জীৱনৰ বাটে ঘাটে -ৰিণ্টুমনি দত্ত
বিখ্যাত মিছলীয়া লোক
…………………………………
বাছৰ কণ্ডাক্টৰ – পিছফালে একদম খালী আছে।
গাখীৰৱালা – আমাৰ গাখীৰত পানী নিমিলাওঁ।
মাছৱালা – পাল্লা চুই শপত খাইছোঁ।
ফলৱালা – ৰুগী বা বাচ্ছাই খাব,চেনীৰ দৰে মিঠা নহ’লে পইচা নালাগে।
ঘটক – মই তোমাক এটায়ে দেখুৱাম পচন্দ হৈ যাব।
ছোৱালীৰ মাক – মোৰ ছোৱালীৰ দৰে এই চুবুৰীত কাৰো ছোৱালী নাই।
ল’ৰাৰ মাক – আমাৰ ল’ৰাই একো নিচা বস্তু নাখায়।
পত্নী – মোক চাবলৈ কিমানযে ভাল ভাল ল’ৰা আহিছিল।
পতি – মোৰ এতিয়া বিয়া কৰোৱাৰ মনেই নাছিল।
প্ৰেমিকা – মই তোমাক নাপালে মৰি যাম।
প্ৰেমিক – তুমিয়েই মোৰ প্ৰথম প্ৰেম।
নেতা – এইবাৰ জিকিলে ৰাইজৰ সকলো সমস্যা দূৰ কৰিম।
মিঠাইৱালা – সকলো আজিৰ মিঠাই তেলত ভজাৱালা গৰম গৰম এই মাত্ৰ নমাইছোঁ।
কেৰাচিন ডিলাৰ – এই মাহত অহায়েই নাই।
দোকানী – মূল দামত দিলোঁ।
ভিক্ষাৰী – তিনি দিন একো খোৱা নাই।
উকীল – মই আজি বেইল কৰামেই।
ডাক্তৰ – আপোনাৰ একো হোৱা নাই, সোনকালে ভাল হৈ যাব।
ঘূগুনীৱালা – গৰগ গৰম।
সোণাৰী – কাইলৈ হ’ব।
দৰ্জি – হ’ব হ’ব অলপ বহক।
☆ ★ ☆ ★ ☆