সোণৰ কলহ-যোগেশ ভট্টাচাৰ্য্য
তামোল পুতিবলৈ পুখুৰীটোৰ পাৰত সোণাৰামে গাত খান্দি থাকোঁতে সোণৰ কলহটো পালে। প্ৰায় তিনিকিলো মান ওজনৰ সোণৰ কলহটোৰ বজাৰ মুল্য কিমান হব ভাবি এবাৰ তাৰ মুৰটো ঘূৰাইছিলেই। তথাপি কোনোমতে নিজকে চম্ভালি সি কলহটো ডাঙি ঘৰলৈ নিলে আৰু তাৰ শোৱাপাটিৰ তলত গাত খান্দি পুতি থলে।
সেইদিন ধৰি সি ঘৰৰ পৰা কলৈও নোলোৱা হ’ল। এনেই পুৱা সন্ধিয়া সি এবাৰ গাওখনত এপাক মাৰেই। পুৱাৰ আৰু সন্ধিয়াৰ চাহ দুকাপ সি কাৰোবাৰ নহয় কাৰোবাৰ ঘৰত মেনেজ কৰেই। কিন্তু এতিয়া সোণৰ কলহটো কোনোবাই নিয়ে বুলি সি ঘৰৰ পৰা নোলোৱা হ’ল। কৰবালৈ ওলালেও আধাঘণ্টাৰ ভিতৰতে সি ঘৰ আহি পায় আৰু মাটিখিনি খান্দি এবাৰ চায় কলহটো আছে নে নাই। যিদিনা ঘৰৰ পৰা নোলাই সিদিনাও পুৱা এবাৰ গধূলি এবাৰ সি গাতটো খান্দি কলহটো চায়। খান্দি চোৱাৰ সময়ত সি তাৰ গাভৰু জীয়েক গোলাপী আৰু তাইক সৰুৰে পৰা চোৱাচিতা কৰি ডাঙৰ কৰা মালতীক দোকানলৈ কিবা আনিবলৈ পঠিয়াই দিয়ে। টকা পইচাৰ ক্ষেত্ৰত সি কাকো বিশ্বাস নকৰে।
সোণাৰামৰ ঘৰৰ পৰা দুঘৰমান আতৰত আছিল ধনীৰামৰ ঘৰ। ধনীৰামে বিয়া বাৰু পতা নাই। বয়স প্ৰায় পঞ্চাশৰ ওচৰ। ইচ্ছা কৰিলে ধনীৰামে ভালৰো ভাল ছোৱালী বিয়া পাতিব পাৰিলে হেতেন। টকা পইছা উভানদী ধনীৰামৰ। অন্তৰৰ পৰাও পৰিষ্কাৰ। কিন্তু বিয়া বোলা পৰিঘটনাটোক সি দুৰৈৰ পৰা নমস্কাৰ জনায়। ধনীৰামৰ মতে বিয়া হৈছে পৰিয়ালত অশান্তি হোৱাৰ মুল কাৰণ। বিয়াৰ আগৰ শান্ত নম্ৰ ছোৱালী এজনীও বিয়া পাতি উঠি কেঁচাইখাতী গোসানীৰ ৰূপ লয়। কিবা এটা কথা কলেই বাপেকৰ আৰু দাদাক হতৰ ভয় দেখুৱাই। ঘৰৰ পৰা ওলাই যাবলৈ কলেও যৌতুকত অনা সামগ্ৰী সুতে মুলে ওভতাই বিচাৰে। গতিকে ধনীৰামৰ মতে দুটকাৰ যৌতুক লৈ চাৰিটকাৰ ককৰ্থনা শুনাতকৈ বিয়া নপতাই ভাল।
যৌতুক লৈ বিয়া পতাৰ অপকাৰিতাৰ বিষয়ে কৈ থাকোঁতে এদিন বন্ধু এজনে ধনীৰামক কলে,
: বন্ধু, তুমি যদি যৌতুকৰ ইমান বিৰোধী তেনেহলে যৌতুক নোলোৱাকৈ বিয়া নাপাতা কিয়?
: তেনে কৰিলে কি লাভ হব মোৰ?
ধনীৰামে সুধিলে।
: সমাজ সেৱা হব আকৌ। তুমি দুখীয়া ঘৰৰ ছোৱালী এজনী বিয়া পাতিব পাৰা। যৌতুকৰ পৰা ৰেহাই পালে তাইৰ দেউতাকেও সকাহ পাব আৰু তেনে ঘৰৰ পৰা অহা ছোৱালীয়ে তোমাকো সমীহ কৰি চলিব।
ধনীৰামে কলে,
: তুমি কথাটো ঠিকেই কৈছা। পিছে তেনে ছোৱালী ক’ত পোৱা যাব?
: কিয়? আমাৰ সোণাৰামৰ ছোৱালীজনীয়েই আছে দেখোন? সোণাৰামৰ দৰে কৃপণ ভিকহুৱে এনেও তাইক টকা পইচা খৰচ কৰি বিয়া নিদিয়ে। গতিকে তুমি তাইক বিয়া পাতিলে তাইক উদ্ধাৰ কৰাহে হব। ছোৱালীজনীও কথাই কামে ভাল বুলিয়েই শুনিছো।
ধনীৰামে অলপ হেহো নেহো কৰিছিল যদিও শেষত বন্ধু সকলৰ পৰামৰ্শ মতে সোণাৰামক লগ ধৰি গোলাপীক বিয়া পতাৰ প্ৰস্তাৱ দিবলৈ থিৰাং কৰিলে।
পিছদিনা পুৱাই সোণাৰামক গেটৰ মুখত লগ পাই ধনীৰামে গোলাপীৰ লগত বিয়াত বহিবলৈ অনুমতি বিচাৰিলে। সোণাৰামে কলে,
: চোৱা ভাই, বিয়া পাতিব খুজিছা মোৰ আপত্তি নাই। কিন্তু মই তোমাক যৌতুকত এটকাও দিব নোৱাৰো।
: আৰে, আপুনি এপইচাও দিব নালাগে, মাত্ৰ ছোৱালীজনী উলিয়াই দিলে হ’ল। ঈশ্বৰৰ কৃপাত মোৰ ঘৰত একোৰে অভাৱ নাই।
: হব দিয়া তেনেহলে। কিন্তু চাবা, বিয়াৰ পিছত টিভি লাগে, ফ্ৰীজ লাগে বুলি খুজিব নোৱাৰিবা।
: উফ, নালাগে দিয়ক হে, নোখোজো।
: বিয়াৰ পিছত ফুৰিব আহিলে প্ৰতিবাৰেই চাহৰ লগত মিঠাই, ভাতৰ লগত মাংস নাপাবা।
: মই আপোনাৰ ঘৰলৈ গ’লে সেইবোৰ নিজেই বজাৰ কৰি নিম দিয়ক।
: ঠিক আছে তেনেহলে। দিন বাৰ ঠিক কৰা।
: কাইলৈ পাতিম।
: বৰ লৰালৰি হবচোন?
: একো নহয়, কাইলৈ পাতি দিম।
সোণাৰামে সন্মতি দি ঘৰলৈ উভতিল। বিনা যৌতুকত ধনীঘৰলৈ ছোৱালীজনী উলিয়াই দিবলৈ পাই সি ফুৰ্তিতে সাতজাপ মাৰিব খুজিছিল যদিও হ’বলগীয়া জোৱায়েকৰ আগত নিজকে কণ্ট্ৰল কৰি ৰাখিলে। পিছদিনাই বিয়া দিবলগীয়া হোৱাটোকো সি পজিটিভ ভাবেই ললে। গোলাপীক উলিয়াই দিলে তাইক চোৱাচিটা কৰিবলৈ মালতীকো ৰখাৰ প্ৰয়োজন নহব। দুজন খাওঁতা কমা মানে বহুত পইচাৰ ৰাহি হোৱা। তাৰ নিজৰটো অত তত মিলি যায়েই। ইপিনে ধনীৰামেও অনুমান কৰিলে তাৰ হবলগীয়া শহুৰেক কোনটো লেভেলৰ কৃপণ হয়।
বিয়াৰ কথাটোত সন্মতি দিলে যদিও সোণাৰামে এইটোও নভবাকৈ নাথাকিল যে কেনেবাকৈ তাৰ সোণৰ কলহটোৰ কথা ধনীৰামে গম পাই বিয়া পাতিবলৈ ওলাইছে নেকি। সেইদিনা ৰাতি পাঁচবাৰ উঠি বিছনাৰ তলত টৰ্চ মাৰি চালে কোনোবাই গাত খান্দি কলহ নিছে নেকি। মুঠতে কলহটোৰ চিন্তাই তাক ৰাতিটো উজাগৰে ৰাখিলে।
পিছদিনা পুৱা সোণাৰামে বিয়াৰ যোগাৰ কৰো বুলি বজাৰলৈ গ’ল। বজাৰ পাই দেখিলে যে বস্তুবোৰৰ জুই চাই দাম। প্ৰথমে মাংস কিনিবলৈ গৈ কিলো সাতশ টকা পঠাৰ মাংস শুনি, শুদা মাছেৰে ভাত খুৱাবলৈ সিদ্ধান্ত ললে। পিছে মাছৰো দাম কিলো পাচশ শুনি নিৰামিষ খানা ভালদৰে তৈয়াৰ কৰিবলৈ সিদ্ধান্ত ললে। কিন্তু চাউল দাইল পাচলি দাম শুনি তাৰ চুলি ঠিয় হোৱাৰ উপক্ৰম হ’ল। শেষত গোটেই বজাৰ ঘূৰি ঘূৰি সি এপেকেট ধূপ আৰু অলপ ফুল কিনি ঘৰলৈ উভতিল। এনেও মানুহবোৰে খাই উঠি বদনাম হে কৰিব। গতিকে সি ভাবিলে যে ধূপ ফুল দি ভগবানক সন্তুষ্ট কৰিলেই যথেষ্ট হব।
ইপিনে ধনীৰামে ভাবিলে যে সোণাৰাম গৰীব মানুহ, বিয়াৰ বাবে একো যোগাৰ কৰিব নোৱাৰিব। গতিকে ধনীৰামে সোণাৰামৰ বাবেও অলপ খৰচ কৰিবলৈ প্ৰস্তুত হল। যিমান যি হলেও হবলগীয়া শহুৰ। ধনীৰামে তাৰ লগুৱা চেলেপুক বিয়াৰ বজাৰ কৰিবলৈ পঠিয়ালে আৰু প্ৰতিটো বস্তু দুবিধকৈ আনিবলৈ কলে। ৰান্ধনিও দুটা পাৰ্টি আনিবলৈ কলে। হৰিয়ে মালিকৰ নিৰ্দেশমতে সকলোখিনি বস্তু কিনি আনি দুভাগ কৰি এভাগৰ সৈতে ৰান্ধনিৰ দল এটা সোণাৰামৰ ঘৰলৈ পঠিয়াই দিলে। সিহঁতে চুৰি কটাৰী হাতত লৈ ইফালে সিফালে ঘূৰি ৰন্ধা বঢ়াৰ যোগাৰ কৰিবলৈ ধৰিলে।
সোণাৰামে ঘৰ আহি পাই দেখে যে চাৰি পাচজন মানুহে চুৰি কটাৰী লৈ তাৰ ঘৰত ঘূৰি ফুৰিছে। সোণাৰামে বুজিলে যে সোণৰ কলহৰ কথা গম পাই এই ডকাইত কেইটা তাৰ ঘৰলৈ আহিছে। কিন্তু সোণৰ কলহটো হেৰুৱাতকৈ ডকাইটৰ হাতত প্ৰাণ যোৱাই ভাল বুলি সি লাঠি এডাল লৈ ডকাইতকেইটাক পিটিবলৈ ধৰিলে। ৰান্ধনিকেইটাই বহুত বুজালে যে সিহঁত ডকাইত নহয়, ৰান্ধনিহে। কিন্তু সোণাৰামে আটাইকেইটাক ভালকৈ এপিটন দি ঘৰৰ বাহিৰত গৈ ৰান্ধিবলৈ ক’লে। লগতে সি এইটোও সন্দেহ নকৰাকৈ নাথাকিল যে ধনীৰামে ৰান্ধনি কেইটাক সোণৰ কলহটো বিচাৰিবলৈ পঠিয়াবও পাৰে। সোণাৰামে ভাবিলে যে এতিয়া ৰন্ধা বঢ়া হব যিহেতু ঘৰলৈ আলহী অতিথিও আহিব। ইমান মানুহৰ মাজত সোণৰ কলহটো নিৰাপদে ৰখাটো সহজ নহব। গতিকে আজিৰ দিনটোৰ বাবে কলহটো কৰবাত পুতি থৈ অহাই মংগল। সোণাৰামে ঘৰৰ দৰ্জা খিৰিকি বন্ধ কৰি কলহটো খান্দি উলিয়ালে আৰু কাপোৰ এখনেৰে মেৰিয়াই কাষৰ মন্দিৰ এটালৈ গৈ গাত খান্দি পুতি থলে।
সোণাৰামৰ জীয়েক গোলাপীৰ বিয়াৰ খবৰ অহুকাণে পহুকানে গৈ কাষৰ গাঁৱৰ চেনিৰামৰ কাণত পৰিল। চেনিৰাম আছিল গোলাপীৰ প্ৰেমিক আৰু ধনীৰামৰ নিজা ভাগিন। চেনিৰামে লাজ মান কাটি কৰি মাকক ক’লে যে তাৰ মামাকে বিয়া পাতিবলৈ ওলোৱা ছোৱালীজনী তাৰ প্ৰেমিকা। লগতে সি এইটোও কলে যে তাই এমাহৰ অন্তঃসত্ত্বা। গতিকে মামাকৰ লগত বিয়াখন গৈ গলে ভয়ানক কথা হব। মাকে প্ৰথমে তাক দুই তিনি জাউৰি গালি পাৰিলে আৰু লৰালৰিকৈ ভায়েক ধনীৰামৰ ওচৰলৈ ধাপলি মেলিলে বিয়াখন ৰখাবলৈ। চেনিৰামেও তাৰ লগুৱা কেলেহুক পঠিয়াই দিলে সোণাৰামৰ ঘৰলৈ গৈ গোলাপীৰ খবৰ লবলৈ।
কেলেহুৱে গৈ সোণাৰামৰ ঘৰৰ কাষৰ মন্দিৰটোৰ বাৰাণ্ডাত বহি অলপ জিৰাবলৈ লৈছিলহে, তেনেতে সোণাৰাম আহি পালে। সোণাৰামে আচলতে সোণৰ কলহটো মন্দিৰৰ ভিতৰত পুতি থোৱা ঠাইত আছে নে নাই এবাৰ চাবলৈ আহিছিল। কেলেহুক বহি থকা দেখি সি তাক চোৰ বুলি সন্দেহ কৰি খুব পিটিলে আৰু তাৰ পৰা যাবলৈ ক’লে। সোণাৰামে ভাবিলে যে মন্দিৰৰ ভিতৰতো আজিকালি একো বস্তু সুৰক্ষিত নহয়। এইবুলি সি সোণৰ কলহটো তাৰ পৰা উলিয়াই অলপ দূৰৈত গৈ ৰাস্তাৰ কাষত থকা গছ এডালৰ তলত পুতি থলে। অলপ দূৰৈত লুকাই থকা কেলেহুৱে সন্দেহবশতঃ সোণাৰামক অনুসৰণ কৰি গৈ গছডালৰ তলত কিবা পুতি থোৱা দেখিলে আৰু সোণাৰাম যোৱাৰ পিছত মাটি খান্দি কলহটো উলিয়াই পলায়ন কৰিলে।
অলপ দুৰ গৈ সোণাৰামে আকৌ এবাৰ উভতি আহিল কলহটো ঠিকে আছে নে নাই চাবলৈ। কিন্তু এইবাৰ যি দৃশ্য দেখিলে, সোণাৰামৰ কলিজা ফাটি টুকুৰা টুকুৰ হোৱা যেন লাগিল। গাতৰ চাৰিওফালে মাটি পৰি আছে কিন্তু গাতৰ ভিতৰত কলহটো নাই। দুখে শোকে জৰ্জড়িত হৈ সোণাৰামে বুকুত চপৰিয়াই কান্দিবলৈ ধৰিলে,
: মই বৰ্বাদ হৈ গ’লো। মোৰ সকলে শেষ। মই জীয়াই থাকি লাভ নাই।
এনেদৰে সোণাৰামে কান্দি থাকোঁতে সেইপিনেদি আহি থকা চেনিৰামে দেখিলে। ‘বৰ্বাদ হৈ গলো’, ‘জীয়াই থাকি লাভ নাই’ ধৰণৰ বাক্য শুনি চেনিৰামে ভাবিলে যে সোণাৰামে নিশ্চয় জীয়েকে বিয়াৰ আগতে অন্তঃসত্ত্বা হোৱা কথাটো গম পাই এনেদৰে কান্দিছে। সি ওচৰলৈ গৈ সুধিলে কন্দাৰ কাৰণটো। সোণাৰামে ক’লে,
: ভাইটি মই শেষ হৈ গ’লো বুজিছা। মোক মাৰি পেলোৱা তুমি।
: ৰবচোন খুড়া, এনেদৰে নাকান্দিব। সকলো ধৰণৰ সমস্যাৰ কিবা সমাধান থাকেই।
: কি সমাধান আছে হে? এতিয়া আৰু একো উপায় নাই। যি হৈ গ’ল তাক আৰু নোহোৱা কৰিব নোৱাৰি। এই দিন দেখিবলৈ জীয়াই থকাতকৈ মই মৰি যোৱাই ভাল আছিল।
: নহয় ৰব খুড়া, আচলতে আপুনি যিটো কথাৰ বাবে কন্দাকটা কৰিছে তাৰ বাবে দায়ী ময়েই।
: কি কৈছা? তুমি দায়ী?
সোণাৰামে কন্দা বন্ধ কৰি ওচৰতে পৰি থকা গছৰ ডাল এটা লৈ চেনিৰামৰ পিনে চোঁচা ললে। চেনিৰামে দুখোজ পিছুৱাই গৈ ক’লে।
: খুড়া মোক মাৰি কি লাভ হব কওক।
: হেই, কথা নকবি তই বদমাচ। তোক শেষ কৰি পেলাম আজি।
: আৰে ৰবচোন খুড়া। মোক পিটিলে সমস্যাৰ একো সমাধান নোলায়। মই আপোনাৰ ওচৰলৈ আহিছো এইটো কথা কবলৈ যে এতিয়াৰ পৰা আপোনাৰ সম্পত্তিটোৰ দায়িত্ব মোৰ।
: হা, কি কলি তই? মোৰ সম্পত্তিৰ দায়িত্ব তই লবি? কটা নিধক।
এইবুলি সোণাৰামে চেনিৰামক গছৰ ডালটোৰে একোব দিলে। চেনিৰামে ডালটো থাপ মাৰি ধৰি কলে,
: খুড়া, আপুনি মাৰধৰ নকৰিব প্লিজ। মোৰ ভুল হৈছে। কিন্তু এতিয়াৰ পৰা আপোনাৰ সম্পত্তিটোক মই আটোমটোকাৰীকৈ ৰাখিম। কিন্তু মোৰ বাহিৰে আন কাকো নিব নিদিও। আপুনি যি কৰে কৰক।
চেনিৰামৰ কথা শুনি সোণাৰামৰ দুগুণ খং উঠিল। সি নুবুজিলে যে চেনিৰামে সোণাৰামৰ সম্পত্তি বুলি গোলাপীৰ কথা হে কব বিচাৰিছিল। সি ভাবিলে যে চেনিৰামে সোণৰ কলহটোৰ কথা কোৱা বুলি। এনেদৰে সিহঁতৰ মাজত কিছু সময় তৰ্কাতৰ্কি হোৱাৰ পিছত সেই ঠাইলৈ ধনীৰাম আৰু চেনিৰামৰ মাক আহি পালে। ধনীৰামে সোণাৰামক আদ্যোপান্ত বিবৰি ক’লে। কথাখিনি শুনি সোণাৰামে মুৰে কপালে হাত দি বহিল। ধনীৰামে সোণাৰামক উদ্দেশ্যি ক’লে,
: শুনক, এতিয়া আৰু এইবোৰ কথা ঢাকঢোল বজাই ৰাইজৰ জনাব নালাগে। কথাখিনি আমাৰ মাজতে থাকিব। বিয়াৰ যোগাৰ সম্পূৰ্ণ হৈছেই। দৰা সাজি আমাৰ চেনিৰাম আহিব। মই এনেও বিয়া পতাৰ পক্ষত নাছিলো। মোৰ লগৰবোৰে কুবুদ্ধি দিয়া বাবেহে আগবাঢ়িছিলো। ভগবানে মোক বচালে।
: আৰু মোৰ সোণৰ কলহটো কি হব?
সোণাৰামে সুধিলে।
: সেইটো কেলেহুৱে নিছে। চেনিৰামে তাক অলপ টকা সিকা দি সেইটো লৈ আপোনাক দিব। এনেও সেইটো বিকিব গলে সি ধৰাহে পৰিব।
কথামাতে কাম। চেনিৰামে সোণৰ কলহটো আনি সোণাৰামক দিলে। সোণাৰামেও আনন্দ মনে জীয়েকক চেনিৰামৰ লগত বিয়া দিলে। বিদায় দিয়াৰ পৰত সোণাৰামে চেনিৰামৰ হাতত সোণৰ কলহটো তুলি দি ক’লে,
: এইটো তুমিয়েই ৰাখা। মোৰ কামৰ বস্তু নহয় ই। মই এনেও ইয়াক বিক্ৰী নকৰিলোহেতেন। কিন্তু এই কলহটো পোৱাৰ দিনধৰি মই শান্তিত শুব পৰা নাই, কলৈকো যাব পৰা নাই। তুমি এইটো বিক্ৰি কৰি পোৱা টকাৰে ভালদৰে সংসাৰ চলাব পাৰিবা।
সেইদিন ধৰি সোণাৰামে কৃপনালি বাদ দিলে। জীয়েক জোৱায়েকৰ ঘৰলৈ গ’লে বজাৰৰ ডাঙৰ মাছটো কিনি নিয়া কৰিলে।
সমাপ্ত:
(গ্ৰীক নাট্যকাৰ প্লটাছৰ ‘এ পট অৱ গল্ড’ নাটকখনৰ আলমত কিছু সালসলনি কৰি এই গল্পটো লিখা হৈছে)
☆ ★ ☆ ★ ☆
6:39 pm
গোলমাল হে হৰি ! চব গোলমাল৷