাৰ লগে লগে জেতুকী বুঢ়ী ওস্তাদৰো ওস্তাদ হ’ল। এতিয়া আৰু তাই মনটো বেয়া লাগিছে বুলি সামৰণ সাজ পিন্ধি তামোল এখন খাই আহোঁ বুলি কাৰোবাৰ ঘৰলৈ যাব নালাগে। এতিয়া আৰু লেতেৰী-পেতেৰী হৈ থাকিলেও ধেৰ বন্ধু-বান্ধৱীৰ লগত কথা পাতিব পাৰে মোবাইলটো হাতত লৈ। জেতুকী বুঢ়ীয়ে এতিয়া নলে-গলে লগা বান্ধবী পেলনি, বুঠুৰী, ভদ্ৰেশ্বৰীহঁতকো ফেচবুক খোলাই দিলে। ল’ৰাহঁতে দিয়া দামী দামী মোবাইলবোৰ পেলনিহঁতে এনেয়ে ডিঙিত ফিটা এডাল লৈ নেকলেচ পিন্ধাদি পিন্ধি ফুৰে । কোনেও মৰিবলৈ ফোন এটা নকৰে। ফেচবুক খুলি দিয়াৰ পিছত যেনিবা তাহাঁতেও দুখ কৰি নথকা হ’ল, কোনেও মাত এষাৰ নামাতে বা খবৰ এটা নলয় বুলি। সিহঁতো আনন্দত থকা হ’ল। গোটেইকেইজনীয়ে এদিন জেতুকীক ক’লে- 

: তই আমাৰ বৰ সহায় কৰিলি জেতুকী – নিজৰ ঘৰখনত আবর্জনা হোৱাদি হৈছিলোঁ, লেই লেই চেই-চেই কৰিছিল কাৰোবাক কিবা এটা সুধিলেই। সকলো ল’ৰা বোৱাৰী, নাতি-পুতি সব নিজৰ মোবাইল লৈ ব্যস্ত। এতিয়া যেনিবা তই আমাক এইফেৰা উপকাৰ কৰাৰ পৰা আমিয়ো লোকৰ মুখলৈ চাব লগা নহয় আৰু। নিজেই ব্যস্ত থাকিম ফেচবুকৰ বান্ধৱীসকলৰ লগত।

জেতুকীয়ে হাঁহি হাঁহি ক’লে, 

: মই তহঁতক একোডাল সহায় কৰা নাই। সহায় কৰিছে জুকাৰ বাৰ্গ দাদাইহে। তেওঁ ফেচবুকডাল আৱিষ্কাৰ কৰিহে আমাৰ দৰে আবর্জনা হেন জীৱন কটোৱা বুঢ়ীবোৰৰ উপকাৰ কৰিছে। 

কুঠুৰিয়ে ক’লে – 

: বোলে সাৱধানে চলাবিহঁত কিন্তু ভয়ো আছে সিদিনা মোৰ নাতিৰ বয়সৰ এটাই মোক ‘হাই চেক্সি’ বুলি ক’লে। মই ভয়তে কঁপি কঁপি বিছনাৰ তলত সোমাই থাকিলোঁ। নাতিনীজনীয়েহে ক’লে বোলে আইতা সি মোবাইলৰ পৰা ওলাই আহিব নোৱাৰে নহয়। তায়ে যেনিবা ব্লক কৰিবলৈ শিকাই দিলে। 

গোটেইকেইজনীৰ বুঢ়ীৰ মুখত এতিয়া হাঁহি নুগুচাই হ’ল। Happy feeling এটা সিহঁতৰ গাত লাগি থকা হ’ল। গোটেইকেইজনীয়ে কথা পাতিলে যে ইমান দিনে গোসাঁই পূজা কৰি সিহঁতে দুখহে পালে। এই জুকাৰ বাৰ্গ দাদাইহে সিহঁতৰ জীৱনলৈ আনন্দ আনিলে। সেয়েহে গোটেইকেইজনীয়ে জেতুকীৰ চোতালতে বহি জুকাৰ বাৰ্গলৈ শৰাই এখন আগবঢ়ালে।

চাৰিজনীয়ে দীঘল দি সেৱা কৰি কাকুতি ঘোষা গালে –

“তোমাৰ মায়ায়ে মন মুহি আছে দাদা অ’

অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ হে

তুমি দাদা আনন্দ ৰসেৰে সাগৰ হে দিয়া মোক ভুৱা পদ ছাঁয়া তলে ঠাই এ’

গোটেইকেইজনী বান্ধৱীয়ে আনন্দতে কাকুতি ঘোষা ফাঁকি নিজেই সলনি কৰি গালে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *