ফটাঢোল

পাৱাৰ বেঙ্ক – জয়ন্ত গগৈ

নকছাৰীত থকা পেহী-পেহাই প্ৰায়েই কৈ থাকে তঁহতকেইটাই আমাক একেবাৰে পাহৰি গ’লি চাগে। যাওঁ বুলিও হঠাতে যাব নোৱাৰি। কেইবা কিল’মিটাৰৰ বাট। ল’ৰাক স্কুলত থোৱা -অনা, এইবোৰ কৰি থাকোঁতেই দিনটোৰ সময়কণ শেষেই হয়চোন। আকৌ দেওবাৰৰ দিনটোতো কেতিয়াবাহে সময় থাকেগৈ। ল’ৰাটোক নগৰৰ আৰ্টৰ স্কুললৈ নিলেই দিনটোৰ এবেলা সময় যায়গৈ। বন্ধৰ দিনটোতে কামো ধেৰ ওলাই। সময়বোৰ এনেকুৱাই হয়তো। ব্যস্ততাৰ মাজত থাকিলে গমকে পোৱা নাযায়। পেহা-পেহীৰ ঘৰলৈ একেবাৰে নোযোৱাও নহয়। ডেকাতে দুবাৰমান গৈছিলোঁ। সংসাৰ আৰম্ভ কৰাৰে পৰা অৱশ্যে তেনেকৈ  দূৰলৈ আলহী খাবলৈ যোৱা হোৱা নাই। ফোনত পেহা-পেহীহঁতৰ লগত কথা হৈয়ে থাকে। খবৰ খাতিবোৰ পাই থাকোঁ। তথাপিও নোযোৱাৰ বাবে আক্ষেপ!

পেহীৰ সৰুজনী ছোৱালীৰ বিয়াৰ দিন ল’লে। বিয়াৰ দিন লোৱাৰে পৰা ফোনত কৈয়ে আছে- এইবাৰ যেনেকৈ হ’লেও ভতিজী বোৱাৰীয়েকক ঘৰখন দেখুৱাই আহিব লাগে। বিয়ালৈ যেনেকৈ হ’লেও যাম বুলি পেহা-পেহীক কথা দিলোঁ। বিয়াৰ দিনটো শনিবাৰ পৰিল বাবে সপৰিয়ালে যোৱাৰ প্ৰগেম কৰিলোঁ। ল’ৰাৰ স্কুল খটিও কম হ’ব। এই ভাবিয়ে বিয়াৰ আগদিনাখনে পোৱাকৈ শ্ৰীমতী আৰু ল’ৰাটোৰ সৈতে দুপৰীয়াৰ ট্ৰেইনখন ধৰিব পৰাকৈ নগৰ পালোঁগৈ। সময়মতে ষ্টেচনৰ পৰা নামনিমুৱা ৰেলখন এৰিল। ল’ৰাটোৰ ৰেলগাড়ীত উঠাৰ চখ এটা আগৰে পৰা আছিল। তাক খিৰিকী কাষৰ ছিটটো লগাত বহিবলৈ দিলোঁ। সি একান্ত মনেৰে জোৰেৰে পিছুৱাই যোৱা গছ-লতিকাবোৰ, দূৰৈৰ পাহাৰৰ দৃশ্যবোৰ চাই খুউব ভাল পাইছে বুলি মুখলৈ চাওঁতেই বুজিব পৰা গৈছে। “এই বাদাম..বাদাম …বাদাম..মুহফলি বাদাম” বুলি চিঞৰি চিঞৰি অহা বাদামৱালাৰ পৰা বাদাম ল’লোঁ। বাদামৰ লগত দিয়া জলকীয়া গুৰি মিহলি ভজা নিমখ আঙুলিৰে জিভাত দি চেলেকী খোৱাৰ মজাই সুকীয়া।ৰেলত বাকলি গুচাই মুহফলি বাদাম নাখালে ৰেলত উঠা যেনেই নালাগে। বাকলি গুচাই গুচাই বাদাম চোবাই আহোঁতে কেতিয়ানো নামিব লগা ষ্টেচন পালোহি ধৰিবই নোৱাৰিলোঁ। পেহীহঁতৰ ঘৰৰ আগেদি ষ্টেচনৰ পৰা কেইবাখনো বাছ গাড়ী অহা-যোৱা কৰে। আমিও তেনে এখন বাছত উঠিলোঁ। সৰু-সুৰা যাত্ৰীবাহী গাড়ীৰ সংখ্যা বাঢ়ি অহাৰ বাবে হয়তো বাছত যাত্ৰীৰ সিমান এটা ভিৰ নাছিল। বাছৰ শেষৰফালে ৰসাল মনৰ কোনো এজন ব্যক্তি আছে বুলি হাঁহিৰ ৰগৰৰ পৰাই বুজিব পাৰিছিলোঁ। বাছৰ পিছফালৰ যাত্ৰীসকলৰ দুজনমানে খুউব হাঁহিছে। ৰগৰ তুলি কথা ক’ব পৰা মনৰ মানুহে অচিন মানুহ এজনকো হঁহোৱাব পাৰে। যাত্ৰী দুজনমান নমাই বাছখনে গতি লৈছিলহে, তেনেতে পিছফালৰ পৰা ড্ৰাইভাৰৰ ওচৰলৈ আগুৱাই অহা লোক এজনে উধাতু খাই -“অ’ ড্ৰাইভাৰ ভাইটি , অ’ ভাইটি…ভাইটি ৰ’বাচোন ৰ’বা। মোৰ পাৱাৰ বেঙ্কটো খিৰিকীয়েদি পৰিল অ’! সেইটো নহ’লে মোৰ একো কামেই ন’চলে।” বুলি চিঞৰি চিঞৰি অহা লোকজনৰ কথা শুনি ড্ৰাইভাৰজনেও বাছখন ব্ৰেক মাৰি ৰখালে। মানুহজনে খৰধৰকৈ বাছৰ পৰা নামি পৰি অহা বস্তুটো আনিবলৈ দৌৰি গ’ল। মোৰ দৰেই বাছৰ আন কেইবাজনো যাত্ৰীয়ে গলধন পিছলৈ ঘূৰাই তেখেতলৈ উৎসুকতাৰে চাই ৰ’লোঁ। পৰি যোৱা বস্তুটো লৈ মানুহজনেও ফোঁফাই-জোঁপাই তৎক্ষণাৎ উভতি আহি বাছত উঠিলহি। বাছৰ ৰ্দজাৰ মুখ পাওঁতেই হেন্দিমেনগৰাকীয়ে মানুহ জনক উদ্দেশ্যি সুধিলে,

: অ’ দাইটি,পাৱাৰ বেঙ্কটো ভাগিল নেকি? ঠিকেই আছেনে?

: তেৰাৰ কৃপাত একো ন’হল দিয়া ভাইটি। যেনেকৈ হাতৰ পৰা পৰিছিল, তেনেকৈয়ে পালোঁ।

: দাইটি পাৱাৰ বেঙ্কটো কি কোম্পানীৰ আৰু কিমান টকানো পৰিছিল একা?

: এহ! এইটোৰনো আৰু কি কোম্পানী আৰু দামৰ কথা আছে। বুইছা মাইটি ভিতৰৰ বস্তুকণহে মেইন।

: মানে ? নুবুজিলো দাইটি।

: খৈনি..খৈনি..মোৰ হাতৰ পৰা এইটোহে (খৈনি টেমিটো দেখুৱাই) পৰিছিল। এইকণে বহুত এৰ্নাজি দিয়ে অ’       

    

: ধৈৎ…হাঁ..হাঁ..হাঁ….আপুনি কি আচৰিত। মানুহ হঁহোৱাই মাৰিব দেই!

 হাঁ.. হাঁ ..হাঁ..কৰি হেন্দিমেনজনৰ হাঁহিৰ ৰগৰত বাছৰ ভিতৰত থকা সকলোৱে মুখত হাঁহিৰ ৰোল এটি ক্ষন্তেকতে বৈ পৰিল। বাছৰ ড্ৰাইভাৰজনেও ষ্টেৰিং ঘূৰাই ঘূৰাই মানুহ জনলৈ চিঞৰ মাৰিলে,

“ঐ দদাইটি আপোনাৰ পাৱাৰ বেঙ্কৰ এৰ্নাজি এপালি খোৱাওক। মোকো এতিয়া অলপ এৰ্নাজি দৰকাৰ হৈছে। চাদা মেইন, নহয়নে দদাইটি?”

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *