বয়সে গৰকা আবেলিটো-প্ৰণীতা গোস্বামী বৰঠাকুৰ
আৰামী চকীখন চোঁচৰাই বাৰান্দাৰ গ্ৰীলখনৰ কাষ চপাই বহি ল’লোঁ। এইকণ সময় মোৰ নিজৰ যেন লাগে। পুৱাৰ আধা পঢ়া বাতৰিখনো হাতত তুলি আনো সদায়। বাতৰিখন পঢ়া অযুহাতহে, আচলতে মই এইসময়ত ‘মানুহ’ চাওঁ। ৰাস্তাৰ কাষতে ঘৰতো হোৱাত এইকণেই সুবিধা হৈছে মোৰ, মানুহবোৰ ওচৰৰ পৰা দেখোঁ। আগতে পদূলিটো বহুত দীঘল আছিল। এতিয়া ফ’ৰলেনৰ আওতালৈ অহাত সন্মুখৰ মাটিখিনি চৰকাৰে ল’লে, বিনিময়ত বহু লাখ টকা দিলেও অৱশ্যে। এতিয়া মোক ইমান টকা কেলৈ! যিসময়ত মাটিকণ লৈ ঘৰটো সাজিছিলোঁ, সেইসময়ত কষ্টোপাৰ্জিত টকাকেইটা হিচাপ কৰি কৰি চলিছিলোঁ। তেতিয়া ল’ৰা ছোৱালীও সৰু, আলহি-অতিথিও বেছি; এতিয়া দুয়োবিধ দুষ্প্ৰাপ্যৰ দৰেই। টকাসোপা লৈ বেংকত সুমুৱাই থোৱাৰ বাহিৰে এতিয়া মোৰ একো কামত লগাবলৈ নাই। পেঞ্চনৰ টকাৰেই দুয়ো সুন্দৰকৈ চলি থাকিব পাৰিছোঁ। খোৱা আৰু দৰৱকেইটাৰ বাহিৰে খৰছো নাইকীয়াই হৈছেগৈ প্ৰায়। পাছত সৱ ল’ৰা-ছোৱালীৰেই হ’বগৈ। হ’লেও আমি দুয়ো থকালৈকে থাককচোন বেংকতে পৰি। আন কিবা এটা কৰিবলৈয়ো ভাবি থৈছোঁ, চাওঁচোন কি হয়গৈ!
: হেৰি, চাহ দিছোঁ।
শ্ৰীমতীয়ে চাহকাপ যতনাই মাত দিলেহি। চিন্তাত য’তি পৰিল মোৰ।
হাতত চাহ একাপ লৈ তেঁৱো কাষতে বহিলহি।
দুয়ো চাহত চুমক দি ৰাস্তাৰ ব্যস্ততাৰ সোৱাদ ল’লোঁ। এইকণ সময়ত মানুহৰ ভাগৰুৱা দেহাবোৰ ঘৰমুৱা হয়, কিৰিচ কিৰিচ কৰি চৰাইৰ জাকবোৰো বাহলৈ উৰা মাৰে। আমি দুয়ো নিৰৱে সময়কণ উপভোগ কৰোঁ সদায়। মনটো ভাল লাগে মানুহৰ আলেখ-লেখ চাই। জীৱনৰ বিয়লি বেলাত এইদৰে আনৰ গতি বিধি চাই নিজৰ জীৱনটো জুখি চাবলৈ শিকিছোঁ।
অহা-যোৱা কৰা দুই এখন মুখ চিনাকি হৈ পৰিছেগৈ। কজলা শাৰীখন পিন্ধি হাতত মোনাটো লৈ খৰখোজেৰে সৌজনী হাজৰিকানীৰ ঘৰত থকা মালতী। প্ৰায়ে এইসময়ত বজাৰলৈ ওলাই আহে তাই। বোধকৰোঁ হাজৰিকানীকো বাৰান্দাত বহুৱাই তাই ওলাই আহিছে। স্বামীহীনা তেওঁ যোৱা কেইবামাহো কঁকাল ভাঙি বিছনাতে আছিল। এতিয়া হুইল চেয়াৰত বহুৱাই অকণমান উলিয়াই আনে বোলে। তেওঁৰ সংসাৰখনৰ সকলো দিশ মালতীয়েই চম্ভালি আছে। পো-বোৱাৰী বিদেশত, মাকৰ খা-খবৰ লৈ থাকে ফোনত, পা-পইচাও পঠিয়াই থাকে সময় মতেই, পিচে ঘনাই আহিবহে নোৱাৰে সিহঁত।
ঘেট্ ঘেট্ শব্দ কৰি লেম্বেডা স্কুটাৰখন চলাই সৌজন কাষৰ পি ডব্লিউ ডি অফিচৰ বয়সীয়াল কৰ্মীজন, নাম ধীৰেণ দত্ত। বোধকৰোঁ অতি কমদিনতে তেওঁ ৰিটায়াৰ হ’ব। আমাৰ গে’টৰ সন্মুখতে তেওঁ চলন্ত স্কুটাৰখনতে পিছফালটো দাঙি আকৌ ভালকৈ বহি ল’লে। আগলৈ হাওলি অলপ কুঁজা হৈ চলায় তেওঁ। যোৱাবছৰ তেওঁৰ জীয়েকৰ বিয়া হৈ গ’ল। আমাৰ ওচৰৰ পুৰণি মানুহ দুঘৰমানক মাতিছিল অফিচটো ওচৰতে হোৱা বাবে। যোৱাহে নহ’ল। অলপ ভিতৰুৱা গাঁৱত ঘৰ। ড্ৰাইভাৰ নহ’লে আজিকালি গাড়ী চলাই ওলাই যোৱা নহয় আমাৰ। চিণ্টু-বাব্লীৰ কাঢ়া নিৰ্দেশ–“দেউতা, এতিয়া তুমি গাড়ী নচলাবা, ইমান ট্ৰেফিক! তোমাৰ টেনশ্যন বাঢ়িব। ডাক্তৰে মানা কৰিছে ন!”…. দুবছৰৰ আগতে হোৱা মোৰ মাইল এটেকটোৰ পাছত ঘৰৰ সৱ মোৰ প্ৰতি বেছ সচেতন হ’ল। খোৱা বোৱাৰো বহুত ৰেষ্ট্ৰিকশ্যন আহিল। শ্ৰীমতী সেইবোৰ সৱ চম্ভালি আছে। তেতিয়াৰ পৰাই আমাৰ ঘৰত জয়ন্তী আৰু মোহন স্থায়ী সদস্য হৈ পৰিল। পাছফালে ৰূম এটা সাজি সিহঁতক থকাৰ ব্যৱস্থা কৰি দিলে চিণ্টুৱে। আমাৰ নিৰাপত্তা আৰু সহায়ৰ বাবেই এই ব্যৱস্থা। মৰমো লাগে সিহঁতহাললৈ, ইমান চিন্তা কৰে!
মানুহজন সৰল, নিমাখিত। সেইখন স্কুটাৰ বোধকৰো চাকৰি পায়েই লৈছিল। মৰমত ৰখা বাবেই চাগে এতিয়াও চলাই থাকিব পাৰিছে। এইটো অফিচলৈ অহাও তেওঁৰ ছয়-সাত বছৰমান হ’ল চাগে। তেতিয়াৰ পৰাই তেওঁক একে ধৰণেই দেখি আহিছোঁ। তেওঁতকৈ পাছত অহা বহুকেইজনে নতুন দামী বাইক বা গাড়ী লৈ অফিচলৈ আহিবলৈ ল’লে। তেওঁৰহে একো সলনি নহ’ল। বোধকৰোঁ সংসাৰৰ জোৰা তাপলি মাৰোঁতে নিজলৈ সময় নাপায়গৈ। ছোৱালীজনীক এম এ পাছ কৰাইহে বিয়া দিছে, ল’ৰাৰো ভাল চাকৰি এটা হৈছেগৈ বুলি শুনিছোঁ। পঢ়াত ভাল আছিল তেওঁৰ দুয়োটা সন্তান। অজানিতে মানুহজনলৈ শ্ৰদ্ধা উপজিল। নিশ্চয় মানুহজনৰ ঘৰত এটি সুন্দৰ পৰিবেশ আছে, মনতে ভাৱ হ’ল মোৰ।
ইতিমধ্যে শ্ৰীমতীয়ে কাপপ্লেট দুযোৰ সামৰি ভিতৰ সোমাল। মোৰ অন্যমনস্কতাত আমনি পালে চাগৈ। আজিকালি কি হৈছে জানো কিবা এটা ভাবি থাকিলে মাতি থাকিলেও কাণত নোসোমায়। ভালকৈয়ে বুঢ়া হ’লোঁ নেকি! জয়ন্তীয়ে পাতল গৰম কাপোৰ এখন আনি মোক দিলেহি, এওঁ দি পঠাইছে চাগে। অলপ অলপ ঠাণ্ডা বতাহ এটাই গা চুই যায়হি এইকণ সময়ত। ৰাতিলৈ ডিঙিটোৱে কষ্ট পায় বাবে এওঁৰ এই ব্যৱস্থা। এওঁলোক মাইকী মানুহবোৰে নক’লেও বহু কথাই উমান লগাব পাৰে। জীৱনত বহুবাৰ এনে অভিজ্ঞতা হৈছে মোৰ। গৰম কাপোৰখন মেৰিয়াই মুঢ়াটোত ভৰি দুখন তুলি আৰামকৈ বহি ল’লোঁ। ষ্ট্ৰিট লাইটকেইটা ঢিপঢিপাই জ্বলিবলৈ চেষ্টা কৰি আছে। লাইটবোৰ জ্বলিলে ৰাস্তাটো আৰু সুস্পষ্ট হয়।
মানুহবোৰৰ ব্যস্ততা দেখিলে আচৰিত লাগে। ঘৰখনৰ বাবেই ইমান ব্যস্ততা..! কাৰো ৰ’বলৈ সময় নাই, ঘূৰি চাবলৈ সময় নাই। মাথোঁ আগলৈ যাব লাগে নাকৰ পোনে পোনে। মই অতদেৰি ইয়াত বহি আছোঁ কোনেও মোক ‘বৰদেউতা বহিছেনে’ বুলি মাত এষাৰ দি যাব নাপায়নে! যেন আমি একোটা গছৰ মূঢ়াহে…! না কোনো আৱেগ, না কোনো সুখানুভূতি। আমিওতো বিচাৰোঁ কথা পাতিবলৈ, একেলগে আড্ডা দি একাপ চাহ খাবলৈ। নাই আজিকালি আলহি-অতিথি সঁচত দিবলৈয়ো একো এটা নাই। এই মহামাৰীয়ে মানুহবোৰক আৰু বেছি আপোনপেটিয়া কৰিলে। মাত এষাৰ দিলেনো কি হয়…! হঠাতে খং এটা উঠিল মোৰ। ইমান স্বাৰ্থপৰ হ’লনে মানুহবোৰ। আনলৈ চিন্তা কৰিবলৈ যেন সময়েই নাই। নিজকে কিবা অপদাৰ্থ যেন লাগিল। অনুশোচনা এটাও হ’ল, ডেকা বয়সত ময়ো দেখোন চাকৰি-ঘৰ-সন্তান এইবোৰতে ব্যস্ত থাকিলোঁ। বিয়া-সকামৰ বাহিৰে, (তাকো এৰাব নোৱাৰা কেইঘৰৰহে) কাৰোবাৰ ঘৰলৈ যাবলৈ দেখোন সময়েই নহ’ল। কিনো কৰিলোঁ অত বছৰে। পাছৰ জেনেৰেশ্যনটোৱে আমাক ভালকৈ চিনিয়েই নাপালে চাগে। চিণ্টু-বাব্লীৰ লগৰবোৰেনো এতিয়া ক’ত কি কৰি আছে তাকো নাজানো। সংসাৰৰ সকলো দিশ এৱেঁই চম্ভালিলে দেখোন, মইনো কি কৰিলোঁ তেন্তে! ধ্বিকাৰ উপজিল নিজৰ জীৱনটোলৈ। সময়ত এইবোৰ চিন্তা কিয় মনলৈ নাহে বাৰু!
……..
কিটিং কৰি গে’টখন খোলাৰ শব্দ এটা হ’ল। প্ৰায় পাঁচ ছয়গৰাকী মহিলাৰ দল এটা সোমাই আহিল। কানিমুনি বেলাত মুখবোৰ চিনিবলৈ অসুবিধা হ’ল। ষ্ট্ৰিট লাইটটোও নজ্বলিল আজি। জয়ন্তীক নাম ধৰি মাতিলোঁ, তাই আহি বাৰান্দাৰ লাইটটো জ্বলাই দিলেহি।
: বাইদেউৰাক মাতি দেগৈ, চিনিব পৰা নাই মই।
জয়ন্তীক ক’লোঁ। তাই ভিতৰ সোমাই গ’ল।
: খুৰা বহিছে,
বাৰান্দালৈ উঠি আহি দলটোৰ মাজৰপৰা এগৰাকীয়ে মাত লগালে।
: হয়, আপোনালোকক চিনিব পৰা নাই, ক’ৰপৰা কি সকামত আহিছেনো!
মনৰ খোকোজা গুচাবলৈ সুধিলোঁ।
: আমি ‘মিলিজুলি’ NGO ৰ পৰা আহিছোঁ।
: আহক আহক ভিতৰলৈ আহক, বাহিৰতে ৰ’ল যে,
শ্ৰীমতী ওলাই আহি তেওঁলোকক ভিতৰত বহিবলৈ আমন্ত্ৰণ জনালে।
: আমাক তুমি বুলিয়েই ক’ব খুৰী।
ক্ষীণ মিন সৰুফুটীয়া ছোৱালী এজনীয়ে এওঁক ক’লে। হয়ো আমাৰ ইহঁততকৈয়ো বহুত সৰু ছোৱালীকেইজনী।
: খুৰা আপুনিও আহক, আমি দুয়োজনৰ লগতে কথা পাতিব বিচাৰোঁ।
এগৰাকীয়ে ক’লে।
ময়ো উঠি তেওঁলোকৰ লগতে ‘বহাকোঠা’ৰ চোফাখনৰ এমূৰে বহিলোঁগৈ। জয়ন্তীয়ে দুখনমান চকী ভিতৰৰ পৰা আনি দিলেহি। সকলো সুন্দৰকৈ বহি ল’লোঁ। এওঁ জয়ন্তীলৈ চাই চকুৰেই কিবা এটা ইংগিত দিলে, জয়ন্তীয়ে মূৰ দুপিয়াই ভিতৰ সোমাই গ’ল।
: খুৰা আপোনাৰ নামটো ক’বচোন, বয়স কিমান হৈছে আপোনাৰ?
: কেশৱানন্দ বৰুৱা। বয়স সত্তৰ পাৰ হ’ল। ৭২ চলি আছে।
: আৰু খুৰী আপোনাৰ?
: বনলতা বৰুৱা। মোৰ বয়স ৬৫।
এওঁ ক’লে।
: খুৰা-খুৰী আপোনালোক ইয়াত অকলে থাকেনে?
: অকলেই আৰু! এই জয়ন্তী আৰু মোহনক আমাৰ লগৰ বাবেই ৰখা হৈছে অলপ দিনৰ পৰা।
উত্তৰটো ময়েই দিলোঁ।
: তেওঁলোকে ঘৰুৱা কামবোৰ মানে বজাৰ-সমাৰ, ঔষধ-পাতি আদি যোগাৰ ধৰেনে আপোনালোকৰ?
: হয়, সৱ জঞ্জাল সিহঁতেই মাৰে।
আন এগৰাকীয়ে সুধিলে। কথাবোৰ এগৰাকীয়ে বহী এখনত নোট কৰি গৈছে। কিবা চাৰ্ভে কৰিছে চাগে। মনৰ সন্দেহ দূৰ কৰিবলৈ সুধিলোঁ,
: তোমালোকে কিবা চাৰ্ভেত আহিছা নেকি, এইবোৰ প্ৰশ্ন কিহলৈ?
: নহয় খুৰা, চাৰ্ভে নহয়। আমি ব্যক্তিগত ভাৱে এন জি অ’ এটা চলাই আছোঁ যোৱা পাঁচবছৰে। বিশেষকৈ অকলশৰীয়া পৰিয়ালবোৰক প্ৰয়োজন সাপেক্ষে সহায় আগবঢ়াওঁ। টকা পইচাৰে অতি বেছি নোৱাৰিলেও শাৰীৰিক ভাৱে সহায় কৰিব বিচাৰোঁ। দৰৱ পাতি, খোৱা বজাৰ, গেছ চিলিণ্ডাৰ আদি আনিবলৈ মানুহ নথকা ঘৰত আমি নিজেই তেওঁলোকক যোগান ধৰোঁ। আনকি একেবাৰে কোনো নথকা আইতা এগৰাকীৰ ওচৰলৈ আমি এঘণ্টা/দুঘণ্টা কথা পাতিবলৈকে যাওঁ। তেওঁ বিচাৰে বাবে।
: বৰ ভাল কৰিছা। পিচে চলা কেনেকৈ? অৰ্থ অবিহনে সম্ভৱ জানো সেৱা কৰাটো!
: আমাৰো ওপৰত এটা ডাঙৰ এন জি অ’ আছে। তেওঁলোকে আমাৰ কামবোৰ নিৰীক্ষণ কৰে। ভাল কাম কৰিলে আৰ্থিক সাহায্য আগবঢ়ায়। তাৰোপৰি দুই-একে বৰঙণিও দিয়ে। চলি আছোঁ তেনেকৈয়ে। অনাথ শিশুসকলকো আমি সহায়ৰ বাবে আগবাঢ়িব বিচাৰোঁ। তেতিয়াহে অলপ বেছিকৈ টকাৰ প্ৰয়োজন হ’ব। সেইবোৰ পৰিকল্পনাহে আমাৰ।
: ভাল পাইছোঁ শুনি। তোমালোকৰ পৰিয়ালৰ লোকসকলে আপত্তি কৰা নাইনে? সদায় এইদৰে….
এওঁ নিজৰ সীমাৰ ভিতৰৰ প্ৰশ্ন তুলিলে।
: নাই, খুৰী আমিও সন্তান-পৰিয়ালৰ কামবোৰ সামৰিহে ওলাই আহোঁ। ঠিক চাকৰি কৰা মহিলাৰ দৰে। কাৰোবাৰ জঞ্জাল থাকিলে তেওঁক সেইদিনা ৰেহাই দিওঁ। নিজৰ মাজতে বুজা-বুজিত চলি আছোঁ এনেকৈয়ে।
: ভাল কৰিছা তোমালোকে। কৰি যাবা, মাজতে থমকি নৰ’বা।
এনেতে জয়ন্তীয়ে ট্ৰে এখনত সকলোৰে বাবে চাহ, পকৰী আৰু বিস্কুট একপ্লেট লৈ সোমাই আহিল। সকলোকে চাহ খাবলৈ অনুৰোধ জনালে এওঁ।
চাহ পৰ্বৰ মাজে মাজে তেওঁলোকে আমাক প্ৰয়োজনীয় কথাখিনি সুধি গ’ল। আমিও যথাযথ উত্তৰ দি গ’লোঁ। বহুদিনৰ মূৰত এনেদৰে সমাগম এটা পাই আমাৰো মনটো ভাল লাগিল। তেওঁলোকৰ সংকল্পবোৰ জানি ভাল লাগিল। সাধ্যানুসাৰে আৰ্থিক সহায় আগবঢ়াম বুলি ময়ো সিদ্ধান্ত ল’লোঁ। তেওঁলোকৰ চেক্ৰেটেৰী-প্ৰেচিডেণ্টক ক’ত, কেনেকৈ লগ পাম জানিব বিচাৰিলোঁ। তেওঁলোকক আমাৰ ঘৰলৈকে লৈ অনাৰ দায়িত্ব দলটোৰ মাজৰে এগৰাকীয়ে গাত পাতি ল’লে। মোৰো ভাল লাগিল। চৰকাৰী ঘৰৰ বোজা এটা লাঘৱ কৰাৰ সুযোগ এটা পালোঁ।
সমাজখন স্বাৰ্থপৰ আৰু ব্যস্ত হৈ পৰিলেও এনে অনুস্থানবোৰে জীৱনৰ বিয়লি বেলাত আমাৰ দৰে অকলশৰীয়া হৈ পৰা পৰিয়ালবোৰক সকাহ দিব পাৰিছে। মুখলৈ হাঁহি ঘূৰাই আনিব পাৰিছে। এটা মূদ্ৰাৰ দুটা পিঠি থকাৰ দৰে সমাজখনৰো দুটা পিঠিয়েই আমি স্বীকাৰ কৰি চলিব লাগিব। বেয়াৰ মাজৰ ভালখিনি আকোঁৱালি লৈ আগবাঢ়িব লাগিব। আমাৰ দিনৰ সমাজখন বিচাৰি থকাতকৈ নতুন জীৱনশৈলীৰ লগত খাপ খুৱাই চলিবলৈ নিজকে প্ৰস্তুত কৰিব লাগিব। আৰু বা কি পৰিবৰ্তন আহে উঠি অহা প্ৰজন্মসকলৰ জীৱনলৈ। তেওঁলোকেও হয়তো আচহুৱা পাব নতুন ব্যস্ততাবোৰ দেখি। গতিশীল সময়ে সকলোকে অভিজ্ঞতাৰে পুষ্ট কৰি জীৱন যুঁজত জয়ী হ’বলৈ শিকায়। আমিও এতিয়া আগতে নেদেখা-নুশুনা বস্তুবোৰ, কামবোৰ এতিয়া সহজ ভাৱেই ল’বলৈ শিকিলোঁ।
: খুৰা আমি আহিছোঁ আজি, চাৰসকলক লৈ পুনৰ এদিন আহিম বহাকৈ। আপোনাৰ ফোন নম্বৰটো খুৰীৰ পৰা লৈছোঁ। ফোন কৰি জনাম আপোনাক।
দায়িত্ব লোৱা গৰাকীয়ে মোৰ কাষলৈ আহি ক’লেহি। ইমানদেৰি অন্যমনস্ক হৈ পৰা বাবে অলপ লাজো লাগিল। সকলো যাবলৈ উঠিল। এওঁ বাৰান্দালৈকে তেওঁলোকক আগবঢ়াই দিলেগৈ। সন্ধিয়াটো সুন্দৰকৈ পাৰ হ’ল আজি। গে’টৰ তলাটো মাৰি মোহনে ৰাতিৰ দায়িত্বখিনি পালন কৰি ভিতৰ সোমাল। আমিও ভিতৰৰ কোঠালৈ সোমাই টিভিটো অন কৰি দিলোঁ। কথা কটা-কটি কৰি থকা টকশ্ব’ টো দেখি এওঁ ভোৰভোৰাই শোৱনি কোঠালৈ উঠি গ’ল। ময়ো চেনেল সলাই নাচৰ অনুষ্ঠান এটা পালোঁগৈ। তেনেতে চিণ্টুৰ ফোন আহিল, দৈনিক খা-খবৰ লয় এই সময়তে সদায়। মই আজিৰ কথাখিনি জনাই তাক মোৰ সিদ্ধান্তটোৰ কথা ক’লোঁ। বৃদ্ধাশ্ৰম আৰু অনাথ আশ্ৰমৰ বাবে থকা মোৰ সকল্পটোৰ কথাও থাওকতে জনাই থ’লোঁ। সিয়ো সন্মতি জনালে। মনটো ভাল লাগিল। ফোনটো মাকক দি টিভিৰ পৰ্দাত চকু থৈ নিজৰ চিন্তাত মগ্ন হ’লোঁ পুনৰ। মনত এক অনাৱিল প্ৰশান্তি লাভ কৰিলোঁ।
এটা নতুন দিনৰ আগমনৰ বাবে সাজু হ’লোঁ মনতে।
☆ ★ ☆ ★ ☆
11:00 am
শিৰোনামটো দেখিয়েই পঢ়িবলৈ মন গল। বৰ সুন্দৰ বা।
2:48 pm
ধন্যবাদ নাজিয়া❤️
12:03 pm
খুব ভাল লাগিল৷
2:49 pm
বহুত মৰম আৰু ধন্যবাদ নীলাক্ষী
1:49 pm
বৰ সুন্দৰ।সমাজৰ এখন বাস্তৱ ছবি পৰিলক্ষিত কৰিলো ।
2:50 pm
সুন্ধৰ মন্তব্যৰ বাবে বহুত ধন্যবাদ কৰবী
2:24 pm
বৰ ভাল লাগিল
2:51 pm
ধন্যবাদ ডলী😊।