ফটাঢোল

হিয়াত আজিও বাজে খোলৰ চেও-হৰিচন্দ্ৰ ডেকা

যিটো কথা সঁচা স্বীকাৰ কৰিবলৈ কিহৰ লাজ। জীৱনত মই এবাৰেই ভাওনা দেখিছোঁ, সেয়াও আকৌ অসমৰ বাহিৰত৷ মোৰ শৈশৱ যিখন গাঁৱত অতিবাহিত হৈছিল, সেই গাঁৱৰ মানুহে ভাওনা দেখা দূৰৰ কথা বহুতে সেই সময়ত ভাওনাৰ নামেই শুনা নাছিল বুলি ক’লে ভুল কোৱা নহ’ব। অৱশ্যে টিভি অহাৰ পৰা ইয়াৰ স্বকীয়তা সকলোৱে বুজিব পৰা হ’ল৷ জীৱিকাৰ তাগিদাত যেতিয়া বমডিলা পালোঁগৈ, তাত গৈ দেখিলোঁ, অৰুণাচল চৰকাৰৰ অধীনত কাম কৰা জামুগুৰি, বিহগুৰি, বজালী আদি অঞ্চলৰ বহুত লোকে তাত এখন সমাজ পাতি আছে। জন্মাষ্টমী, শঙ্কৰদেৱ-মাধৱদেৱৰ তিৰোভাৱ তিথি আদি উৎসৱ তেওঁলোকে উলহ মালহেৰে পালন কৰে। বুজন সংখ্যক বঙালীলোকো বমডিলাৰ বিভিন্ন বিভাগত চাকৰি কৰি আছিল৷ তেওঁলোকৰ তৎপৰতাত দুৰ্গা পূজাও পতা হৈছিল। সেইবাৰ পূজা আৰু শঙ্কৰদেৱৰ জন্মোৎসৱৰ লগত সঙ্গতি ৰাখি সকলোৱে মিলি এখন এখন ভাওনা আৰু এখন পূৰ্ণাঙ্গ নাট মঞ্চস্থ কৰাৰ সঙ্কল্প ল’লে৷ নাটকখন হ’ল “চিৰাজ“ আৰু ভাওনা “দক্ষ যজ্ঞ“৷ আমাৰ অফিচৰ সহকৰ্মীসকলৰ ভিতৰত ব্ৰাঞ্চ মেনেজাৰক বাদ দি বাকী আটাইবোৰেই প্ৰথমবাৰলৈ চাকৰি কৰিবলৈ যোৱা দাং বৰলা; গতিকে এনেকুৱা উংসৱ-পাৰ্বনত আগভাগ ল’বলৈ পালে উৎসাহিত হৈ পৰাই স্বাভাৱিক; কিয়নো আজৰি সময় অতিবাহিত কৰিবলৈ অন্য কোনো বিনোদনৰ ব্যৱস্থা নাছিল। জামুগুৰিৰ পৰা অহা  আমাৰ বৰা আকৌ এইবোৰত বৰ আগৰণুৱা৷ শৰণ লোৱা ভকত নহয় যদিও শঙ্কৰী কলা-কৃষ্টিৰ বাতাবৰণত ডাঙৰ দীঘল হৈ অহা বৰাই আগতেও ভাওনাত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা আছে৷ গতিকে বিনাদ্বিধাই  শিৱৰ ভাওটো বৰাকে দিয়া হ’ল৷  এতিয়া আহক এই গল্পৰ মধ্যমণি হৈ পৰা ভাওনাৰ মাজৰে এই  উপকাহিনীটো আপোনাক কওঁ৷

ভাও ভগোৱা পৰ্ব প্ৰায় সমাপ্তিৰ পথত৷ এতিয়া প্ৰয়োজন হ’ল সতীৰ ভাও ল’ব পৰা ক্ষীণ মীন ছোৱালী এজনীৰ, কাৰণ বৰাই এই কেটেঙা চেহেৰাটোৰে শকত আৱত সতীক ডাংকোলাকৈ ডাঙি ল’বলৈ হ’লে নিজৰে আধ্যা পৰিব৷ বেঙ্কত চাকৰি কৰাৰ আগতে মই পোষ্ট অফিচত চাকৰি কৰিছিলোঁ, গতিকে পোষ্ট অফিচৰ সকলো কাম মোৰ নখদৰ্পণত৷ সেই সুবাদতে বমডিলা চাব পোষ্ট অফিচৰ পোষ্ট মাষ্টৰ বৰুৱা  আৰু ইয়াৰ কৰ্মচাৰী সকলৰ লগত মোৰ বেছ সৌহাৰ্দ্য৷ অফিচ ছুটীৰ পিছত পোনে পোনে কোৱাৰ্টাৰলৈ নগৈ তাতেই আদ্দা দিওঁগৈ৷ বৰুৱাৰ বাহিৰে পোষ্ট অফিচৰো বাকী দুজন কৰ্মচাৰীয়ে বিয়া পতা নাই; গতিকে মোটামুটি উদঙীয়া। অফিচৰ লগত সংলগ্ন হোৱা কাৰণে প্ৰায়ে বোখাৰীৰ তাপ ল’বলৈ বৰুৱাই আটাইকেইজনকে ঘৰলৈ মাটি লৈ যায়৷ তেখেতৰ সোণালী নামৰ  ক্ষীণমীণ সুগঢ়ী ছোৱালীজনীয়ে  হায়াৰচেকেণ্ডেৰী পঢ়ি আছে। বেঙ্কৰ মুখামুখিকৈ ৰাস্তাৰ বিপৰীতফালে স্কুলখন৷ কেচ অফিচাৰৰ পোষ্টটো সেই সময়ত খালী হৈ থকাত বৰাই অফিচিয়েটিং কৰি কাম চলাই  আছিল৷ সোণালীয়ে দেউতাকৰ প্ৰয়োজনীয় বেঙ্কৰ কামখিনি প্ৰায় প্ৰতিদিনে লেইজাৰ পিৰিয়ডৰ সীমিত  সময়খিনিৰ ভিতৰতে আহি কৰি নিয়ে৷ ভীৰ থাকিলে বৰাই নিজেই আগভাগ লৈ কামখিনি কৰি দিয়ে৷ এইদৰে তাই এই একপক্ষীয় সম্পৰ্কৰ একো ভূ ভা নোপোৱাকৈয়ে আমি বৰাক জোকাবলৈ আৰম্ভ কৰিলোঁ৷ ভাওনাৰ এই সোণালী মুহূৰ্তত বৰাই ইয়াৰ পূৰ্ণ সূযোগ ল’বলৈ তৎপৰ হৈ পৰিল৷ মোক কুটুৰিবলৈ ধৰিলে; বৰুৱা পোষ্ট মাষ্টৰক কৈ যেনেতেনে সোণালীক সতীৰ ভাও লোৱাৰ  অনুমতি আদায় কৰি ল’বলৈ৷ যিহেতু তেখেতৰ লগত মোৰ ভাল সম্পৰ্ক এটা আছে, গতিকে মোৰ অনুৰোধ নিশ্চয় বিবেচনা কৰিব৷

: সোণালীয়ে এইবাৰ হায়াৰচেকেণ্ডেৰীৰ ফাইনেল দিব অ’ বৰা৷ তেখেতৰ একান্ত ইচ্ছা অৰুণাচল চৰকাৰৰ পৃষ্ঠপোষকতা তথা আৰ্থিক সাহায্যত ছোৱালীজনীক মেডিকেলৰ এখন আসন যেনেতেনে যোগাৰ কৰি দিয়া৷ ক’ত ভাওনা কৰিবলৈ অনুমতি দিবহে?

  

: আপুনি এবাৰ কথাটো সুধি নাচাই কেলেই বাৰু তেখেতক, কিজানি দিয়েই।

 

: ঠিক আছে মই সুধিম বাৰু৷ কথা হ’ল তাইৰ আকৌ ভাওনাত ভাগ ল’বলৈ মন আছেনে নাই বা! আপুনি সুধি চাইছেনে?

  

: আছে অ’ ডেকা মই সুধিছোঁ, যোৰহাটৰ ছোৱালীয়ে ভাওনা নকৰাকৈ থাকিব পাৰেনে? তাই কেৱল নিজে দেউতাকক ক’ব খোজা নাই৷ দেউতাকে ক’লে কৰিব হেনো।

অগত্যা বৰাৰ কাওবাওত অতীষ্ঠ হৈ মই বৰুৱাক ক’লোঁ কথাটো৷ তেখেত মানুহজনো ভাওনাৰ বৰ অনুৰাগী, নিমিষতে মান্তি হ’ল।

: হ’ব দিয়ক ডেকা, তাইক বাৰু মই সুধি চাম৷ কথা হ’ল তাই ইচ্ছা কৰিলেহে, তাইৰ ইচ্ছাৰ বিৰুদ্ধে মই একো নকৰোঁ৷ পঢ়া শুনাত বৰ টান পৰিছে তাইৰ৷ নাজানো কৰে নে নকৰে।

বৰাৰ আনন্দৰ সীমা নাই৷ সেই সময়ত বমডিলাত ভাল হোটেল বা ৰেষ্টুৰেণ্ট নথকাত আমাৰ আটাইকেইজন ষ্টাফকে  বেঙ্কৰ কেণ্টিনত মনত থকাকৈ খানা এটা খুৱালে৷ পূৰ্ণোদ্যমে ভাওনাৰ আখৰা চলি আছে৷ আমি আটায়ে পোষ্ট অফিচৰ কাষতে খালী হৈ থকা কোৱাৰ্টাৰ এটাত হৈ থকা আখৰালৈ হিলদলভাঙি চাবলৈ যাওঁ৷ বৰাৰ মুখস্থ নৌ হওঁতেই শুনি শুনি আমাৰহে বচন মুখস্থ হ’ল৷ সতীৰূপী সোণালীৰ কৰুণ বিলাপ শুনি বৰাও হতবাক৷ চিনেমাৰ ফ্লেচবেকত দেখুৱাৰ নিচিনা আখৰা চলি থাকোঁতেই হ’বলা বৰাই মাজে মাজে সপোন দেখা আৰম্ভ কৰিলে৷ নাচি নাচি একেলগে গৈ থাকোঁতে ভাবত বিভোৰ হৈ অজানিতে ৰৈ যায়৷ আমিহে চিঞৰ মাৰি বাস্তৱলৈ ঘুৰাই আনিব লাগে। মোৰ  ভাওনা সম্পৰ্কে মন্তব্য দিবলৈ কোনো জ্ঞান নাই; কিন্তু বমডিলাৰ সকলোৰে মুখে মুখে সেই সময়ত অকল দক্ষযজ্ঞ ভাওনাৰহে কথা৷ কি বিলাপ সতীৰ! আঃ! আৰু বৰা…সতীৰূপী সোণালীক দাংকোলাকৈ দাঙি লৈ বৰাৰ কি তাণ্ডৱ নৃত্য! ..  যেন বিষ্ণু ৰাভাহে  বিৰাট শৰীৰটো ক্ষীণকায় কৰি স্বৰ্গৰ পৰা নামি আহিছে, ইমান অপূৰ্ব বৰাৰ অভিনয়৷ পিচে নয়নিভৰাম দৃশ্যটো পলকতে কেনেকৈ  দুৰ্ঘটনালৈ ৰূপান্তৰিত হ’ল বৰাই তলকিবই নোৱাৰিলে৷ সতীক দাংকোলাকৈ লৈ লম্ফজম্ফ কৰি বিলাপ মাতি থাকোঁতে অলপ অলপকৈ সতীৰ বস্ত্ৰ উজাই আহি থাকিল ৷ মৃত সতীয়ে এতিয়া কাপোৰ ঠিক কৰিবও নোৱাৰে৷ প্ৰম্পটাৰৰ সকিয়নিৰ পিছতো বৰাৰ  লম্ফজম্ফ নকমেহে হে নকমে৷ বৰাৰ নৃত্যৰ প্ৰকোপত সতীৰ কাপোৰ যেতিয়া উজাই আহি জোৰপুৰি হাতপোৱা ঠাই পালেহি, জোনে আৰু ঠিৰেৰে থাকিব নোৱাৰিলে৷ এখন হাতেৰে উজাই অহা কাপোৰ ঠিক কৰি ল’ব ধৰোঁতে দৰ্শকেও গিৰ্জনি মাৰি হাঁহিবলৈ ধৰিলে৷ কোন তলকত মৃত সতী শিৱৰ হাতৰ পৰা পিছলি পৰিল বৰাই ততেই ধৰিব নোৱাৰিলে৷ সম্বিৎ ঘূৰি অহাত দেখিলে তাই লৰ মাৰি চোঁ ঘৰত সোমালগৈ। কেইদিনমান তাই বৰাৰ ওচৰলৈ আহিবলৈয়ে এৰি দিলে৷ বৰায়ো তাইক দেখিলে মাতিবলৈ সঙ্কোচ বোধ কৰা হ’ল, যদিও তাই বেঙ্কলৈ অহালৈ আগ্ৰহেৰে বাট চাই থাকে।  পিচে বৰাক আৰু আমি বেছিদিন জোকোৱাৰ সুবিধা নাপালোঁ৷ এটা বছৰৰ পিছতে সোণালীয়ে মেডিকেল পঢ়িবলৈ ত্ৰিচুৰলৈ গুছি গ’ল। সফল ভাওনাখনৰ হাস্য মধুৰ  পৰিসমাপ্তিত মৰ্মাহত হৈ সেই যে শিৱৰ সাজযোৰ পিন্ধিয়ে কোৱাৰ্টাৰলৈ ঘূৰি আহি বাৰাণ্ডাতে বৰাই আমনজিমনকৈ বহি পৰিছিল, সেই দৃশ্য মোৰ মানসপটত জিলিকি পৰাত নষ্টালজিক হৈ পৰিলোঁ।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *