ফটাঢোল

হেড পণ্ডিতৰ শিক্ষা-অৰবিন্দ গোস্বামী

ঘমঘণ্ট, পাষণ্ড আৰু উদণ্ড তিনিও পৰম বন্ধু। বন্ধু মানে কোনোবা এটাৰ দাঁতত ভাত এটা লাগিলেও আনটোৱে গম পায়। পঢ়া শুনাত তিনিও ভূ ভূ পণ্ডিত। শিক্ষকে সোধা প্ৰশ্নৰ উত্তৰ শুনি শিক্ষকৰ ‘ফাট মেলা বসুমতী পাতালে লুকাওঁ’ হেন অৱস্থা। তিনিও অৱশ্যে পৰীক্ষাত ফেলো নকৰে কাৰণ বছৰেকীয়া পৰীক্ষাৰ আগমুহূৰ্ত্তত তিনিওটাই অতি কমেও ৩০ নম্বৰ যোগাৰ কৰিব পৰাকৈ পঢ়ে। কোনো ধৰণৰ দুই নম্বৰী পন্থা অৱলম্বন নকৰাকৈ তিনিও নৱম শ্ৰেণী পালেগৈ। তিনিওজনকে একেলগে দেখিলে ‘ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য’—কথাষাৰৰ সত্যতা প্ৰতিপন্ন হয় কাৰণ ঘমঘণ্ট দেখাত প্ৰয়োজনতকৈ বেছি ৰঙা বগা আৰু চাপৰ, পাষণ্ডৰ বৰণ ক’লা আৰু জাতিবাঁহসদৃশ, উদণ্ড আকৌ অলপ ব্লেক এণ্ড হোৱাইট আৰু তাক ওখ বুলিবও নোৱাৰি বা চাপৰ বুলিবও নোৱাৰি। বিদ্যালয়ৰ যিবোৰ ঘটনা-দুৰ্ঘটনা বিচাৰৰ বাবে হেড পণ্ডিতৰ ওচৰলৈ যায়, সেই বিচাৰত এই তিনি মহাপুৰুষ উপস্থিত থাকিলে সোণত সুৱগা চৰে। সকলো বিচাৰতে এই তিনিজনাক দেখি দেখি হেড পণ্ডিতৰো মূৰ আৰু চকুৰ বিষ হৈছেগৈ। 

হেড পণ্ডিতে নৱম শ্ৰেণীত অসমীয়া পঢ়ুৱায়। হেড পণ্ডিতৰ পিন্ধনত ধূতি আৰু পাঞ্জাৱী। কিচকিচিয়া ক’লা চুলিকেইডালত জিলিকি থকাকৈ মিঠাতেল ঘঁহে। গাৰ বৰণ বুলিলে পকা ঠেকেৰা ৰঙৰ বুলিব পাৰি। ব্ৰাহ্মণ সম্প্ৰদায়ৰ হেড পণ্ডিতৰ মূৰৰ পিছফালে বিদ্যমান টিকনিডালে মস্তিষ্কৰ উপৰিভাগৰ শোভাবৰ্ধন কৰে। হেড পণ্ডিতে চাইকেল চলাই আহি বিদ্যালয়ৰ জেওৰাখনতে চাইকেলখন আঁউজাই থোৱাৰ পিছতে বিদ্যালয়খন যেন কাঁহ পৰি জীন যায়। 

: আহিল ঔ আহিল…..’টিকনী বৰল’ আহিল। 

ৰ’ব ৰ’ব….হেড পণ্ডিতৰ আচল নাম ‘টিকনী বৰল’ নহয় আৰু তিনিও বন্ধুৰ নামো ঘমঘণ্ট, পাষণ্ড বা উদণ্ড নহয়। স্কুলত এনে নামবোৰ বিদ্যালয়ৰে ছাত্ৰৰূপী কোনো অখ্যাত জ্যোতিষাচাৰ্যই দি থৈ যোৱা নাম আৰু সেই নামবোৰ বহু কাললৈকে বিনা বিতৰ্কৰে চলি থাকে। কোন মাক বাপেকেনো সন্তানৰ শুভনাম(? )ঘমঘণ্ট, পাষণ্ড, উদণ্ড বা টিকনী বৰল ৰাখিব? আচল নামবোৰ নজনাকৈয়ে মূল কাহিনীটোৰ সোৱাদ লওঁ আহক। 

এদিনাখন টিকনী বৰল পণ্ডিতে গুৰু গম্ভীৰ স্বৰেৰে মানুহৰ জীৱনৰ যে লক্ষ্য থকা উচিত তাকে বুজাই আছিল। ইফালে ঘমধণ্ট, পাষণ্ড আৰু উদণ্ড তিনিও পণ্ডিতৰ কথাত মন দিয়া যেন দেখুৱাই ক’ত বৰলৰ বাহ আছে, সেইদিনা আবেলি ক’ত বৰশী বাব নাইবা কাৰ বাৰীত লিচু-জামু চুৰ কৰি উদৰ পূৰাই খাব তাকে চিন্তা কৰি আছিল। এনেতে হেড পণ্ডিতে হঠাৎ ঘমঘণ্টক প্ৰশ্ন কৰিলে——

: ক চোন ঘমঘণ্ট, তই ডাঙৰ হৈ কি হ’বি? 

ঘমঘণ্টই সপোনৰপৰা সাৰ পোৱা মানুহৰ দৰে ক’লে—-

: চাৰ মোৰ লক্ষ্য দুটা….এটা নহয়। 

: আউ! মানুহে এটা লক্ষ্যই ঠিক কৰিব নোৱাৰে, তই দুটা লক্ষ্য লৈছে? শুন ঘমঘণ্ট লক্ষ্য সদায় এটা হ’ব লাগে। 

: নহয় চাৰ, আচলতে মোৰ লক্ষ্য এটাই কিন্তু এটা লক্ষ্য পূৰণ হ’লে সিটো নিজে নিজে পূৰণ হ’ব। 

: অ’ হয়নেকি? বাৰু ক চোন তোৰ লক্ষ্য দুটা কি কি? 

: চাৰ মোৰ প্ৰথম লক্ষ্য হ’ল মই গিৰিয়েক হ’ম আৰু গিৰিয়েক হ’লে বাপেকতো হ’মেই! 

এইবুলি কৈয়ে ঘমঘণ্টই এনে এটা হাঁহি মাৰিলে যেন সি হেড পণ্ডিতক কোনো তৰ্ক যুদ্ধতহে পৰাজিত কৰিলে। ইতিমধ্যে দেহাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে বিয়পি পৰা খংটো কোনোমতে সম্বৰণ কৰি হেড পণ্ডিতে পাষণ্ডক সুধিলে—

: বাৰু তই ক চোন পাষণ্ড, তোৰ জীৱনৰ লক্ষ্য কি? 

: চাৰ মই দৰাৰ সখি আৰু তাৱৈ হ’ম। 

: কি? ….কেনেকৈ? 

: চাৰ ঘমঘণ্টই যে বিয়া পাতিব, ছাতি মই ধৰিম আকৌ! আৰু সি দেউতাক হ’লে মই তাৱৈ নহ’মনেকি? 

উত্তৰ শুনি হেড পণ্ডিতৰ টিকনিডাল যেন থিয় হৈ উঠিল। 

হাতত থকা এচাৰিৰে দুই পণ্ডিতক কোব শোধাওঁতেহে বুজিলে যে সিহঁতে নক’বলগীয়া কিবা ক’লেনেকি! 

’পাপীৰ লগতে যমদূতৰো শাস্তি। ’

দুয়োকে কোবাই হেড পণ্ডিতে নিজে কিছুপৰ ফোপালে আৰু দুয়োকে শ্ৰেণীকোঠাৰ বাহিৰত আঁঠু কঢ়াই থ’লে। 

তাৰ পিছত হেড পণ্ডিতে উদণ্ডক সুধিলে 

: বোপাই তই কি হ’বি? 

: মই সন্ন্যাসী….মানে বাবাজী হ’ম। 

যুদ্ধত দুপাট শৰে বিন্ধাৰ ক্ষণিক পিছতেই যেন হেড পণ্ডিতক তৃতীয়পাট শৰে বিন্ধিলেহি। মনতে হেড পণ্ডিতে ভাবিলে যে শিক্ষক আৰু ছাত্ৰৰ যুঁজখনো কম যুঁজ নহয়। পৃথিৱীৰ ভাল ভাল পণ্ডিতেও কিজানি মোৰ বিদ্যালয়ৰ এই ত্ৰিমূৰ্ত্তিৰ সন্মুখত আত্মসমৰ্পণ কৰিব। তাতে ইহঁতৰ যি দুষ্টবুদ্ধি—–আলেকজেণ্ডাৰৰ যুগত ইহঁতৰ জন্ম হোৱাহেঁতেন আৰু ইহঁত ৰজাৰ পৰামৰ্শদাতা হোৱাহেঁতেন কিজানি আলেকজেণ্ডাৰে ব্যাস নদীও পাৰ কৰিব নোৱাৰিলেহেঁতেন। যি কি নহওক হেড পণ্ডিতে উদণ্ডক সুধিলে——-

: কিয়? পঢ়া-শুনা কৰি তই আকৌ সেই গেৰুৱা বস্ত্ৰ পিন্ধা বাবাজী হ’বলৈ মন মেলিলি যে! 

: কি কৰিম চাৰ! আপুনি দেখোন আন একো হ’বলৈ নিদিয়ে। দেউতাক হ’লেও মাৰিব, তাৱৈয়েক হ’লেও মাৰিব, ছাতি ধৰা সখী হ’লেও মাৰিব। তেন্তে মোমায়েক, পেহাক, খুৰাক

…….এইবোৰ হ’লে যে মোৰ পিঠিত সৌকা নুঠিব কি মানে আছে? সেয়ে সৱ মায়া-মোহ এৰি কৈলাসলৈ গুচি যাম। তাতে ধ্যান কৰিম। 

: এতিয়ানো তোৰ পিঠিত সৌকা নুঠিব বুলি তই কেনেকৈ ভাবিলি? 

এইবুলি হেড পণ্ডিতে উদণ্ডকো উত্তম-মাধ্যম শোধালে। উদণ্ডয়ো বাকী দুই বন্ধুৰ সৈতে আঁঠু কাঢ়ি শাৰী পূৰালেগৈ। 

হেড পণ্ডিতে তিনিওৰে দেউতাকলৈ একোখনকৈ চিঠি লিখি সিহঁতৰ হাতত দিলে। চিঠিকেইখন তিনিও দেউতাকহঁতক দিলেগৈ। আচলতে তিনিওৰে দেউতাকক চিঠিৰ জৰিয়তে পিছদিনা বিদ্যালয়লৈ মাতি পঠোৱা হৈছিল আৰু সেই অনুসৰি ঘমঘণ্ট, পাষণ্ড আৰু উদণ্ডৰ দেউতাক নিৰ্ধাৰিত সময়ত বিদ্যালয়ত উপস্থিত হ’ল। 

তিনিওৰে বুকু দলদোপ্ হেন্দোলদো্ কৰিবলৈ ধৰিলে। মনতে বোলে আজি কি হ’ব ঠিক নাই। কিন্তু সিহঁতক আচৰিত কৰি সেইদিনা বিশেষ একো নঘটিল। 

তিনিদিনৰ পিছত অসমীয়া বিষয়ৰ এটা শ্ৰেণী পৰীক্ষা অনুষ্ঠিত কৰা হ’ল। পৰীক্ষাত ঘমঘণ্ট, পাষণ্ড আৰু উদণ্ডই তেওঁলোকৰ চিৰপৰিচিত মাৰ্বল গুটিৰ নিচিনা শূন্য তিনিটা পালে। হেড পণ্ডিতে কিন্তু সিহঁতক সেইদিনা একো গালি নাপাৰিলে। 

পানী খোৱা ছুটীত তিনিওকে হেড পণ্ডিতৰ কোঠালৈ মাতি পঠোৱাতহে তিনিওৰে শৰীৰৰ অঙ্গ-প্ৰত্যঙ্গৰপৰা মগজুলৈকে সক্ৰিয় হৈ পৰিল। 

’চাৰ সোমাব পাৰোঁনে”—–বুলি অফিচ ৰুমৰ পৰ্দাখন মেলিহে তিনিও দেখিলে যে তেওঁলোকৰ দেউতাকহঁতো কোঠাত বহি আছে। এই দৃশ্য দেখি তিনিওৰে চূৰ্তি হেৰাল। বোলে আজি শেষ। তাৰমানে এই সকলোবোৰ পূৰ্বপৰিকল্পিত। সেয়ে সিদিনাখন আৰু আজি সিহঁতক গালি এটাও নাপাৰিলে। 

”সোমাই আহ”—–বুলি কৈ হেড পণ্ডিতে সিহঁত সন্মুখলৈ আহি থিয় হোৱালৈ কিছু সময় ৰ’ল আৰু তাৰ পিছত ক’লে——-

: তহঁতে আজিৰপৰা স্কুল আহিব নালাগে। মই দেউতাৰহঁতক বুজাই কৈছো যে তহঁতে পঢ়ি ভাল নাপাৱ। সেয়ে বিদ্যালয়ৰপৰা তহঁতৰ নামো কাটি দিছো। গতিকে ঘৰতে থাক আৰু মা আৰু দেউতাৰ পুতেৰ হৈয়ে থাক। তহঁতে জ্ঞানৰ গঙ্গাত বুৰ মাৰি গিৰিয়েক, দেউতাক, তাৱৈয়েক বা সন্ন্যাসী হ’ব নালাগে। নপঢ়িলেও সেইবোৰ হ’ব পাৰিবি। তহঁতক আজি স্কুলৰপৰা বিদায় দিলো। যা…বেগবোৰ লৈ আহগৈ দেউতাহঁতৰ লগত ঘৰলৈ যাগৈ। 

হেড পণ্ডিতৰ স্বৰৰ প্ৰতিবাদ কৰাৰ সাহস এটাৰো নাছিল। তাতে আৰু তিনিজন বহিয়েই আছে। কোনে কি ৰূপ ধৰে ঠিক নাই। অতঃ এব তিনিও বেগকেইটা শ্ৰেণীকোঠাৰপৰা আনি দেউতাকহঁতৰ লগত ঘৰলৈ গ’লগৈ। 

পিছদিনা পুৱা——-

ঘমঘণ্টৰ দেউতাকে ঘমঘণ্টক ক’লে——

: আজি হাল বাবলৈ তই যা। মোৰ গা বেয়া। 

: হাল? হাল কেনেকৈ বায় মই নাজানো নহয় পিতাই! 

: তই মোক হাল বোৱা দেখা নাই? যা হাল লৈ পথাৰলৈ যা…

বুলি হালোৱা এচাৰি এডাল লৈ দেউতাকে ৰুদ্ৰমূৰ্ত্তি ধৰাত উপায়বিহীন হৈ ঘমঘণ্টই যেনেতেনে গৰুহাল লৈ নাঙলটো কান্ধত তুলি ল’লে। অৱশ্যে জপনাৰ বাহিৰ হৈয়ে সি নাঙলটো কান্ধৰপৰা মাটিত নমাই ফোপাবলৈ লাগিল। ইফালে দেউতাকে চোতালত হালোৱা এচাৰি জোকাৰিয়েই আছে। উপায় নাই। অগত্যা সি মৰণক শৰণ দি পুনৰ নাঙলটো কান্ধত উঠাই ল’লে। অৱশ্যে পথাৰ পাই সি পথাৰতে এঘুমটি মাৰিলে আৰু ইফালে গৰুৱে গৈ লোকৰ বাৰীত সোমালগৈ। 

ভৰ দুপৰীয়া ভোকে-পিয়াহে ঘমঘণ্ট ঘূৰি আহিল, লগত গৰুও নাই আৰু নাঙল দাঙি ঘৰ পোৱাবলৈ তাৰ শকতিও নহ’ল। ইফালে গাঁৱৰ মানুহেও দেউতাকক গৰুৱে বাৰীত সোমাই গছ-বন তহিলং কৰা বাবে কটু বাক্য শুনালে। 

ঘমঘণ্টই ভাবিছিল পিছদিনাৰপৰা তাক পথাৰলৈ যাবলৈ নিদি স্কুললৈ পঠাব। কিন্তু স্কুলত নামটোও যে কটা গ’ল, সেইটো মনত পৰি তাৰ মনটো সেমেকি উঠিল। কিন্তু পিছদিনাখন সি ভবাৰ দৰে একো নহ’ল। পিছদিনাও সি হাল লৈ পথাৰলৈ যাবলগীয়া হ’ল। দেউতাকে ঘমঘণ্টক ক’লে——-

: যা বোপাই! তই কামত ধৰাৰপৰা মোৰ অলপ সকাহ হৈছে। 

এইবুলি মিহিকৈ কৈ দেউতাকে হঠাৎ ক’ৰপৰানো হালোৱা এচাৰিডাল আনি জোকাৰি জোকাৰি খঙেৰে ক’লে——

: কালিৰ নিচিনা নাটক নচলিব। আজি তই হাল বাবই লাগিব। নহ’লে দুপৰীয়া ভাতো খাবলৈ নাপাবি…..মোৰ এক কথা। 

উপায়বিহীন হৈ ঘমঘণ্টই গৰু খেদি নাঙল কান্ধত লৈ পথাৰলৈ গ’ল। পথাৰ পাওঁতে পাওঁতে সি কিমানবাৰ যে ৰাস্তাত ৰ’লে তাৰ হিচাপ নাই। তাতে সি ৰৈ দিলে গৰুৱে লোকৰ বাৰীলৈ দৌৰ দিয়ে আৰু সি এচাৰিডাল লৈ গৰু খেদিবলগা হয়। ইফালে গৰুৰ ৰাস্তা পোনাবলৈ যাওঁতে নাঙল ক’ৰবাতে থাকি আহে। আকৌ পথাৰত গৈ হাল বাবলৈ আছেই। পথাৰত আচলতে সি হাল বায় নে গৰু আৰু নাঙল মিলি তাক হাল বোৱায় সেইটোহে সি ভালদৰে নাজানে। ঘৰ পায়হি মানে তাৰ আলফুল দেহাটো বোকাৰে লুতুৰি-পুতুৰি হয়। সিদিনা গাঁৱৰে কণ খুৰাই “এইটো কোন ঔ” বুলি তাক যেনেকৈহে জুমি চালেহি সেই কথা ভাবিলে লাজে অপমানে তাৰ বিছনা তলত সোমাবলৈ মন যায়। ৰাতিটো যেন অত্যন্ত বেগেৰে পাৰ হৈ ৰাতি পুৱায় যায়। 

পাষণ্ড এইকেইদিন মাকৰ লগত ব্যস্ত। আলুৰ বাকলি গুচোৱা, পাচলি কটা, মাছ বছা, ঘৰৰ মকৰা জাল গুচোৱা, কাপোৰ ধোৱা, ঝাৰু লগোৱা, ভাত ৰন্ধা…ইত্যাদি অনেক কাম তাৰ। মাকহে যিজনী! কোনো কোনো সময়ত কালী গোঁসানীৰ ৰূপ ধৰে। আকৌ বাপেকে বটুকভৈৰৱৰ(শিশু শিৱ)ৰূপ ধাৰণ কৰিহে মাকক ক্ষান্ত কৰিব পাৰে। মাকে কালী গোঁসানীৰ ৰূপ ধৰিলে বাপেকে শান্ত কৰিবলৈ আজিকালি সহজে বটুকভৈৰৱ ৰূপো নধৰা হ’ল। ঘৰৰ সন্মুখৰ জেওৰাখন মাকে আধা ভাঙি শেষ কৰিলে। সেইখন পূৰাকৈ ভঙালৈ সি বাৰু মানুহ হৈ থাকিবনে! পাষণ্ডই মনতে ভাবে। 

উদণ্ডই ঘৰত এইকেইদিন দেউতাকৰ লগত কামলৈ ওলাই গৈছে। দেউতাকে ইটাৰ ভাটাত ইটা কঢ়িওৱা কাম কৰিছিল। হেন জানি তাকো ইটাৰ ভাটাত মজদুৰ সুমুৱাই দিলে। দিনটো ইটা কঢ়িয়াই কঢ়িয়াই উদণ্ডই সন্ধিয়া ঘৰ পাই গা-পা ধুই ধূতী-কাটা গেঞ্জি পিন্ধি কান্ধত গামোচা লৈ গীতা পঢ়ে। 

উদণ্ডৰ দেউতাক ধাৰ্মিক মানুহ। আনদিনা সন্ধিয়া গোঁসাই ঘৰৰ কামখিনি দেউতাকেই কৰিছিল কিন্তু এতিয়াৰপৰা তাক দায়িত্ব দিয়া হৈছে। একেৰাহে খঙত টিঙিৰিতুলা হৈ থকা দেউতাকৰ আগত মাত মতাৰ সাহস তাৰ নাই। গীতাৰ দাঁত ভঙা শ্লোকবোৰ সি পঢ়িবই নোৱাৰে। গোঁসাই ঘৰৰ বাহিৰৰপৰা দেউতাকে শুধৰাই দিয়ে। মুঠতে এই ইটা আৰু গীতাই তাৰ জীৱনটো শেষ কৰি পেলাইছে। দিনত ইটা—-ৰাতি গীতা। 

এনেদৰেই সাত দিন সাত ৰাতি পাৰ হ’ল। ৰাতি সিহঁত আটাইৰে হেড পণ্ডিত টিকনী বৰললৈ মনত পৰে। 

আঠ নম্বৰ দিনা হঠাৎ যেন সকলো ফৰলাল হৈ পৰিল। তিনিওকে পুৱা নিজৰ নিজৰ কামৰপৰা অব্যাহতি দিয়া হ’ল। পুৱা তিনিওকে আগৰ দৰে স্কুল ইউনিফৰ্ম পিন্ধি স্কুল যাবলৈ কোৱা হ’ল। তাৰমানে স্কুলৰপৰা সিহঁতৰ নাম কটা নাছিল। 

তিনিও স্কুল পালেগৈ আৰু প্ৰাৰ্থনাৰ সময়তো হেড পণ্ডিতে সিহঁতক একো নক’লে। প্ৰাৰ্থনাৰ পিছত তিনিওকে হেড পণ্ডিতৰ কোঠালৈ মতাই অনা হ’ল। 

: কি ঔ ল’ৰাহঁত! আকৌ স্কুল ওলালিহি যে! ঘৰত কৰা কামবোৰ পঢ়া কামতকৈ সহজ আছিল দেখোন! 

তিনিও হেড পণ্ডিতৰ ভৰিত পৰি ইনাই-বিনাই কান্দিবলৈ লাগিল। প্ৰত্যেকে নিজৰ ‘দুখভৰী কাহানী’ হেড পণ্ডিতক শুনালে আৰু শপত খালে যে আজিৰপৰা সিহঁতে ভালদৰে পঢ়িব। 

সময় অতিবাহিত হ’ল। কালক্ৰমত এই তিনিওজন কিশোৰ—–ঘমঘণ্ট, পাষণ্ড আৰু উদণ্ড তিনিও

পঢ়ি-শুনি নিজক প্ৰতিষ্ঠা কৰি একো একোজন গণ্য-মান্য ব্যক্তিলৈ পৰিবৰ্তন হ’ল। 

হেড পণ্ডিতে আজিও তিনিওৰে উন্নতিক দেখি গৌৰৱবোধ কৰে। তিনিওৰে মাক-দেউতাক সন্তানৰ লগতে থাকে আৰু সিহঁতৰ পুৰণি শাস্তিৰ কথা ওলালেই ঘৰত হাঁহিৰ গিৰ্জনি উঠে——-

: ককা ককা কোৱাচোন…দেউতাই কেনেকৈ হাল বাইছিল? 

: হেৰৌ তোৰ দেউতাৰাই কি হাল বাব? গৰুৱেহে……..

ঘমঘণ্টৰ মাকৰ সেই সময়ত ওঁঠৰ কাষেৰে হাঁহি এটা বিৰিঙি উঠে।

☆ ★ ☆ ★ ☆

4 Comments

  • ৱাও সুন্দৰ 👌।

  • Pranita Goswami

    সুন্দৰ নীতিশিক্ষামূলক লেখা। ভাল লাগিল।

  • anasuya

    বৰ সুন্দৰকৈ লিখিলে দেই।

  • Anju Mahanta

    বৰ ভাল লাগিল দেই 👌👌

error: Content is protected !!