প্ৰেমপত্ৰ-নীলাক্ষি কাকতি
আজিকালিৰ দিনত ‘প্ৰেমপত্ৰ’ৰ বৰ বিশেষ গুৰুত্ব নাই যেনেই ভাৱ হয় যদিও আমি পঢ়ি থকা দিনত প্ৰেম আৰু প্ৰেমপত্ৰ-এই দুবিধৰ দৈ আৰু চিৰা, হাঁহ আৰু কোমোৰাৰ (বিহুৰ বতৰ শেষ হোৱাই নাই যে, সেয়ে উপমাবোৰো তেনেকুৱাই মনলৈ আহিছে) দৰেই সম্পৰ্ক আছিল৷ প্ৰেমপত্ৰৰ বাবে কিমানৰ প্ৰেমে তুলতুলীয়াকৈ পকিছিল, কিমানৰ প্ৰেমে গাখীৰ ফটাদি ফাটিছিল, ঘৰত ধৰা পৰি কাৰ কিমানৰ পিঠিত বাবৰি শাকৰ ফুল ফুলিছিল সীমা নাই!
স্কুলীয়া দিনত লগৰ বান্ধৱী কেইজনীমানৰ প্ৰেমপত্ৰ পঢ়ি ভাৱ হৈছিল- বাপৰে ইহঁতৰ কি ভাগ্য! কি কি সাহিত্যৰ পয়োভৰ! মহান কবিৰ কবিতাৰ দুলাইন, ছন্দ মিলাই লিখা নিজৰ মনৰ ভাৱ, মিঠা মিঠা কল্পনা! পিচে নিজৰ বেলিকা সেইবিধৰ পৰা দূৰত থাকোঁ৷ কোনোবাই প্ৰপ’জ কৰিব বিচাৰিলেও ঘৰত ফলাখৰিৰ কোব খোৱাৰ ভয়ত গান্ধাৰীৰ বেশত থাকোঁ৷ যি নহওঁক আমাৰ লগৰ প্ৰেমপত্ৰ পোৱা কেইজনীৰ বেলেগ ডিমাণ্ড আছিল৷ লগতে সিহঁতৰ প্ৰেমপত্ৰ পঢ়িবৰ বাবে আমাৰ হেতাওপৰা লাগিছিল৷ মিঠা মিঠা কথা লিখি তলত বা মাজত হাৰ্ট এটা আঁকি তাত মাজেৰে কাড় চিন এডাল দি পঠিওৱা চিঠিখনৰ ডিমাণ্ড ৰিলায়েঞ্চৰ শ্বেয়াৰতকৈ কোনো গুণেই কম নাছিল৷
বাৰু যিয়েই নহওঁক নিজে কাৰো বাবে নিলিখিলেও প্ৰেমপত্ৰ লিখাৰ ষ্টাইল সম্পৰ্কে মোৰ এটা সম্যক ধাৰণা হৈছিল৷ মই বোধকৰো সেইবাৰ হায়াৰ চেকেণ্ডাৰীৰ দ্বিতীয় বৰ্ষত৷ মোৰ লগৰ এজনে নতুনকৈ প্ৰথম বাৰ্ষিকত পঢ়িব অহা এজনীৰ প্ৰেমত হাবুডুবু খালে৷ কিন্তু তাৰ বিৰাট ভয়৷ কেনেবাকৈ যদি তাই প্ৰেম প্ৰত্যাখ্যান কৰে! আমি কেইজনমানে তাক তামাম জেক দিছোঁ৷ তাৰ ফালে তাই মাজে মাজে চাই বুলি কুহেলিকা ৰেষ্টুৰেণ্টত কফি আৰু আলুৰ চ’প ও খালোঁ৷ তাক ক’লো -নাই এনেকৈ নহ’ব৷ প্ৰেমৰ কাৰণে ইতিহাসত মানুহে ক’ত কিমান কি কৰি থৈছে আৰু তই তাইক মাত এষাৰ দি তোৰ মনৰ কথাও ক’ব নোৱাৰ? ধিক্কাৰ! সি বেচেৰাই কন্দনামুৱা হৈ মোক ক’লে- “তয়ে ভালকৈ কিবা লিখি দে যাতে তাই মোক ভাল পায়৷ ” মই বোলোঁ -মই কি লিখিম? তাতে মোৰ আখৰ বেয়া৷ সি ক’লে-” একো নহয় লিখ৷ তই কবিতাও লিখ’ নহয়৷ তাৰে দুই এষাৰী সোমোৱাই দিবি৷” উপায় নাই৷ বন্ধুত্বৰ খাতিৰত কবিতা, মৌ, চেনি,গুড় মিক্স কৰি দুই পৃষ্ঠামান লিখিলোঁ৷ লগতে তাইক নাপালে যে সি এই সংসাৰৰ পৰা বিদায় ল’ব সেইয়াও লিখিলোঁ৷ লিখা হোৱাত কলেজৰ টাবত লগোৱা ফুলৰ পুলি এটাৰ পৰা মনে মনে ফুল এপাহ চিঙি চিঠিৰ মাজত সোমোৱাই দি ছোৱালীজনীৰ লগৰ আৰু আমাৰ চিনাকি জুনিয়ৰ এজনীক চিঠিখন দি ছোৱালীজনীক দিব দিলোঁ৷ তাৰপিছতেই উৎকণ্ঠা আৰম্ভ হ’ল কি উত্তৰ আহিব বুলি৷ তাক অভয় দি ক’লোঁ যে একো চিন্তা কৰিব নালাগে৷ যি চিঠি লিখিছোঁ উত্তৰ সি বিচৰাধৰণেই হ’ব৷
পিছদিনা কলেজত আড্ডা মাৰি আছোঁ৷ হঠাৎ দেখিলোঁ ছোৱালীজনীৰ লগত আমি পঢ়া স্কুলৰ অংকৰ বাইদেউ৷ নামতো নকও দেই৷ আমি তেওঁক দেখিলেই ভয়তে কপোঁ৷ বিৰাট কাঢ়া বাইদেউ৷ বুজিলোঁ আমাৰ গ্ৰহদোষ আৰম্ভ হৈছে৷ ছোৱালীজনী আৰু বাইদেউ আমাৰ ওচৰত আহিল৷ আমি থিয় হৈ বাইদেউক নমস্কাৰ দিলোঁ৷ তাই ক’লে- মা এইজনেই ল’ৰা৷ হে ইশ্বৰ! মনতে ভাবিলোঁ প্ৰেমত পৰিবলৈ ই ছোৱালী বিচাৰি নাপালে৷ বাইদেৱে লগৰজনক বৰ কাঢ়াকৈ একো নক’লেও ক’লে যে এতিয়া পঢ়াশুনা কৰাৰ সময়৷ পঢ়াত মন দিয়া উচিত৷ ভৱিষ্যতে যাতে এনে কথাৰ পুণৰাবৃত্তি নহয়৷ লগতে এইটোও ক’লে যে- “হাতৰ আখৰ ইমান বেয়া৷ আখৰ ভাল কৰিবাচোন৷ ” সি মোৰ ফালে পোন্দোৱাকৈ চালে৷ ময়ো চকুৰে বুজাই দিলোঁ- আগতেই কৈছিলোঁ চোন মোৰ আখৰ বেয়া৷ মোৰ হাতৰ আখৰৰ সমালোচনা বাদ দে৷ তোক যে বৰ্ডলৈ মাতি বাইদেৱে অংক কৰিব নিদিলে সেইটো ভাৱ!
☆ ★ ☆ ★ ☆
8:13 am
মজা। এতিয়াও আখৰৰ প্ৰতি যত্ন নল’লে পিচে, লিখাটোতো আখৰ বৰ এটা ভাল হোৱা নাই।
8:54 am
হা হা। মজা লাগিল
9:13 am
মজ্জাআ।
12:59 pm
সময় এতিয়াও যোৱা নাই, ইট ইজ নেভাৰ লেট টু ষ্টাৰ্ট এনিথিং নিউ
12:20 am
হাঃ হাঃ৷ মজা৷
4:20 pm
ৰসাল।ভাল লাগিল।