ফটাঢোল

শিক্ষা জগতত সঙ্কত – প্ৰদীপ বৰা

বৰ্তমানৰ শিক্ষা জগতখনৰ  বিষয়ে কোনো বাক্য বা শব্দ সাধাৰণীকৰণ কৰি ব্যক্ত কৰাটো সম্ভৱ নহয় কাৰণ প্ৰতিখন শিক্ষা ক্ষেত্ৰ বা বিদ্যালয়ৰ আভ্যন্তৰীণ ব্যৱস্থাসমূহৰ পাৰ্থক্য পৰিলক্ষিত হয়৷ সেই হিচাপত শিক্ষা জগতত সঙ্কত বুলি কোৱাটোও কিমানদূৰ যুক্তিসংগত  হৈছে সেয়া নিশ্চয় পঢ়ুৱৈসকলৰ বিচাৰ্য বিষয় হ’ব৷ এখন বাহনৰ ভাল্ভ টিউব এটা বেয়া হ’লেই গোটেই বাহনখন অকামিলা হৈ পৰাৰ দৰে  কোনো বিদ্যালয়ৰ কোনোবা এটা দিশ অলপ সোপাধিলা হ’লেও বিদ্যালয় খনলৈ বহুত অসনি সংকেত আহে৷

মোৰ দৃষ্টিত চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষকৰ  সংখ্যাগত সমস্যাটোৱেই আটাইকেইটা প্ৰাণনাশি বিপদসংকুল সমস্যা৷ মই যেতিয়া ১৯৬৪ চনত যোৰহাটৰ দহোটীয়া এম ভি স্কুলত নামভৰ্তি কৰিছিলোঁ তেতিয়াই মোৰ শিক্ষাজীৱনৰ কঠীয়াতলী সেই বিদ্যালয়খনত আঠটা শ্ৰেণীৰ পৰিৱৰ্তে দহজন শিক্ষাগুৰু আঠটা শ্ৰেণীকোঠা, কাৰ্যালয়ৰ কোঠা, বিজ্ঞান শিক্ষাৰ কোঠা,  পুথিভঁৰালৰ কোঠা, ভঁৰালঘৰ, চকীদাৰৰ কোঠা বেলেগ বেলেগকৈ আছিল। প্ৰতিটো শ্ৰেণীকোঠা আৰু শিক্ষণীয় কোঠাত বয়স অনুপাতে বেলেগ বেলেগ উচ্চতাৰ বেঞ্চডেস্ক আছিল৷ স্কুলৰ সন্মুখত ফুলনি আৰু প্ৰাৰ্থনা কৰিবলৈ সুন্দৰ বননি পথাৰ আছিল। স্কুল বিল্ডিং  দুটা এল পেটাৰ্ণত আছিল৷  প্ৰতিটো প্ৰিৰিয়ডতে প্ৰতিটো শ্ৰেণীত বেলেগ বেলেগ শিক্ষকে বেলেগ বেলেগ  বিষয়ৰ পাঠদান কৰিছিল৷ অৱশ্যে সেই সময়ত “চেকনিৰ আগৰ বিদ্যা” নীতিৰ প্ৰচলন আছিল যদিও শিক্ষাগুৰুসকলৰ  শিক্ষাৰ্থীসকলৰ প্ৰতি আন্তৰিক মৰম আছিল। শ্ৰেণীৰ পৰা এজন শিক্ষক ওলাই যোৱাৰ পিছত পিছৰজন প্ৰৱেশ কৰাৰ সময়ৰ ব্যৱধান নাছিলেই বুলি ক’ব পাৰি। বিদ্যালয়খনত সহপাঠ্যক্ৰমৰ ব্যৱস্থা, মন্ত্ৰীসভা, নিয়মানুবৰ্তিতা, সময়ানুৱৰ্তিতা, পৰিষ্কাৰ পৰিচ্চন্নতা আদি বিষয়সমূহ সুচাৰুৰূপে পৰিচালিত হৈছিল৷ শ্ৰুতলিপি লিখা, মৌখিক,  আৰু সলসলীয়াকৈ নেওতা মুখষ্ঠ দিয়াটো সেই সময়ত বাধ্যতামূলক আছিল৷ অভিভাৱক আৰু  ছাত্ৰছাত্ৰীয়ে শিক্ষাগুৰু সকলক শ্ৰদ্ধা ভক্তি সন্মান আৰু সমীহ কৰিছিল৷

ওপৰত মই পঢ়ি অহা  প্ৰাথমিক বিদ্যালয়খনৰ কিছুমান পৰিৱেশ বৰ্ণনা কৰিলোঁ৷ এতিয়া যদি বৰ্তমানৰ কিছুমান প্ৰাথমিক বিদ্যালয়ৰ লগত উক্ত এম ভি স্কুলখনৰ বিভিন্ন দিশ তুলনা কঁৰো তেন্তে বিভিন্ন দিশত আকাশ পাতাল পাৰ্থক্য দেখিবলৈ পোৱা যায়৷ বিশেষকৈ আমাৰ অঞ্চলত বহুতো প্ৰাথমিক বিদ্যালয় আছে যিবোৰত ছটা শ্ৰেণীৰ বিপৰীতে ছয়জন শিক্ষক নাই। ক’ৰবাত এজন ক’ৰবাত দুজন ক’ৰবাত তিনিজন — ইত্যাদি৷ দুজন এজন শিক্ষকে ছটা শ্ৰেণীত একেমুহূৰ্ততে কেনেকৈ ছটা বা তিনিটা বিষয়ৰ পাঠদান দিয়ে ভাবিলে আচৰিত লাগে৷ আকৌ সেই এজন বা দুজন শিক্ষকে প্ৰতিদিনে চৰকাৰক বিভিন্ন নথিপত্ৰ জমা দিয়া, চৰকাৰী লোক পিয়ল কৰিবলৈ যোৱা, নিৰ্বাচনৰ কামত যোৱা, খৰি পানী যোগাৰ কৰি মধ্যাহ্ন ভোজন নিয়াৰিকৈ চলোৱা আদি কাৰ্যসমূহো সম্পাদনা কৰিব লাগে৷ 

বৰ্তমান ৰাজ্যত বেচৰকাৰী খণ্ডত বহুতো শিক্ষানুষ্ঠান গঢ় লৈ উঠিছে। সেইবিলাকত শ্ৰেণী অনুপাতে শিক্ষক থাকে আৰু সময়ানুৱৰ্তিতা মানি  নিৰবিচ্ছিভাৱে পাঠদান কৰে৷ শিক্ষকে পাঠদানৰ ক্ষেত্ৰত গাফিলতি কৰিব নোৱাৰে৷ কাৰণ গাফিলতি কৰা মানেই তৎকালীনভাৱে বলবৎ হোৱাকৈ তেনে শিক্ষকক অব্যাহত দিয়া হয়। ছাত্ৰছাত্ৰীৰ ওপৰত তেওঁলোকে যিমান তত্ত্বাৱধান ল’ব ভৱিষ্যত সিমানেই ছাত্ৰছাত্ৰী বৃদ্ধি হ’ব আৰু ব্যৱসায়িক দিশত তেওঁলোকৰ অগ্ৰগতি হ’ব৷ কিন্তু চৰকাৰী কৰ্মচাৰীৰ অনিয়ম গাফিলতি হ’লেও তেওঁলোকক সহজে ব্যৱস্থা ল’ব নোৱাৰে কাৰণ আইনৰ জলঙাইদি তেওঁলোক ওলাই যাব পাৰে। এটা চৰকাৰী চাকৰি ল’বলৈ যিমান  জটিল উলিয়াই দিবলৈও সিমান জটিল। অৱশ্যে এনেকুৱা কিছুমান চৰকাৰী প্ৰাথমিক বিদ্যালয় আছে য’ত তিনিজন চৰকাৰী শিক্ষক আছে কিন্তু কৰ্তৃপক্ষই বিভিন্ন কৌশল খটুৱাই  আৰু তিনিজনক পাঠদান কাৰ্যত খটুৱাই আছে৷ সেইসকলক ধন্যবাদ জনোৱাৰ উপৰিও বিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কঁৰো৷  বৰ্তমান মোৰ নাতিটোৰ তিনি বছৰ পাৰ হৈ গৈছে৷ তাক  চৰকাৰী বিদ্যালয়ত দিম নে বেচৰকাৰী বিদ্যালয়ত দিম এই বিষয়ত আমাৰ পাঁচজনীয়া পৰিয়ালটোত সদায় পৰ্য্যালোচনা হৈছে৷ মই চৰকাৰী বিদ্যালয়ৰ পেঞ্চনভোগী হিচাপে কৌৰৱৰ চাউল খাই পাণ্ডৱৰ গীত গাবলৈ মন নকৰি তাক চৰকাৰী বিদ্যালয়ত দিবলৈ ইচ্ছা প্ৰকাশ কৰি নাতিটোৰ সৈতে দিনটো সেই স্কুলখনতে কটাম বুলি কৈছোঁ কিন্তু পৰিয়ালৰ বাকীসকল সদস্যই মোৰ প্ৰস্তাৱ নাকচ কৰি কৈছে যে  “চৰকাৰী স্কুলৰ শিক্ষকে এদিনত যিমান দৰমহা পাই প্ৰাইভেট স্কুলৰ শিক্ষকে এমাহতহে সিমান দৰমহা পায় আৰু ল’ৰা ছোৱালীক শিক্ষিত কৰিবলৈ অহোপুৰুষাৰ্থ কৰে, শিক্ষণীয় বিষয়ৰ উপৰিও গীত বাদ্য নৃত্য আদিও শিকাই  নাবালকবিলাকে মাষ্টৰণীৰ গাৰ কাপোৰ আজুৰি পেলাই তথাপিও তেওঁলোকে ধৈৰ্য্যসহকাৰে কৰ্তব্য কৰে, চৰকাৰী বিদ্যালয়ত নপঢ়ুৱালেও দৰমহা পাব কিন্তু প্ৰাইভেট স্কুলত নপঢ়ুৱালে দৰমহা নাপায়।”

মই তেওঁলোকক বুজাবলৈ যত্ন কৰিছোঁ  যে – প্ৰাথমিক বিদ্যালয়ত চৰকাৰী তিনজন শিক্ষকৰ উপৰিও অতিৰিক্ত তিনিজন শিক্ষকক বিদ্যালয় কৰ্তৃপক্ষই মেনেজ কৰিছে আৰু ময়ো যিমানদূৰ সম্ভৱ সহায় কৰি দিম গতিকে নাতিক তাতেই দিওঁ৷ কিন্তু তেওঁলোক নাচোৰবান্দা।

মই এনেকুৱা  চৰকাৰী স্কুলো পাইছোঁ য’ত চৰকাৰী উচ্চ পদস্থ বিষয়াৰ সন্তানকো নামভৰ্তি কৰিছে৷ গতিকে কিছুমান কথা বিদ্যালয়খনৰ দক্ষতাসমূহৰ ওপৰতো নিৰ্ভৰ কৰে৷

আজিকালি আকৌ সামাজিক মাধ্যমত পুৰণা শিক্ষক, কণ্ট্ৰেকচুৱেল শিক্ষক, টেট শিক্ষক আদি বিভিন্ন শ্ৰেণীকৰণ কৰি শ্ৰেণীবিলাকৰ ভিতৰত উত্তম মধ্যম আদি সমালোচনা কৰা দেখা যায়। এইবিলাক শুভলক্ষণ নহয়৷ ধৰক টেট উৰ্ত্তীণ নোহোৱা এজন শিক্ষকে মেট্ৰিক পৰীক্ষালৈকে গণিত বিষয়ত  ৯০% ৰ ওপৰত নম্বৰ পাইছিল কিন্তু তেওঁ তিনিটামান বিষয়ত মূৰামুৰিকৈ পাছ কৰিছিল, তেওঁ যেনিবা বৰ্তমান এখন হাইস্কুলৰ গণিতৰ শিক্ষক। তেওঁৰ গণিতৰ পাঠদানত  হাজাৰ হাজাৰ শিক্ষাৰ্থী সন্তুষ্ট আৰু তেওঁৰ শিক্ষাৰ্থীয়ে গণিতত ১০০% পৰ্যন্ত নম্বৰ পাইছে৷ লেখি শিকে দেখি শিকে, অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ আদি আপ্তবাক্যসমূহৰো মূল্য আছিল। গতিকে যি পৰ্যায়ৰে  শিক্ষকেই নহওক লাগিলে তেওঁ মানৱ সম্পদ বিকাশৰ কাৰিকৰ। সেয়েহে টেট উৰ্ত্তীণ বা আন যিকোনো শ্ৰেণী বিভাজন কৰি সমালোচনা কৰা উচিত নহয়৷ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক নিজৰ সন্তান জ্ঞান আৰু সহকৰ্মীসকলক একে পৰিয়াল বুলি মান্য কৰিব পাৰিব  লাগিব৷ শিক্ষকসকল মানৱদৰদী, অধ্যয়নশীল, মনোবৈজ্ঞানিক, দাৰ্শনিক, মিষ্টিভাষী, বাকপটু, সৎ, সাহসী, সময়ানুৱৰ্তী, নিয়মানুৱৰ্তী, কৰ্তব্যপৰায়ণ, দায়িত্বশীল, নিষ্ঠাৱান, ধৈৰ্য্যশীল, সহিষ্ণু, কষ্ট সহিষ্ণু, শিক্ষাৰ্থীৰ পিতৃ-মাতৃ, সহকৰ্মীৰ বন্ধু,  সমাজৰ পথপ্ৰদৰ্শক হ’ব লাগিব৷

বেচৰকাৰী বিদ্যালয়ত একোজন শিশুক চাৰে তিনি বছৰ বা  চাৰি বছৰত নাম ভৰ্তি কৰে। সেই শিশুসকলক পোন পাজৰ কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষই অহোপুৰুষাৰ্থ কৰিবলগীয়া হয়৷ তেনেকৈ এজন শিশুক বিদ্যালয়ৰ শিক্ষা জীৱনৰ আদিপাঠ দি বৰ্ণমালা শিকাই কিতাপ পঢ়িব বা লিখিব পৰা কৰাৰ পিছত চৰকাৰী বিদ্যালয়লৈ লৈ যোৱা মানে বিদ্যালয়খনক অন্যায় কৰা হয়। সেয়ে শিক্ষান্ত পৰীক্ষা দিয়ালৈকে তাতে পঢ়ুৱাবলগীয়া হয়৷ মুঠৰ ওপৰত যেতিয়ালৈকে চৰকাৰী প্ৰাথমিক বিদ্যালয়ত শ্ৰেণী অনুযায়ী শিক্ষক নিয়োগ নহ’ব তেতিয়ালৈকে প্ৰাথমিক বিদ্যালয়সমূহে মৃত্যুৰ ক্ষণ গণিব লাগিব।

বৰ্তমান অসমৰ চৰকাৰী খণ্ডৰ চুগাৰ মিল, পেপাৰ মিল  সুতাৰ মিল আদি মৃত্যু মুখত পৰিছে৷  যাতায়ত  চিকিৎসা আদিয়েও কেলধেপ কেলধেপ কৰি দিন ভিক্ষা প্ৰাণ ৰক্ষাৰ দৰে চলি আছে। কিছুমান (সকলো নহয়) চৰকাৰী 

অনুষ্ঠানত ৰক্ষকেই ভক্ষক হয়৷ আকৌ কিছুমান অনুষ্ঠান উমৈহতীয়া গৰু বাহি শ হোৱাৰ দৰে৷ তেওঁলোকে গৰুজনীৰ গাখীৰ খিৰুৱা ওহাৰখনহে চিনি পাই ঘাঁহ খোৱা মুখখন চিনি নাপায়৷

যেনেকৈ  বহুতো দুৰ্বল বিদ্যালয়ৰ বিপৰীতে বহুতো সবল বিদ্যালয়ো আছে ঠিক তেনেকৈ দুই এজন অসুবিধাজনক শিক্ষকৰ বিপৰীতে হাজাৰ হাজাৰ সৎ শিক্ষকো আছে৷ সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *