চুলিৰ মহিমা-ড০ মৃদুস্মিতা ফুকন
চুলিৰ কথা কৈ শেষ কৰিব নোৱাৰি।নামতহে নাওমান,কামত কিন্তু সাংঘাতিক।ডেকাক বুঢ়া নতুবা বুঢ়াক ডেকালৈ সলনি কৰি দিব পৰা ক্ষমতা আছে চুলিৰ।তদুপৰি কেতিয়াবা ই ঘৰে-পৰে,পৰিয়ালে-
পৰিজনে কমবোৰ দুৰ্গতি-দুৰ্দশা কৰেনে?
এতিয়া আমাৰ সৌ অমূল্য কাকতিলৈকে চাওকচোন।সৌ সিদিনালৈকে কেনে চিকচিকীয়া ফিটফিটীয়া হৈ আছিল মানুহজন।যোৱা সপ্তাহত তেখেতৰ মাক ঢুকুৱাত খবৰ ল’বলৈ গ’লোঁ।বৰতীয়া অৱস্থাত কাকতিক দেখিতো মই আচৰিত।মানুহজন আধা পকা চুলিয়ে-দাড়িয়ে ভোবোকাৰ হৈ চিনিবই নোৱৰা হৈ আছে।আকৌ এতিয়া চুলি-দাড়ি খুৰুৱাৰ পাছত ওলাওঁতে-সোমাওঁতে সদায় দেখা মানুহজনকো অচিনাকি,ক’ৰবাৰ কোনোবা যেনহে লাগিছে।সিদিনা আমাৰ ছোৱালীৰ বান্ধবী পৰী আহিছিল,লগতে তাইৰ মাক।মানুহ-গৰাকীক মই আগতেও লগ পাইছোঁ।কিন্তু সিদিনাতো মই তেওঁক হঠাতে পৰীহঁতৰ লগৰে কোনোবা ছোৱালী বুলিহে ভাবিছিলোঁ।মাকনো কোনজনী, জীয়েকনো কোনজনী চিনিবই নোৱাৰি।চুলি-টুলি কাটি তেনেই ষোল্ল বছৰীয়াজনী হোৱাদি হ’ল।
আমাৰ অন্যতম প্ৰিয় গায়ক হিচাপেই টেলিভিচনত ওলালেই চকু যায় বিপ্লৱ বৰঠাকুৰৰ চেহেৰালৈ।কিছুমান গায়ক-অভিনেতাৰ মূৰৰ চুলিবোৰ দিনে দিনে বাঢ়ি অহাৰ বিপৰীতে আমাৰ এই প্ৰিয় গায়কজনৰ মূৰৰ চুলিবোৰ দেখোন দিনে দিনে কমিহে আহিছে।মূৰৰ তালুখনে দিনে দিনে উইম্বলডনৰ ক’ৰ্টখনৰ ৰূপ লৈছে।মনটো বেয়া লাগিল।এদিন হঠাত টেলিভিচনৰে গানৰ অনুষ্ঠান এটাত দেখিলোঁ বিপ্লৱ বৰঠাকুৰৰ মূৰত এটা টুপী।এনেয়ে বৰঠাকুৰক সাধাৰণ বেশভূষাৰ লোক যেনেই লাগে। এনেকৈ টুপী-চুপী পিন্ধি থকা গান গোৱা আগে-পাছে দেখা নাই।ভাবিলোঁ, অলপ ‘চাল’ দিছে চাগৈ।আজিকালি শিল্পী-সাহিত্যিকৰ পৃথিৱীখনত যিহে প্ৰতিযোগিতা হৈছে!তেনে ধৰণৰ কিবা-কিবি দুই-এটা নকৰিলে তিষ্ঠি থকাই টান হৈছেগৈ।সেয়ে হয়তো বৰঠাকুৰৰ এই নতুন ৰূপ।কিন্তু তাৰ পাছৰ কেইবাদিনো কেইবাটাও অনুষ্ঠানত বৰঠাকুৰৰ টুপী পৰিহিত ৰূপ।মনতে ভাবিলোঁ –
‘আই ঐ দেহি,গায়কজন চাগৈ পিতৃ বা মাতৃহাৰা হ’ল।’
গ’ল কথা গুচিল।এই ঘটনাৰ দুমাহমানৰ পাছত টেলিভিচনৰ পৰ্দাত আকৌ বিপ্লৱ বৰঠাকুৰ।দেখিয়েই মোৰ মনটো ভাল লাগি গ’ল—এইবাৰ বৰঠাকুৰৰ মূৰত এমূৰ ডাঠ ক’লা চুলি!
পুলিন মামাৰ চিকচিকীয়া তালুখন আগেয়ে লাইটৰ পোহৰত দূৰৰপৰাই জিলিকি থাকে।গতিকে মামাক দূৰৰ পৰাও বিচাৰি উলিওৱাত কষ্ট নহয়।পাছে সিদিনা বহুত দিনৰ মূৰত মামাক বিয়া এখনত দেখি মইতো অবাক।মামাৰ মূৰত এসোপা ডাঠ চুলি।ক’ব নোৱৰাকৈয়ে মোৰ মুখেদি কিবা এষাৰ ওলাই গ’ল হ’বলা!মামাও অলপ অপ্ৰস্তুত হোৱা যেনেই লাগিল।মোক একাষৰীয়াকৈ মাতি নি ক’লে…..
“নকবি বুইছনে—মাক-জীয়েক দুইজনীয়ে জোক লগাদি লাগিছে।মোৰ উদং তালুখনৰ কিবা এটা ব্যৱস্থা কৰিবই বোলে সিহঁতে।নহ’লে হেনো সিহঁতৰ বোলে নাক-কাণ কটা যায়|এতিয়া ছোৱালীৰ বিয়া-বাৰুৰো সময় হৈ আহিছে।জোঁৱাই, নতুন মিতিৰ –- সাতে-পাঁচে…।সিহঁতেই মোক এই উইগটো যোগাৰ কৰি পিন্ধাইছে।মোৰ কিন্তু এইবোৰ চং দিয়াৰ একেবাৰে মন নাই অ’!”
কিন্তু স্বীকাৰ কৰিবই লাগিব মামাৰ এতিয়া চেহেৰাই সলনি হৈ গ’ল।চেহেৰা সলনিৰ কথাটো বাদেই এতিয়া আটাইৰে মূৰৰ ৰং-বিৰঙৰ চুলিয়ে আনকি চুলিৰ পুৰাতনীয়া সংজ্ঞাটোকে সলনি কৰি পেলাইছে।সৌ সিদিনালৈকে উপজিয়েই ক’লা হয় কি বোলা সাঁথৰটোৰ উত্তৰো এতিয়া সলাবৰ হ’ল।পকা চুলিত ৰং কৰাৰ স্বাভাৱিক প্ৰৱণতাৰ বিপৰীতে এতিয়া ক’লা কিচকিচীয়া চুলিকোছাতো ভিন্ন ৰঙৰ পয়োভৰ ঘটাই নিজকে আকৰ্ষণীয় কৰি তোলাৰ প্ৰৱণতাই এচামক বিশেষভাৱে প্ৰভাৱিত কৰিছে।এসময়ত চুলি বুলিলেই কিচকিচীয়া ক’লা বোলা সংজ্ঞাৰ বিপৰীতে এতিয়া অনেকৰে মূৰত ক’লা,বগা চুলিৰ সলনি
গুলপীয়া,বেঙুনীয়া,সেউজীয়া,মামৰ বৰণীয়া আদি অনেক ৰঙৰ উপৰিও আমাৰ জাতীয় পতাকাৰ দৰে ত্ৰিৰংগাৰ বা বাৰেৰহনীয়া ৰং-বিৰঙৰ বিভিন্ন চানেকিৰ বিভিন্ন আৰ্হিৰ ফেছন।তদুপৰি জন্মসূত্ৰে পোৱা পোন, বৈ পৰা চুলি কেইডাল কেকোঁৰা কৰিবলৈ বা গোঁসানীৰ চুলি হেন কেকোঁৰা চুলিখিনি পোন কৰিবলৈ কি যে কাৰচাজি!কেতিয়াবা ভাৱ হয় আজিকালি চুলি আৰু কানি-কাপোৰৰ মাজত বাৰু একো পাৰ্থক্যই নোহোৱা হ’ল নেকি?বহুতে দিনে-দিনে কাপোৰ সলোৱাদি চুলিও সলায়,কাপোৰত মাৰ দি খমখমীয়া কৰাদি চুলিতো কিবা-কিবি সানি কাঁইট যেন খৰখৰীয়া ঠৰঙা কৰি থয়,কাপোৰ ইষ্ট্ৰি কৰাদি বোলে চুলিও ইষ্ট্ৰি কৰে!মুঠতে এতিয়া ল’ৰা-বুঢ়া,ককা-আইতা,ডেকা-ডেকেৰী, গায়ক-শিল্পী,ছাত্ৰ-শিক্ষক,ৰাষ্ট্ৰপতি-খেলুৱৈ,চোৰ-
দগাবাজ কাকো চুলিৰ সংজ্ঞাৰে চিহ্নিত কৰিব নোৱাৰি। চুলিৰ এনেধৰণৰ ফেছন বৰ্তমান ইমানেই জনপ্ৰিয় হৈছে যে,তাৰ বাবে এতিয়া আনকি ঘটিৰাম-বাতিৰামেও মুঠিয়ে মুঠিয়ে গাঁঠিৰ ধন ভাঙিবলৈ কেৰেপ কৰা নাই|শেহতীয়া বিশ্বকাপ ফুটবলৰ টি আৰ পি উলিয়ালেই এই কথাৰ সত্যতা ওলাই পৰিব।বিশ্বৰ জনপ্ৰিয় ফুটবল খেলুৱৈকেইজনৰ খেল নে চুলিৰ ষ্টাইলে দৰ্শকক আকৰ্ষিত কৰিছিল সেই কথা জনাই জানে।
এতিয়া চুলিৰ প্ৰতি আটাইৰে মনোযোগ বাঢ়িছে।সেইদৰে বাঢ়িছে চুলিৰ যত্ন আৰু পৰিচৰ্যাৰো।মানে এতিয়া চুলিৰ প্ৰতি আমাৰ দৃষ্টি-ভংগী আগতকৈ ভালেখিনি সলনি হৈছে|তথাপি কিন্তু ঠাই বিশেষে চুলিডালৰ মহিমাৰ চুলিমানো হীন-দেঢ়ি ঘটা নাই।
মই সাধাৰণতে মূৰ(চুলি?) ধোৱাৰ দিনা চুলিকোছা ভালকৈ আঁচুৰি,বান্ধি লৈহে পাকঘৰত সোমাওঁ।নহ’লে ভাতৰ পাতত কেনেবাকৈ ক’ৰবাত চুলি এডাল ওলাব লাগিলে বাপেক-পুতেক দুয়োটাই কমখন অশান্তি কৰেনে?
“হেৰা এহাতমান এইডাল তোমাৰেই যেন পাইছোঁ—চোৱাচোন”—এইবুলি গৃহস্থই যিটো সুৰতহে ক’ব,মোৰ মূৰৰ চুলিডালৰ ক’ৰবাত যেন মোৰ নামটোহে লিখা আছে আৰু সেয়া যেন অকল মইহে পঢ়িব পাৰো! গতিকে মোলৈকে সেই কটাক্ষ।ঘৰখনত এহাত দীঘল চুলি মোৰ বাহিৰে আন কাৰোবাৰ আছে জানো? সহি-সামৰি থাকিলেই হ’ল।নাই,জানি-শুনিও সেইখন হুলস্থূল।
ল’ৰাই চিঞৰিব—
“মা, মা,মোৰ ভাতত চুলি—লৈ যোৱাহি।নাখাওঁ মই”—
তাৰ গগন ফলা চিঞৰ ওচৰ-চুবুৰীয়ায়ো শুনে যেনহে লাগে।সেয়ে মই সদায় সাৱধান হৈ থাকোঁ| কিন্তু তথাপি ক’ৰ পৰা জানো কেতিয়াবা এডালমান ওলাইহি আৰু তেতিয়াই ৰামায়ণ,মহাভাৰত আৰম্ভ হৈ যায়।
অকল কিবা ভাতৰ পাততেনে?ফণিত,গাৰুত,গামোচাত,বিচনাত গোটেইখনতে সিহঁতে মোৰ চুলিকে বিচাৰি পায় আৰু তাকে লৈ বাপেক-পুতেকৰ কত যে বাৰে-ভচহু কথা!বাথৰূমৰ পানী যোৱা ফুটাটো বন্ধ হ’ল—‘মাৰৰ চুলি’—-মুখ ধোৱা বেচিনটোৰ পানীখিনি সোঁ-সোঁৱাই ওলাই যোৱা নাই,তাতো—-‘মাৰৰ চুলি’—- ফণিখনত চুলি লাগি থাকিল —‘মাৰৰ চুলি’—–চাবোন ডোখৰত লাগি থকা দুই আঙুলমান চুলিডালো ‘মাৰৰে’।হাজৰিকাৰ ঘৰৰপৰা দিয়া ঢেঁকীয়া শাকমুঠিত চুলি এডাল ওলাল- সেয়াও ‘মাৰৰ চুলি’।তাত দীঘল-চুটি, কেঁচা-পকাৰ কথা নাই|ঘৰখনত যেন কেৱল মোৰ মূৰতহে চুলি আছে-বাকীবোৰ ব্ৰহ্মতপা।মুঠতে যত দোষ নন্দ ঘোষ।
সিদিনা গৃহস্থ অফিচৰ পৰা আহি পাইছেহি।হঠাতে মোৰ চকুত পৰিল তেওঁৰ মুগাবৰণীয়া কোটটোৰ কান্ধতে এডাল চুলি।ক’ৰপৰা ওলাল চুলিডাল? কোটটো ড্ৰাই ক্লিনিঙত দিয়াৰ পাছত আজিহে প্ৰথম উলিয়াই পিন্ধিছে।—-হ’ব পাৰে,ক’ৰবাত মোৰ মূৰৰপৰাই কেনেবাকৈ গৈ পৰিবগৈ পাৰে। কিন্তু চুলিডাল বেছি দীঘল নহয়, এবেগেতমান হ’ব।অকণমান কেকোঁৰাও নেকি বাৰু?থাককচোন মই একো নামাতোঁ।কিয়নো বাটৰ কচু গাত ঘঁহি আপদ চপাই লওঁ?সেইডাল দেখুৱালে আকৌ সেই আগৰ ৰেকৰ্ডবোৰহে বজাব।মোৰ মূৰতে কঁঠালটো ভাঙিব।চল চাই ময়েই সেইডাল এপাকত আঁতৰাই দিম।
গৃহস্থই মুখ-হাত ধুই আহি চাহ খাবলৈ বহিল।মই আঁৰ-চকুৰে তেওঁৰ কোটটোৰ কান্ধৰ সেই চুলিডাল বিচাৰিলোঁ।চুলিডাল দেখোন নাই।আৰু তেঁৱো সেই বিষয়ে একো চিঞৰ-বাখৰ কৰা নাই।এনেয়েতো ক’ৰবাত চুলি এডাল ওলালেই মোৰ নামত চৈধ্য-পুৰুষ উদ্ধাৰে আৰু আজি তেওঁৰ কোটৰ সেই চুলিডাল নিঃশব্দে আঁতৰ হ’ল যে!তেওঁ দেখোন ‘টু’ শব্দ এটাও নকৰিলে!
☆ ★ ☆ ★ ☆
3:24 pm
ভাল লাগিল
11:41 am
ধন্যবাদ জনালোঁ
7:27 pm
😀 ভাল লাগিল দেই।
11:41 am
ধন্যবাদ জনালোঁ
10:45 pm
বৰ ৰসাল
11:42 am
সুখী হ’লোঁ।
11:43 am
সুখী হ’লোঁ।