ফটাঢোল

বতাহ-বিনীতা বৰশইকীয়া ( তাবিনী য়াচেং )

খৰধৰকৈ বাছখনৰ বাওঁফালৰ চিট এটা দখল কৰিলোঁ । পুৱাৰ ভাগত সোঁফালৰ চিটবোৰত বহাৰ কথা ভাবিবই নোৱাৰি । জুইৰ ওপৰত বহি থকাৰ দৰেহে লাগে। বাওঁফালৰ চিট এটা দখল কৰিবলৈকে ঘৰৰপৰা সদায় পোন্ধৰ মিনিট আগতেই ওলাওঁ । অৱশ্যে আৰু তিনিমাহৰ পিছত সোঁফালৰ চিটবোৰৰ ডিমাণ্ড বাঢ়ি যাব যিহেতু শীত অহাৰ যো-জা চলি আছে ।

চিটটো দখললৈ আনি পকেটৰ পৰা দূৰভাষ যন্ত্রবিধ উলিয়াই ল’লোঁ।হেডফোনটো কাণত লগাই গুলাম আলিৰ গজল লগাই গভীৰ প্ৰশান্তিত দুচকু মুদি দিলোঁ। পুৱাৰ এছাটি মৃদু বতাহে দেহ-মন চুই গ’ল।বাছখন গন্তব্যস্থানলৈ এৰিবলৈ এতিয়াও প্ৰায় পাঁচমিনিট বাকী।

” ধলা …ধলা… ধলা…

ক’ত যাব দাদা ?

ক’ত যাব বাইদেউ ?

উঠক … উঠক … উঠক…

ধলা …ধলা… ধলা…

: ঐ পোৱালি , যাচোন তামোল-পাণ বিশ টকাৰ লৈ আন।

গাড়ীৰ ড্ৰাইভাৰে হেণ্ডিমেনক ক’লে।গাড়ী চলাই থাকোঁতে বোলে মুখত কিবা এবিধ নাথাকিলে টোপনি ধৰে।সেয়ে তাৰেই আগতীয়া প্ৰস্তুতি। সঁচাকৈ ভাবিলে আচৰিত লাগে। কেনেকৈ যে ড্ৰাইভাৰবোৰে বছৰৰ পিছত বছৰ ধৰি একেৰাহে গাড়ী কেৱল চলাই থাকে আৰু চলাই থাকে!না ৰ’দ, না বৰষুণ, না ৰাতি,না দিন।ড্ৰাইভাৰবিলাকক মানিব লাগিব কিন্তু। সকলোকে সুন্দৰকৈ গন্তব্য স্থান পোৱাইগৈ।কেতিয়াবা তাৰ ব্যতিক্ৰম হয় , সেইটো বাৰু বেলেগ কথা।তেনে এক ব্যতিক্ৰমৰ ভোক্তভোগীও আছিলো মই।

মুখৰ একাংশ মাস্কখনে ঢাকি ৰাখিছে যদিও দুচকুৱে যেন কথা কৈ আছে যাত্রীসকলৰ।এতিয়া দুচকুলৈ ভালদৰে লক্ষ্য কৰিলেহে মানুহ চিনিব পাৰি।প্ৰতিজন যাত্রী বাছখনত উঠোঁতে ময়ো পঢ়িবলৈ চেষ্টা কৰি আছোঁ দুচকুৰ ভাষাবোৰ।তেনেতে এগৰাকী ২৩ /২৪ বছৰীয়া যুৱতী উঠিল । তাইৰ দুচকুৱে খালী চিট বিচাৰি আছে । এইবাৰ তাই আহি মোৰ ওচৰত ৰ’লহি । মই তাইৰ চকুলৈ চালোঁ।লগতে লাগি থকা কাষৰ চিটটোলৈ গৈ মই তাইলৈ বহিবলৈ ঠাই উলিয়াই দিলোঁ।তাই বহিল। মই যিমান পাৰো তাইৰ গাত গা নলগাকৈ কুঁচিমুচি বহি পৰিলোঁ।

তাইৰ চেম্পুধন্য সেমেকা চুলিৰপৰা তেতিয়াও এটোপ দুটোপকৈ পানী পৰিয়েই আছে।বোধহয় বাছ আস্থানৰ নিচেই কাষতে ক’ৰবাত থাকে।নহ’লেনো সদ্যস্নাতাৰ স্বাক্ষৰ বহন কৰি টুপ্ টুপ্ কৈ এতিয়াও পানী পৰি থাকেনে?আস্ ! যেন এই গৰমত এজাক প্ৰশান্তিৰ বৰ্ষা।ছোৱালীজনীৰ চুলিটাৰি কান্ধলৈকে পৰা। অলকাকেইডালে কপালখন ঢাকি ৰাখিছে । মাস্ক কিন্তু নাই পিন্ধা তাই । ছেঃ! কেনে অসাৱধান!

: ঐ সৌম্যা , আহিলা …

পিছপিনৰপৰা অহা চিনাকি কাৰোবোৰ মাতত তাই পিছলৈ ঘূৰি চালে।ফটকৈ ঘূৰি চাওঁতে তাইৰ চুলিৰ কেইটোপালমান বৰষুণ মোৰ মুখত সৰি পৰিল।ভাল লাগি গ’ল।কি যে এক অনুভূতিয়ে ঢৌ খেলি গ’ল ! যেন কোনোবা তেনেই আপোন ! একেবাৰে কাষৰ। বুকুৰ ধপধপনি শুনিব পৰাকৈ নিচেই কাষৰ । কিয় লাগিল তেনেকুৱা? তাইৰ চুলিৰ কেইটোপালমান পানীয়ে কিয়বা ইমান উন্মনা কৰিছে মোক ! নুবুজিলোঁ মই।

: ঐ ওলা , ওলা যা যা , আমাৰ টাইম নাখাবি । পিছত লাইন ধৰিবলৈ বুলি অহা বাছখনৰ কণ্ডাক্টৰে চিঞৰি চিঞৰি মই বহি থকা বাছখনৰ ড্ৰাইভাৰক উদ্দেশ্যি ক’লে।

আমাৰ বাছখন এইবাৰ এৰিলে।হাতৰ ঘড়ীটোলৈ চালোঁ । আঠ বাজিছে।প্ৰায় এক ঘণ্টা পোন্ধৰ মিনিটৰ পিছত মই মোৰ লক্ষ্যস্থান পামগৈ।প্ৰায়েই কাষত মহিলা যাত্রী পাইছোঁ।কোনোদিনে মনলৈ আজিৰদৰে ভাৱ অহা নাছিল । কিন্তু আজি … বতাহত তাই ব্যৱহাৰ কৰা সুগন্ধি উৰি আহি মোৰ নাকত লাগিছেহি । কি মিঠা গোন্ধ !

নামটোও মিঠা ! সৌম্যা!

দুআষাৰ মত বিনিময় কৰিবলৈ বৰকৈ মন গ’ল । কিন্তু … কি বুলিনো আৰম্ভ কৰিম?—“ক’লৈ যাব”— বুলিয়েই আৰম্ভ কৰিব লাগিব।গাড়ীত লগ পোৱা মানুহক প্ৰথম এইটো প্ৰশ্নইতো সোধা যায় । পিছে প্ৰয়োজনতকৈ বেছি গহীন ছোৱালীজনীক কিবা এটা সুধিবলৈকো টান পাইছোঁ। কিবা ভাবি লয় , ক’বতো নোৱাৰি ! সুবিধাবাদী বুলি যদি ভাবি লয় ! এহ হ’ব । নোসোধো একো। একপক্ষীয়ভাৱে কল্পনাতে আমেজ লোৱা যাওক । পুনৰ চকু দুটা মুদি দিলোঁ।গজলত নিমগ্ন হ’লোঁ।গজলৰ প্ৰতিটো শব্দৰ কোঁহে-কোঁহে যেন আজি উটি ভাহি গৈছোঁ। সেয়া তাইৰ চুটি চুলিটাৰিৰ সতে মই খেলিছোঁ , তাইৰ সুকোমল আঙুলিকেইটা লিৰিকি-বিদাৰি আছোঁ । তাই মোৰ কান্ধত মূৰটো থৈ ভৱিষ্যতৰ ৰঙীন সপোনৰ কথা কৈছে ।

: দাদা , অলপ সহায় কৰকনা…….

উচপ খাই উঠিলোঁ মই । ধেৎ তেৰি! কোনে জগালে মোক?ইমান ধুনীয়া সপোন দেখি আছিলোঁ। মই ইফালে সিফালে চোৱা দেখি তাই ক’লে—-

: বেয়া নাপাব । ময়ে জগালোঁ আপোনাক । অলপ সহায় কৰকনা।মোৰ পাৰ্চটো আজি ঘৰতে এৰি আহিলোঁ । অনুগ্ৰহ কৰি মোৰ ভাড়াটো আপুনি ব্যয় কৰিব পাৰিব নেকি?

কি কয় তাই !

টপৰাই উত্তৰ দিলোঁ।

: কিয় নোৱাৰিম । নিশ্চয় দি দিম বাৰু।

: অশেষ ধন্যবাদ আপোনাক।বহুত উপকাৰ কৰিলে আপুনি।

: নাই নাই । একো নাই । কিন্তু ঘূৰি আহিবলৈ আকৌ ভাড়া নালাগিব জানো?এই পাঁচশ টকা ৰাখি থোৱা।

: নালাগে দাদা। ঘূৰি আহিবলৈ মোৰ সহকৰ্মীৰপৰা পাই যাম।আপুনি চিন্তা নকৰিব।

: একো নাই,ৰাখি থোৱাচোন। বাটত ক’ত কেতিয়া দৰকাৰ হ’ব,ক’বতো নোৱাৰি!

তাই নলয় আৰু মই আঁকোৰগোজ । শেষত বাধ্য হ’ল মোৰ যুক্তিৰ যুঁজত ।

কথা পাতিবলৈ ভয় কৰি থকা মই কথা পাতিবলৈ এটা অজুহাত বিচাৰি পাই মনে মনে কিমান যে সুখী হৈছোঁ, বুজাব নোৱাৰিম।সেয়ে আৰম্ভ কৰি দিলোঁ তাইক জানিবলৈ প্ৰয়োজন হোৱা উকমুকনিৰ ধাৰা । মনে মনে ভাবি থাকিলোঁ,মোৰ লক্ষ্যস্থান যেন আজি নাপাওঁ। বাছখন আৰু ধীৰ গতিত চলক।আনদিনাৰ কেতিয়া পাওঁগৈ কেতিয়া পাওঁগৈ ভাৱটো আজি সমূলি নাই। নাথাকিবৰে কথা।সহযাত্রীয়ে যদি মন হৰি নিয়ে, তেতিয়াতো সময়বোৰ থমকি গ’লেই ভাল লাগে। কিন্তু সময় জানো থমকে? কি কৰোঁ কি নকৰোঁ লাগিল। কাৰণ মোৰ লক্ষ্যস্থান আহি পাবহি হ’ল।নামিবলৈ একেবাৰে মন নাই।ভাগ্যে তাই মোক ক’লৈ যাম সোধা নাই।কি কৰা যায় ! তাইৰ লগ এৰিবলৈ একেবাৰে মন নাই।উপায় বিচাৰি চলাথ কৰিলোঁ।অৱশেষত উপায়ে ভুমুকি মাৰিলেহি । অন্তৰংগ বন্ধু কেতিয়া কামত আহিব? উদ্দীপ্তলৈ মেচেজ এটা এৰিলোঁ।

“মোৰ আজি অফিচ গৈ পাওঁতে অলপ পলম হ’ব।মেনেজ কৰিবা।”

বচ, হৈ গ’ল।সি যেনেতেনে মিলাবই বুলি মোৰ বিশ্বাস । কাৰণ সি মিলোৱাত পাকৈত।

: দাদা , মোৰ নামিবৰ হ’ল।আপোনাক পুনৰ ধন্যবাদ । আপোনাৰ টকাটো মই পঠাই দিম।কাইণ্ডলি আপোনাৰ ফোন নম্বৰটো দিব নেকি?

: অস্ ! নাই নাই নপঠালেও হ’ব দিয়া।

: তেনেহ’লে বেয়া নাপাব মই টকা ৰাখিব নোৱাৰিম।

: অ’কে অ’কে , ঠিক আছে।

মোৰ ফোন নম্বৰটো তাইক দিলোঁ । যোগাযোগ এটা অটুট হৈ গ’ল।কি ভাগ্য মোৰ!আজি ভগৱান মোৰ ওপৰত বাৰুকৈয়ে সন্তুষ্ট। তাইৰো নম্বৰটো মোক দিলে। লগালগ চেভ কৰিলোঁ।

: তেন্তে আহোঁ দিয়ক।যাব আপুনি।

: বাৰু বাৰু , লগ পাম কেতিয়াবা।

তাই নামি গ’ল।মই চাই ৰ’লোঁ তাইলৈ।চায়েই থাকিলোঁ নেদেখা হোৱালৈ।

: দাদা,আজি আপুনি টিপুকত নানামি ধলা পালেহি যে?

কণ্ডাক্টৰে সুধিলে ।

মই কি ক’ম এতিয়া!

এহ লগৰ এজনক ধলাত লগ ধৰিব লগা আছে অ’!

সৌম্যাৰ নম্বৰটোত এতিয়া ৱাটচ্ এপ আছে নে নাই চালোঁ। আস্ ! আছে আছে । কিন্তু লগত সেইজন আকৌ কোন? যেনেকৈহে ধৰি আছে তাইৰ পতিদেৱেই হ’ব । খাটাং হ’লোঁ।নিজৰ মূৰটোকে খুন্দিয়াই খুন্দিয়াই ভাঙি পেলাবলৈ মন গ’ল । তাই কপালত আইডেন্টিফিকেচন মাৰ্কটো লোৱা হ’লে আজি মোৰ এনে দুৰ্দশা নহ’লহেতেঁন নহয়! অলকাকেইডালে আকৌ সেওঁতাও ঢাকি ৰাখিছে । উস! কি যে বিড়ম্বনা!

তেনেতে উদ্দীপ্তৰ ফোন আহিল।

: দোস্ত , আজি মই লিভত আছোঁ নহয় !তোক জনাবলৈ পাহৰিয়েই থাকিলোঁ চাচোন …

তাৰ পিছৰ কথাবোৰ মোৰ কাণত আৰু নোসোমাল । তাৰমানে আজি মোৰ সৱফালে মৰণ । বচৰ খঙাল মুখখন কল্পনা কৰি উভতনি যাত্রাৰ বাছলৈ অপেক্ষা কৰাতকৈ কাৰোবাৰপৰা লিফট্ বিচৰাটোকে থিৰাং কৰিলোঁ।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *